অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

অযৌনাংগিক দৰ্শনোদ্ভৱ উত্তেজনা

অযৌনাংগিক দৰ্শনোদ্ভৱ উত্তেজনা হৈছে যৌনাংগৰ বাদে শৰীৰৰ কোনো বিশেষ অংগৰ প্ৰতি গঢ় লোৱা যৌন আগ্ৰহ। আমেৰিকান মনোবৈজ্ঞানিক সংস্থা DSM-5 য়ে মানুহৰ এনে আগ্ৰহক ফেটিচিষ্টিক বিকাৰগ্ৰস্ততাৰ এটা ভাগ বুলি কৈছে যদিহে এই আগ্ৰহ ব্যক্তি এজনৰ বাবে গুৰুত্বৰ মনোসামাজিক সংকটৰ কাৰণ হৈ পৰে বা ই ব্যক্তি জীৱনৰ…

হালনাগাদ: ১ জুন ২০২৬ ১০২ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

অযৌনাংগিক দৰ্শনোদ্ভৱ উত্তেজনা হৈছে যৌনাংগৰ বাদে শৰীৰৰ কোনো বিশেষ অংগৰ প্ৰতি গঢ় লোৱা যৌন আগ্ৰহ।১২৩ আমেৰিকান মনোবৈজ্ঞানিক সংস্থা DSM-5 য়ে মানুহৰ এনে আগ্ৰহক ফেটিচিষ্টিক বিকাৰগ্ৰস্ততাৰ এটা ভাগ বুলি কৈছে যদিহে এই আগ্ৰহ ব্যক্তি এজনৰ বাবে গুৰুত্বৰ মনোসামাজিক সংকটৰ কাৰণ হৈ পৰে বা ই ব্যক্তি জীৱনৰ মহত্ত্বপূৰ্ণ ক্ষেত্ৰত ক্ষতিকাৰক ৰূপত প্ৰভাৱ বিস্তাৰ কৰে। DSM-IV ত ইয়াক এক সুকীয়া বিকাৰ হিচাপে জ্ঞান কৰা হৈছিল, কিন্তু, DSM-5 ৰ দ্বাৰা ইয়াক ফেটিচিষ্টিক বিকাৰগ্ৰস্ততাৰে একত্ৰীকৰণ কৰা হয়।১ এনে আগ্ৰহ দেখুওৱা ব্যক্তিৰ বাবে কেতিয়াবা কেতিয়াবা তেওঁৰ পচন্দৰ শাৰীৰিক অংগ যৌনাংগৰ সমান বা তাতকৈয়ো অধিক যৌন আকৰ্ষক হ'ব পাৰে।৪

বিপৰীতকমি, উভকামি আৰু সমকামি ব্যক্তিৰ অযৌনাংগিক দৰ্শনোদ্ভৱ উত্তেজনা হ'ব পাৰে৫৬। স্তন আৰু নিতম্ব এনে দৰ্শনোদ্ভৱ উত্তেজনাৰ এক বিশেষ সাধাৰণ অংগ বিবেচিত হৈছে।৭৮৯

প্ৰকাৰ

মানুহৰ মাজত সততে দেখা পোৱা অযৌনাংগিক দৰ্শনোদ্ভৱ উত্তেজনাসমূহ:২৮১০১১১২

মান্য নামপ্ৰচলিত নামউত্তেজনাৰ উৎস
পদফিলিয়াফুট ফেটিচভৰিৰ নিম্নাংশ
অকিউল'ফিলিয়াআই ফেটিচচকু
মাচালেগনিয়াআৰ্মপিট ফেটিচকাষলটি
মেজ'ফিলিয়াব্ৰেষ্ট ফেটিচস্তন
পাইগ'ফিলিয়াবাটকচ ফেটিচনিতম্ব
নেচ'ফিলিয়ানোজ ফেটিচনাক
ট্ৰিক'ফিলিয়াহেয়াৰ ফেটিচচুলি
এলভিন'ফিলিয়ানাভেল/বেলি বাটন ফেটিচনাভি
এলভিন'লেগনিয়াবেলি/ষ্ট'মাক ফেটিচউদৰ
চিৰ'ফিলিয়াহেণ্ড ফেটিচহাত
ক্ৰুৰ'ফিলিয়ালেগ ফেটিচভৰি
কাণৰ'ফেটিচিজমকাণ ফেটিচকাণ

তথ্যসূত্ৰ

  1. ↑ American Psychiatric Association. (2013). Diagnostic and Statistical Manual of Mental Disorders American Psychiatric Association. American Psychiatric Publishing. পৃ. 700–701. ISBN 978-0890425558
  2. ↑ Edlin, Gordon; Golanty, Eric. (2011). Human Sexuality: The Basics. Jones & Bartlett Publishers. ISBN 9780763736521
  3. ↑ Milner, J. S., & Dopke, C. A. (1997). Paraphilia Not Otherwise Specified: Psychopathology and theory. In D. R. Laws and W. O'Donohue (Eds.), Sexual deviance: Theory, assessment, and treatment. New York: Guilford
  4. ↑ Kunjukrishnan, R., Pawlak, A., & Varan, L R. (1988). The clinical and forensic psychiatric issues of retifism. Canadian Journal of Psychiatry, 33, 819–825
  5. ↑ Weinberg, M. S., Williams, C. J., & Calhan, C. (1994). Homosexual foot fetishism. Archives of Sexual Behavior, 23, 611–626
  6. ↑ Weinberg, M. S., Williams, C. J., & Calhan, C. (1995). "If the shoe fits...": Exploring male homosexual foot fetishism. The Journal of Sex Research, 32, 17–27
  7. ↑ Written by Laura Vess. Breasts, The Obsession I Share with Straight Men
  8. ↑ (2008-05-31). Exploring those secret turn-ons - Get your freak on!. Jamaica-gleaner.com
  9. ↑ Bering, Jesse. Partial for Protuberant: The Man Who Was Into 'Outies'. Scientific American
  10. ↑ SPECIFIC BODY PART FETISH
  11. ↑ Archived copy
  12. ↑ Aggrawal, Anil. (2009). Forensic and medico-legal aspects of sexual crimes and unusual sexual practices. CRC Press. পৃ. 121. ISBN 978-1420043099

সম্পৰ্কিত শ্ৰেণী

মানৱ যৌনতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অযৌনাংগিক দৰ্শনোদ্ভৱ উত্তেজনা” প্ৰবন্ধৰ সংশোধন ৬১০৮৩১ (১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।