প্ৰকৃতি আৰু পৰিৱেশ
উদ্ভিদ, প্ৰাণী, ৰাষ্ট্ৰীয় উদ্যান আৰু জৈৱ-বৈচিত্ৰ্য · ১,০১২ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
বগাপতীয়া খুকুৰী সাপ
বগাপতীয়া খুকুৰী সাপ (light-barred kukri snake, বৈজ্ঞানিক নাম-Oligodon albocinctus) 'Colubridae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সাপৰ প্ৰজাতি৷ এই সাপবিধ সমগ্ৰ বিশ্বৰ ভিতৰত কেৱল এছিয়াতহে দেখা পোৱা যায় (endemic)৷
-
বগী জলকীয়া
বগী জলকীয়া (বৈজ্ঞানিক নাম: Capsicum frutescens) এক প্ৰকাৰৰ জলকীয়া। এই জলকীয়াবোৰ সাধাৰণতে একবৰ্ষী বা কম আয়ুসৰ বহুবৰ্ষজীৱী উদ্ভিদ। ফুলবোৰ সেউজ-বগা বা সেউজ-হালধীয়া পাহীৰ সৈতে বগা বৰণৰ, আৰু পতংগ- অথবা স্ব-পৰাগনৰ দ্বাৰা বংশবৃদ্ধি হয়।
-
বান্দৰডিমা গছ
বান্দৰডিমা (বৈজ্ঞানিক নাম: Dysoxylum gotadhora) মেলিয়েচিয়া (Meliaceae) পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ। ই ভূটান, ভাৰত, লাওছ, নেপাল, থাইলেণ্ড, আৰু ভিয়েটনামৰ স্থানীয় উদ্ভিদ। ভাৰত আৰু শ্ৰীলংকাত ইয়াক Dysoxylum ficiforme আৰু D. binectariferum বুলিও নামকৰণ কৰা হৈছে।
-
বামুণ ভেকুলা
বামুণ ভেকুলা (Indian bullfrog,, বৈজ্ঞানিক নাম-Hoplobatrachus tigerinus) এটা ডাঙৰ আকাৰৰ ভেকুলীৰ প্ৰজাতি৷
-
বিয়নী সাবটা
বিয়নী সাবটা (বৈজ্ঞানিক নাম: Desmodium laburnifolium) লেগুমিনেছি (Leguminaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ বনৰীয়া গছ৷
-
বিৰিণা
বিৰিণা (বৈজ্ঞানিক নাম: Vetiveria zizanioides; Vetiver) এবিধ দ-চানেকীয়া ঠাইত উৎপন্ন হোৱা ওখ ঘাঁহজাতীয় উদ্ভিদ। এই বন একেঠাইতে সৰহীয়াকৈ উৎপত্তি হয়।
-
বৰখন্তি সাপ
বৰখন্তি সাপ (Diard's blindsnake, বৈজ্ঞানিক নাম-Typhlops diardii) 'Typhlopidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সাপৰ প্ৰজাতি। এই সাপবিধ প্ৰধানকৈ দক্ষিণ-পূব এছিয়াত দেখা পোৱা যায়।
-
মণিছাল
মণিছাল ( বৈজ্ঞানিক নাম: Sapindus mukorossi; বঙালী: ৰিঠা; মিচিং: হাইটা-গুটি; কাৰবি: ডাক্ ডাক্ আৰং; কাছাৰ:হাইঠাল, ফুআঠাই, খাচিয়া: দিয়েং স্পিয়েং ৰাহ; তাই-আহোম: টুন্-মাক-চাক; বড়ো:মণিছাল) চেপিন্দেচি (Sapindaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ পৰ্ণপাতী বনৰীয়া গছ।
-
মালীবৰ সাপ
মালীবৰ সাপ বা মাৰলি সাপ (Indian wolf snake, বৈজ্ঞানিক নাম-Lycodon aulicus) দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত দেখা পোৱা এবিধ অবিষধৰ (nonvenomous) সাপৰ প্ৰজাতি।
-
মেৰমেৰী লতা
