বগী জলকীয়া (বৈজ্ঞানিক নাম: Capsicum frutescens) এক প্ৰকাৰৰ জলকীয়া। এই জলকীয়াবোৰ সাধাৰণতে একবৰ্ষী বা কম আয়ুসৰ বহুবৰ্ষজীৱী উদ্ভিদ। ফুলবোৰ সেউজ-বগা বা সেউজ-হালধীয়া পাহীৰ সৈতে বগা বৰণৰ, আৰু পতংগ- অথবা স্ব-পৰাগনৰ দ্বাৰা বংশবৃদ্ধি হয়। আকাৰ প্ৰায় ১০-২০ মিলিমিটাৰ দীঘল আৰু ৩-৭ মিলিমিটাৰ পৰিধিৰ অতি ক্ষুদ্ৰাকৃতিৰ।১ কুমলীয়া ফলবোৰ শেতা-হালধীয়া আৰু পুৰঠ হলে উজ্বল ৰঙা বৰণৰ হয়, কিন্তু অন্য ৰঙৰো হব পাৰে। অন্য কেপ্ছিকাম প্ৰজাতিৰ তুলনাত এই প্ৰজাতিটো নিচেই সৰু আকাৰৰ।
উৎপত্তি/বিতৰণ
বগী জলকীয়াৰ উৎপত্তিস্থল দক্ষিণ অথবা মধ্য আমেৰিকা বুলি অনুমান কৰা হয়। ই অতি খৰতকীয়াকৈ সমগ্ৰ বিশ্বজুৰি বিস্তাৰ লাভ কৰে।২ বগী জলকীয়া বৰ্তমান মধ্য আমেৰিকাৰ লগতে উত্তৰ আৰু পশ্চিম দক্ষিণ আমেৰিকাৰ থলুৱা উদ্ভিদ। বগী জলকীয়াক চি. চাইনেনছি প্ৰজাতিৰ পূৰ্বজ বুলি বিশ্বাস কৰা হয়।
তথ্যসূত্ৰ
- ↑ Pacific Island Ecosystems at Risk (PIER)
- ↑ Capsicum frutescens. The Chillies. SoilMates
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বগী জলকীয়া” প্ৰবন্ধৰ সংশোধন ৩৯৪২৩৮ (১ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।