অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

সমকামিতা

সমকামিতা (Homosexuality) মানে হ'ল এক প্ৰকাৰৰ চাৰিত্ৰিক বৈশিষ্ট্য যত কোনো এজন ব্যক্তি বা কোনো জীৱই নিজৰ সৈতে একে লিংগৰ কোনোবাৰ প্ৰতি শাৰীৰিক, প্ৰেম তথা আবেগিক ভাবে আকৰ্ষিত হয়। ই একপ্ৰকাৰৰ যৌন অভিমুখিতা আৰু প্ৰেম অভিমুখিতা (Romantic orientation) লগতে এটা আকৰ্ষণ ভিক্তিক পৰিচয় হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২,২৪১ শব্দ · ১২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ
লেছবিয়ান গৌৰৱ পতাকা
লেছবিয়ান গৌৰৱ পতাকাছবি: Taqwomen/ShimmeringAtoms · CC0

সমকামিতা (Homosexuality) মানে হ'ল এক প্ৰকাৰৰ চাৰিত্ৰিক বৈশিষ্ট্য যত কোনো এজন ব্যক্তি বা কোনো জীৱই নিজৰ সৈতে একে লিংগৰ কোনোবাৰ প্ৰতি শাৰীৰিক, প্ৰেম তথা আবেগিক ভাবে আকৰ্ষিত হয়। ই একপ্ৰকাৰৰ যৌন অভিমুখিতা আৰু ৰোমাণ্টিক অভিমুখিতা (Romantic orientation) লগতে এটা আকৰ্ষণ ভিক্তিক পৰিচয় হয়। ১২বৰ্তমান বৃহৎ সংখ্যক চিকিৎসা-বিজ্ঞান আৰু মনোবিজ্ঞানৰ গৱেষণাই প্ৰমাণ কৰি দেখুৱাইছে যে গে' বা লেছবিয়ান হোৱাটো মানসিকভাৱে আৰু সামাজিকভাৱে সাধাৰণ।৩ভাৰতত বৰ্তমান সমকামী সম্পৰ্ক বৈধ। আৰু সমকামিতা ভিত্তিত বৈষম্য দেশজুৰি নিষিদ্ধ কৰা হৈছে।৪৫ একে লিংগৰ বিয়া প্ৰায় বোৰ উন্নত দেশতে বৈধ। আধুনিক অধ্যয়ন অনুসৰি প্ৰায় ২% ৰ পৰা ১৩% সমকামী জনসংখ্যা আমাৰ মাজত আছে।৬ মানুহৰ উপৰি ৫,০০০ ভিন্ন জীৱৰ মাজতো সমকামিতা দেখা গৈছে যি স্তন্যপায়ী প্ৰাণী, চৰাই আৰু ফিটাপেলুৰ দৰে ভিন্ন জীৱৰ মাজত অন্তৰ্গত।৭ মূল আন্তৰ্জাতিক স্বাস্থ্য সংগঠনসমূহ আৰু মনোবিজ্ঞান সংস্থাসমূহে সমকামিতাক সম্পূৰ্ণ সাধাৰণ আৰু প্ৰাকৃতিক বুলি ঘোষণা কৰিছে। লগতে কোনো ব্যক্তিক নিজৰ সমকামিতাক সলনি কৰিবলৈ প্ৰয়াস নকৰিবলৈ কৈছে কাৰণ ই সম্ভৱ নহয় লগতে ব্যক্তিজনৰ মানসিক অৱস্থাত ক্ষতি হ'ব পাৰে।৮৯

প্ৰকাৰ আৰু পৰিচয়

মূল প্ৰবন্ধ: কামিং আউট, গে' স্বীকাৰাত্মক মনোচিকিৎসা

সমকামিতা মূলতঃ দুই প্ৰকাৰৰ। সমকামী পুৰুষ সকলক গে' আৰু সমকামী মহিলা সকলক লেছবিয়ান বুলি কোৱা হয়। বহু লোক যি একে লিংগৰ প্ৰতি আকৰ্ষিত হয় তেওঁলোকে জীৱনত কামিং আউট বুলি কোৱা এটা অৱস্থাৰ সন্মুখীন হয়।১০ য'ত কোনো এজন সমকামী ব্যক্তিয়ে নিজৰ প্ৰেম তথা যৌন অভিমুখিতাৰ বিষয়ে সমাজৰ আগত খোলাকৈ প্ৰকাশ কৰে। সাধাৰণতে প্ৰথমে কুমলীয়া বয়সত নিজৰ পৰিয়ালৰ নাইবা বন্ধুৰ আগত নিজক প্ৰকাশ কৰা দেখা যায় আৰু পাছলৈ সমাজৰ আগত নিজক প্ৰকাশ কৰি কামিং আউট হোৱা দেখা যায়।১১ সাধাৰণতে, কামিং আউট তিনিটা অৱস্থাৰ মাজেৰে যায়। প্ৰথমটো হ'ল নিজক জনা অৱস্থা য'ত মানুহজনে একে লিংগৰ সম্পৰ্কত আহিবলৈ দৃঢ় হয় (ইয়াক ওলাই অহা বা আন্তৰিক সিদ্ধান্ত বুলিও কোৱা হয়); দ্বিতীয় অৱস্থাত মানুহজনে নিজৰ পৰিয়াল, বন্ধু বা সহকৰ্মী আদিৰ আগত নিজকে গে' বা লেছবিয়ান বুলি প্ৰকাশ কৰে; তৃতীয় অৱস্থাত একে লিংগৰ ব্যক্তি এজনৰ সৈতে সামাজিক ভাবে সম্পৰ্কত আহি ব্যক্তিজনৰ সৈতে একেলগে বাস কৰে।১২ৰাষ্ট্ৰীয় কামিঙআউট দিৱস (National comingout day) আন্তৰ্জাতিকভাৱে ১১ অক্টোবৰ তাৰিখে উদযাপন কৰা হয়।গে' স্বীকাৰাত্মক মনোচিকিৎসাদ্বাৰা নিজৰ বিশ্বাসযোগ্যতা আৰু নিজক গ্ৰহণ কৰিবলৈ শিকোৱা হয় যাতে ব্যক্তিজনে নিজৰ যৌন আৰু প্ৰেম অভিমুখীতাক সলনি কৰিবলৈ নিবিচাৰে বা একে লিংগৰ প্ৰতি থকা প্ৰেম আৰু আকৰ্ষণক শেষ কৰিবলৈ বা দবাই ৰাখিবলৈ চেষ্টা নকৰে।

শব্দতত্ত্ব

অসমীয়া শব্দ সমকামিতা দুটা শব্দ সম (অৰ্থ:সমান) আৰু কাম (অৰ্থ:যৌন চাহিদা) লগ হৈ সৃষ্টি হৈছে।১৩ ইংৰাজীত Homosexuality গ্ৰীক শব্দ Homo (অৰ্থ:সমধৰ্মী বা একে ধৰণ) আৰু লেটিন শব্দ Sexus(অৰ্থ:যৌনতা) পৰা সৃষ্টি হৈছে।১৪

