মাছ
৩৩ প্ৰবন্ধ
-
মাছ
মাছ (fish) একপ্ৰকাৰৰ জলজ প্ৰাণী। মাছে ফুলৰ সহায়ত উশাহ লয়। ইহঁতৰ আঙুলি অথবা ভৰি নেথাকে। বেছিভাগ মাছেই শীতল ৰক্তৰ প্ৰাণী। পৰ্বতীয়া জল ধাৰাৰ পৰা, অতি গভীৰ সমুদ্ৰ পৰ্যন্ত মাছ পোৱা যায়। বৰ্তমানলৈকে অন্য যিকোনো মেৰুদণ্ডীৰ তুলনাত মাছৰ সৰ্বাধিক, প্ৰায় ৩৩,১০০টা নথিভুক্ত প্ৰজাতি পোৱা গৈছে।
-
ৰৌ মাছ
ৰৌ মাছ বা ৰ'হ' লেবিঅ' (roho labeo) হৈছে দক্ষিণ এচিয়াৰ নদী সমুহত পোৱা, কাৰ্প পৰিয়ালৰ অন্তৰ্গত মাছৰ এটা প্ৰজাতি। ই সৰ্বভোজী। ইয়াৰ সৰ্বাধিক দৈৰ্ঘ্য 2 মিটাৰ পৰ্যন্ত আৰু ওজন প্ৰায় 110 কিলোগ্ৰাম পৰ্যন্ত হয়। নেপালৰ দক্ষিণ অঞ্চলত সৰ্বাধিক ওজনৰ ৰৌ মাছ পোৱাত তথ্য আছে।
-
ইলীহ মাছ
ইলীহ, ইলীহি বা ইলিছ (Ilish; বৈজ্ঞানিক নাম: Tenualosa ilisha) হৈছে বাংলাদেশৰ জাতীয় মাছ। এই মাছ বঙালী সকলৰ মাজত অতি জনপ্ৰিয়। ইলীহ এবিধ সামূদ্ৰিক মাছ, কিন্তু কণী পাৰিবলৈ নদীত প্ৰৱেশ কৰে। তদুপৰি খাদ্য হিচাপে ইলীহ ভাৰতৰ বিভিন্ন ৰাজ্য যেনে, পশ্চিমবংগ, উৰিষ্যা, ত্ৰিপুৰা আৰু অসমত অত্যন্ত জনপ্ৰিয় মাছ।
-
বাহু মাছ
বাহু মাছ বা ভকুৱা মাছ (Catla catla), হৈছে দক্ষিণ এচিয়াত পোৱা কাৰ্প পৰিয়াল চাইপ্ৰিনিডিয়াৰ অন্তৰ্গত এবিধ অৰ্থনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ নিৰ্মল পানীৰ মাছ। ইয়াক সাধাৰণতে দক্ষিণ ভাৰত, নেপাল, বাংলাদেশ, পাকিস্থান, আৰু ম্যানমাৰৰ নদী আৰু হ্ৰদসমূহত পোৱা যায়।
-
মিৰিকা মাছ
মিৰিকা মাছ (Cirrhinus cirrhosus, বা Cirrhinus mrigala), মৃগেল আৰু হোৱাইট কাৰ্প বুলিও কোৱা হয়, হৈছে কাৰ্প পৰিয়াল চাইপ্ৰিনিডিয়াৰ অন্তৰ্গত এবিধ অৰ্থনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ মাছৰ প্ৰজাতি।
-
মাছৰ পৰিভ্ৰমণ
নিৰ্দিষ্ট কালত কিছুমান মাছ প্ৰজননৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ পৰিভ্ৰমণ কৰি আকৌ উক্ত ঠাইলৈ উভতি অহাকে মাছৰ পৰিভ্ৰমণ বা মাছৰ প্ৰব্ৰজন (Fish migration) বোলা হয়। কিছুমান পৰিভ্ৰমী মাছৰ উদাহৰণ হ'ল: ঈল (Anguilla Anguilla, A.