মেৰমেৰী লতা (বৈজ্ঞানিক নাম: Bauhinia vahlii; অন্য নাম: নাককাটি লেৱা, কাঞ্চন লতা) অসমত দেখা পোৱা এবিধ লতা জাতীয় বনৰীয়া উদ্ভিদ। এই লতাৰ পাতৰ আকৃতি কাঞ্চন গছৰ পাতৰ সৈতে একেধৰণৰ বাবে কোনো কোনো ঠাইত ইয়াক কাঞ্চন লতা বুলি কোৱা হয়। নামনি অসমত এই উদ্ভিদক নাককাটি লেৱা বুলিও জনা যায়।
-
মোৱা মাছ
মোৱা মাছ (ইংৰাজী: mola carplet; বৈজ্ঞানিক নাম: Amblypharyngodon mola) হৈছে ডেনিঅ’নিডি পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সৰু আকাৰৰ কাৰ্পজাতীয় মাছ। এই মাছবিধ আফগানিস্তান, পাকিস্তান, ভাৰত, বাংলাদেশ আৰু ম্যানমাৰত পোৱা যায়, অৱশ্যে আইইউচিএন (IUCN)-এ কেৱল পাকিস্তান, ভাৰত আৰু বাংলাদেশতহে ইয়াৰ উপস্থিতি নিশ্চিত…
-
মৰশাল গছ
মৰশাল গছ (বৈজ্ঞানিক নাম: Vatica lanceaefolia) ডাইপ্টেৰ’কাৰপাচিয়া (Dipterocarpaceae) পৰিয়ালৰ অন্তৰ্গত ভাটিকা (Vatica) গণৰ এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি।
-
যখিনী লতা
যখিনী লতা (বৈজ্ঞানিক নাম:Valaris solanacea) এপ’চাইনেচি (Apocynaceae) পৰিয়ালৰ এবিধ গছত বগুৱা লতা জাতীয় উদ্ভিদ। কোনো কোনো ঠাইৰ মানুহে এই লতাক গহিংগা লতা বুলিও কয়।
-
যষ্টিমধু
যষ্টিমধু হৈছে Glycyrrhiza glabraৰ সাধাৰণ নাম। ই হৈছে বীনৰ পৰিয়াল Fabaceaeৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ, যাৰ মূলৰ পৰা এটা মিঠা, সুগন্ধি নিষ্কাশন কৰিব পাৰি। যষ্টিমধু উদ্ভিদ হৈছে পশ্চিম এছিয়া আৰু দক্ষিণ ইউৰোপৰ এক ভেষজ বহুবৰ্ষী উদ্ভিদ।
-
লতা কৰৱী
লতা কৰৱী ক, ইংৰাজীত সাধাৰণতে গল্ডেন ট্ৰাম্পেট (golden trumpet)কমন ট্ৰামপেটভাইন (common trumpetvine), ই কেনভানাছ, পোৱেৰ্ট ৰিকৰ চৰকাৰী ফুল। বাংলা ভাষাত ইয়াক অলকানন্দা বুলি কোৱা হয়।
-
লালি পমা গছ
লালি পমা (বৈজ্ঞানিক নাম: Prasoxylon excelsum) মেলিয়েচিয়া (Meliaceae) পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ। উদ্ভিদজোপাৰ বৈজ্ঞানিক নামৰ এক্সেলছাম (excelsum) পদাংশ লেটিন ভাষাৰ পৰা আহৰণ কৰা হৈছে যাৰ অৰ্থ হৈছে ‘ওখ’।
-
শামুক খোৱা সাপ
শামুক খোৱা সাপ (common slug snake, বৈজ্ঞানিক নাম-Pareas monticola) ভাৰতকে ধৰি দক্ষিণ-পূব এছিয়াত বিস্তৃত হৈ থকা এবিধ সাপৰ প্ৰজাতি৷
-
শালিকী ঠুটিয়া কপৌ
শালিকী ঠুটিয়া কপৌ বা ডেণ্ড্ৰবিয়াম এফাইলাম হৈছে এবিধ অৰ্কিড। ইয়াক হুডেড অৰ্কিড নামেৰেও জনা যায়। এই অৰ্কিডবিধ বাংলাদেশ, দক্ষিণ চীন, পূব হিমালয় আৰু ইণ্ডোচাইনাৰ থলুৱা অৰ্কিড প্ৰজাতি।
-
শিঙৰা মাছ
শিঙৰা মাছ (striped dwarf catfish, বৈজ্ঞানিক নাম: Mystus vittatus) বেগৰিডে পৰিয়ালৰ কেটফিছ জাতীয় এবিধ মাছ। এই মাছবিধ হ্ৰদ আৰু জলাশয়ত বাস কৰে। এচিয়াৰ বিভিন্ন দেশ যেনে পাকিস্তান, ভাৰত, শ্ৰীলংকা, নেপাল, বাংলাদেশ আৰু সম্ভৱতঃ ম্যানমাৰত ইয়াক পোৱা যায়।
-
হালধীয়া কাছ
হালধীয়া কাছ (Elongated tortoise বা Yellow tortoise, বৈজ্ঞানিক নাম - Indotestudo elongata) দক্ষিণ-পূব এছিয়া আৰু দক্ষিণ এছিয়াৰ কিছু অংশত পোৱা এবিধ কাছ।
-
হালধীয়া ঠেঙৰ হাইঠা
হালধীয়া ঠেঙৰ হাইঠা (Yellow-footed Green Pigeon, বৈজ্ঞানিক নাম- Treron phoenicoptera) ভাৰত উপমহাদেশত পোৱা হাইঠা চৰাইৰ এটা প্ৰজাতি৷ তাৰোপৰি ই ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰাজ্যিক চৰাই হিচাপেও স্বীকৃত৷ ই সাধাৰণতে জাক পাতি বাস কৰে৷
-
হাৰুৱা কপৌ
হাৰুৱা কপৌ (Red Turtle Dove or Red Collared Dove, বৈজ্ঞানিক নাম: Streptopelia tranquebarica), কপৌ গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ থলুৱা চৰাইৰ প্ৰজাতি।
-
ৰূপহী থেকেৰা
ৰূপহী থেকেৰা (বৈজ্ঞানিক নাম: Garcinia lanceifolia) এবিধ চিৰসেউজ ঔষধি উদ্ভিদ। এচিয়াৰ বিভিন্ন দেশ যেনে ভাৰত, বাংলাদেশ, ম্যানমাৰ আদিত ইয়াক থলুৱাভাৱে পোৱা যায়। উত্তৰ-পূব ভাৰতৰ বিভিন্ন থলুৱা জনগোষ্ঠীসমূহে বিভিন্ন ৰোগৰ ঔষধ হিচাপে ইয়াৰ ব্যৱহাৰ কৰে।
-
ৰেৱতী ফুল
ৰেৱতী ফুল হৈছে Fabaceae পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ। ইয়াক ইংৰাজীত ‘ৰেড কেচিয়া’ (Red cassia), ‘ৰক্সবাৰ্ঘছ কেছিয়া’ (Roxburgh's cassia), আৰু ‘চাইক্লন ছেন্না’ (Ceylon senna) বোলি কয়। ই দক্ষিণপূৱ এছিয়া আৰু ভাৰত উপমহাদেশৰ থলুৱা উদ্ভিদ। ইয়াক সমগ্ৰ দক্ষিণ ভাৰত আৰু শ্ৰীলংকাত পোৱা যায়।
-
ৰোৱা বন্যপ্ৰাণী অভয়াৰণ্য
ৰোৱা বন্যপ্ৰাণী অভয়াৰণ্য (Rowa Wildlife Sanctuary) হৈছে ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ উত্তৰ ত্ৰিপুৰা জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য।
-
অটল উদ্যান
অটল উদ্যান হ'ল গুৱাহাটীৰ মালিগাঁও অঞ্চলৰ আদাবাৰী তিনিআলীত অৱস্থিত এখন চহৰীয়া উদ্যান।
-
অসম নেমু
অসম নেমু হৈছে কাজি নেমু আৰু গোল নেমুু নামৰ ভাৰতৰ অসমত পোৱা আৰু খেতি কৰা কৃষিজাত পাচলী। নেমু হৈছে অসমীয়া খাদ্যাভ্যাস অত্যাৱশ্যকীয় উপাদান। ইয়াক অসমীয়াত নেমু টেঙা বুলিও কোৱা হয়। অসম নেমুৰ বৈজ্ঞানিক নাম হৈছে ছাইট্ৰাছ লাইমন আৰু ছাইট্ৰাছ জাম্ভিৰি। অসম নেমুৰ পৰা শীতল পানীয় বা চৰবৎ প্ৰস্তুত কৰা হয়।
-
অসমত দেখা পোৱা উভচৰ প্ৰাণীসমূহ
http://www.dibrusaikhowanationalpark.in/reptile_chk.html
-
অসমত দেখা পোৱা কাছৰ তালিকা
অসমত দেখা পোৱা কাছৰ তালিকা -
-
অসমত দেখা পোৱা স্তন্যপায়ী প্ৰাণীসমূহ
অসমত প্ৰায় ১৬৪ বিধমান স্তন্যপায়ী প্ৰাণী দেখা পোৱা যায়। ইয়াৰে ৪৪ বিধ প্ৰজাতিক বিপদসংকুল (endangered) হিচাপে স্বীকৃতি দিয়া হৈছে। ইয়াৰে উল্লেখযোগ্য প্ৰজাতসমূহৰ ইংৰাজী তথা বৈজ্ঞানিক নামৰ সৈতে তলত এখন তালিকা দিয়া হৈছে-