জনসংখ্যা

আধুনিক পাশ্চাত্য জগতত বিভিন্ন গৱেষণাৰ ফলত অনুমিত হয় যে সমকামী বা সমলৈঙ্গিক প্ৰণয় আৰু ৰতিক্ৰীয়াৰ অভিজ্ঞতাসম্পন্ন ব্যক্তি মুঠ জনসংখ্যাৰ ২% ৰ পৰা ১৩% পৰ্যন্ত।১৫১৬১৭১৮১৯২০২১২২২৩২৪২৫ ২০০৬ চনৰ এক গৱেষণাত দেখা যায়, জনসংখ্যাৰ প্ৰায় ২০% সমকামীয়ে নিজৰ নাম প্ৰকাশ নকৰি নিজৰ মাজতেই সমকামী অনুভূতিৰ কথা স্বীকাৰ কৰিছে; যদিও গৱেষণাকাৰী সকলৰ আগত অতি কম সংখ্যক লোকে নিজক সমকামীৰূপে চিহ্নিত কৰিছে।২৬২০০৮ চনৰ সমীক্ষা অনুযায়ী, ব্ৰিটিছ জনগণৰ ১৩% লোকৰ জীৱনৰ কোনো কোনো সময়ত সমলিঙ্গীয় যৌন অভিজ্ঞতা আছে আৰু ইয়াৰে ভিতৰত ৬% নিজকে সমকামী বা উভকামী হিচাপে পৰিচয় দিছে।২৭ সেইদৰে ২০১০ চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অফিছ ফৰ নেশ্বন্স ষ্টেটিষ্টিকে কৰা এক সমীক্ষাত ৯৫% ব্ৰিটিছ ব্যক্তিয়ে নিজক বিপৰীতকামী হিচাপে পৰিচয় দিয়ে, ১.৫% যে "মই নাজানো", "আন কিবা" বা প্ৰশ্নৰ উত্তৰ দিয়া নাই।২৮২৯

বয়সহয়নহয়নাজানে প্ৰত্যাখ্যান
১৮-২৯৬.৪%৯০.১%৩.৫%
৩০-৪৯৩.২%৯৩.৬%৩.২%
৫০-৬৪২.৬%৯৩.১%৪.৩%
৬৫+১.৯%৯১.৫%৬.৫%
১৮-২৯, নাৰী৮.৩%৮৮.০%৩.৮%
১৮-২৯, পুৰুষ৪.৬%৯২.১%৩.৩%

উল্লেখযোগ্য যে এই জৰীপ বা সমীক্ষাৰ দ্বাৰা বাস্তৱ চিত্ৰায়ন কৰা সম্ভৱ নহয়। যিহেতু মানুহে নিজৰ যৌন অভিমুখীতা সাধাৰণতে প্ৰকাশ কৰিব নিবিচাৰে। বিজ্ঞানী সকলে বাস্তৱ সংখ্যা ইয়াতকৈ বহুত বেছি বুলি অনুমান কৰিছে।

ইতিহাস

প্ৰাচীন জাপানী চ'মুৰাই সমকামী দম্পতী
প্ৰাচীন জাপানী চ'মুৰাই সমকামী দম্পতীছবি: Public domain

মানৱ ইতিহাসৰ বিভিন্ন স্তৰত বিভিন্ন ৰূপে সমকামিতাৰ অস্তিত্ব পোৱা যায়। কোনো কোনো ঠাইত সমকামী যৌনাচৰণৰ চৰ্চা গুপ্ত বিনোদন হিচাপে, আকৌ কোনো কোনো ঠাইত সংস্কৃতিৰ অংশ হিচাপে সমকামিতা উদযাপন কৰা হয়। প্ৰাচীন গ্ৰীচৰ পাইদেৰাস্ত্ৰিয়া, বা এৰাস্তেছ আৰু এৰূমেনোচৰ সম্পৰ্ক সমূহ ইয়াৰে ভিতৰত উল্লেখযোগ্য। বহু প্ৰাচীন কালৰ সাহিত্যত সমকামিতাৰ উল্লেখ আছে। হোমাৰত বৰ্ণিত আকিলিছ আৰু পেট্ৰ'ক্লুছৰ সম্পৰ্ক, প্লেটোৰ দাৰ্শনিক গ্ৰন্থ চিম্পোজিয়ামত ফায়াডেৰাছ, পছানিয়াছ, এগাথন, এৰিষ্ট'ফেনেছ, এৰিস্কিমাচুচৰ নানা বক্তব্য আৰু ছক্ৰেটিছৰ লগত আলকিবিয়াডচৰ প্লেটোনিক সম্পৰ্কত বহু বিশেষজ্ঞই সমকামিতাৰ দৃষ্টান্ত হিচাপে প্ৰদৰ্শন কৰে। খ্ৰীষ্টপূৰ্ব ছয় শতিকাত গ্ৰীচৰ লেছব' দ্বীপৰ উল্লেখযোগ্য বাসিন্দা ছাঁপোয়ে নাৰীৰ সৌন্দৰ্যক লৈ কাব্য ৰচনা কৰিছিল৩০। এই লেছব' শব্দৰ পৰায়ে লেছবিয়ান (নাৰী সমকামিতা) শব্দটো আহিছে। বহু ৰোমান সম্ৰাট - যেনে জুলিয়াছ চিজাৰ, হাদ্ৰিয়ন, কম'ডাছ, এলাগাবালাছ, ফিলিপ দা এৰাবিয়ান সহ অনেক সম্ৰাটৰ সমকামৰ প্ৰতি আসক্তি আছিল বুলি ইতিহাসত উল্লিখিত আছে।৩১ ৰেনেচাৰ সময়ত বহু খ্যাতনামা ইউৰোপীয় শিল্পী যেনে, দোনাতেল্লো, বত্তিচেল্লী, লিঅ'নাৰ্ড' দা ভিন্সি আৰু মাইকেলেঞ্জেল'ৰ সমকাম প্ৰৱণতাৰ উল্লেখ আছে। চৈনিক সভ্যতা আৰু ভাৰতীয় সংস্কৃতিত সমকামিতাৰ উল্লেখ পোৱা যায়। বিষ্ণুৰ মোহিনী অৱতাৰ ৰূপে আহি শিৱক আকৰ্ষিত কৰাৰ কাহিনী ইয়াৰ এটি দৃষ্টান্ত। বিষ্ণু (হৰি) আৰু শিৱৰ (হৰ) মিলনৰ ফলত জন্ম হোৱা ভগৱান অয়াপ্পানক হৰিহৰপুত্ৰ নামে সম্বোধন কৰা হয়। তদুপৰি অষ্টবক্ৰ, শিখণ্ডী আৰু বৃহন্নলাৰ উদাহৰণ সমূহ সমকামিতা আৰু ৰূপান্তৰকামিতাৰ দৃষ্টান্ত হিচাপে প্ৰাচীন ভাৰতীয় সাহিত্যত পোৱা যায়। ইয়াৰ বাহিৰেও আব্ৰাহামীয় ধৰ্মৰ প্ৰথাগত ইতিহাসত লূত নবীৰ সম্প্ৰদায় ছডোম আৰু গোমোৰাহ নামৰ জাতিৰ নেতিবাচক যৌনাচাৰ হিচাপে ইংগিত কৰি সমকামিতাৰ কথা বিচাৰি পোৱা যায়, যত সমকামিতা আৰু অজাচাৰ ত্যাগ নকৰাৰ অপৰাধত ঐশ্বৰিক বিপৰ্যয় কৰ্তৃক তেওঁলোকক ধ্বংস কৰাৰ ঘটনা বৰ্ণিত আছে।