-
শিঙি মাছ
শিঙি মাছ( Heteropneustes fossilis) এবিধ কলা-ছানেকীয়া, গোঁফ থকা বাকলিবিহীন মাছ। এই মাছ ভাৰত, বাংলাদেশ, পাকিস্তান, নেপাল, শ্ৰীলংকা, থাইলেণ্ড আৰু ম্যানমাৰত পোৱা যায়। ভাৰতৰ কেৰালা ৰাজ্যত ইয়াক "কাদু" বা "কাৰী" নামে জনাজাত। বাংলাদেশত ইয়াক "শিং মাছ" বোলে। শ্ৰীলংকাত ইয়াক সিংহলী ভাষাত "হুঙা" বোলে।
-
হাংগৰ
হাংগৰ বা শ্বাৰ্ক (Shark) হৈছে মাছৰ এটা গোট। ইহঁতৰ এটা কাৰ্টিলেজৰ দ্বাৰা গঠিত কংকাল, মূৰৰ কাযত পাঁচৰ পৰা সাতটা পৰ্যন্ত ফুল প্ৰণালী থাকে, আৰু বিভক্তিত ফিছা থাকে।
-
অসমৰ মাছ
অসমৰ নদ-নদী, খাল-বিল, পুখুৰী, জলাশয় আদি বিভিন্ন ধৰণৰ সৰু বৰ মাছেৰে ভৰপূৰ।
-
কাৱৈ মাছ
কাৱৈ মাছ (climbing perch, বৈজ্ঞানিক নাম: Anabas testudineus) হৈছে Anabantidae পৰিয়ালৰ এবিধ উভচৰ সতেজ পানীৰ মাছ। এই মাছবিধ পশ্চিমে পাকিস্তান, ভাৰত, বাংলাদেশ আৰু শ্ৰীলংকাৰ পৰা আৰম্ভ কৰি পূবে দক্ষিণ চীন আৰু জাপানলৈকে, দক্ষিণে ৱালেছ দক্ষিণ-পূব এছিয়ালৈকে পোৱা যায়।
-
গৰৈ মাছ
গৰৈ মাছ (spotted snakehead, বৈজ্ঞানিক নাম:Channa punctata) এবিধ স্নেকহেড জাতৰ মাছ। ইয়াক ভাৰতীয় উপমহাদেশ আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চল যেনে আফগানিস্তান, পাকিস্তান, ভাৰত, শ্ৰীলংকা, নেপাল, বাংলাদেশ, ম্যানমাৰ আৰু তিব্বতত পোৱা যায়। পিতনি, পুখুৰী আৰু ক'লা চানেকীয়া জলাশয় গৰৈ মাছৰ প্ৰাকৃতিক বাসস্থান।
-
মাগুৰ মাছ
মাগুৰ মাছ (Walking catfish, বৈজ্ঞানিক নাম: Clarias batrachus) দক্ষিণ-পূব এছিয়াৰ এবিধ থলুৱা সতেজ পানীৰ মাছ। শুকান ভূমিৰ ওপৰেৰে গমন আৰু লৰচৰ কৰাৰ ক্ষমতাৰ জৰিয়তে খাদ্য বা উপযুক্ত পৰিৱেশ বিচাৰি উলিওৱাৰ বাবে ইংৰাজীত ইয়াক Walking catfish বুলি কোৱা হয়।
-
অসমত দেখা পোৱা মাছৰ তালিকা
{| ! অসমীয়া নাম !! ছবি !! ইংৰাজী নাম !! বৈজ্ঞানিক নাম |- | মিৰিকা || || Mrigal/white carp || Cirrhinus cirrhosus |- | বৰালি || || Freshwater shark || Wallago attu |- | ককিলা || || freshwater garfish || Xenentodon cancila |- | কাজলি পাভ / বাঁহপাতী / কাজুলি || || Gangetic ailia || Ailia coila |- |…
-
কাটলফিছ
কাটলফিছ (Cuttlefish) এবিধ সাগৰীয় অমেৰুদণ্ডী প্ৰাণী। ইহঁতৰ আঠডাল দীঘল বাহু থকাৰ লগতে দুডাল দীঘল আকৰ্ষ থাকে। দেহৰ দুয়োকাষে থকা পাখিৰ সহায়ত ইহঁতে পানীত সাঁতুৰি ফুৰে। কাটলফিছে পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত মিলি যোৱাকৈ তাৰ গাৰ বৰণ সলনি কৰিব পাৰে আৰু সেইবাবে আত্মৰক্ষা তথা আক্ৰমণ কৰিবলৈ ইহঁতৰ বৰ সুবিধা হয়।
-
খলিহনা মাছ
