অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শবনম মৌচি

শবনম বানু জনপ্ৰিয় ভাবে শবনম মৌচি (Shabnam Mausi) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু এলজিবিটি সমাজকৰ্মী। তেওঁ ভাৰতৰ প্ৰথম ট্ৰান্সজেণ্ডাৰ বিধানসভাৰ সদস্য। হিজিৰা সম্প্ৰদায়ৰ অন্তৰ্গত শবনম মৌচি ভাৰতৰ প্ৰথম কিন্নৰ বিধায়ক। হিজিৰা সমাজক ১৯৯৪ চনত ভোটদানৰ অধিকাৰ প্ৰদান কৰা হৈছিল।

হালনাগাদ: ৬ মাৰ্চ ২০২৫ ৩৮০ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

শবনম বানু জনপ্ৰিয় ভাবে শবনম মৌচি (Shabnam Mausi) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু এলজিবিটি সমাজকৰ্মী। তেওঁ ভাৰতৰ প্ৰথম ট্ৰান্সজেণ্ডাৰ বিধানসভাৰ সদস্য। হিজিৰা সম্প্ৰদায়ৰ অন্তৰ্গত শবনম মৌচি ভাৰতৰ প্ৰথম কিন্নৰ বিধায়ক। হিজিৰা সমাজক ১৯৯৪ চনত ভোটদানৰ অধিকাৰ প্ৰদান কৰা হৈছিল। তেওঁ ২০০০ চনৰ উপ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে সোহাগপুৰ বিধানসভা সমষ্টিৰ পৰা মধ্য প্ৰদেশ বিধানসভালৈ নিৰ্বাচিত হৈছিল।১ তেওঁক মৰমত 'মৌচি' (মাহী) বুলি সম্বোধন কৰা হয়।

প্ৰাৰম্ভিক জীৱন

তেওঁ দৃশ্যগতভাৱে তৃতীয় লিংগত জন্ম গ্ৰহণ কৰিছিল যদিও তেওঁক পুৰুষৰ নাম দিয়া হৈছিল। তেওঁৰ দেউতাক এজন ব্ৰাহ্মণ সম্প্ৰদায়ৰ আৰক্ষী অধীক্ষক আছিল আৰু তেওঁৰ নিজৰ সামাজিক প্ৰতিচ্ছবি সুৰক্ষিত কৰিবলৈ জন্ম হোৱাৰ কিছু সময় পিছতে শবনমক পৰিত্যাগ কৰিছিল।২

তেওঁ প্ৰাথমিক বিদ্যালয়ৰ মাত্ৰ দুবছৰত শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ ভ্ৰমণৰ যোগেদি মুঠ ১২টা ভাষা শিকিছিল।

ৰাজনৈতিক জীৱন

শবনম মৌচিয়ে মধ্য প্ৰদেশ ৰাজ্যৰ শ্বাহদোল-অনুপপুৰ জিলাৰ সোহাগপুৰ সমষ্টিৰ পৰা ২০০০ চনৰ উপনিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল। বিধান সভাৰ সদস্য হিচাপে তেওঁৰ কাৰ্যসূচীত দুৰ্নীতি, নিবনুৱা সমস্যা, দৰিদ্ৰতা আৰু অনাহাৰৰ সৈতে যুঁজ দিয়া, লগতে ট্ৰান্সজেণ্ডাৰ, হিজিৰা, নপুংসক, ক্ৰছ-ড্ৰেচাৰ সকলৰ প্ৰতি বৈষম্যৰ বিৰুদ্ধে মাত মতা আৰু এইচআইভি/এইচ.আই.ভি/এইড্‌ছৰ বিষয়ে সজাগতা বৃদ্ধি কৰা অন্তৰ্ভুক্ত আছিল। ২০০৩ চনত কাৰ্যকাল শেষ হোৱাৰ পিছত তেওঁ ২০০৩ চনৰ বিধানসভা নিৰ্বাচনত কটমা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও তেওঁ পৰাজয় বৰণ কৰে। ২০১২ চনত তেওঁ কানপুৰ কেণ্টনটমেণ্ট সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও আকৌ এবাৰ পৰাজিত হয়।

