প্ৰকৃতি আৰু পৰিৱেশ
উদ্ভিদ, প্ৰাণী, ৰাষ্ট্ৰীয় উদ্যান আৰু জৈৱ-বৈচিত্ৰ্য · ১,০১২ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
জয়পুৰ সংৰক্ষিত বনাঞ্চল, ডিব্ৰুগড়
জয়পুৰ সংৰক্ষিত বনাঞ্চল হৈছে অসমৰ ডিব্ৰুগড় জিলাৰ এখন বৰ্ষাৰণ্য। এই বনাঞ্চলখন 'পূবৰ আমাজান' (The Amazon of the east) খ্যাত দিহিং পাটকাই অভয়াৰণ্যৰ অন্তৰ্গত।
-
জাতি নেউল
জাতি নেউল (Indian grey mongoose, বৈজ্ঞানিক নাম-Urva edwardsii) নেউলৰ এটা প্ৰজাতি৷ ই প্ৰধানকৈ ভাৰত, পাকিস্তান, নেপাল, শ্ৰীলংকা কে ধৰি এছিয়া মহাদেশৰ অন্যান্য অঞ্চলসমূহত পোৱা যায়৷
-
জুহি ফুল
জুহি ফুল হৈছে অ’লেচিয়া পৰিয়ালৰ অন্তৰ্গত জেছ্মিনৰ এটা প্ৰজাতি। ইয়াক ভাৰত, নেপাল, শ্ৰীলংকা, ভুটান আৰু আন্দামান দ্বীপপুঞ্জত পোৱা যায়। ইয়াৰ ফুলত থকা অতি দৰকাৰী তেলৰ বাবে ভাৰত আৰু থাইলেণ্ডত ইয়াৰ ব্যৱসায়িকভাৱে কৃষি কৰা হয়। ভাৰতত ইয়াক সৌন্দৰ্য বৰ্দ্ধন আৰু উৎসৱত ব্যৱহাৰ কৰা হয়।
-
জেটুলি পকা
জেটুলি পকা (বৈজ্ঞানিক নাম: Rubus moluccanus; ইংৰাজী: Molucca bramble বা broad-leaf bramble ) এজোপা বনৰীয়া জোপোহা উদ্ভিদ৷
-
জৈৱ গেছ
জৈৱ গেছ হ'ল অক্সিজেনৰ (বা বায়ুৰ) অনুপস্থিতিত জৈৱিক সামগ্ৰীৰ পচনৰ ফলত উদ্ভৱ হোৱা বিভিন্ন গেছৰ এক মিশ্ৰন। সকলো ধৰণৰ পচন জৈৱ সামগ্ৰী যেনে, পেলনীয়া শাক-পাচলি, গৰু-ছাগলীৰ বৃষ্ঠা, শস্য-সামগ্ৰীৰ অৱশিষ্ট অংশ আদিৰ পৰা জৈৱ গেছ প্ৰস্তুত কৰিব পাৰি।
-
টাইফʼনিয়াম ফ্লেজেলিফৰ্ম
টাইফʼনিয়াম ফ্লেজেলিফৰ্ম হʼল এৰেচি পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি। টাইফʼনিয়াম ফ্লেজেলিফৰ্ম চীন (গুয়াংডং, গুৱাংচি, য়ুন্নান), বাংলাদেশ, ভূটান, কম্বোডিয়া, ভাৰত, ইণ্ডোনেছিয়া, লাউচ, মালয়েছিয়া, ম্যানমাৰ, ফিলিপাইন, ছিংগাপুৰ, শ্ৰীলংকা, থাইলেণ্ড, নিউ গিনি, অষ্ট্ৰেলিয়া (কুইন্সলেণ্ড,…
-
টিক টিক চৰাই
টিক টিক চৰাই (Golden-headed Cisticola, বৈজ্ঞানিক নাম: Cisticola exilis)ভাৰতৰ পৰা অষ্ট্ৰেলিয়া পৰ্যন্ত বিস্তৃত হৈ থকা সৰু আকাৰৰ এবিধ 'warbler' চৰাই।
-
টেঙা কঁটৰা
টেঙা কঁটৰা হৈছে ফেবেচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ সৰু সপুষ্পক উদ্ভিদৰ প্ৰজাতি। বহুসময়ত ইয়াক আলংকাৰিক পুষ্প হিচাপে গণ্য কৰা হয়। পূৰ্ৱতে ইয়াক বাউয়িনিয়া গণত অন্তৰ্ভুক্ত কৰা হৈছিল, কিন্তু উপ−পৰিয়াল চেৰিঅ’ডিয়াৰ আৰু ট্ৰাইব বাউইনিয়া চিনাক্তকৰণৰ লগে লগে ইয়াৰ নাম সলনি কৰা হয়।
-
টেট্ৰাষ্টিগ্মা লিউক’ষ্টেফাইলাম
টেট্ৰাষ্টিগ্মা লিউক’ষ্টেফাইলাম (নল টেঙা) বা ইণ্ডিয়ান চেষ্টনাট ভাইন (Indian Chestnut Vine) হৈছে ভিটাচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক লতাজাতীয় উদ্ভিদ। ইয়াক শ্ৰীলংকা, অসম, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, কেৰালা, মেঘালয়, উৰিষ্যা, তামিলনাডু, নেপাল আৰু দক্ষিণ পূৱ এছিয়াত পোৱা যায়।
-
ডঁৰিকনা
ডঁৰিকনা (Indian flying barb, বৈজ্ঞানিক নাম: Esomus danrica) এবিধ ক্ষুদ্ৰকায় মাছৰ প্ৰজাতি। ১৮২২ চনত হেমিল্টনে ইয়াক আৱিষ্কাৰ কৰিছিল। ইয়াক একুৱাৰিয়ামত খুব কমেই দেখা যায়। ইয়াক ম্যানমাৰ, নেপাল, পাকিস্তান, শ্ৰীলংকা আৰু ভাৰতত পোৱা যায়।
-
ডাঙৰ দলনি বেং
ডাঙৰ দলনি বেং (Bhamo Frog বৈজ্ঞানিক নাম-Humerana humeralis) 'Ranidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ ভেকুলীৰ প্ৰজাতি।
-
ডেণ্ড্ৰ'বিয়াম ফুগাক্স
ডেণ্ড্ৰ'বিয়াম ফুগাক্স বা ফেডিং ডেণ্ড্ৰ'বিয়াম (Fading Dendrobium) হৈছে এবিধ পৰাশ্ৰয়ী অৰ্কিডৰ প্ৰজাতি। এই অৰ্কিডবিধ হিমালয় আৰু ইণ্ডো-চীন অঞ্চলত পোৱা যায়। ই অসম, ভূটান, ছিকিম, ম্যানমাৰ, থাইলেণ্ড, লাওছ আৰু ভিয়েটনামৰ থলুৱা প্ৰজাতি। গছৰ ডালত এই অৰ্কিডবিধে প্ৰাকৃতিকভাৱে আশ্ৰয় লয়।
-
ডেণ্ড্ৰবিয়াম এডুনকাম
ডেণ্ড্ৰবিয়াম এডুনকাম (এঞ্জেলফিছ অৰ্কিড বা ইনৱাৰ্ড-বেণ্ট ডেণ্ড্ৰবিয়াম) হৈছে অৰ্কিডৰ এবিধ প্ৰজাতি। ই দক্ষিণ চীন (গুৱাংডং, গুৱাংচি, গুইঝৌ, হাইনান, হুনান, ইউনান), পূব হিমালয় (অসম, ছিকিম, অৰুণাচল প্ৰদেশ, ভূটান, ম্যানমাৰ), আৰু উত্তৰ ইণ্ডোচাইনা (লাওছ, থাইলেণ্ড, ভিয়েটনাম)ৰ স্থানীয়।
-
ডেণ্ড্ৰবিয়াম মস্কেটাম
ডেণ্ড্ৰবিয়াম মস্কেটাম বা পাটমুগীফুল (musky-smelling dendrobium; কস্তুৰী গোন্ধযুক্ত ডেণ্ড্ৰবিয়াম) হৈছে ডেণ্ড্ৰ'বিয়াম পৰিয়ালৰ অৰ্কিডৰ এটা প্ৰজাতি। ই এবিধ পৰাশ্ৰয়ী অৰ্কিড। ইয়াক হিমালয় অঞ্চল অৰ্থাৎ উত্তৰ আৰু পূব ভাৰত, উত্তৰ বাংলাদেশ, নেপাল, ভূটান আৰু ইউনানত থলুৱাভাৱে পোৱা যায়।
