সাপ
২৮ প্ৰবন্ধ
-
সাপ
সাপ বা সৰ্প (Snake) উপাংগবিহীন এক প্ৰকাৰ সৰীসৃপ। পৰম্পৰা আৰু অবৈজ্ঞানীকগতভাৱে সাপ বুলিলে জেঠীজাত জীৱকো বুজায়, যেনে গুইসাপ, কেকোসাপ আদি, মানে সকলো ইস্কুৱামাটাকে বুজায়।
-
অজগৰ সাপ
অজগৰ সাপ (Asiatic reticulated python, বৈজ্ঞানিক নাম-Python reticulatus) দক্ষিণ-পূব এছিয়াত দেখা পোৱা এবিধ সাপৰ প্ৰজাতি৷ বিশ্বৰ আটাইতকৈ দীঘল সাপ হিচাপে ইয়াক আখ্যা দিয়া হয়৷
-
ডাঁহী সাপ
ডাঁহী সাপ বা ৰাজফেঁটী বা ৰজা ফেঁটী (King Cobra, বৈজ্ঞানিক নাম:Ophiophagus hannah) পৃথিৱীৰ আটাইতকৈ দীঘল বিষধৰ সাপৰ প্ৰজাতি৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ১৮.৫-১৮.৮ ফুট পৰ্যন্ত হোৱা দেখা যায়৷ এই সাপবিধ ঘাইকৈ ভাৰতকে ধৰি দক্ষিণ-পূব এছিয়াৰ বনাঞ্চলসমূহত দেখা পোৱা যায়৷ ডাঁহী সাপক বিভিন্ন কাৰণত জনমানসত…
-
সৰ্পদংশন
সাপে খোঁটাৰ ফলত হোৱা আঘাতকে সৰ্পদংশন (ইংৰাজী ভাষাত Snakebite) বুলি কোৱা হয়। দাঁতৰ আঘাতত ঠাইটুকুৰাত বিন্ধাৰ দৰে ক্ষতৰ সৃষ্টি হ'ব পাৰে বা শৰীৰত বিষ বিয়পিব পাৰে (envenomation)। সাপৰ বেছিভাগ প্ৰজাতিৰেই বিষ নাই আৰু সেইবোৰে চিকাৰৰ শৰীৰত চাপ প্ৰয়োগেৰেহে হত্যা কৰে।
-
ভাৰতীয় ফেঁটী সাপ
ভাৰতীয় ফেঁটী সাপ (Indian cobra, বৈজ্ঞানিক নাম-Naja naja) ভাৰত উপমহাদেশত দেখা পোৱা এবিধ বিষাধৰ সাপৰ প্ৰজাতি। ভাৰতত হোৱা সাপে খোঁটাৰ ঘটনাৰ সৰহসংখ্যকেই এই সাপবিধৰ দ্বাৰা সংঘটিত হয়। ভাৰতীয় সংস্কৃতিতো এই সাপবিধৰ এক বিশেষ স্থান আছে।
-
ভাৰতীয় শংখচূড় সাপ
ভাৰতীয় শংখচূড় সাপ (বৈজ্ঞানিক নাম: Bungarus caeruleus) ভাৰতীয় উপমহাদেশত স্থানীয়ভাবে পোৱা ইলাপিডি (Elapidae) পৰিয়ালৰ অন্তৰ্গত এবিধ বিষধৰ সাপৰ প্ৰজাতি। ইয়াক কমন ক্ৰেইট (Common krait) আৰু বেংগল ক্ৰেইট (Bengal krait) বুলিও কোৱা হয়।
-
ডাঙৰ ক'লা শংখচূড় সাপ
ডাঙৰ ক'লা শংখচূড় সাপ (বৈজ্ঞানিক নাম:Bungarus niger) বা গ্ৰেটাৰ ব্লেক ক্ৰেইট ইলাপিডি (Elapidae) পৰিয়ালৰ অন্তৰ্গত বাংগাৰাছ (Bungarus) প্ৰজাতিৰ এটা বিষধৰ ক্ৰেইট সাপ। এই প্ৰজাতিটো দক্ষিণ এছিয়াৰ স্থানীয়।
-
শঁকা সাপ