স্বীকৃৰ্তি,আইন আৰু সমাজ

মূল প্ৰবন্ধ: একে লিংগৰ বিয়া, একে লিংগৰ সম্পৰ্ক

মৃত্যু দণ্ড }}
মৃত্যু দণ্ড }}ছবি: Silje (first uploader), and many others · CC BY-SA 3.0

ইতিহাসৰ প্ৰায় সকলোসময়ত সমকামী সম্পৰ্ক আৰু আচৰণ নিন্দিত হৈ আহিছে। কেতিয়াবা সামাজিক উদাৰতা আৰু আনুকূল বুলিও পৰিলক্ষিত হৈছে। এই প্ৰশংসা আৰু নিন্দা নিৰ্ভৰ কৰি স্থানভেদে সমকামিতাৰ বহিৰ্প্ৰকাশৰ ৰূপ, সমসাময়িক বিভিন্ন ধৰ্মবিশ্বাসৰ প্ৰভাৱ আৰু সাংস্কৃতিক মানসিকতাৰ ওপৰত নিৰ্ভৰশীল।৩২ অধিকাংশ সমাজ আৰু চৰকাৰ ব্যৱস্থাত সমকামী আচৰণক দণ্ডণীয় অপৰাধ হিচাপে গণ্য কৰা হয় ৩৩ সহ দক্ষিণ এছিয়াৰ ৭তা দেশৰ সংবিধানত ৩৭৭ ধাৰা আৰু ১৯তা দেশত সমপৰ্যায়ৰ ধাৰা বা সম্পূৰক ধাৰা মতে সমকামিতা আৰু পশুকামিতা প্ৰকৃতিবিৰোধী যৌনাচাৰ হিচাপে শাস্তিযোগ্য আৰু দণ্ডনীয় ফৌজদাৰী অপৰাধ।৩৩ ২০১৫ চনৰ জুলাইৰ এটি পৰিসংখ্যান অনুযায়ী, পৃথিৱীৰ মুঠ ৭২খন দেশত আৰু পাঁচখন দেশৰ উপ-জাতীয় আইনী বিধিমালাত সমকামিতা চৰকাৰী ভাবে অবৈধ, যাৰ অধিকাংশই এছিয়া আৰু আফ্ৰিকাত অৱস্থিত। ইয়াৰে ভিতৰত কিছুমান দেশত সমকামী আচৰণৰ অপৰাধত মৃত্যুদণ্ড দিয়াৰো বিধান আছে।

সমকামিতা আৱহমানকাল ধৰি অসামাজিক বিবেচিত হোৱাৰ প্ৰধান কাৰণ সমূহ হল; এই যৌনাচৰণ মাধ্যমত সন্তানৰ জন্মদান সম্ভৱ নহয়, ফলত মানুহৰ বংশৰক্ষা সম্ভৱ নহয়। তদুপৰি পৃথিৱীৰ প্ৰায় বোৰ প্ৰধান ধৰ্মই সমকামী যৌনাচৰণ নিষিদ্ধ কৰিছে।৩৪ বৰ্তমান সমাজতো অধিকাংশ ক্ষেত্ৰত সমকামী যৌনাচৰণ একপ্ৰকাৰ যৌনবিকৃতি হিচাপে পৰিগণিত। ১৯৭৩ চনত পাশ্চাত্য মনস্তাত্ত্বিক সকলে 'সমকাম প্ৰৱণতা'ক মানসিক ৰোগৰ তালিকাৰ পৰা বাদ দিয়ে। ১৯৭৫ চনত যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় মনস্তত্ত্ব ফেডাৰেচনে 'সমকাম প্ৰৱণতা'ক স্বাভাৱিক বুলি দাবী কৰে। পাশ্চাত্য আৰু উন্নত কিছু দেশৰ বাহিৰে পৃথিৱীৰ প্ৰায় সকলো দেশত সমকামী যৌনাচাৰণৰ প্ৰতি সাধাৰণ মানুহৰ বৈৰীভাৱ বিৰাজমান। অধিকাংশ সমাজে সমকামী যৌনাচাৰণক এক অস্বাভাৱিক আৰু নেতিবাচক প্ৰবৃত্তি হিচাপে লজ্জাৰ কাৰণ আৰু ধিক্কাৰযোগ্য বুলি বিবেচনা কৰে। ধৰ্ম৩৪৩৫ আৰু আইনৰ বিধান আৰু সামাজিক অনুশাসনৰ কাৰণে কাৰ্যকলাপ তথা সমকামী যৌনসংগম বিশ্বৰ অধিকাংশ স্থানত অবৈধ আৰু গুপ্ত আচৰণ হিচাপে সংঘটিত হয়। বিংশ শতিকাৰ দ্বিতীয় দশকত ইউৰোপ আৰু পাশ্চাত্যেৰ কিছুমান দেশে সমকামী যৌনাচাৰণৰ অবৈধতা উঠাই দিয়ে। কিছুমান দেশত সমকামী ব্যক্তি সকলৰ বিবাহ আইনসিদ্ধ বুলিও ঘোষণা কৰা হয়। ২০১৫ চন অনুযায়ী এই দেশসমূহৰ সংখ্যা ১৮ (পূৰ্ণ বা আংশিক), ইয়াৰ অধিকাংশই আমেৰিকা, পশ্চিম ইউৰোপ, আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত। ষ্টনৱাল ঘটনাৰ পিছৰ পৰা৩৬ সমকামী ব্যক্তি সকলে এলজিবিটি সামাজিক আন্দোলনৰ সূচনা ঘটায়। এই আন্দোলনৰ উদ্দেশ্য আছিল সমকামী সকলৰ প্ৰতি সমাজৰ দৃষ্টি আকৰ্ষণ, স্বীকৃতি, আইনী অধিকাৰদান আৰু একে লগে সমলিঙ্গৰ বিবাহ, দত্তকগ্ৰহণ, সন্তানপালন, বৈষম্যবিৰোধী আইন প্ৰয়োগ, সেৱা আৰু স্বাস্থ্য বৈষম্যেৰ বিৰোদ্ধে অধিকাৰ প্ৰদানৰ দাবী উত্থাপন। তদুপৰি একে সময়ে ধৰ্ম আৰু ৰাজনীতি প্ৰভাৱিত কিছু প্ৰাক্তন সমকামী বা এক্স-গে সংগঠনৰ সূচনা ঘটাই সমকামী অভিমুখীতা পৰিবৰ্তনৰ মাধ্যমত মনোভাৱ দূৰীকৰণ আৰু সমকামী প্ৰৱণতা প্ৰতিকাৰৰ বাবে প্ৰতিষ্ঠানিকভাৱে উদ্যোগ গ্ৰহণ আৰম্ভ কৰে।৩৭হিন্দু ধৰ্মৰ প্ৰধান ধৰ্মগ্ৰন্থ সমূহত সমকামিতাৰ সুস্পষ্ট উল্লেখ নাই।৩৮ ভাৰতৰ প্ৰধান ধৰ্মবিশ্বাসত সমকামিতাৰ অৱস্থান কত, তাক লৈ গৱেষক সকলৰ মাজত দ্বিমত আছে। কোনো কোনোৰ মতে প্ৰচীন হিন্দু সমাজত সমকামিতা কেৱল প্ৰাসংগিক আছিল তেনে নহয়, বৰং তা গ্ৰহণীয়ও আছিল।৩৯ খাজুৰাহো, অজন্তা-ইলৰাৰ ভাস্কৰ্য, প্ৰাচীন ভাৰতীয় গ্ৰন্থত কিছুমান সমলিংগৰ উল্লেখ আৰু সমকামৰ আভাস, বিভিন্ন সমকামিতাৰ লক্ষণ বহনকাৰী চৰিত্ৰ আদিয়ে ইয়াকে প্ৰমাণ কৰে। বাৎসায়নৰ কামসূত্ৰ গ্ৰন্থতো সমকামিতাৰ বৰ্ণনা আছে।