-
ডেনড্ৰ'বিয়াম ফিমব্ৰিয়েটাম
ডেণ্ড্ৰ'বিয়াম ফিমব্ৰিয়েটাম (Dendrobium fimbriatum) বা পাটমাদৈ কপৌ এবিধ হালধীয়া ৰঙৰ ফুল ফুলা অৰ্কিডৰ প্ৰজাতি। ইয়াক সখীয়তী ফুল নামেৰেও জনা যায়। চীনত এই অৰ্কিডবিধ সাধাৰণতে লিউ শ্বু শ্বি হু নামেৰে জনাজাত। ই চীন আৰু হিমালয় অঞ্চলৰ থলুৱা অৰ্কিড চীনৰ গুৱাংচি, গুইঝৌ, ইউনানত পোৱা যায়।
-
তাল বতাহী
তাল বতাহী (Asian Palm Swift, বৈজ্ঞানিক নাম -Cypsiurus balasiensis) এটা সৰু আকাৰৰ ছুইফ্ট গোটৰ চৰাইৰ প্ৰজাতি।
-
তোৰা মাছ
তোৰা হ'ল ভাৰত, বাংলাদেশ, পাকিস্তান, নেপাল আৰু ম্যানমাৰত পোৱা এবিধ সৰু আকৃতিৰ মাছ। ইয়াক মিঠা আৰু নিমখীয়া পানীৰ নদী আৰু নদীৰ ব-দ্বীপ উভয়ৰে বৈ যোৱা আৰু স্থবিৰ পানীত পোৱা যায়। এই প্ৰজাতিটো সাধাৰণতে পুখুৰী আৰু লাহে লাহে গতি কৰা নৈ আৰু গছ-গছনি আৰু বোকাময় তলৰ নদীত পোৱা যায়।
-
দোৰোণ
দোৰোণ এবিধ লেমিয়াছি (Lamiaceae ) গোত্ৰৰ 'লিউকাছ" (Leucas) জাতিৰ অন্তৰ্গত তৃণজাতীয় উদ্ভিদ। ইয়াক ঠাইবিশেষে বিভিন্ন নামেৰে জনা যায়, যদিও অসমত ই দোৰোণ শাক বা দ্ৰোণ শাক বুলিয়ে জনাজাত।
-
ধতুৰা
ধতুৰা (বৈজ্ঞানিক নামঃ Dutura metel) এক প্ৰকাৰৰ বিষাক্ত উদ্ভিদ। ইয়াৰ সমস্ত অংশই বিষাক্ত। ধতুৰাত বিপজ্জনক মাত্ৰাত tropane alkaloids নামৰ বিষ আছে। এই গাছৰ বিষক্ৰিয়াত মানুহ বা পশু-পক্ষীৰ মৃত্যু পৰ্যন্ত হব পাৰে। এই কাৰণে বহু দেশত ধতুৰাৰ উৎপাদন, বিপনন আৰু বহন নিষিদ্ধ।
-
নাচনী চৰাই
নাচনী চৰাই (White-throated Fantail, বৈজ্ঞানিক নাম-Rhipidura albicollis) এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াক প্ৰধানকৈ দক্ষিণ এছিয়াৰ ভাৰতৰ পৰা বাংলাদেশ তথা ইণ্ডোনেছিয়া আদি দেশৰ বনাঞ্চল তথা খেতি-পথাৰ আদিত দেখা পোৱা যায়৷
-
নীল কলমৌ
নীল কলমৌ ইপমিয়া মৰ্ণিং গ্লৰিৰ এটা প্ৰজাতি। ই নাতিহিতোষ্ণ অঞ্চলৰ থলুৱা উদ্ভিদ। ই প্ৰায় সমগ্ৰ বিশ্বতে বিস্তৃত হৈ থকা এটা প্ৰজাতি। ইয়াৰ অন্য সাধাৰণ নামবোৰ হৈছে, পিকটি মৰ্ণিং গ্লৰি (picotee morning glory), আইভি মৰ্ণিং গ্লৰি (ivy morning glory), আৰু জাপানীজ মৰ্ণিং গ্লৰি (Japanese morning glory)।
-
নীলকণ্ঠ চৰাই
