ট্ৰান্সজেণ্ডাৰ বা ৰূপান্তৰিত লিংগ (Transgender) বুলিলে যিসকল ব্যক্তিয়ে জন্মতে লাভ কৰা ‘জৈৱ লিংগ’ বা সমাজে আৰোপিত ‘সাংস্কৃতিক লিংগ’ৰ সৈতে নিজৰ লৈংগীক পৰিচয়ৰ লগত প্ৰভেদ পোৱা বুজায়। ট্ৰান্সজেণ্ডাৰসকলে মানসিক ভাৱে আৰোপিত লিংগৰ সলনি নিজকে আন লিংগ হিচাপে গণ্য কৰে আৰু সেই লিংগৰ লৈংগীক অভিব্যক্তি গ্ৰহণ কৰে।১২৩ এই ব্যক্তিসকলে এনে ধৰণৰ এক যৌন পৰিচয়ৰ অভিজ্ঞতা লাভ কৰে যে ঐতিহ্যগতভাৱে তেওঁলোকৰ নিৰ্ধাৰিত যৌনতাৰ লগত স্থিতিশীল নহয় আৰু তেওঁলোকে নিজক চিকিৎসা শাস্ত্ৰৰ সহায়ত স্থায়ীভাৱে সেই লিংগলৈ পৰিৱৰ্তন কৰিবলৈ বিচাৰে আৰু নিজকে ৰূপান্তৰকামী হিচাপে পৰিচয় দিয়ে।৪৫ ট্ৰান্সজেণ্ডাৰক প্ৰায়ে চুটিকৈ ট্ৰান্স বোলা হয়। ট্ৰান্সজেণ্ডাৰ শব্দটোয়ে ঘাইকৈ সামাজিক পুৰুষ আৰু মহিলা লিংগৰ বিপৰীতে নিজকে পৰিচয় দিয়া ট্ৰান্সমেন বা ৰূপান্তৰিত পুৰুষ আৰু ট্ৰান্সৱমেন বা ৰূপান্তৰিত নাৰী বুজোৱাৰ উপৰিও এলজিবিটি+ শ্ৰেণীৰ কেইবাটাও ভিন ভিন লৈংগীক সংখ্যালঘু সম্প্ৰদায়ক বুজাবলৈ ব্যৱহাৰ কৰা হয়। ট্ৰান্সজেণ্ডাৰ বুলিলে তৃতীয় লিংগকে আদি কৰি নিজকে পুৰুষ আৰু মহিলা দুয়ো হিচাপে চিনাক্ত নকৰা ননবাইনেৰী বা জেণ্ডাৰ কুইয়াৰ, পুৰুষ আৰু মহিলা দুয়ো হিচাপে চিনাক্ত কৰা বাইজেণ্ডাৰ, বহু লিংগৰ সৈতে চিনাক্ত কৰা পেনজেণ্ডাৰ, সততে লিংগৰ ধাৰণা সলনি কৰা জেণ্ডাৰফ্লুইড, কোনো লিংগকে নিজৰ বুলি চিনাক্ত নকৰা এজেণ্ডাৰ ইত্যাদি সামৰি লৈছে।২৬৭৮৯ ইয়াৰ লগতে ট্ৰান্সজেণ্ডাৰে বহল দৃষ্টিত আৰোপিত লিংগৰ কাপোৰ নিপিন্ধি বা সাজ-সজ্জা নকৰি আন লিংগৰ কাপোৰ বা সাজ-সজ্জা গ্ৰহণ কৰা ক্ৰছড্ৰেচাৰ সকলকো বুজায়।১০
ট্ৰান্সজেণ্ডাৰ যৌন অভিমুখীতাৰ পৰা সম্পূৰ্ণ স্বাধীন আৰু পৃথক বিষয়।১১ ট্ৰান্সজেণ্ডাৰ ব্যক্তিয়ে নিজকে বিপৰীতকামী, সমকামী, উভকামী, অযৌন ইত্যাদি হিচাপে যৌন অভিমুখী হব পাৰে। ট্ৰান্সজেণ্ডাৰ বা ৰূপান্তৰিত লিংগ 'ইণ্টাৰচেক্স' বা 'উভয়লিংগ' নামৰ অৱস্থাৰ পৰা পৃথক। উভয়লিংগ ব্যক্তিয়ে পুৰুষ আৰু মহিলা দুয়োৰে প্ৰজনন অংগৰ সৈতে জন্ম লাভ কৰে আৰু তেওঁলোকক দ্বিলিংগ পদ্ধতিত পুৰুষ বা মহিলা বুলি চিনাক্ত কৰা টান।১২ ট্ৰান্সজেণ্ডাৰৰ বিপৰীত শব্দ সৈতে চিচজেণ্ডাৰ। চিচজেণ্ডাৰ ব্যক্তিয়ে জন্মতে লাভ কৰা জৈৱিক লিংগক নিজৰ পৰিচয় হিচাপে গ্ৰহণ কৰে।১৩