সক্ৰিয়তা

শবনম মৌচিয়ে ভাৰতৰ বহুতো ট্ৰান্সজেণ্ডাৰ লোকক ৰাজনীতি গ্ৰহণ কৰিবলৈ আৰু ভাৰতত 'মূলধাৰাৰ কাৰ্যকলাপত' অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। লগতে ভাৰতীয় সমাজৰ প্ৰান্তত বাস কৰা নৃত্যশিল্পী, বেশ্যা আৰু ভিক্ষাৰী হিচাপে তেওঁলোকৰ পৰম্পৰাগত ভূমিকা ত্যাগ কৰিবলৈ কয়। উদাহৰণ স্বৰূপে তেওঁলোকে কেতিয়াবা বিবাহ বা দুৰ্ভাগ্য দূৰ কৰিবলৈ সেৱা প্ৰদান কৰা নৱজাতক শিশুৰ ঘৰত উপস্থিত হৈ নৃত্য-গীত কৰে।

যদিও তেওঁ বৰ্তমান ৰাজহুৱা কাৰ্যালয়ত সক্ৰিয় নহয় শবনম মৌচি ভাৰতত বেচৰকাৰী সংগঠন আৰু লিংগ কৰ্মীসকলৰ সৈতে এইডছ সজাগতা কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আছে।

"আমাৰ যৌন অভিমুখীতাৰ বাবে আমি ভাই-ভনীসকলে প্ৰায়ে কলঙ্ক আৰু বৈষম্যৰ সন্মুখীন হওঁ। এইডছৰ বিষয়ে মুকলিকৈ কথা পাতিলে আমাক ইজনে সিজনক বুজিবলৈ সহায় কৰে!" - শবনম মৌচি

জিতী জিতাই পলিটিক্স (জেজেপি)

২০০৩ চনত মধ্য প্ৰদেশৰ হিজৰাসকলে "জিতী জিতাই পলিটিক্স" (জেজেপি) নামৰ নিজৰ ৰাজনৈতিক দল স্থাপন কৰে। ইয়াৰ আক্ষৰিক অৰ্থ হৈছে 'ৰাজনীতি যি ইতিমধ্যে জিকি লোৱা হৈছে'।৩ দলটোৱে মূলধাৰাৰ পৰা ইয়াৰ ৰাজনৈতিক পাৰ্থক্যৰ ৰূপাঙ্কন কৰিবলৈ আঠ পৃষ্ঠাৰ ইস্তাহাৰ মুকলি কৰিছিল।

জনপ্ৰিয় মাধ্যমত

২০০৫ চনত 'শবনম মৌচি' নামৰ এখন কল্পকাহিনী ছবি তেওঁৰ জীৱনৰ বিষয়ে নিৰ্মাণ কৰা হৈছিল। ছবিখন যোগেশ ভৰদ্বাজে পৰিচালনা কৰিছিল আৰু শবনম মৌচিৰ ভূমিকা আশুতোষ ৰাণায়ে ৰূপায়ণ কৰিছিল।৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Telangana assembly elections 2018: Chandramukhi eyes Goshamahal glory, ready for tryst with 1st transgender party. The Times of India
  2. ↑ India TV News Desk. (2014-07-17). Shabnam Mausi-India's first eunuch to become an MLA. www.indiatvnews.com
  3. ↑ (2009-04-29). Our election promise?. DNA India
  4. ↑ Shabnam Mausi

সম্পৰ্কিত শ্ৰেণী

এলজিবিটি সম্প্ৰদায়ৰ ব্যক্তিভাৰতীয় ৰাজনীতিবিদসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শবনম মৌচি” প্ৰবন্ধৰ সংশোধন ৪৮৮১৮৯ (৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।