নীলকণ্ঠী হেটুলুকা (Blue-throated Barbet, বৈজ্ঞানিক নাম: Megalaima asiatica) সমগ্ৰ ভাৰত উপমহাদেশ তথা সক্ষিণ-পূব এছিয়াত দেখা পোৱা এটা চৰাইৰ প্ৰজাতি৷
-
নীলকণ্ঠ ফুল
নীলকণ্ঠ হৈছে একান্থেচিয়া পৰিয়ালৰ অন্তৰ্গত এক্বলিয়ামৰ এটা প্ৰজাতি। বাংলাদেশ, ভাৰত আৰু শ্ৰীলংকাত পোৱা যায়। ইয়াক ঔষধি উদ্ভিদ হিচাপে ব্যৱহাৰ কৰা হয়।
-
নৱমল্লিকা ফুল
নৱমল্লিকা হৈছে এবিধ সপুষ্পক উদ্ভিদ। ডালবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ নোমেৰে আবৰা। পাত বিপৰীতমুখী, সৰল, ১৮ চেমিলৈকে দীঘল আৰু ১০ চেমিলৈকে বহল। বগা ৰঙৰ ৮ বা ৯ পাহিযুক্ত ফুল ফুলে। এপ্ৰিল-মে মাহত ফুল ফুলে।
-
পটিয়া পাত বেং
পটিয়া পাত বেং (Common tree frog, বৈজ্ঞানিক নাম-Polypedates leucomystax)'Rhacophoridae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ ভেকুলীৰ প্ৰজাতি৷
-
পানিকা ফুল
পানিকা ফুল মেক্সিকো, গোৱাটিমালা আৰু হুন্দুৰাছৰ থলুৱা চিৰসেউজীয়া সৰু গুল্মজাতীয় উদ্ভিদ।
-
পানী অমৰা
পানী অমৰা, ঠোঁটমলা বা ৰহিমলা আৰু নামনি অসমত কেচকেচি গছ নামে জনা যায়৷ কোনো কোনো ঠাইত ই জীয়া গছ নামেৰে পৰিচিত৷ ইয়াৰ বৈজ্ঞানিক নাম Garuga pinnata. ই এবিধ পৰ্ণপাতী উদ্ভিদ৷ এছিয়াৰ বিভিন্ন ঠাই যেনে, ভাৰত উপমহাদেশ, দক্ষিণ চীন আৰু ভিয়েটনাম পৰ্যন্ত ইয়াৰ বৃদ্ধি আৰু বিস্তাৰ হোৱা দেখ যায় কোনো প্ৰজাতিৰ…
-
পাভৈ অভয়াৰণ্য
পাভৈ অভয়াৰণ্য লক্ষীমপুৰ জিলাত অবস্থিত এখন অভয়াৰণ্য। ইয়াৰ মাটিকালি ৪৯ বৰ্গ কি.মি.। ই ঘাঁহনি, দলনি, পিতনি, বেতনি আৰু মিশ্ৰ চিৰসেউজ অৰণ্যশ্ৰেণীৰ দ্বাৰা গঠিত। বনৰীয়া ম'হ, হলৌ বান্দৰ আৰু হাতীৰ বাবে এই অভয়াৰণ্য বিখ্যাত।
-
পেৰিষ্টাইলাছ কনষ্ট্ৰিক্টাছ
পেৰিষ্টাইলাছ কনষ্ট্ৰিক্টাছ অসম, বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, কম্বোডিয়া, হিমালয়ৰ অন্তৰ্ভুক্ত অঞ্চল, নেপাল, ভিয়েটনাম আৰু ফিলিপাইনছত পোৱা এবিধ অৰ্কিড। এই অৰ্কিডবিধ মাটিত গজে। বসন্ত কালৰ শেষৰ ফালে বা গ্ৰীষ্মকালৰ আৰম্ভণিতে ইয়াত বগা ৰঙৰ সুগন্ধি ফুল ফুলে।
-
পৰুৱা পাত বেং
পৰুৱা পাত বেং (Ornate narrow-mouthed frog, বৈজ্ঞানিক নাম: Microhyla ornata) হৈছে 'Microhylidae' বৰ্গৰ অন্তৰ্ভুক্ত এবিধ ভেকুলীৰ প্ৰজাতি।