হিন্দু ধৰ্মৰ প্ৰধান ধৰ্মগ্ৰন্থ সমূহত সমকামিতাৰ সুস্পষ্ট উল্লেখ নাই।৪০ ভাৰতৰ প্ৰধান ধৰ্মবিশ্বাসত সমকামিতাৰ অৱস্থান কত, তাক লৈ গৱেষক সকলৰ মাজত দ্বিমত আছে। কোনো কোনোৰ মতে প্ৰচীন হিন্দু সমাজত সমকামিতা কেৱল প্ৰাসংগিক আছিল তেনে নহয়, বৰং তা গ্ৰহণীয়ও আছিল।৪১ খাজুৰাহো, অজন্তা-ইলৰাৰ ভাস্কৰ্য, প্ৰাচীন ভাৰতীয় গ্ৰন্থত কিছুমান সমলিংগৰ উল্লেখ আৰু সমকামৰ আভাস, বিভিন্ন সমকামিতাৰ লক্ষণ বহনকাৰী চৰিত্ৰ আদিয়ে ইয়াকে প্ৰমাণ কৰে। বাৎসায়নৰ কামসূত্ৰ গ্ৰন্থতো সমকামিতাৰ বৰ্ণনা আছে।

বিজ্ঞান

মনোবিজ্ঞান

মূল প্ৰবন্ধ: সমকামিতা আৰু মনোবিজ্ঞান

পূৰ্বৰ কেইবাশতিকা জুৰি সমকামিতাক মনোবিজ্ঞানৰ এক স্বতন্ত্ৰ দশা হিচাপে গৱেষণা কৰা হৈ আহিছে। বিংশ শতিকালৈ চিকিৎসা মনোবিজ্ঞান, আচৰণ বিজ্ঞান আৰু সামাজিক বিজ্ঞানৰ বহু অভিজ্ঞ বিশেষজ্ঞ সমকামিতাক মানসিক অসুস্থতা হিচাপে গণ্য কৰা হৈছিল। ১৯৭০ চনৰ পিছৰ পৰা বিশ্বজুৰী বহু স্বাস্থ্য আৰু মানসিক স্বাস্থ্য বিশেষজ্ঞ আৰু আচৰণগত-সমাজবিজ্ঞান বিশেষজ্ঞ সকলে সমকামিতাক মানৱ অভিমুখীতাৰ এটি স্বাভাৱিক আৰু সুস্থ প্ৰকাৰ হিচাপে দেখুৱাই যদিও কিছু বিশেষজ্ঞই ইয়াক অসুস্থতা হিচাপে বহাল ৰাখে।৪২বৈজ্ঞানিক গৱেষণাৰ ফলস্বৰূপে আমেৰিকা মনোৰোগ সংস্থাই ১৯৭৩ চনত "মানসিক ৰোগৰ নিৰ্ণায়ক আৰু পৰিসাংখ্যিক হাতপুথি"ৰ তৃতীয় সংস্কৰণৰ পৰা সমকামিতাক আঁতৰাই দিয়ে।৪৩৯ ১৯৭৩ চনত, সমকামী অধিকাৰ সংগঠন সমূহৰ ব্যাপক হেঁচাৰ ফলশ্ৰুতিত৪৪ আমেৰিকান মনোচিকিৎসক সমিতিৰ প্ৰতিনিধি কাউন্সিল ১৯৯৫ চনত৪৫ আৰু ইয়াৰ পিছত অন্যান্য সংস্থা সমূহে এই নতুন সংজ্ঞা অনুসৰণ আৰম্ভ কৰে। বিশ্ব স্বাস্থ্য সংস্থাই ১৯৯০ চনত ৪৩তম বিশ্ব স্বাস্থ্য সমাৰোহৰ সমৰ্থনত সমকামিতাক সুস্থ বুলি ব্যক্ত কৰে।

জীৱবিজ্ঞান

বিজ্ঞানে সমকামিতাৰ কাৰণ বিচাৰিব চেষ্টা কৰি আছে। ইয়াৰ ফলস্ৰূপে জৈৱিক আৰু পৰিৱেশগত কাৰণসমূহ ইয়াৰ প্ৰধান কাৰণ ওলাই পৰিছে। জৈৱিক কাৰণ সম্বন্ধে গৱেষণা হৈছে সেইবোৰৰ হল জিনগত আৰু হৰমনগত, বিশেষকৈ ভ্ৰূণৰ বিকাশৰ সময়ত যিবোৰ পৰিবৰ্তনৰ ফলত মস্তিষ্কৰ গঠনগত আৰু কাৰ্যগত পৰিবৰ্তন ঘটে আৰু সোঁহতীয়া বা বাওঁহতীয়া হোৱাৰ প্ৰৱণতা ইত্যাদি অন্য কোনো কোনো স্বভাৱগত বৈশিষ্ট্যও নিৰ্ধাৰিত হয়।৪৬৪৭ পৰিৱেশৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱ (সামাজিক, মানসিক) আৰু জৈৱিক বিষয় যৌন অভিমুখীতাক প্ৰভৱিত কৰে। যদিও অনেক গৱেষকৰ মতে মূলত প্ৰকৃতি আৰু প্ৰতিপালন — এই দুটাৰ জটিল সংমিশ্ৰণৰ ফলত এই অৱস্থা নিৰ্ধাৰিত হয়।১৪৬ সমলিঙ্গৰ প্ৰতি যৌন আচৰণৰ প্ৰভাৱক হিচাপে একে পৰিৱেশত থকাৰ ভূমিকা মহিলাৰ ক্ষেত্ৰত নগণ্য আৰু পুৰুষৰ ক্ষেত্ৰত শূন্য। বিজ্ঞানীসকলে সমকামিতাৰ প্ৰকৃত কাৰণ এতিয়ালৈকে ঠাৱৰ কৰিব পৰা নাই। কিন্তু তেওঁলোকে বিশ্বাস কৰে যে, জিনগত, হৰমনগত আৰু পৰিৱেশগত কাৰকসমূহৰ এক জটিল আন্তঃক্ৰিয়াৰ ফলত এই অৱস্থা সৃষ্টি হয়।১৪৬ ইয়াত মানুহৰ ইচ্ছা-অনিচ্ছাৰ লগত কোনো সম্পৰ্ক নাই।১ তেওঁলোকে জীৱবিজ্ঞান নিৰ্ভৰশীল তত্ত্ব সমূহক বেছি সমৰ্থন কৰে।৪৬ ইয়াৰে ভিতৰত উল্লেখযোগ্য কিছুমান হল জিন, মাতৃগৰ্ভৰ পৰিৱেশ আৰু এই দুই প্ৰভাৱৰ মেলবন্ধন অথবা এই গোটেই সমূহৰ লগত সামাজিক প্ৰভাৱৰ মেলবন্ধন।৪৭ যৌন অভিমুখীতা নিৰ্ধাৰণত সন্তানপালন বা শৈশৱৰ অভিজ্ঞতাৰ কোনো ভূমিকা আছে নে নাই এতিয়ালৈকে প্ৰমাণ হোৱা নাই।৪৭ কোনো কোনোৱে সমকামী যৌন আচৰণক অপ্ৰাকৃতিক বুলিলেও৪৮ বৈজ্ঞানিক গৱেষণাত দেখা গৈছে যে, সমকামিতা মানৱ যৌনতাৰ এটি সাধাৰণ আৰু প্ৰাকৃতিক প্ৰকৰণ আৰু অন্য কোনো প্ৰভাৱৰ অস্তিত্বক এৰি ই কোনো নেতিবাচক মনস্তাত্ত্বিক প্ৰতিক্ৰিয়া সৃষ্টি নকৰে।১৪৯ যৌন অভিমুখীতা পৰিৱৰ্তনৰ বিভিন্ন কৰ্মসূচীৰ কাৰ্যকাৰিতা সম্পৰ্কে যথেষ্ট প্ৰমাণ নাই।৩৭

