অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

অনাভেদী যৌনক্ৰিয়া

অনাভেদী যৌনক্ৰিয়া হৈছে অন্তৰ্ভেদী যৌন সংগমৰ বিপৰীত, অৰ্থাৎ এনেকুৱা যৌন সম্পৰ্কত কোনো শিশ্ন বা লিংগ প্ৰৱেশ কৰোৱা নহয়। এনে যৌন কাৰ্য্যৰ ভিতৰত আছে চুমা, মৰ্দন বা লেহন আদি। অনাভেদী যৌন সম্পৰ্ক শৃংগাৰৰ দৰে হ'লেও মূলতঃ সেয়া নহয়।

হালনাগাদ: ১ জুন ২০২৬ ৩৪৪ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

অনাভেদী যৌনক্ৰিয়া হৈছে অন্তৰ্ভেদী যৌন সংগমৰ বিপৰীত, অৰ্থাৎ এনেকুৱা যৌন সম্পৰ্কত কোনো শিশ্ন বা লিংগ (জৈৱিক) প্ৰৱেশ কৰোৱা নহয়। এনে যৌন কাৰ্য্যৰ ভিতৰত আছে চুমা, মৰ্দন বা লেহন আদি। অনাভেদী যৌন সম্পৰ্ক শৃংগাৰৰ দৰে হ'লেও মূলতঃ সেয়া নহয়। ১ ২ ৩ বহুতে হয়তো ইয়াক মৌলিক যৌন কাৰ্য্য হিচাপে বা কেৱল প্ৰেমৰ প্ৰকাশ হিচাপে ব্যৱহাৰ কৰিব পাৰে। ৪ ৫ ৬

আধুনিক যুগত এই অবিভাজিত বা অনাভেদী যৌন কাৰ্য্যই মূলসুঁতিৰ যৌনতাত প্ৰৱেশ কৰিছে আৰু ইয়াক ‘যৌন সম্পৰ্ক’ৰ এক প্ৰকাৰ বুলি গণ্য কৰা হয়।

সংজ্ঞা আৰু চৰ্চা

সাধাৰণ

যদিওবা অনাভেদী যৌন সম্পৰ্কৰ সংজ্ঞাৰ পৰা বুজা যায় যে এনে কাৰ্য্যত কোনো ধৰণৰ যৌন প্ৰৱেশক্ৰিয়া জড়িত নহয়, তথাপিও কিছুমান বিশেষ পদাৰ্থৰ দ্বাৰা প্ৰৱেশ বা মৌখিক যৌন সম্পৰ্কক যৌন সম্পৰ্কৰ অংশ বুলি গণ্য কৰা হয়। ১ ২ ৩ ৪ ৫

ঘৰ্ষণ বা ঘৰ্ষকাম

সাধাৰণতে ঘৰ্ষকাম বুলিলে ব্যক্তিৰ শৰীৰৰ যিকোনো অংশ (যেনে নিতম্ব, স্তন, পেট, উৰু বা হাত আৰু যৌনাংগ ) আন ব্যক্তিৰ যৌনাংগত স্পৰ্শ বা ঘঁহি দিয়া বুলি কোৱা হয়; সংগী অবিহনে ৰাজহুৱা স্থানত অভিনয় কৰাটো যেনেকৈ যৌন বিকৃতি বুলি গণ্য কৰা হয়, তেনেদৰে সংগীৰ সৈতে অন্তৰংগ মুহূৰ্তত কৰা অভিনয় যৌনতাৰ বৃহত্তৰ ৰঙ্গমঞ্চৰ এটা অংশ মাথোঁ। এই ক্ৰিয়াক "শুষ্ক সংগম" বুলিও কোৱা হয়। ৭

পাৰস্পৰিক হস্তমৈথুন

পাৰস্পৰিক হস্তমৈথুনত সাধাৰণতে দুজন বা তাতকৈ অধিক লোকে ইজনে সিজনৰ যৌনাংগ হাতেৰে স্পৰ্শ কৰি উত্তেজিত কৰে। ৮ ৯

