আই ইউ চি এন শ্ৰেণী II
১৩ প্ৰবন্ধ
-
চিতৱান ৰাষ্ট্ৰীয় উদ্যান
চিতৱান ৰাষ্ট্ৰীয় উদ্যান (Chitwan National Park) হ'ল নেপালৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। ১৯৭৩ চনত ৰয়েল চিতৱান ৰাষ্ট্ৰীয় উদ্যান হিচাপে প্ৰতিষ্ঠা হোৱা এই ৰাষ্ট্ৰীয় উদ্যানখনক ১৯৮৪ চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্ৰদান কৰা হয়.
-
জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যান
জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যান (Jaldapara National Park) হʼল পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ পূব হিমালয়ৰ পাদদেশ আৰু তোৰ্ষা নদীৰ পাৰত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান।
-
মাউণ্ট গেডে পাংৰাংগো ৰাষ্ট্ৰীয় উদ্যান
মাউণ্ট গেডে পাংৰাংগো ৰাষ্ট্ৰীয় উদ্যান (Mount Gede Pangrango National Park) ইণ্ডোনেছিয়াৰ পশ্চিম জাভাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। উদ্যানখন মাউণ্ট গেডে আৰু মাউণ্ট পাংৰাংগো নামৰ আগ্নেয়গিৰি দুটাৰ কেন্দ্ৰত আছে। ইয়াৰ আয়তন ১৫০ বৰ্গ কিলোমিটাৰ।
-
আলাউঙ্গদাও কাঠাপা ৰাষ্ট্ৰীয় উদ্যান
আলাউঙ্গদাও কাঠাপা ৰাষ্ট্ৰীয় উদ্যান (Alaungdaw Kathapa National Park) ম্যানমাৰৰ এখন ৰাষ্ট্ৰীয় উদ্যান। ই ৫৪১.৬ বৰ্গমাইল (১,৪০৩ বৰ্গ কিলোমিটাৰ) অঞ্চল আৱৰি আছে। ১৯৮৯ চনত আলাউঙ্গদাও কাঠাপা ৰাষ্ট্ৰীয় উদ্যান প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াক আছিয়ান হেৰিটেজ পাৰ্কসমূহৰ ভিতৰৰ এখন হিচাপে তালিকাভুক্ত কৰা হৈছে।
-
চিত্ৰাল ৰাষ্ট্ৰীয় উদ্যান
চিত্ৰাল গোল ৰাষ্ট্ৰীয় উদ্যান (উৰ্দুঃ چترال گول نیشنل پارک) পাকিস্তানৰ অন্যতম ৰাষ্ট্ৰীয় উদ্যান। ই চিত্ৰাল চহৰৰ পৰা দুঘণ্টাৰ গাড়ীৰে যাত্ৰাৰ দূৰত্বত চিত্ৰাল নদীৰ কাষত পাকিস্তানৰ খাইবাৰ-পাখতুনখোৱা প্ৰদেশৰ নিম্ন চিত্ৰাল জিলাত অৱস্থিত। উদ্যানখন চিত্ৰাল ৰাষ্ট্ৰীয় উদ্যান নামেৰেও জনাজাত।
-
জিগমে দৰ্জী ৰাষ্ট্ৰীয় উদ্যান
জিগমে দৰ্জী ৰাষ্ট্ৰীয় উদ্যান (জে. ডি. এন. পি.) (Jigme Dorji National Park) হ'ল ভূটানৰ দ্বিতীয় বৃহৎ ৰাষ্ট্ৰীয় উদ্যান।
-
পাৰ্ছা ৰাষ্ট্ৰীয় উদ্যান
পাৰ্ছা ৰাষ্ট্ৰীয় উদ্যান (Parsa National Park) হৈছে দক্ষিণ-মধ্য নেপালৰ তেৰাই অঞ্চলত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যানখনে পাৰ্ছা, মকৱানপুৰ আৰু বাৰা জিলাৰ ৬২৭.৩৯ বৰ্গকিলোমিটাৰ (২৪২.২৪ বৰ্গ মাইল) এলেকা আৱৰি আছে।