আমেৰিকান শিশুৰোগ বিশেষজ্ঞ একাডেমী ২০০৪ ত পেডিয়াট্ৰিস্ক পত্ৰিকাত কৈছে:

যৌন অভিমুখীতা সম্ভৱত কোনো এটা কাৰণত নিৰ্ধাৰিত নহয়,বৰং ই জিনগত, হৰমনগত আৰু পৰিৱেশগত একাধিক কাৰণৰ সমষ্টিগত প্ৰভাৱৰ ফল। সাম্প্ৰতিক দশক সমূহত বিশেষজ্ঞে সকলে জীৱবিদ্যা ভিত্তিক তত্ত্ব সমূহক সমৰ্থন কৰে। [...] নানা প্ৰকাৰ মানৱ যৌনতাৰ উৎপত্তিৰ বিষয়ত প্ৰচুৰ বিতৰ্ক আৰু অনিশ্চয়তা থাকিলেও এতিয়াও এই ক্ষেত্ৰত বৈজ্ঞানিক প্ৰমাণ পোৱা যোৱা নাই যে অস্বাভাৱিক সন্তানপালন, যৌন অত্যাচাৰ বা অন্যান্য পীড়াদায়ক অভিজ্ঞতা যৌন অভিমুখীতাক প্ৰভাৱিত কৰে। বৰ্তমানে জ্ঞাত তথ্য বিশ্লেষণ কৰি বুজা যায় যে সাধাৰণত শৈশৱৰ সূচনাতেই যৌন অভিমুখীতা নিৰ্ধাৰিত হয়।৪৬৫০

আমেৰিকান মনোবিদ্যা সমিতি, আমেৰিকান মনোচিকিৎসক সমিতি আৰু জাতীয় সমাজ সেৱক সমিতি ২০০৬ য়ে এক যৌথ বিবৃতিত জানায যে়:

আপাতত এজন মানুহৰ সমকামী, বিপৰীতকামী বা উভকামী হয় উঠাৰ পিছত নিৰ্দিষ্ট কি কি কাৰণ থাকিব পাৰে সেই বিষয়ত, তথা সম্ভাৱ্য জৈৱিক, মানসিক বা পিতৃ-মাতৃৰ যৌন অভিমুখীতাৰ ভূমিকাৰ বিষয়ে কোনো বৈজ্ঞানিক ঐকমত নাই। যদিও, উপস্থিত প্ৰমাণৰ পৰা ইমানখিনি বুজা যায় যে প্ৰাপ্তবয়স্ক সমকামী জনসাধাৰণৰ মাজত অধিকাংশই বিপৰীতকামী পিতৃ-মাতৃৰ সন্তান আৰু সমকামী পিতৃ-মাতৃৰ সন্তানৰ মাজত অধিকাংশই ডাঙৰ হৈ বিপৰীতকামী হয়।৯

২০১৪ চনত ৰয়াল কলেজ অফ চাইকিয়াত্ৰিষ্টযে জনাই যে:

ৰয়াল কলেজ অফ চাইকিয়াত্ৰিষ্টৰ মতে যৌন অভিমুখীতা হল একাধিক জৈৱিক আৰু জন্ম-পৰৱৰ্তী পৰিৱেশগত কাৰণৰ মিলিত প্ৰভাৱৰ ফল। যৌন অভিমুখীতাৰ কাৰণ হিচাপে ব্যক্তিগত পছন্দ-অপছন্দক দায়ী কৰাৰ কোনো তথ্য-প্ৰমাণ এতিয়াও পোৱা নাই।৫১

আমেৰিকান মনোবিদ্যা সমিতিৰ মতে "ব্যক্তিবিশেষৰ যৌন অভিমুখীতাৰ অনেক সম্ভাৱ্য কাৰণ থাকিব পাৰে, যি ক্ষণ সমূহ ভিন্ন ভিন্ন ব্যক্তিৰ ক্ষেত্ৰত ভিন্ন ভিন্ন হব পাৰে। " তেওঁলোকে আৰু কয় যে অধিকাংশ ক্ষেত্ৰত মানুহৰ যৌন অভিমুখীতা কম বয়সতে নিৰ্ধাৰিত হয়।১ পুৰুষৰ মাজত জিনগত বা জন্ম-পূৰ্বৱৰ্তী অন্যান্য প্ৰভাৱকৰ দ্বাৰা কেনেকৈ যৌন অভিমুখীতা নিৰ্ধাৰিত হয়, এই সংক্ৰান্ত গৱেষণা সমকামিতাৰ ৰাজনৈতিক আৰু সামাজিক বিতৰ্কত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, আৰু চিকিৎসা-জিনতত্ত্ব সম্বন্ধেও নতুনকৈ ভাবিবলৈ বাধ্য কৰায়।৫২