সম্পূৰ্ণ অবিভাজিত যৌন সম্পৰ্ক

তলত দিয়া কাৰ্য্যসমূহ হৈছে এনেধৰণৰ যৌন কাৰ্য্য:

  • Armpit fetishism: ১০ ১১ ১২
  • একেলগে শুই থকা:
  • কামমূলক অঙ্গমৰ্দন: এই কাৰ্য্য দুজন বা তাতকৈ অধিক লোকৰ মাজত হ’ব পাৰে। এই ক্ৰিয়াত তেল ব্যৱহাৰ কৰি শৰীৰত তাপ বিয়পাই দিব পাৰি বা কেৱল হাতেৰে শৰীৰ মালিচ কৰিব পাৰি। ১৩ ১৪
  • ভৰি মৈথুন: যেতিয়া সংগীয়ে ভৰিৰে আন সংগীৰ লিংগক উদ্দীপিত কৰে।
  • ঘৰ্ষণ বা ঘৰ্ষকাম: লিংগৰ সৈতে লিংগৰ সংস্পৰ্শ
  • হস্তমৈথুন:
  • স্তনৰ সৈতে সম্পৰ্ক: যেতিয়া এজন সংগীয়ে আনজনৰ লিংগক তাইৰ স্তনৰ সহায়ত উদ্দীপিত কৰে
  • অভেদী পায়ুমৈথুন: ইয়াত লিংগই নিতম্ব স্পৰ্শ কৰে, কিন্তু লিংগটোৱে নিতম্বৰ ভিতৰত সোমাই নাযায়। এইখিনিতেই পায়ু সংগমৰ সৈতে ইয়াৰ পাৰ্থক্য। নিতম্বৰ ওপৰত ৰক্ত সঞ্চালনৰ জৰিয়তে লিংগৰ উদ্দীপনা সৃষ্টি হয়। এয়া এক প্ৰকাৰৰ পাৰস্পৰিক হস্তমৈথুন। ১৫
  • চুমা বা চুম্বন: দুজন মানুহৰ মাজত ওঁঠ স্পৰ্শ, বিশেষকৈ গভীৰ চুমাক যৌন কাৰ্য্য বুলি ধৰিব পাৰি। এই ধৰণৰ কাৰ্য্যত এজন ব্যক্তিৰ জিভা আন এজনৰ মুখত প্ৰৱেশ কৰাটো জড়িত হৈ থাকে। কেৱল ওঁঠতে নহয়, সংগীৰ শৰীৰৰ যিকোনো অংশত চুমা সংগঠিত কৰিব পাৰি আৰু চুমা কামকেলিৰ এক সাধাৰণ অংশ। ১৬
  • স্তন সংগম: স্তনত লিংগটো ৰাখি ওপৰলৈ তললৈ লৰচৰ কৰি লিংগক উদ্দীপিত কৰা। ১৭
  • স্তন উদ্দীপনা: যেতিয়া এজন সংগীয়ে আনজন সংগীৰ স্তনত (হাত বা মুখেৰে) মৰম কৰে।
  • ট্ৰিবাডিজিম: এইটো সমকামী মহিলাৰ যৌন কাৰ্য্যকলাপৰ এটা প্ৰকাৰভেদ। ১৮ ১৯

লিংগৰ দ্বাৰা অভেদ্য কিন্তু অন্যভাৱে ভেদ কৰিব পৰা

  • আঙুলি সঞ্চালন:
  • মুখমৈথুন: যদি মহিলাৰ যৌনাংগত মুখৰ সংগম কৰা হয়, তেন্তে ইয়াক যোনিলেহন বোলা হয়। ২০ যদি মৌখিক সংগম মলদ্বাৰৰ সৈতে কৰা হয় তেন্তে ইয়াক পায়ুলেহন বুলি কোৱা হয়। ২১
  • ভাইব্ৰেটৰ বা কম্পযন্ত্ৰ ব্যৱহাৰ কৰি উদ্দীপনা সৃষ্টি: ২২