-
বৰ্দিয়া ৰাষ্ট্ৰীয় উদ্যান
বৰ্দিয়া ৰাষ্ট্ৰীয় উদ্যান (Bardiya National Park) নেপালৰ এক সংৰক্ষিত অঞ্চল যি অঞ্চলক ১৯৮৮ চনত ৰয়েল বৰ্দিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে প্ৰতিষ্ঠা কৰা হয়। ৯৬৮ বৰ্গ কিলোমিটাৰ (৩৭৪ বৰ্গমাইল) আয়তনৰ ই নেপালৰ তেৰাইৰ আটাইতকৈ ডাঙৰ আৰু ঘন ৰাষ্ট্ৰীয় উদ্যান।
-
লাম্পি দ্বীপ সামুদ্ৰিক ৰাষ্ট্ৰীয় উদ্যান
লাম্পি দ্বীপ সামুদ্ৰিক ৰাষ্ট্ৰীয় উদ্যান (Lampi Island Marine National Park) ম্যানমাৰৰ এখন সাগৰীয় ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ আয়তন ৭৯.০৯ বৰ্গমাইল (২০৪.৮ বৰ্গ কিলোমিটাৰ)। ১৯৯৬ চনত এই উদ্যানখন প্ৰতিষ্ঠা কৰা হৈছিল।
-
শিৱপুৰী নাগাৰ্জুন ৰাষ্ট্ৰীয় উদ্যান
শিৱপুৰী নাগাৰ্জুন ৰাষ্ট্ৰীয় উদ্যান (Shivapuri Nagarjun National Park) নেপালৰ নৱমখন ৰাষ্ট্ৰীয় উদ্যান। ২০০২ চনত এই ৰাষ্ট্ৰীয় উদ্যানখন প্ৰতিষ্ঠা কৰা হয়। কাঠমাণ্ডু উপত্যকাৰ উত্তৰ প্ৰান্তত দেশখনৰ সোঁমাজত থকা পাহাৰত এই ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত।
-
সাগৰমাথা ৰাষ্ট্ৰীয় উদ্যান
সাগৰমাথা ৰাষ্ট্ৰীয় উদ্যান (Sagarmatha National Park) হৈছে পূব নেপালৰ হিমালয়ত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। এই উদ্যান ১৯৭৬ চনত স্থাপন কৰা হৈছিল। চলুখুংবু জিলাত ১,১৪৮ বৰ্গকিলোমিটাৰ (৪৪৩ বৰ্গ মাইল) এলেকা সামৰি এই ৰাষ্ট্ৰীয় উদ্যানখন আছে।
-
ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যান
ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যান (Royal Manas National Park) ভূটানৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান, আৰু ৰাজকীয় চৰকাৰে ইয়াক "দেশখনৰ সংৰক্ষণ শ্ব'পিছ" আৰু মূল্যৱান উদ্ভিদৰ বাবে "জেনেটিক ডিপ'জিটৰী" বুলি গণ্য কৰে।
-
ৰেম ৰাষ্ট্ৰীয় উদ্যান
ৰেম ৰাষ্ট্ৰীয় উদ্যান (Ream National Park)ক আনুষ্ঠানিকভাৱে প্ৰিয়া চিহানুক ৰেম ৰাষ্ট্ৰীয় উদ্যান নামেৰে জনা যায়। দক্ষিণ-পশ্চিম কম্বোডিয়া চিহানুকভিল প্ৰদেশৰ চিহানোকভিল পৌৰসভাৰ অন্তৰ্গত চিহানৌকভিল চহৰৰ পৰা ১৮ কিলোমিটাৰ (১১ মাইল) দূৰৈত এই ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত।