বেঞ্জামিন দৈমাৰী (Benjamin Daimary; ২৮ জুলাই, ২০০০) হৈছে এগৰাকী অসমীয়া অভিনেতা আৰু প্ৰসাধন শিল্পী। তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা ভাৰতৰ প্ৰথমগৰাকী সৰ্বজনীন গে' অভিনেতা। ২০২১ চনত অসমীয়া চলচ্চিত্ৰ জোনাকী পৰুৱাত কৰা অভিনয়ৰ বাবে তেওঁ বিচাৰকৰ বিশেষ বঁটা লাভ কৰে।১ তেওঁ ২০২০ চনৰ এচিয়ান কুইয়াৰ চলচ্চিত্ৰ মহোৎসৱতো শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে।২
অসমৰ বাক্সা জিলাৰ গোৰেশ্বৰ চহৰত বেঞ্জামিনৰ জন্ম হৈছিল। অভিনয়ৰ সমান্তৰালভাৱে তেওঁ অসমীয়া ফেশ্বন উদ্যোগৰ এগৰাকী মেক-আপ আৰ্টিষ্ট হিচাপেও কাম কৰে।
প্ৰাৰম্ভিক জীৱন
২০০০ চনৰ ২৮ জুলাই তাৰিখে বাক্সা জিলাৰ গোৰেশ্বৰত বেঞ্জামিন দৈমাৰীৰ জন্ম হয়।৩ সৰুৰে পৰা কলাসুলভ মনৰ অধিকাৰী বেঞ্জামিনে গোৰেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হয়। বেঞ্জামিনৰ দেউতাক পবিত্ৰ বড়ো আৰু মাতৃ দীপালি শৰণীয়া বড়ো। তেওঁৰ দুগৰাকী ভগ্নী আছে। বিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ৰে পৰা বেঞ্জামিন বিভিন্ন লোকৰ দ্বাৰা উৎপীড়ণৰ বলি হৈ আহিছে। বেঞ্জামিনে নিজকে মুক্ত অনুভৱ কৰি ভাল পায় বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে। অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক তেওঁ তেওঁৰ আদৰ্শ স্বৰূপে মানে।
ব্যক্তিগত জীৱন
তেওঁ সৰ্বজনীনভাৱে এগৰাকী গে' ব্যক্তি আৰু তেওঁৰ পৰিয়ালেও তেওঁক এই বিষয়ত সমৰ্থন কৰে।৩ তেৰ বছৰ বয়সত বেঞ্জামিন এই সম্পৰ্কে স্বতঃস্ফূৰ্ত ভাৱে নিজ মাতৃৰ ওচৰত ব্যক্ত কৰাত পৰিয়ালৰ দ্বাৰা বিষয়টো সহজভাৱে গ্ৰহণ কৰা হয় বুলি এক সাক্ষাৎকাৰত বেঞ্জামিনে ব্যক্ত কৰে। বেঞ্জামিন এজন সৃষ্টিশীল ব্যক্তি। তেওঁৰ অভিনয়ৰ কোনো আনুষ্ঠানিক শিক্ষা নাই, 'জোনাকী পৰুৱা'ৰ দ্বাৰা দৈমাৰীয়ে অভিনয় জীৱন আৰম্ভ কৰে।
জোনাকী পৰুৱা চলচ্চিত্ৰ
"ফায়াৰফ্লাইছ-জোনাকী পৰুৱা" হৈছে ২০২০ চনত মুক্তিপ্ৰাপ্ত এখন অসমৰ চলচ্চিত্ৰ। তৃতীয় লিংগৰ ওপৰত আধাৰিত এইখন উত্তৰপূৱ ভাৰতৰ প্ৰথমখন ছবি। বিশ্বৰ ২০ খনৰো অধিক আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ মনোনীত হোৱা চলচ্চিত্ৰখনৰ কাহিনী আৰু পৰিচালনা প্ৰকাশ ডেকাৰ। মিলিন দত্তৰ প্ৰযোজনাত নিৰ্মিত চলচ্চিত্ৰখনৰ সংগীত তৰালি শৰ্মাৰ।৪ জোনাকী পৰুৱা চিনেমাখনৰ কেন্দ্ৰবিন্দু জাহ্নুৰ চৰিত্ৰটি দৰ্শকলৈ আগবঢ়াই দিছে বেঞ্জামিন দৈমাৰী ওৰফে বেঞ্জুৱে। এয়া দেউৰীৰ কেমেৰাৰ সন্মুখত প্ৰথম অভিনয়। চিনেমাৰ কাহিনী আগবাঢ়ে নিজৰ অস্তিত্বৰ সংকটত ভোগা যুৱক জাহ্নুক লৈ। জাহ্নু এজন সমকামী যুৱক, যাৰ লয়লাস খোজ কাটলৰ বাবে তেওঁক নিজৰ গাঁৱত লেডিজ অথবা মাধুৰী দীক্ষিত হিচাপে উপলুঙা কৰে। এগৰাকী ছোৱালী হিচাপে কল্পনা কৰি ভালপোৱা জাহ্নুৱে কিদৰে নিজকে জাহ্নবীলৈ ৰূপান্তৰিত কৰে সেয়াই হৈছে "ফায়াৰ ফ্লাইজ: জোনাকী পৰুৱা"ৰ থুলমূল কাহিনী।
বঁটা আৰু সন্মান
- ৬৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (বিচাৰকৰ বিশেষ বঁটা)।
- শ্ৰেষ্ঠ অভিনেতা বঁটা, এচিয়ান কুইয়াৰ চলচ্চিত্ৰ মহোৎসৱ ২০২০
- শ্ৰেষ্ঠ অভিনেতা বঁটা, প্ৰাগ চিনে বঁটা ২০২১
- শ্ৰেষ্ঠ অভিনেতা বঁটা, দক্ষিণ এচিয় চলচ্চিত্ৰ মহোৎসৱ ২০২১
- শ্ৰেষ্ঠ অভিনেতাৰ বাবে 'নটসূৰ্য্য ফণী শৰ্মা বঁটা’ ২০১৯৫
তথ্যসূত্ৰ
- ↑ Mohua Das. (28 March 2021). India’s first openly gay actor to win a national award on his journey from insults to stardom
- ↑ Fireflies - First-ever film in North East on transgenders released digitally
- ↑ Benjamin Daimary: ‘Northeastern States more tolerant of LGBTQ persons’. The Hindu
- ↑ আপুনি জানেনে কাৰ ভুলৰ বাবে কিয় গাঁৱৰ পৰা আঁতৰি গ'ল মাইনা?. News next one
- ↑ (10 March 2023). ঘোষণা হ'ল অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা... অসমীয়া প্ৰতিদিন
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেঞ্জামিন দৈমাৰী” প্ৰবন্ধৰ সংশোধন ৩৪৮২৮২ (১১ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।