খলিহনা (banded gourami, striped gourami, বৈজ্ঞানিক নাম:Trichogaster fasciata) বিষুৱীয় অঞ্চলত পোৱা এবিধ মাছ। এই মাছবিধ এচিয়াৰ বিভিন্ন দেশ যেনে বাংলাদেশ, পূব-ভাৰত, উত্তৰ-পূব ভাৰত, নেপাল, ম্যানমাৰৰ উজনি অঞ্চল, চীন আৰু পাকিস্তানত পোৱা যায়।
-
চেঙেলী মাছ
চেঙেলী মাছ (dwarf snakehead, বৈজ্ঞানিক নাম: Channa gachua) হৈছে Channidae পৰিয়ালৰ এবিধ মাছ। ইয়াৰ ইংৰাজী নাম "dwarf snakehead" আন কিছু প্ৰজাতিৰ বাবেও ব্যৱহাৰ কৰা হয়। চেঙেলী মাছ দক্ষিণ-পূব এচিয়াৰ সতেজ পানীৰ মাছ আৰু ইয়াক ইৰাণৰ পৰা ইণ্ডোনেচিয়ালৈকে এক বৃহৎ পৰিসৰত পোৱা যায়।
-
পাভ মাছ
পাভ মাছ (Pabo catfish, বৈজ্ঞানিক নাম: Ompok pabo) siluridae পৰিয়ালৰ এবিধ সতেজ পানীৰ মাছ। এই মাছবিধ উত্তৰ-পূব ভাৰত, পাকিস্তান, বাংলাদেশ আৰু ম্যানমাৰত পোৱা যায়। ই মূলতঃ নদী, পুখুৰী, হ্ৰদ আদিত বাস কৰে। একোটা পাভ মাছ ২৫ ছে:মি: পৰ্যন্ত দীঘল হ'ব পাৰে।
-
পুঠি মাছ
পুঠি মাছ (swamp barb, chola barb, বৈজ্ঞানিক নাম:Puntius chola) চাইপ্ৰিনিডে পৰিয়ালৰ এবিধ বিষুৱীয় অঞ্চলত পোৱা সতেজ পানীৰ মাছ। এচিয়াৰ নদী, বিল, পুখুৰী আদিত মূলতে উদ্ভুত এই মাছবিধ পাকিস্তান, ভাৰত, নেপাল, বাংলাদেশ, শ্ৰীলংকা, ভূটান আৰু ম্যানমাৰত পোৱা যায়।
-
বৰালি মাছ
বৰালি মাছ হৈছে চিলুৰিডে পৰিয়ালৰ এবিধ সতেজ পানীৰ কেটফিছজাতীয় মাছ। এই মাছবিধ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত থলুৱাভাৱে পোৱা যায়। ইয়াক ইংৰাজীত হেলিকপ্টাৰ কেটফিছ (Helicopter Catfish) বা ৱালাগো কেটফিছ (Wallago catfish) নামেৰে জনা যায়।
-
ককিলা মাছ
ককিলা'(Xenentodon cancila) হ'ল দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ মিঠা পানী আৰু নিমখীয়া বাসস্থানত পোৱা মাছৰ এটা প্ৰজাতি। এইবিধ মাছ ভাৰত আৰু শ্ৰীলংকাৰ পৰা মালয়েছিয়া উপদ্বীপলৈকে দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত ব্যাপকভাৱে বিস্তৃত। শ্ৰীলংকাত এইবিধ মাছক য়োন্না বা হবৰলি বুলি কোৱা হয়।
-
কুচিয়া মাছ
কুচিয়া মাছ (Asian Swamp Eel) একপ্ৰকাৰৰ ইল প্ৰজাতিৰ মাছ। Sybranchidae পৰিয়ালৰ অন্তৰ্গত এই মাছটোৰ বৈজ্ঞানিক নাম Monopterus albus।
-
কুঢ়ি মাছ
কুঢ়ি বা কুৰিহা (বৈজ্ঞানিক নাম: Labeo gonius) (Kuria labeo) হৈছে চাইপ্ৰিনিডি পৰিয়ালৰ অন্তৰ্গত কাৰ্প জাতীয় এবিধ মাছ। এই মাছবিধ মূলতঃ ভাৰত, বাংলাদেশ, পাকিস্তান আৰু ম্যানমাৰৰ থলুৱা মাছ। ইয়াৰ উপৰিও আফগানিস্তান আৰু নেপালতো ইয়াৰ উপস্থিতিৰ বিষয়ে জনা যায়।
-
গেদগেদী মাছ
গেদগেদী বা মাটি কাৱৈ, (Gangetic leaffish) হৈছে দক্ষিণ এছিয়া আৰু ইণ্ডোচাইনাৰ স্থানীয় মাছৰ এবিধ প্ৰজাতি। পুখুৰী, হ্ৰদ, খাল, প্লাৱিত অঞ্চল আদিকে ধৰি ধীৰ গতিৰ বা স্থবিৰ হৈ থকা পানীত ইহঁতক সাধাৰণতে দেখা যায়। এই প্ৰজাতিৰ আন সাধাৰণ নামসমূহ হ'ল মোটল্ড নন্দুছ (Mottled nandus) আৰু মাড পাৰ্চ (Mud perch)।
-
চন্দা মাছ
চন্দা মাছ বা দীঘলীয়া কাঁচচন্দা (বৈজ্ঞানিক নাম: Chanda nama; ইংৰাজী: Elongate glassy perchlet) হ’ল এছিয়াৰ গ্লাছফিচ পৰিয়াল এম্বেচিডিৰ অন্তৰ্গত এক প্ৰকাৰৰ মিঠা পানীৰ মাছ। চন্দা গণৰ ই একমাত্ৰ প্ৰজাতি। এই মাছবিধ পাকিস্তানৰ পৰা ম্যানমাৰলৈকে দক্ষিণ এছিয়াৰ ইণ্ডো-মালয়ান অঞ্চলৰ থলুৱা মাছ।
-
চিতল মাছ
চিতল মাছ প্ৰধানকৈ ভাৰত, বাংলাদেশ, নেপাল আৰু পাকিস্তান প্ৰভৃতি দেশৰ সিন্ধু, গংগা, ব্ৰহ্মপুত্ৰ, মহানদী আদি বিভিন্ন নদীৰ অৱবাহিকা অঞ্চলতপোৱা যায়। ইংৰাজীত ইয়াক এবিধ নাইফ-ফিছ (knifefish) অথবা ইণ্ডিয়ান ফেডাৰবেক (Indian featherback) বুলিও জনা যায়। চিতল মাছৰ বৈজ্ঞানিক নাম ছিতলা ছিতলা (Chitala chitala)।
-
চেনীপুঠি
চেনীপুঠি (olive barb, বৈজ্ঞানিক নাম: Systomus sarana) হৈছে চাইপ্ৰিনীড জাতিৰ এবিধ মাছ। এই মাছবিধ থলুৱাভাৱে আফগানিস্তান, ভাৰত, নেপাল, বাংলাদেশ, পাকিস্তান, ভূটান, শ্ৰীলংকা, থাইলেণ্ড আৰু ম্যানমাৰত পোৱা যায়। একোটা চেনীপুঠি ফিছালৈকে ৪২ চে:মি: (১৭ ইঞ্চি) পৰ্যন্ত দীঘল হ'ব পাৰে।
-
চেলকণা মাছ
চেলকণা (Boopis razorbelly minnow, বৈজ্ঞানিক নাম: Salmostoma boopis) Salmostoma গণৰ অন্তৰ্গত এবিধ সৰু মাছ। ভাৰতৰ বিভিন্ন প্ৰান্তত এই মাছবিধ পোৱা যায়। নদীসমূহৰ অগভীৰ অঞ্চল এই মাছবিধৰ বিচৰণ ক্ষেত্ৰ। ৰূপালী বৰণৰ মাছবিধৰ দৈৰ্ঘ্য ১২ ছেমি পৰ্যন্ত হ'ব পাৰে।
-
জাপানীজ ৰাইচ ফিছ
জাপানীজ ৰাইচ ফিছ হৈছে অৰিজিয়াছ প্ৰজাতিৰ এবিধ মাছ। ইয়াক মেদকা বুলিও কোৱা হয়। সৰু মাছবিধৰ দৈৰ্ঘ্য প্ৰায় ৩.৬ চেণ্টিমিটাৰলৈকে (১.৪ ইঞ্চি) হ’ব পাৰে। ই জাপানৰ থলুৱা প্ৰজাতিৰ মাছ। ই ধাননি পথাৰ, জলাশয়, পুখুৰী, ধীৰ গতিৰ নৈ আৰু জোৱাৰ-ভাটাৰ জলাশয়ত বাস কৰে। ইয়াক লৱণ আৰু মিঠা পানী উভয়তে পোৱা যায়।
-
ডঁৰিকনা
ডঁৰিকনা (Indian flying barb, বৈজ্ঞানিক নাম: Esomus danrica) এবিধ ক্ষুদ্ৰকায় মাছৰ প্ৰজাতি। ১৮২২ চনত হেমিল্টনে ইয়াক আৱিষ্কাৰ কৰিছিল। ইয়াক একুৱাৰিয়ামত খুব কমেই দেখা যায়। ইয়াক ম্যানমাৰ, নেপাল, পাকিস্তান, শ্ৰীলংকা আৰু ভাৰতত পোৱা যায়।
-
ভাঙন মাছ
ভাঙন (ইংৰাজী: Labeo bata, বাংলা: বাটা) হৈছে ভাৰত আৰু বাংলাদেশত পোৱা এবিধ মাছ। এই মাছবিধ একপ্ৰকাৰৰ জনপ্ৰিয় চিকাৰী মাছ আৰু ইয়াৰ সোৱাদৰ বাবে ই অতি জনপ্ৰিয়। ইয়াৰ সