অৰ্কিড
২১ প্ৰবন্ধ
-
অৰ্কিড
অৰ্কিড (অৰ্কিডেচি) সপুষ্পক উদ্ভিদৰ এটা অতি ডাঙৰ আৰু বহুল বিস্তৃত পৰিয়াল, যাৰ ফুল সাধাৰণতে ৰঙীণ আৰু সুগন্ধিযুক্ত। বিশ্বজুৰি বিপুল প্ৰজাতিগত বৈচিত্ৰ্য আৰু ফুলৰ বিশেষ গঠনগত লক্ষণৰ বাবে এই পৰিয়াল উদ্ভিদবিজ্ঞান, উদ্যানশিল্প আৰু কৃষিৰ দৃষ্টিত গুৰুত্বপূৰ্ণ।
-
কপৌ ফুল
কপৌ ফুল অসমৰ জাতীয় ফুল | কপৌ ফুল (Foxtail Orchid, বৈজ্ঞানিক নাম: Rhynchostylis retusa) হৈছে এবিধ ভান্দা গোটৰ আকৰ্ষক অৰ্কিড প্ৰজাতি। এই অৰ্কিডৰ ফুল বিলাক প্ৰায় এশতকৈয়ো অধিক বগা ৰঙৰ ওপৰত গুলপীয়া ফুট ফুট থকা ফুলৰ এক সমষ্টিৰ ৰূপত পোৱা যায়।
-
জেঠুৱা কপৌ
জেঠুৱা কপৌ হৈছে এক পৰাশ্ৰয়ী অৰ্কিড প্ৰজাতি। অসমৰ লগতে চীনৰ গুৱেনজি, গুইঝও আৰু য়ুনান, ভূটান, কম্বোডিয়া, লাওচ, ম্যানমাৰ, থাইলেণ্ড আৰু ভিয়েটনামত এই অৰ্কিডবিধ থলুৱাভাৱে পোৱা যায়। ইংৰাজীত অৰ্কিডবিধক ফক্স ব্ৰাছ অৰ্কিড (Fox Brush Orchid) বুলি জনা যায়।
-
লিহিৰি কপৌ
লিহিৰি কপৌ (Aerides multiflora) দক্ষিণ-পূব এছিয়া, ক'ৰ'মেণ্ডেল উপকূল আৰু বাংলাদেশৰ স্থানীয় এবিধ অৰ্কিড প্ৰজাতি। অসমতো এইবিধ অৰ্কিড প্ৰাকৃতিকভাৱে পোৱা যায়।
-
গেজেং কপৌ
গেজেং কপৌ বা চিম্বিডিয়াম এলইফলিয়াম হৈছে একপ্ৰকাৰৰ অৰ্কিডৰ প্ৰজাতি। ইয়াক এছিয়া মহাদেশৰ চীন আৰু দক্ষিণ-পূব এছিয়াত বাৰ্মাৰ পৰা সুমাত্ৰা পৰ্যন্ত পোৱা যায়। ইয়াক শিলৰ মাজত বা আন উদ্ভিদৰ ওপৰত গজি থকা দেখা যায়। চিম্বিডিয়াম শব্দটো গ্ৰীক কুম্বছৰ পৰা আহিছে। ইয়াৰ অৰ্থ গাঁত বা গুহা।
-
বাঁহ কপৌ
বাঁহ কপৌ বা অৰুণ্ডিনা গ্ৰেমিনিফ'লিয়া (Arundina graminifolia) হৈছে অৰ্কিডৰ এটা প্ৰজাতি আৰু অৰুণ্ডিনা জাতৰ অন্তৰ্গত। এছিয়াৰ এই গ্ৰীষ্মমণ্ডলীয় প্ৰজাতিটো ম্যানমাৰ, ভাৰত, শ্ৰীলংকা, নেপাল, থাইলেণ্ড, ভিয়েটনাম, ৰুকিউ দ্বীপপুঞ্জ, মালয়েছিয়া, ছিংগাপুৰ, চীনৰ পৰা ইণ্ডোনেছিয়া, ফিলিপাইনছ আৰু নিউগিনিলৈকে…
-
ভাটৌ ফুল
ভাটৌ ফুল হৈছে এক প্ৰজাতিৰ অৰ্কিড। দক্ষিণ-পূৱ এছিয়াত ইয়াৰ কেইবাটাও প্ৰকাৰভেদ পোৱা যায়। ইয়াক য়ুনান আৰু হিমালয়ৰ নিকতবৰ্তী অঞ্চলতো দেখা পোৱা যায়। ইয়াৰ এটা প্ৰকাৰ 'Andersonii'ৰ ভগ্নী প্ৰকাৰ Vanda 'Miss Joaquim' হৈছে চিংগাপুৰৰ ৰাষ্ট্ৰীয় ফুল।
-
মেকুৰী খুজীয়া কপৌ
