অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মাইকীমুৱা

পৰম্পৰাগতভাৱে মাইকীমুৱা (Sissy, Pink boy) বুলিলে নাৰীসুলভ আচৰণ কৰা বা সামাজিকভাৱে নিৰ্ধাৰিত পুৰুষসুলভ আচৰণ নকৰা ল'ৰা বা ব্যক্তিক বুজাবলৈ ব্যৱহাৰ কৰা এক বিৰক্তিকৰ শব্দ। ইয়াৰ দ্বাৰা পৰিচয় আগবঢ়োৱা ব্যক্তিয়ে সাধাৰণতে দুৰ্বলতাৰ সম্ভাৱ্য লক্ষণ দেখুৱায়।

হালনাগাদ: ২৫ জুন ২০২৪ ৩৩৭ শব্দ · ২ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

পৰম্পৰাগতভাৱে মাইকীমুৱা (Sissy, Pink boy) বুলিলে নাৰীসুলভ আচৰণ কৰা বা সামাজিকভাৱে নিৰ্ধাৰিত পুৰুষসুলভ আচৰণ নকৰা ল'ৰা বা ব্যক্তিক বুজাবলৈ ব্যৱহাৰ কৰা এক বিৰক্তিকৰ শব্দ। ইয়াৰ দ্বাৰা পৰিচয় আগবঢ়োৱা ব্যক্তিয়ে সাধাৰণতে দুৰ্বলতাৰ সম্ভাৱ্য লক্ষণ দেখুৱায়। এই শব্দটোৰ অৰ্থ হৈছে সাহস, শক্তি, এথলেটিচিজম, সমন্বয়, টেষ্টোষ্টেৰন, পুৰুষৰ কামশক্তি আৰু নিষ্ঠুৰ শান্ততাৰ অভাৱ। এই বৈশিষ্ট্যসমূহ সাধাৰণতে পৰম্পৰাগতভাৱে পুৰুষত্বৰ সৈতে সম্পৰ্কিত আৰু সমাজত পুৰুষৰ ভূমিকাৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। পৰম্পৰাগতভাৱে নাৰীসুলভ ৰুচি বা নিযুক্তিৰ প্ৰতি আগ্ৰহী হোৱাৰ বাবে (যেনে ফেশ্বনৰ প্ৰতি অনুৰাগী হোৱা), ইফেমিনেট আচৰণ প্ৰদৰ্শন কৰা (উদাহৰণস্বৰূপে, চুলিৰ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰা, হাইড্ৰেটিং সামগ্ৰী ব্যৱহাৰ কৰা, বা উদং মণিবন্ধ প্ৰদৰ্শন কৰা), ক্ৰীড়াৰ প্ৰতি আগ্ৰহী নোহোৱা, বা সমকামী হোৱাৰ বাবেও এজন পুৰুষক মাইকীমুৱা বুলি গণ্য কৰা হ'ব পাৰে।১

মাইকীমুৱা শব্দটো টমবয়ৰ বিপৰীতাৰ্থক শব্দ। ২০১৫ চনত প্ৰকাশিত এটি গৱেষণা অনুসৰি টমবয় শব্দটোৰ ইতিবাচক ব্যৱহাৰ অধিক। কিন্তু মাইকীমুৱা বা ইয়াৰ সমাৰ্থক চিচি, লেডীছ আদি শব্দবোৰ অধিক বিৰক্তিকৰ আৰু অধিক তীব্ৰতা প্ৰদান কৰা শব্দ।২

ইতিহাস আৰু ব্যৱহাৰ

মাইকীমুৱা অভিধাটোৰ সমাৰ্থক ইংৰাজীৰ চিচি শব্দটো ঐতিহাসিকভাৱে বিদ্যালয়ৰ শিশুসকলৰ মাজত অপৰিপক্বতা আৰু লিংগ বা যৌন বিচ্যুতি বুজোৱা নিৰন্তৰ নেতিবাচক, অপমান সূচক শব্দ হিচাপে ব্যৱহাৰ হৈ আহিছে৷৩ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদ্যালয়সমূহক জাৰী কৰা নিৰ্দেশনাই ইয়াক "যৌনতাবাদী" শব্দ বুলি চিনাক্ত কৰিছে৷৪ লগতে অভিধাটো "বৰ্ণবাদী আৰু হোমোফোবিক ভাষাৰ দৰেই গ্ৰহণযোগ্য নহয়" বুলি বৰ্ণনা কৰা হৈছে।৫ আন কিছুমান শব্দ যেনে জেণ্ডাৰ ক্ৰিয়েটিভ৬ পিংক বয়৭ আৰু টমগাৰ্ল৮ আদিবোৰ এইক্ষেত্ৰত নম্ৰ বিকল্প শব্দ হিচাপে ব্যৱহাৰ হয়।

পুৰুষৰ আধিপত্যৰ প্ৰতি ভাবুকি হিচাপে

মাইকীমুৱা বুলি ইতিকিং কৰা লোক সকলক কেতিয়াবা পুৰুষশক্তিৰ প্ৰতি ভাবুকি স্বৰূপে গণ্য কৰা হয়। উদাহৰণ স্বৰূপে, ২০১৮ চনত চীনৰ চৰকাৰী সংবাদ মাধ্যমসমূহে "চিচি" যুৱকসকলক (যিসকলে মেকআপ ব্যৱহাৰ কৰে, ক্ষীণ, আৰু এণ্ড্ৰোজিনিয়াছ পোছাক পিন্ধে) এক "ৰুগীয়া" সংস্কৃতিৰ অংশ হিচাপে উপহাস কৰিছিল যিয়ে ইয়াৰ সামৰিক প্ৰতিচ্ছবিক হেয় প্ৰতিপন্ন কৰি ৰাষ্ট্ৰৰ ভৱিষ্যতৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছিল।৯১০ ২০২১ চনত চীনৰ শিক্ষা মন্ত্ৰালয়ে বিদ্যালয়সমূহত ক্ৰীড়া, শাৰীৰিক শিক্ষা আৰু "স্বাস্থ্য শিক্ষা"ৰ জৰিয়তে কিশোৰ সকলৰ মাজৰ পৰা নাৰীসুলভ আচৰণ প্ৰতিহত কৰিবলৈ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা জাৰি কৰিছিল। ১১১২

যৌন উপসংস্কৃতি

বলপূৰ্বক ফেমিনাইজেচনৰ বিডিএছএম অনুশীলনত, বেশান্তৰ কৰা পুৰুষক কামুদ্দীপক উত্তেজনাৰ বাবে বটম হিচাপে লাঞ্ছনা কৰা হ'ব পাৰে, যিটো এক প্ৰকাৰৰ অপৰাধ বুলিও বিবেচিত হয়। পেৰাফিলিক শিশুসুলভতাত, চিচি বেবী হৈছে এজন পুৰুষ যিয়ে যৌন সংস্কৃতিত এগৰাকী অজলা ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিবলৈ ভাল পায়।১৩

তথ্যসূত্ৰ

  1. ↑ Dalzell, Tom. (2009). The Routledge Dictionary of Modern American Slang and Unconventional English. Taylor & Francis. পৃ. 885. ISBN 978-0-415-37182-7
  2. ↑ Compton, D. and Knox, E. (2015), "Sissies and tomboys." The International Encyclopedia of Human Sexuality, pp 1115–1354
  3. ↑ Thorne, B. (1993). Gender Play: Girls and Boys in School. Rutgers University Press, pp. 115-116
  4. ↑ Goodfellow, M., "New guidelines released to 'counter gender stereotyping' in UK schools". The Independent, 2015
  5. ↑ Institute of Physics, "Opening Doors: A guide to good practice in countering gender stereotyping in schools" . www.iop.org, 2015
  6. ↑ Duron, L. (2013), "Raising My Rainbow"
  7. ↑ Hoffman, Sara "My Son the Pink Boy". Salon. February 22, 2011. Retrieved 10-Mar-2016
  8. ↑ Jeremy Asher Lynch. "About Tom Girl Movie" . www.tomgirlmovie.com. Retrieved 10-Mar-2016
  9. ↑ Kilbride, Jack. (14 September 2018). China's 'sissy pants phenomenon': Beijing fears negative impact of 'sickly culture' on teenagers. ABC News (Australian Broadcasting Corporation)
  10. ↑ Dixon, Robyn. (2019-04-26). To fight K-pop's influence in China, a club teaches young boys to be alpha males. Los Angeles Times
  11. ↑ Allen, Kerry. (4 February 2021). China promotes education drive to make boys more 'manly'. BBC News (British Broadcasting Corporation)
  12. ↑ 关于政协十三届全国委员会第三次会议第4404号(教育类410号)提案答复的函 - 中华人民共和国教育部政府门户网站
  13. ↑ Tristan Taormino. (2002-08-13). Still in Diapers. Village Voice

সম্পৰ্কিত শ্ৰেণী

এলজিবিটি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাইকীমুৱা” প্ৰবন্ধৰ সংশোধন ৪২৩৯৬৭ (২৫ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।