তথ্যসূত্ৰ

  1. ↑ (2000). Sexual Health Concerns: Interviewing and History Taking for Health Practitioners. University of Michigan. পৃ. 45. ISBN 0803606680
  2. ↑ See 272 and page 301 for two different definitions of outercourse (first of the pages for no-penetration definition; second of the pages for no-penile-penetration definition). Rosenthal, Martha. (2012). Human Sexuality: From Cells to Society, 1st ed. Cengage Learning. পৃ. 576 pages. ISBN 0618755713
  3. ↑ (2009). New Dimensions In Women's Health. Jones & Bartlett Learning. পৃ. 91. ISBN 0763765929
  4. ↑ (2001). Odyssey of the Heart: Close Relationships in the 21st Century. Psychology Press. পৃ. 70. ISBN 1410604055
  5. ↑ Ann O'Leary. (2002). Beyond Condoms: Alternative Approaches to HIV Prevention. Springer. পৃ. 155. ISBN 0306467313
  6. ↑ Robert Crooks; Karla Baur. (2010). Our Sexuality. Cengage Learning. পৃ. 286–289. ISBN 0495812943
  7. ↑ M., Hodge; Evelyn Blackwood. (2000). The Evolution of Human Homosexual Behavior. পৃ. 385–413
  8. ↑ Fulbright, Yvonne K. (2010). The Better Sex Guide to Extraordinary Lovemaking. Quiver. পৃ. 141. ISBN 9781592333523
  9. ↑ Richters, J.; Song, A. (1999). Australian university students agree with Clinton's definition of sex. পৃ. 1011
  10. ↑ Morton, Mark Steven. (2003). The Lover's Tongue: A Merry Romp Through the Language of Love and Sex. Insomniac Press. পৃ. 186. ISBN 1894663519
  11. ↑ axillary intercourse - Dictionary of sexual terms
  12. ↑ Knaapila, A., Tuorila, H., Vuoksimaa, E., Keskitalo-Vuokko, K., Rose, R. J., Kaprio, J., & Silventoinen, K. (2011). Pleasantness of the Odor of Androstenone as a Function of Sexual Intercourse Experience in Women and Men. Archives of Sexual Behavior, 1-6
  13. ↑ What Is Sensual Massage? | LIVESTRONG.COM. livestrong.com
  14. ↑ Phillips, N. A. (2000). Female sexual dysfunction: evaluation and treatment. পৃ. 127–148
  15. ↑ Completeorgasmguide.com. completeorgasmguide.com
  16. ↑ Hans, J. D.; Kimberly, C. (2011). Abstinence, Sex, and Virginity: Do They Mean What We Think They Mean?.. পৃ. 329–342
  17. ↑ Citation O'Barr, W. M. (2011). Sex and Advertising. পৃ. 2
  18. ↑ Jerrold S. Greenberg; Clint E. Bruess. (2007). Exploring the Dimensions of Human Sexuality. Jones & Bartlett Learning. পৃ. 429. ISBN 0-7637-4148-5
  19. ↑ Janell L. Carroll. (2009). Sexuality Now: Embracing Diversity. Cengage Learning. পৃ. 272. ISBN 0-495-60274-4
  20. ↑ Edwards, S.; Carne, C. (1998). Oral sex and the transmission of viral STIs. পৃ. 6–10
  21. ↑ Choices, N. H. S. (2012). What is oral sex?-Health questions-NHS Choices
  22. ↑ McCarthy, B. W.; Ginsberg, R. L. (2006). Resilient sexual desire in heterosexual couples. পৃ. 59–64

সম্পৰ্কিত শ্ৰেণী

মানৱ যৌনতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনাভেদী যৌনক্ৰিয়া” প্ৰবন্ধৰ সংশোধন ৬১০৮৩৪ (১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।