মেকুৰী খুজীয়া কপৌ বা ডেণ্ড্ৰবিয়াম জেনকিনচি অৰ্কিডৰ এবিধ প্ৰজাতি। ইয়াক জেনকিন্সৰ ডেণ্ড্ৰবিয়াম নামেৰেও জনা যায়। এই অৰ্কিডবিধ দক্ষিণ চীন (য়ুনান), পূব হিমালয় (ভূটান, অসম) আৰু উত্তৰ ইণ্ডোচাইনাৰ (ভিয়েটনাম, থাইলেণ্ড, লাওছ, ম্যানমাৰ) থলুৱা উদ্ভিদ।
-
টিলিকি কপৌ
টিলিকি কপৌ বা বিকড মাইক্ৰ'পেৰা (Beaked micropera) হৈছে পৰাশ্ৰয়ী অৰ্কিডৰ এক প্ৰজাতি। ই মধ্যমীয়াৰ পৰা ডাঙৰ আকাৰৰ হ'ব পাৰে। অসমকে ধৰি উত্তৰ-পূব ভাৰত, বাংলাদেশ আৰু পূব হিমালয়ত ইয়াক থলুৱাভাৱে পোৱা যায়। আৰু সুগন্ধি। ইয়াক শালিকী কপৌ বা কণ কপৌ নামেৰেও জনা যায়।
-
এন’ক্ট’চিলাছ ব্ৰেভিলাব্ৰিছ
এন’ক্ট’চিলাছ ব্ৰেভিলাব্ৰিছ হৈছে অৰ্কিডৰ এবিধ প্ৰজাতি। ই ভাৰত, নেপাল আৰু ভিয়েটনামৰ পাহাৰীয়া অঞ্চলত পোৱা যায়। ভাৰতৰ ছিকিম আৰু অসমত অৰ্কিডবিধ থলুৱাভাৱে পোৱা যায়। ইয়াক ইংৰাজীত শ্বৰ্ট লিপ জুৱেল অৰ্কিড (Short-Lip Jewel Orchid) নামেৰে জনা যায়। ই এবিধ মাটিত গজা অৰ্কিড।
-
এৰিডেছ অ'ড'ৰাটা
এৰিডেছ অ'ড'ৰাটা (Aerides odorata) হৈছে অৰ্কিডৰ এবিধ প্ৰজাতি। দক্ষিণ-পূব এছিয়াৰ বহু অংশত ই ব্যাপকভাৱে বিস্তৃত হৈ আছে। চীনৰইউনান আৰু গুৱাংডং, হিমালয়, ভূটান, অসম, বাংলাদেশ, ভাৰত, নেপাল, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, ম্যানমাৰ, থাইলেণ্ড, লাওছ, কম্বোডিয়া আৰু ভিয়েটনামৰ নিম্নভূমিৰ অৰণ্যত এই অৰ্কিডবিধ…
-
কেলান্থে অ'ডোৰা
কেলান্থে অ'ডোৰা হৈছে মাটিত হোৱা এবিধ অৰ্কিডৰ প্ৰজাতি। ইংৰাজীত ইয়াক ফ্ৰেগৰেণ্ট কেলান্থে (Fragrant Calanthe) নামেৰে জনা যায়। এই অৰ্কিডবিধ বাংলাদেশ, ভূটান, কম্বোডিয়া, উত্তৰ-পূব ভাৰত, লাওছ, উত্তৰ থাইলেণ্ড আৰু ভিয়েটনামত পোৱা যায়। অসমতো কেলান্থে অ'ডোৰা থলুৱাভাৱে পোৱা যায়।
-
গেষ্ট্ৰ'চিলাছ একুটিফ'লিয়াছ
গেষ্ট্ৰ'চিলাছ একুটিফ'লিয়াছ (Gastrochilus acutifolius) হৈছে অসম (ভাৰত), পূব হিমালয়, নেপাল, ম্যানমাৰ আৰু ভিয়েটনামত পোৱা এবিধ অৰ্কিড প্ৰজাতি। বৈজ্ঞানিক নামকৰণৰ ক্ষেত্ৰত নিৰ্দিষ্ট উপনাম acutifolius-ৰ অৰ্থ "কাঁইটীয়া পাত।" ই উদ্ভিদজোপাৰ পাতৰ বৈশিষ্ট্যপূৰ্ণ আকৃতিক বুজায়।
-
ডেণ্ড্ৰ'বিয়াম
ডেনদ্ৰবিয়াম (Dendrobium) অৰ্কিডৰ এটা বৃহৎ গণ যাক Olof Swartz নামৰ চুইদিছ উদ্ভিদ বিজ্ঞানী এজনে ১৭৯৯ খীষ্টাব্দত প্ৰতিষ্ঠা কৰিছিল আৰু আজি ইয়াৰ প্ৰায় ১২০০ প্ৰজাতি পোৱা যায়।
-
ডেণ্ড্ৰ'বিয়াম ফুগাক্স