যদি কোনো ব্যক্তি তেওঁৰ নিৰ্ধাৰিত জৈৱিক যৌনতাক স্বীকৃত জীৱনযাপন কৰিবলৈ বিচাৰে অথবা যদি কোনো ব্যক্তি তেওঁৰ লিংগ পৰিচয়ৰ ফলস্বৰূপে সামাজিক দুৰ্ব্যৱহাৰ আৰু হতাশা অনুভৱ কৰে১৪সেই ক্ষেত্ৰত তেওঁলোকৰ লিংগ হতাশাৰ (Gender Dysphoria) সমাধান হিচাপে চিকিৎসা বিজ্ঞানত এই সমস্যাক এক অসুস্থতা হিচাপে গ্ৰহণ কৰি ইয়াৰ বিশ্লেষণ আৰু সঠিক কাৰণ নিৰ্ণয় কৰা হয়।১৫ বহুতো ট্ৰান্সজেণ্ডাৰ ব্যক্তিয়ে হৰমন ৰিপ্লেচমেণ্ট থেৰাপি, চেক্স ৰিএচাইনমেণ্ট চাৰ্জাৰী বা চাইক'থেৰাপিৰ যোগেৰে লিংগ সলনি কৰিবলৈ বিচাৰে।১৬ কিন্তু সকলো ট্ৰান্সজেণ্ডাৰ ব্যক্তিয়ে এনে ব্যৱস্থা গ্ৰহণ নকৰে। বিত্তীয়, চিকিৎসা সংক্ৰান্তিয়, আইনী আৰু সামাজিক ব্যৱস্থা ইয়াৰ মুখ্য কাৰণ।১৬১৭
বহু ট্ৰান্সজেণ্ডাৰ ব্যক্তিয়ে সমাজত অৱহেলাৰ চিকাৰ হয়। লগতে তেওঁলোক কৰ্মক্ষেত্ৰত বৈষম্যৰ বলি হয়।১৮১৯ ইয়াৰ লগতে তেওঁলোক উপযুক্ত স্বাস্থ্য সেৱাৰ পৰাও বঞ্চিত হোৱা দেখা যায়।২০ বহু ঠাইত তেওঁলোক বৈষম্য আৰু সামাজিক বহিষ্কাৰৰ পৰা আইনী ৰক্ষা লাভ নকৰে।২১ ভাৰতত ট্ৰান্সজেণ্ডাৰ ব্যক্তিক নিজৰ লিংগ সলনি কৰা আইনী বিধান আছে। ইয়াৰ লগতে তৃতীয় লিংগকো ভাৰতে স্বীকৃতি প্ৰদান কৰিছে।
অসমত ট্ৰেন্সজেণ্ডাৰ
অসমৰ ট্ৰেন্সজেণ্ডাৰ সমাজৰ মূলভেটি ৰূপে সদৌ অসম ট্ৰেন্সজেণ্ডাৰ সংঘ (All Assam Transgender Association) প্ৰধান। স্বতী বিধান বৰুৱা অসমৰ বিখ্যাত ট্ৰেন্সজেণ্ডাৰ গৰাকীয়ে ২১ বছৰ বয়সত নিজৰ লিংগ পৰিবৰ্তনৰ বিষয়ত ন্যায়ালয়ৰ কাষ চাপি ৰাষ্ট্ৰীয় সংবাদমাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছিল।২২ পাছত তেখেত অসমৰ সৰ্বপ্ৰথম ৰূপান্তৰলৈঙ্গিক ন্যায়াধীশ হয়।২৩
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Altilio, Terry; Otis-Green, Shirley. (2011). Oxford Textbook of Palliative Social Work. Oxford University Press. পৃ. 380. ISBN 978-0199838271
- ↑ Forsyth, Craig J.; Copes, Heith. (2014). Encyclopedia of Social Deviance. Sage Publications. পৃ. 740. ISBN 978-1483364698
- ↑ Berg-Weger, Marla. (2016). Social Work and Social Welfare: An Invitation. Routledge. পৃ. 229. ISBN 978-1317592020
- ↑ Thomas E. Bevan, The Psychobiology of Transsexualism and Transgenderism (2014, ), page 42: "The term transsexual was introduced by Cauldwell (1949) and popularized by Harry Benjamin (1966) [...]. The term transgender was coined by John Oliven (1965) and popularized by various transgender people who pioneered the concept and practice of transgenderism. It is sometimes said that Virginia Prince (1976) popularized the term, but history shows that many transgender people advocated the use of this term much more than Prince."
