সমকামী পুৰুষৰ বিৰুদ্ধে বৈষম্য, বা গে'ফ'বিয়া হৈছে বিশেষকৈ সমকামী পুৰুষ, পুং সমকামিতা, বা নিজকে গে' বুলি ধাৰণা কৰা পুৰুষৰ প্ৰতি নিৰ্দেশিত এক প্ৰকাৰৰ হমফ'বিক কুসংস্কাৰ, ঘৃণা, বা পক্ষপাতিত্ব,১২৩৪ এই বৈষম্য ফেম্মোফ'বিয়াৰ সৈতেও ওতপ্ৰোতভাৱে সম্পৰ্কিত, যি সমকামী, সমকামী পুৰুষ আৰু নাৰীসুলভ হিচাপে উপস্থাপন কৰা ব্যক্তিসকলক পছন্দ নকৰা বা তেওঁলোকৰ পৰিচয় আৰু আচৰণৰ প্ৰতি থকা শত্ৰুতাক বুজায়।৫ সমকামী পুৰুষৰ বিৰুদ্ধে বৈষম্যৰ কাৰণ এজন ব্যক্তিৰ নাৰীসুলভ আচৰণ, পোছাকৰ শৈলী আৰু আনকি কণ্ঠপঞ্জীৰ প্ৰতি বিৰোধী প্ৰতিক্ৰিয়া হ'ব পাৰে।৬৭৮ এলজিবিটি সম্প্ৰদায়ৰ ভিতৰত, সমকামী, উভকামী আৰু ট্ৰান্সজেণ্ডাৰ পুৰুষসকলৰ মাজত পুৰুষত্বৰ সামাজিক প্ৰত্যাশা পূৰণ এক অভ্যন্তৰীণ সমস্যা হিচাপে পোৱা গৈছে।৯
কুইয়াৰ তত্ত্ব
ফ্ৰান্স শৈক্ষিক পৰিৱেশৰ কুইয়াৰ তত্ত্ববিদ সকলে কৰা এক অনন্য অধ্যয়ন অনুসৰি পিতৃতান্ত্ৰিক ব্যৱস্থাই পুৰুষ হিচাপে প্ৰতিনিধিত্ব কৰা বা পুৰুষ হিচাপে উপস্থাপন কৰা এক শৰীৰত পুৰুষত্ব তথা বিপৰীতকামিতাক বলপূৰ্বক ভাৱে জাপি দিবলৈ চেষ্টা কৰে। ফৰাচী কুইয়াৰ আৰু জাতি তত্ত্ববিদ লুই-জৰ্জেছ টিনে সমকামী পুৰুষৰ বিৰুদ্ধে বৈষম্য, আৰু হমফ'বিয়াৰ বলিহোৱা পৰিয়াল সমূহৰ এলজিবিটি-সম্পৰ্কীয় বিভিন্ন প্ৰকাৰৰ ভীতিৰ ঐতিহাসিক বিকাশ পৰীক্ষা কৰিছিল। তেওঁ লিখিছে:
হমফ'বিয়াৰ ধাৰণাটোৰ কেন্দ্ৰত অৰ্থৰ পাৰ্থক্যগত বৈপৰীত্যৰ ধাৰা এটা চলি আছে। নাৰী সমকামিতাৰ প্ৰতি মানুহৰ মনোভাৱৰ নিৰ্দিষ্টতাৰ বাবে তত্ত্বগত আলোচনাত লেচবফ'বিয়া শব্দটোৰ প্ৰৱৰ্তন কৰা হৈছে, যি শব্দই হমফ'বিয়াৰ সাধাৰণ ধাৰণাটোৱে আঁৰ কৰি ৰখা নিৰ্দিষ্ট প্ৰণালীসমূহ পোহৰলৈ আনে। এই পাৰ্থক্যই একেবাৰতেই গে'ফ'বিয়া শব্দটোক যুক্তিসঙ্গত কৰি তোলে, কিয়নো বাস্তৱ ক্ষেত্ৰত বহুতো হমফ'বিক আলোচনা কেৱল পুৰুষ সমকামিতাৰ সৈতেহে সম্পৰ্কিত। একেদৰে, বিপৰীতকামী আৰু সমকামী উভয় সম্প্ৰদায়ে হেয়জ্ঞান কৰা উভকামীসকলৰ একক পৰিস্থিতিৰ ওপৰত আলোকপাত কৰাৰ বাবে বাইফ'বিয়াৰ ধাৰণাটোও প্ৰস্তাৱ কৰা হৈছে। তদুপৰি, আমি ৰূপান্তৰকামী, ট্ৰান্সভেষ্টাইট আৰু ট্ৰান্সজেণ্ডাৰ ব্যক্তিৰ সৈতে সম্পৰ্কিত বেলেগ বেলেগ বিষয়বোৰ বিবেচনা কৰিব লাগিব, যি ট্ৰান্সফ'বিয়াৰ ধাৰণাটো মনলৈ আনে।১০
সামাজিক বৈষম্য
ফ্ৰান্স চৰকাৰৰ মতে, সমকামী পুৰুষৰ বিৰুদ্ধে বৈষম্য "এক প্ৰকাৰৰ হমফ'বিয়া, যি বিশেষভাৱে পুৰুষক প্ৰভাৱিত কৰে। যদিও ই মুখ্যতঃ সমকামী আৰু উভকামী পুৰুষক লক্ষ্য হিচাপে লয়, অৱশ্যে ই সমকামী বুলি গণ্য কৰা বিপৰীতকামী পুৰুষকো প্ৰভাৱিত কৰিব পাৰে। সমকামী পুৰুষসকল শাৰীৰিক আক্ৰমণৰ লক্ষ্য হ'ব পাৰে বা ফেমিনাইজেচন আৰু হাইপাৰচেক্সুৱেলাইজেচনৰ সৈতে সম্পৰ্কিত লিংগ দৃঢ়বদ্ধতা বোৰৰ দ্বাৰা অৱমূল্যায়ন হ'ব পাৰে। "৩
সাংবাদিক পিয়েৰ বৌভিয়েৰে সমকামী পুৰুষ বিৰোধী ভাৱনাক লেচবফ'বিয়াৰ সমান্তৰাল বুলি বৰ্ণনা কৰিছিল। পাশ্চাত্য সংস্কৃতিত এই দুটা ভিন্ন ধৰণৰ হমফ'বিয়াই কেনেদৰে কাম কৰে সেই বিষয়ে উল্লেখ কৰি তেওঁ লিখিছিল,১১