ক্ৰমবিকাশীয় বিজ্ঞান

২০০৮ চনত প্ৰকাশিত এখন গৱেষণাপত্ৰত বিবৃতি এইদৰে বিবৃত্তি দিয়া হয়: "মানুহৰ যৌন অভিমুখীতা নিৰ্ধাৰণত যে জিনৰ প্ৰভাৱ আছে সেই সম্পৰ্কে যথেষ্ট প্ৰমাণ পোৱা গৈছে। প্ৰজননগত সাফল্যৰ হাৰ কমাই দিয়াৰ সত্ত্বেও সমকামিতা কিদৰে জনসংখ্যাৰ অপেক্ষাকৃত বেদি অংশত ইয়াক দেখা যায় তাৰ কাৰণ জ্ঞাত নহয়। " তেওঁলোকে অনুমান কৰে যে "সমকামিতাৰ জিন সমকামী সকলৰ প্ৰজননগত সাফল্যৰ হাৰ কমাই দিয়াৰ সত্ত্বেও সমস্ত বিপৰীতকামীয়ে সেই জিনসমূহ বহন কৰিবই তেওঁলোকক নিশ্চয়ই কিছু সুবিধা কৰি দিয়ে। " এই গৱেষণাৰ ফলাফলৰ পৰা ইঙ্গিত পোৱা যায় যে "সমকামিতাৰ বাবে দায়ী জিনসমূহ সম্ভৱত বিপৰীতকামী সকলৰ কোনো প্ৰজননগত সুবিধা দিয়ে, যাৰ ফলত জনসংখ্যাত সমকামী সকলৰ বিৱৰ্তন আৰু ধাৰাবাহিকতা সম্ভৱ হৈছে। "৫৩ ২০০৯ চনৰ এক গৱেষণাত দেখা যায় যে মাতৃৰ পৰা সমকামী ব্যক্তিৰ লগত সম্পৰ্কিত মহিলাৰ যৌন ফলপ্ৰসূতা বেছি হয়।৫৪

প্ৰাণীজগতত সমকামী যৌনাচৰণ সম্পৰ্কিত বেইলি আৰু মাৰ্লিন জুকৰ এক পুনৰীক্ষণত সমকামিতাৰ প্ৰজনন-হ্ৰাসৰ তত্ত্বক প্ৰত্যবাহ্বান জনায়। সমকামী যৌনাচাৰ কেনেকৈ অভিযোজিত হব পাৰে তাৰ অনেক সম্ভাৱ্য কাৰণ ইয়াত উল্লেখ কৰা হয়। প্ৰজাতিভেদে এই কাৰণ সমূহ বেলেগ বেলেগ হব পাৰে। বেইলি আৰু জুক আৰু কয় যে ভৱিষ্যতে গৱেষক সকলে কেৱল সমকামিতাৰ উৎস অনুসন্ধান নকৰি তাৰ বিৱৰ্তনীয় পৰিণতি সম্বন্ধে আৰু গৱেষণা কৰা উচিত।৫৫

ভাৰতত সমকামিতা

ভাৰতৰ বেংগালুৰু চহৰত অনুষ্ঠিত সমকামী গৌৰৱ (Gay Pride) শোভাযাত্ৰা (২০১৩)
ভাৰতৰ বেংগালুৰু চহৰত অনুষ্ঠিত সমকামী গৌৰৱ (Gay Pride) শোভাযাত্ৰা (২০১৩)ছবি: Nick Johnson from Princeton, NJ · CC BY 2.0

বৰ্তমান ভাৰতত সমকামিতা বৈধ। আৰু সমকামী লোকৰ বিৰূদ্ধে বৈষম্য নিষিদ্ধ।৫৬ ভাৰতত সমকামিতাক লৈ সাধাৰণ আলোচনাৰ সুযোগ কম। যদিও সাম্প্ৰতিক বছৰ সমূহত সমকামিতাৰ প্ৰতি ভাৰতীয় শোকৰ মনোভাৱ কিছু পৰিৱৰ্তন লক্ষ্য কৰা হৈছে। বিশেষত, ভাৰতৰ সংবাদমাধ্যম আৰু বলিউডত সমকামিতাৰ প্ৰদৰ্শন আৰু ইয়াৰ সংক্ৰান্ত আলোচনা বৃদ্ধি পাইছে। ৫৭৫৮৫৯ ৬০

২০০৯ চনৰ ২ জুলাইত দিল্লী উচ্চ ন্যায়ালয়ে এটি ৰায়ত স্পষ্টকৈ জনাই যে: প্ৰাপ্তবয়স্ক সকলৰ মাজত সম্মতিক্ৰমে সমকামিতাৰ আচৰণ অপৰাধৰ আওতাত নপৰে। এই ৰায়ত আৰু কোৱা হৈছে যে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৭ ধাৰা ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ ৰক্ষা নীতিৰ পৰিপন্থী।৬১ ২০১৩ চনৰ ১১ ডিচেম্বৰত পুনৰাই সমকামিতাক ভাৰতৰ উচ্চতম ন্যায়ালয়ে অবৈধ ঘোষণা কৰে আৰু ৩৭৭ ধাৰা অব্যাহত ৰাখে।৬২ এই ৩৭৭ ধাৰা মতে সমকামিতা আৰু পায়ুমৈথুন শাস্তিযোগ্য ফৌজদাৰী অপৰাধ। ইয়াৰ বাবে শাস্তি দহ বছৰৰ পৰা আজীবন কাৰাদণ্ড আৰু লগতে জৰিমনাও হব পাৰে।৬৩

৩৭৭. প্ৰকৃতিবিৰুদ্ধ অপৰাধ: কোনো ব্যক্তি যদি স্বেচ্ছাই কোনো পুৰুষ, নাৰী বা পশুৰ লগত প্ৰকৃতিৰ নিয়মৰ বিৰুদ্ধে যৌন সংগম কৰে, তেন্তে তেওঁক আজীৱন কাৰাদণ্ড দিয়া হব, অথবা বৰ্ণনা অনুযায়ী নিৰ্দিষ্ট কালৰ কাৰাদণ্ড প্ৰদান কৰা হব যি দহ বছৰ পৰ্যন্ত কাৰাদণ্ড হব পাৰে, আৰু ইয়াৰ লগত নিৰ্দিষ্ট অংকৰ আৰ্থিক জৰিমনাও দিব লাগিব। ব্যাখ্যা: ধাৰা অনুযায়ী অপৰাধ প্ৰমাণত যৌন সংগমৰ প্ৰয়োজনীয় প্ৰমাণ হিচাপে লিংগ প্ৰৱেশৰ প্ৰমাণ যথেষ্ট।৬৩৬৪

৩৭৭ ধাৰাৰ ব্যাখ্যাত পায়ুসংগমজনিত যি কোনো যৌথ যৌন কাৰ্যকলাপকক ইয়াৰ অন্তৰ্ভুক্ত কৰা হৈছে। পৰস্পৰ সম্মতিক্ৰমে বিপৰীতকামী মুখকাম আৰু পায়ুসংগম উক্ত আইন অনুযায়ী শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য কৰিব পাৰি।৬৫৬৬

বিভিন্ন দল-সংগঠনে, অনুষ্ঠান আৰু ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ত এই ধাৰাৰ অৱসান ঘটাবলৈ পুনৰ বিচাৰ কৰিব আবেদব জনাইছে। ইয়াৰ সপক্ষে আৰু বিপক্ষে সমানে যুক্তি আৰু সমৰ্থনকাৰী আছে। বৰ্তমান এই ধাৰা উচ্চতম ন্যায়ালয়ত পুনৰ বিচাৰৰ অধীনত।

২০১৮ চনৰ ৬ ছেপ্টেম্বৰ তাৰিখৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পাঁচজন সংবিধানিক বিচাৰপীঠে ভাৰতীয় দণ্ডবিধি আইনৰ দফা ৩৭৭ পাৰ্শ্বীয়ভাবে অসংবিধানীক হিচাপে ৰায়দান কৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্যন্যায়াধীশ দীপক মিশ্ৰয়ে কয় যে

সংখ্যা গৰিষ্ঠ নৈতিকতাতকৈ সাংবিধানিক নৈতিকতা বহু উৰ্ধত

সেইদৰে ন্যায়াধীশ ইন্দু মলহোত্ৰায়ে কয়

ইতিহাসে এই সম্প্ৰদায়ৰ লোকসকল আৰু তেওঁলোকৰ পৰিয়ালৰ ওচৰত ক্ষমা খোজা উচিত। সমকামিতা মানৱ যৌন অভিমুখীতাৰ অন্যতম অংশ। ভাৰতৰ সকলো নাগৰিকৰ আত্মসন্মানেৰে জীয়াই থকাৰ অধিকাৰ আছে। পৰস্পৰৰ সহমতিৰ দ্বাৰা দুজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ ঘটা যৌন কাৰ্য অপৰাধ নহয়

এই ৰায়দানৰ দ্বাৰা দুজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ ঘটা যৌন কাৰ্য অপৰাধ নহয় বুলি ঘোষণা কৰা হল। লগতে সমকামী আৰু আন আন লিংগীক সংখ্যালঘু সম্প্ৰদায়ৰ অধিকাৰক সাংবিধানিক ৰক্ষা কৱচ দিয়া হল। লগতে উচ্চতম ন্যায়ালয়ে চৰকাৰক এই সম্প্ৰদায়ৰ উন্নতিৰ বাবে ভিন ভিন উপায় লবলৈ নিৰ্দেশ দিলে।

প্ৰাণীজগতত সমকামিতা

বহু প্ৰজাতিৰ প্ৰাণীৰ সমকামী, উভকামী আৰু ৰূপান্তৰকামী আচৰণ দেখা যায়।৬৭৬৮৬৯৭০৭১এইবোৰ আচৰণৰ অন্তৰ্গত হল:যৌন ক্ৰিয়া, প্ৰেম, স্নেহ, যুগলবন্ধন আৰু সন্তানপালন।৭০ এই আচৰণ সমূহ প্ৰাণীসমূহৰ মাজত ব্যাপকভাবে বিস্তৃত। গৱেষক ব্ৰুছ বেগমিলেৰ ১৯৯৯-ৰ এক পৰ্যবেক্ষণত দেখা যায় যে, ফিতাকৃমিৰ পৰা আৰম্ভ কৰি প্ৰাইমেট পৰ্যন্ত প্ৰায় পাঁচশ প্ৰজাতিত সমকামিতাৰ অস্তিত্বৰ প্ৰমাণ পোৱা গৈছে।৭০৭১ প্ৰাণীৰ যৌন আচৰণ বিভিন্ন ৰূপ পৰিলক্ষিত হয়, আনকি একে প্ৰজাতিৰ প্ৰাণীৰ মাজতো এই ব্যতিক্ৰম দেখা যায়। এই আচৰণ সমূহৰ কাৰণ আৰু ইয়াৰ পৰা উপনীত হোৱা সিদ্ধান্ত সমূহ এতিয়াও সম্পূৰ্ণৰূপে বুজি পোৱা যোৱা নাই। কাৰণ এতিয়াও অধিকাংশ প্ৰজাতিৰ ওপৰত পূৰ্ণ গৱেষণা কৰাৰ থল এতিয়াও বাকী হৈয়ে আছে।৭২ বেগমিলেৰ বক্তব্য অনুযায়ী, "পূৰ্বে অধিকাংশ বৈজ্ঞানিক সম্প্ৰদায় আৰু সমাজ যিমানখিনি স্বীকাৰ কৰিব বিচাৰিছিল, প্ৰাণীজগতত এই আচৰণ তাতকৈ ব্যাপক যৌন বিচিত্ৰৰ লগত জড়িত - যাৰ অন্তৰ্ভুক্ত হল সমকামী, উভকামী আৰু অ-প্ৰজননশীল যৌনতা। "৭৩

তথ্য উৎস

অনলাইন প্ৰবন্ধ

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ Sexual orientation, homosexuality and bisexuality. American Psychological Association
  2. ↑ Case No. S147999 in the Supreme Court of the State of California, In re Marriage Cases Judicial Council Coordination Proceeding No. 4365 (..) – APA California Amicus Brief — As Filed. পৃ. 30
  3. ↑ Royal College of Psychiatrists - Submission to the Church of England’s Listening Exercise on Human Sexuality. www.thinkinganglicans.org.uk/uploads/rcp.html
  4. ↑ Homosexuality not a ground to sack employee, rules Allahabad High Court
  5. ↑ India: Supreme Court Recognizes Rights Of The LGBT Community
  6. ↑ Billy, JO; Tanfer, K.; Grady, WR; Klepinger, DH (1993). "The sexual behavior of men in the United States" 2 ed. Family Planning Perspectives. 25 . ISSN 0014-7354
  7. ↑ Same-sex Behavior Seen In Nearly All Animals, Review Finds. ScienceDaily
  8. ↑ মনোবিজ্ঞান সংস্থা|
  9. ↑ Case No. S147999 in the Supreme Court of the State of California, In re Marriage Cases Judicial Council Coordination Proceeding No. 4365 (…)
  10. ↑ · নিউমান, কেৰিন ই (২০০৪)
  11. ↑ Maggio, Rosalie (1991). The dictionary of bias-free usage: a guide to nondiscriminatory language . Phoenix: Oryx Press. ISBN 9780897746533
  12. ↑ · কমিঙ আউটৰ ধাৰাবাহিকতা, ৱেব আৰ্কিভ dev.hrc.org . Human Rights Campaign . May 4, 2007
  13. ↑ অসমীয়া অভিধানত
  14. ↑ ৱাটাৰলু বিশ্ববিদ্যালয়ৰ ব্যাখ্যা
  15. ↑ ACSF Investigators (1992). AIDS and sexual behaviour in France. Nature, 360, 407–409
  16. ↑ Billy, J. O. G., Tanfer, K., Grady, W. R., & Klepinger, D. H. (1993). The sexual behavior of men in the United States. Family Planning Perspectives, 25, 52–60
  17. ↑ Binson, D., Michaels, S., Stall, R., Coates, T. J., Gagnon, & Catania, J. A. (1995). Prevalence and social distribution of men who have sex with men: United States and its urban centers. Journal of Sex Research, 32, 245–254
  18. ↑ Bogaert, A. F. (2004). The prevalence of male homosexuality: The effect of fraternal birth order and variation in family size. Journal of Theoretical Biology, 230, 33–37. Bogaert argues that: "The prevalence of male homosexuality is debated. One widely reported early estimate was 10% (e.g., Marmor, 1980; Voeller, 1990). Some recent data provided support for this estimate (Bagley and Tremblay, 1998), but most recent large national samples suggest that the prevalence of male homosexuality in modern western societies, including the United States, is lower than this early estimate (e.g., 1–2% in Billy et al., 1993; 2–3% in Laumann et al., 1994; 6% in Sell et al., 1995; 1–3% in Wellings et al., 1994). It is of note, however, that homosexuality is defined in different ways in these studies. For example, some use same-sex behavior and not same-sex attraction as the operational definition of
  19. ↑ Fay RE, Turner CF, Klassen AD, Gagnon JH. (1989). Prevalence and patterns of same-gender sexual contact among men. Science. পৃ. 338–48
  20. ↑ Johnson AM, Wadsworth J, Wellings K, Bradshaw S, Field J. (1992). Sexual lifestyles and HIV risk. Nature. পৃ. 410–2
  21. ↑ Laumann, E. O., Gagnon, J. H., Michael, R. T., & Michaels, S. (1994). The social organization of sexuality: Sexual practices in the United States. Chicago: University of Chicago Press
  22. ↑ Sell RL, Wells JA, Wypij D. (1995). The prevalence of homosexual behavior and attraction in the United States, the United Kingdom and France: results of national population-based samples. Arch Sex Behav. পৃ. 235–48
  23. ↑ Wellings, K., Field, J., Johnson, A., & Wadsworth, J. (1994). Sexual behavior in Britain: The national survey of sexual attitudes and lifestyles. London, UK: Penguin Books
  24. ↑ Norway world leader in casual sex, Aftenposten
  25. ↑ Sex uncovered poll: Homosexuality, Guardian
  26. ↑ McConaghy et al., 2006
  27. ↑ (26 October 2008). Sex uncovered poll: Homosexuality. Guardian
  28. ↑ Harford, Tim. (1 October 2010). More or Less examines Office for National Statistics figures on gay, lesbian and bisexual people. BBC
  29. ↑ (23 September 2010). Measuring Sexual Identity: Evaluation Report, 2010. Office for National Statistics
  30. ↑ Crompton, Louis. (2003). Homosexuality and Civilization. Belknap Press. ISBN 067401197X
  31. ↑ [Edward Gibbon. History of the Decline and Fall of the Roman Empire. Vol. 1, London. 1898, p. 313.]
  32. ↑ Murray, Stephen O. (2000). Homosexualities. University of Chicago
  33. ↑ State-sponsored Homophobia: A world survey of laws prohibiting same sex activity between consenting adults The International Lesbian, Gay, Bisexual, Trans and Intersex Association, authored by Lucas Paoli Itaborahy, May 2014
  34. ↑ McDermott, Ryon C.; Schwartz, Jonathan P.; Lindley, Lori D. (2014). Exploring men's homophobia: Associations with religious fundamentalism and gender role conflict domains. Psychology of Men & Masculinity. পৃ. 191–200
  35. ↑ Code of Ethics, American Association of Christian Counselors. www.aacc.net. American Association of Christian Counselors
  36. ↑ Adam, p. 82
  37. ↑ American Psychological Association: Resolution on Appropriate Affirmative Responses to Sexual Orientation Distress and Change Efforts
  38. ↑ Homosexuality and Hinduism
  39. ↑ "Same Sex love in India" by Ruth Vanita and Saleem Kidwai (MacMillan, Delhi, 2000)
  40. ↑ Homosexuality and Hinduism
  41. ↑ "Same Sex love in India" by Ruth Vanita and Saleem Kidwai (MacMillan, Delhi, 2000)
  42. ↑ American Psychological Association: Appropriate Therapeutic Responses to Sexual Orientation
  43. ↑ This American Life
  44. ↑ Former president of APA says Organization controlled by gay rights movement lobbed for the removal of homosexuality as disorder. LifeSiteNews.com
  45. ↑ Bayer, Ronald. (1987). Homosexuality and American Psychiatry: The Politics of Diagnosis. Princeton University Press. ISBN 0-691-02837-0
  46. ↑ Frankowski BL; American Academy of Pediatrics Committee on Adolescence. (June 2004). Sexual orientation and adolescents. Pediatrics. পৃ. 1827–32
  47. ↑ Submission to the Church of England's Listening Exercise on Human Sexuality. The Royal College of Psychiatrists
  48. ↑ Robinson, B. A. (2010). Divergent beliefs about the nature of homosexuality. Religious Tolerance.org
  49. ↑ "Therapies" to change sexual orientation lack medical justification and threaten health. Pan American Health Organizationarchived here
  50. ↑ Perrin, E. C. (2002). Sexual Orientation in Child and Adolescent Health Care. Kluwer Academic/Plenum Publishers. ISBN 0-306-46761-5
  51. ↑ Royal College of Psychiatrists' statement on sexual orientation. Royal College of Psychiatrists' statement on sexual orientation
  52. ↑ Mitchum, Robert. (12 August 2007). Study of gay brothers may find clues about sexuality. Chicago Tribune
  53. ↑ Zietsch et al. (2008)
  54. ↑ Iemmola, Francesca and Camperio Ciani, Andrea. (2009). New Evidence of Genetic Factors Influencing Sexual Orientation in Men: Female Fecundity Increase in the Maternal Line. Archives of Sexual Behavior. Springer Netherlands
  55. ↑ Bailey, N. W., & Zuk, M. (2009). Same-sex sexual behavior and evolution. Trends In Ecology & Evolution, 24 (8), 439–446. doi:10.1016/j.tree.2009.03.014
  56. ↑ www.reuters.com/article/2013/12/11/us-india-righ
  57. ↑ UN body slams India on rights of gays ((The Times of India)), 24 April 2008
  58. ↑ Fear and loathing in gay India. BBC News
  59. ↑ Why should homosexuality be a crime? দ্য টাইম্‌ছ অৱ ইণ্ডিয়া, 18 September 2003
  60. ↑ Queering Bollywood
  61. ↑ It's OK to be gay in India: Delhi High Court decriminalises homosexual sexExaminer.com, 2 July 2009
  62. ↑ edition.cnn.com/2013/12/11/world/asia/india-same
  63. ↑ (24 April 2007). Sodomy Laws Around the World
  64. ↑ Indian Penal Code. District Court Allahabad
  65. ↑ Bangladesh: Treatment of homosexuals including legislation, availability of state protection and support services. www.unhcr.org
  66. ↑ Bangladesh_Penal_Code_1860_Full_text.pdf (application/pdf Object). www.unodc.org
  67. ↑ Roughgarden, Joan. (2004). Evolution's Rainbow: Diversity, Gender, and Sexuality in Nature and People. University of California Press. ISBN 0520240731
  68. ↑ 1,500 animal species practice homosexuality. The Medical News, 23 October 2006
  69. ↑ Sommer, Volker & Paul L. Vasey (2006), Homosexual Behaviour in Animals, An Evolutionary Perspective. Cambridge University Press, Cambridge. ISBN 0-521-86446-1
  70. ↑ Bagemihl 1999
  71. ↑ Harrold, Max. (16 February 1999). Biological Exuberance: Animal Homosexuality and Natural Diversity. The Advocate, reprinted in Highbeam Encyclopedia
  72. ↑ Gordon, Dr Dennis. (10 April 2007). 'Catalogue of Life' reaches one million species. National Institute of Water and Atmospheric Research
  73. ↑ Gay Lib for the Animals: A New Look At Homosexuality in Nature – 2/1/1999 – Publishers Weekly. Publishersweekly.com

সম্পৰ্কিত শ্ৰেণী

যৌন অভিমুখিতাএলজিবিটিসমকামিতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সমকামিতা” প্ৰবন্ধৰ সংশোধন ৬৩১৪৮৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।