ডেণ্ড্ৰ'বিয়াম ফুগাক্স বা ফেডিং ডেণ্ড্ৰ'বিয়াম (Fading Dendrobium) হৈছে এবিধ পৰাশ্ৰয়ী অৰ্কিডৰ প্ৰজাতি। এই অৰ্কিডবিধ হিমালয় আৰু ইণ্ডো-চীন অঞ্চলত পোৱা যায়। ই অসম, ভূটান, ছিকিম, ম্যানমাৰ, থাইলেণ্ড, লাওছ আৰু ভিয়েটনামৰ থলুৱা প্ৰজাতি। গছৰ ডালত এই অৰ্কিডবিধে প্ৰাকৃতিকভাৱে আশ্ৰয় লয়।
-
ডেণ্ড্ৰবিয়াম এডুনকাম
ডেণ্ড্ৰবিয়াম এডুনকাম (এঞ্জেলফিছ অৰ্কিড বা ইনৱাৰ্ড-বেণ্ট ডেণ্ড্ৰবিয়াম) হৈছে অৰ্কিডৰ এবিধ প্ৰজাতি। ই দক্ষিণ চীন (গুৱাংডং, গুৱাংচি, গুইঝৌ, হাইনান, হুনান, ইউনান), পূব হিমালয় (অসম, ছিকিম, অৰুণাচল প্ৰদেশ, ভূটান, ম্যানমাৰ), আৰু উত্তৰ ইণ্ডোচাইনা (লাওছ, থাইলেণ্ড, ভিয়েটনাম)ৰ স্থানীয়।
-
ডেণ্ড্ৰবিয়াম মস্কেটাম
ডেণ্ড্ৰবিয়াম মস্কেটাম বা পাটমুগীফুল (musky-smelling dendrobium; কস্তুৰী গোন্ধযুক্ত ডেণ্ড্ৰবিয়াম) হৈছে ডেণ্ড্ৰ'বিয়াম পৰিয়ালৰ অৰ্কিডৰ এটা প্ৰজাতি। ই এবিধ পৰাশ্ৰয়ী অৰ্কিড। ইয়াক হিমালয় অঞ্চল অৰ্থাৎ উত্তৰ আৰু পূব ভাৰত, উত্তৰ বাংলাদেশ, নেপাল, ভূটান আৰু ইউনানত থলুৱাভাৱে পোৱা যায়।
-
ডেনড্ৰ'বিয়াম ফিমব্ৰিয়েটাম
ডেণ্ড্ৰ'বিয়াম ফিমব্ৰিয়েটাম (Dendrobium fimbriatum) বা পাটমাদৈ কপৌ এবিধ হালধীয়া ৰঙৰ ফুল ফুলা অৰ্কিডৰ প্ৰজাতি। ইয়াক সখীয়তী ফুল নামেৰেও জনা যায়। চীনত এই অৰ্কিডবিধ সাধাৰণতে লিউ শ্বু শ্বি হু নামেৰে জনাজাত। ই চীন আৰু হিমালয় অঞ্চলৰ থলুৱা অৰ্কিড চীনৰ গুৱাংচি, গুইঝৌ, ইউনানত পোৱা যায়।
-
নীলা ভান্দা (অৰ্কিড)
{{Taxobox | name = নীলা ভান্দা | image = wanda blau.JPG | image_caption = Vanda coerulea - non wild form - horticultural sibling with improved flower substance | regnum = Plantae | unranked_divisio = Angiosperms | unranked_classis = Monocots | ordo = Asparagales | familia = Orchidaceae | subfamilia…
-
পেৰিষ্টাইলাছ কনষ্ট্ৰিক্টাছ
পেৰিষ্টাইলাছ কনষ্ট্ৰিক্টাছ অসম, বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, কম্বোডিয়া, হিমালয়ৰ অন্তৰ্ভুক্ত অঞ্চল, নেপাল, ভিয়েটনাম আৰু ফিলিপাইনছত পোৱা এবিধ অৰ্কিড। এই অৰ্কিডবিধ মাটিত গজে। বসন্ত কালৰ শেষৰ ফালে বা গ্ৰীষ্মকালৰ আৰম্ভণিতে ইয়াত বগা ৰঙৰ সুগন্ধি ফুল ফুলে।
-
শালিকী ঠুটিয়া কপৌ
শালিকী ঠুটিয়া কপৌ বা ডেণ্ড্ৰবিয়াম এফাইলাম হৈছে এবিধ অৰ্কিড। ইয়াক হুডেড অৰ্কিড নামেৰেও জনা যায়। এই অৰ্কিডবিধ বাংলাদেশ, দক্ষিণ চীন, পূব হিমালয় আৰু ইণ্ডোচাইনাৰ থলুৱা অৰ্কিড প্ৰজাতি।