শঁকা সাপ বা শংখচূড় (Banded Krait, বৈজ্ঞানিক নাম: Bungarus fasciatus) ভাৰত উপ-মহাদেশ আৰু দক্ষিণ-পূব এছিয়াত দেখা পোৱা এবিধ সাপৰ প্ৰজাতি৷ ২.১ মিটাৰ পৰ্যন্ত দৈৰ্ঘ্যৰে ই আটাইতকৈ দীঘল সাপবোৰৰ ভিতৰতো অন্যতম৷
-
চকৰিফেঁটী সাপ
চকৰিফেঁটী সাপ বা monocled cobra (Naja kaouthia) ফেঁটীসাপৰ এটা প্ৰজাতি। ইয়াক মধ্য এছিয়া আৰু দক্ষিণ এছিয়াৰ বহু অঞ্চলত পোৱা যায়।
-
ঢোঁৰা সাপ
ঢোঁৰা সাপ (checkered keelback বা Asiatic water snake, বৈজ্ঞানিক নাম-Xenochrophis piscator) এছিয়া মহাদেশত বিস্তৃত হৈ থকা এবিধ বিহ নথকা (non venomous) সাপৰ প্ৰজাতি।
-
ধুন্দুলীফেঁটী সাপ
ধুন্দুলী ফেঁটী (radiated ratsnake, copperhead rat snake বা copper-headed trinket snake) হৈছে কলুব্ৰিডি পৰিয়ালৰ অন্তৰ্গত এবিধ বিষহীন সাপৰ প্ৰজাতি। ফেঁটীসাপৰ দৰে ফেঁট তুলি ই শত্ৰুৰ ফালে খেদা মাৰি আহে। কৃষকৰ বন্ধু সদৃশ এই সাপ সমগ্ৰ মানৱজাতিৰ বাবে উপকাৰী, কাৰণ ইয়াৰ প্ৰধান খাদ্য হৈছে নিগনি।
-
বাটৰাজ সাপ
বাটৰাজ সাপ (Red-necked keelback, বৈজ্ঞানিক নাম-Rhabdophis subminiatus)'Colubridae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সাপৰ প্ৰজাতি৷ ঠাইভেদে ইয়াক বাকৰাজ, বাটচুপা, ৰঙা মূৰীয়া সাপ, ৰঙা ডিঙিৰ গোম, ৰঙামূৰীয়া ফেটী, ৰঙা গোম, নিগনিখোৱা, শালিকাজঁপিয়া আদি নামেৰেও জনা যায়।
-
বামুণী সাপ
বামুণী সাপ (buff striped keelback, বৈজ্ঞানিক নাম- Amphiesma stolatum) এছিয়া মহাদেশত দেখা পোৱা এবিধ বিষ নথকা (nonvenomous) সাপৰ প্ৰজাতি। এই সাপবিধে ভেকুলীজাতীয় প্ৰাণী খাই জীয়াই থাকে।
-
বিগ ফ'ৰ (ভাৰতীয় সাপ)
ভাৰতীয় উপমহাদেশত (মূলতঃ ভাৰত আৰু শ্ৰীলংকাত) চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা সৰ্বাধিক গুৰুত্বপূৰ্ণ মানৱ সৰ্প দংশনৰ ক্ষেত্ৰত দায়ী চাৰিটা বিষাক্ত সাপৰ প্ৰজাতিক কেতিয়াবা সামূহিকভাৱে বিগ ফ’ৰ (Big Four; বৃহৎ চাৰি) বুলিও কোৱা হয়।
-
মাটি সাপ
{{Taxobox | name = মাটি সাপ | image = Ramphotyphlops braminus.jpg | status = NE|status_system = IUCN | regnum = Animalia | phylum = Chordata | subphylum = Vertebrata | classis = Reptilia | ordo = Squamata | subordo = Serpentes | familia = Typhlopidae | genus = Ramphotyphlops | species = R.
-
সুন্দৰী সাপ
সুন্দৰী সাপ (Ornate Flying Snake, বৈজ্ঞানিক নাম:Chrysopelea ornata) দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত বিস্তৃত হৈ থকা এবিধ সাপৰ প্ৰজাতি। বৰ্তমানলৈকে ইয়াৰ তিনিটা উপ-প্ৰজাতি চিনাক্ত হৈছে। সুন্দৰী সাপক অসমৰ ঠাইভেদে কালনাগ, মণিৰাজ, উৰণীয়া সাপ বুলিও জনা যায়।
-
ৰাছেলচ্ ভাইপাৰ
ৰাছেলচ্ ভাইপাৰ (বৈজ্ঞানিক নাম: Daboia russelii) দক্ষিণ এছিয়াৰ স্থানীয় ভাইপাৰিডি (Viperidae) পৰিয়ালৰ এবিধ অতি বিষধৰ সাপ। ১৭৯৭ চনত জৰ্জ শ্ব’ আৰু ফ্ৰেডেৰিক পলিডৰ ন’ডাৰে ইয়াৰ বৰ্ণনা কৰিছিল।
-
কাৰ্শলা সাপ
কাৰ্শলা সাপ (Bronzeback, বৈজ্ঞানিক নাম: Dendrelaphis tristis) দক্ষিণ এছিয়াত দেখা পোৱা এবিধ গছ সাপ (tree-snake)-ৰ প্ৰজাতি।
-
গুৱলা সাপ
গুৱলা সাপ (milk snake, বৈজ্ঞানিক নাম-Lampropeltis triangulum) এবিধ অবিষাক্ত সাপৰ প্ৰজাতি৷ ইয়াৰ কমেও ২৪ বিধমান উপ-প্ৰজাতি আছে বুলি জনা যায়৷
-
বগাপতীয়া খুকুৰী সাপ
বগাপতীয়া খুকুৰী সাপ (light-barred kukri snake, বৈজ্ঞানিক নাম-Oligodon albocinctus) 'Colubridae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সাপৰ প্ৰজাতি৷ এই সাপবিধ সমগ্ৰ বিশ্বৰ ভিতৰত কেৱল এছিয়াতহে দেখা পোৱা যায় (endemic)৷
-
বৰখন্তি সাপ
বৰখন্তি সাপ (Diard's blindsnake, বৈজ্ঞানিক নাম-Typhlops diardii) 'Typhlopidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সাপৰ প্ৰজাতি। এই সাপবিধ প্ৰধানকৈ দক্ষিণ-পূব এছিয়াত দেখা পোৱা যায়।
-
মচোৱা গোম সাপ
মচোৱা গোম সাপ (Indian rat snake বা dhaman, বৈজ্ঞানিক নাম: Ptyas mucosa) হৈছে দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত সতকাই দেখা পোৱা এবিধ সাপৰ প্ৰজাতি। মচোৱা গোম সাপ এবিধ ডাঙৰ আকাৰৰ সাপ আৰু ইয়াৰ দেহৰ বৰণ শেঁতা মটিয়াৰ পৰা ক'লাবৰণৰ পৰ্যন্ত হ'ব পাৰে।
-
মালীবৰ সাপ
মালীবৰ সাপ বা মাৰলি সাপ (Indian wolf snake, বৈজ্ঞানিক নাম-Lycodon aulicus) দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত দেখা পোৱা এবিধ অবিষধৰ (nonvenomous) সাপৰ প্ৰজাতি।
-
শামুক খোৱা সাপ
শামুক খোৱা সাপ (common slug snake, বৈজ্ঞানিক নাম-Pareas monticola) ভাৰতকে ধৰি দক্ষিণ-পূব এছিয়াত বিস্তৃত হৈ থকা এবিধ সাপৰ প্ৰজাতি৷
-
শালিকা ঠুঁটীয়া সাপ
শালিকা ঠুঁটীয়া সাপ (oriental whipsnake,বৈজ্ঞানিক নাম-Ahaetulla prasina) দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত হৈ থকা গছ-সাপ (tree snake)ৰ প্ৰজাতি৷
-
ইনলেণ্ড টাইপেন
ইনলেণ্ড টাইপেন (Inland Taipan) (বৈজ্ঞানিক নাম: Oxyuranus microlepidotus), বা স্মল স্কেলড স্নেক (Small Scaled Snake) বা ফিয়াৰছ্ স্নেক (Fierce Snake) একপ্ৰকাৰৰ বিষাক্ত সাপ। ইয়াৰ মূল বাসস্থান অষ্ট্ৰেলিয়া। ইনলেণ্ড টাইপেন পৃথিৱীৰ আটাইতকৈ বেছি বিষাক্ত সাপ হিচাপে জনাজাত।
-
বুনৰেউং বুয়াচান
বুনৰেউং বুয়াচান (Boonreung Buachan; ১৯৬৯ – ২২ মাৰ্চ, ২০০৪) আছিল সাপ চম্ভালিব পৰা ক্ষমতাৰ বাবে পৰিচিত এজন থাই ব্যক্তি, বিশেষকৈ তেওঁ ৰজা ফেঁটী চম্ভালিব পৰা ক্ষমতাক ৰাজহুৱা অভিনয়ত প্ৰদৰ্শন কৰিছিল।
-
সাপৰ চুৰুহা
সাপৰ চুৰুহা বা সাপৰ চূপ হংকঙৰ একজনপ্ৰিয় সুস্বাদু খাদ্য আৰু স্বাস্থ্য পৰিপূৰক, য'ত অন্ততঃ দুবিধ সাপৰ মাংস মূল উপাদান হিচাপে থাকে। ক্ৰিইচেন্থিমাম পাত আৰু মছলা মিহলোৱাৰ বাবে এই চুৰুহা সোৱাদ অলপ মিঠা হয় যদিও সাপৰ মাংস কুকুৰাৰ মাংসৰ সোৱাদৰ সৈতে মিল থকা বুলি কোৱা হয়।