- ↑ R Polly, J Nicole, Understanding the transsexual patient: culturally sensitive care in emergency nursing practice, in the Advanced Emergency Nursing Journal (2011): "The use of terminology by transsexual individuals to self-identify varies. As aforementioned, many transsexual individuals prefer the term transgender, or simply trans, as it is more inclusive and carries fewer stigmas. There are some transsexual individuals [,] however, who reject the term transgender; these individuals view transsexualism as a treatable congenital condition. Following medical and/or surgical transition, they live within the binary as either a man or a woman and may not disclose their transition history."
- ↑ Gay and Lesbian Alliance Against Defamation. "GLAAD Media Reference Guide – Transgender glossary of terms", "GLAAD", USA, May 2010. Retrieved 2011-02-24. "An umbrella term for people whose gender identity and/or gender expression differs from what is typically associated with the sex they were assigned at birth."
- ↑ Bilodeau, Brent. (2005). Beyond the Gender Binary: A Case Study of Two Transgender Students at a Midwestern Research University. Journal of Gay & Lesbian Issues in Education. পৃ. 29–44 "Yet Jordan and Nick represent a segment of transgender communities that have largely been overlooked in transgender and student development research – individuals who express a non-binary construction of gender[.]"
- ↑ Susan Stryker, Stephen Whittle, The Transgender Studies Reader, page 666: "The authors note that, increasingly, in social science literature, the term "third gender" is being replaced by or conflated with the newer term "transgender."
- ↑ Joan C. Chrisler, Donald R. McCreary, Handbook of Gender Research in Psychology, volume 1 (2010, ), page 486: "Transgender is a broad term characterized by a challenge of traditional gender roles and gender identity[. ...] For example, some cultures classify transgender individuals as a third gender, thereby treating this phenomenon as normative."
- ↑ Reisner, Sari L; Conron, Kerith; Scout, Nfn. (2014). Comparing In-Person and Online Survey Respondents in the U.S. National Transgender Discrimination Survey: Implications for Transgender Health Research. LGBT Health. পৃ. 98–106
- ↑ Sexual orientation, homosexuality and bisexuality. American Psychological Association
- ↑ (2015). Free & Equal Campaign Fact Sheet: Intersex. United Nations Office of the High Commissioner for Human Rights
- ↑ Definition of CISGENDER. www.merriam-webster.com
- ↑ American Psychiatric Association. (2000). Diagnostic and Statistical Manual of Mental Disorders, Fourth Edition (Text Revision). American Psychiatric Publishing. ISBN 0-89042-025-4
- ↑ ICD-10
- ↑ Victoria Maizes, Integrative Women's Health (2015, ), page 745: "Many transgender people experience gender dysphoria—distress that results from the discordance of biological sex and experienced gender (American Psychiatric Association, 2013). Treatment for gender dysphoria, considered to be highly effective, includes physical, medical, and/or surgical treatments [...] some [transgender people] may not choose to transition at all."
- ↑ (1 May 2009). Understanding Transgender People FAQ. National Center for Transgender Equality
- ↑ Lombardi, Emilia L.; Anne Wilchins, Riki; Priesing, Dana. (October 2008). Gender Violence: Transgender Experiences with Violence and Discrimination. Journal of Homosexuality. পৃ. 89–101
- ↑ Gay and Lesbian Alliance Against Defamation. "Groundbreaking Report Reflects Persistent Discrimination Against Transgender Community", GLAAD, USA, February 4, 2011. Retrieved 2011-02-24
- ↑ Bradford, Judith; Reisner, Sari L.; Honnold, Julie A. (2013). Experiences of Transgender-Related Discrimination and Implications for Health: Results From the Virginia Transgender Health Initiative Study. American Journal of Public Health. পৃ. 1820–1829
- ↑ Whittle, Stephen. "Respect and Equality: Transsexual and Transgender Rights." Routledge-Cavendish, 2002
- ↑ May 4, Rosy Sequeira; 2012; Ist, 03:57. Bidhan Barua's sex change plea: Is suicide threat a pressure tactic? asks HC
- ↑ Assam's First Transgender Judge Awaits Centre's Response to SC Plea Against 'Humiliating' Act
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ট্ৰান্সজেণ্ডাৰ” প্ৰবন্ধৰ সংশোধন ৪০৭৫৩৪ (২৪ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।