গে'ফ'বিয়া আৰু লেচবফ'বিয়াৰ প্ৰণালীৰ মাজত স্পষ্টভাৱে পাৰ্থক্য আছে, আৰু ই বিভিন্ন প্ৰকাৰৰ আক্ৰমণলৈ ৰূপান্তৰিত হয়। য'ত সামূহিক কল্পনাই পৰ্যাপ্ত পুৰুষ বা বিষমকামী বুলি গণ্য নকৰা ল'ৰা আৰু পুৰুষৰ বিৰুদ্ধে শক্তিশালী মৌখিক তথা শাৰীৰিক হিংসা প্ৰয়োগ কৰে; আনহাতে, মহিলাসকলৰ বাবে, তেওঁলোকৰ সমকামী পৰিচয়ৰ দাবীক পিছলৈ অগ্ৰহণযোগ্য বুলি ধৰা হয় বা সমকামীতাক হ্ৰাস কৰিবলৈ চেষ্টা কৰা হয়, বা বিপৰীতকামী যৌনসম্বন্ধৰ বাবে হেঁচা প্ৰয়োগ কৰা হয়।
শৈক্ষিক অধ্যয়ন
সমকামী পুৰুষ আৰু সমকামী মহিলা সকলৰ বিৰুদ্ধে বৈষম্যৰ মাজত পৃথকে কৰা এক সহকৰ্মী-পৰ্যালোচনা বা অধ্যয়নত, গৱেষকসকলে সমকামী পুৰুষৰ প্ৰতি তেওঁলোকৰ মনোভাৱৰ সন্দৰ্ভত বিপৰীতকামী পুৰুষ আৰু মহিলাৰ মাজত পৰিসাংখ্যিকভাৱে গুৰুত্বপূৰ্ণ পাৰ্থক্য বিচাৰি পাইছে।১২ যদিও সমকামী সকলৰ ক্ষেত্ৰত পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত পৰিসাংখ্যিকভাৱে কোনো গুৰুত্বপূৰ্ণ পাৰ্থক্য পোৱা নগ'ল, বিপৰীতকামী পুৰুষসকলে সমকামী বুলি গণ্য কৰা পুৰুষৰ প্ৰতি পৰিসাংখ্যিকভাৱে গুৰুত্বপূৰ্ণ উচ্চ স্তৰৰ বিদ্বেষ প্ৰদৰ্শন কৰে যিটো সমকামী নাৰীৰ ক্ষেত্ৰত কম।১২
তথ্যসূত্ৰ
- ↑ Clauss-Ehlers, Caroline S. (2010). Encyclopedia of Cross-Cultural School Psychology. Springer. পৃ. 524. ISBN 9780387717982
- ↑ No More, No Less. Sexual and Gender Diversity. Confédération des syndicats nationaux
- ↑ 2020-2023 National Action Plan to Promote Equal Rights and Combat Anti-LGBT+ Hatred and Discrimination. # France LGBT+. The Government of the French Republic
- ↑ gayphobia. Glosbe
- ↑ Paul, Annie. (September 26, 2008). Caribbean Culture: Soundings on Kamau Brathwaite. University of the West Indies Press. পৃ. 368. ISBN 9789766401504
- ↑ Loftin, Craig M. (2007). Unacceptable Mannerisms: Gender Anxieties, Homosexual Activism, and Swish in the United States, 1945-1965. Journal of Social History. পৃ. 577–596
- ↑ Barry, Ben; Martin, Dylan. (2016). Gender rebels: inside the wardrobes of young gay men with subversive style. Fashion, Style & Popular Culture. পৃ. 225–250
- ↑ Meredith, Natasha. Gay men who 'sound gay' encounter more stigma and discrimination from heterosexual peers. EurekAlert!. University of Surrey
- ↑ F. J., Sánchez. (2016). Masculinity issues among gay, bisexual, and transgender men. APA Handbook of Men and Masculinities. পৃ. 339–356. ISBN 978-1-4338-1855-4
- ↑ The Dictionary of Homophobia: A Global History of Gay & Lesbian Experience
- ↑ Bouvier, Pierre. Pride march: 'Lesbians are not necessarily found in the speeches of many LGBT associations'. Hebergement
- ↑ Gabriella, Martino. (2019). Relations among gender, religiosity and personality traits in homophobia. Journal of Clinical & Developmental Psychology. পৃ. 1-11
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সমকামী পুৰুষৰ বিৰুদ্ধে বৈষম্য” প্ৰবন্ধৰ সংশোধন ৬৩১১১৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।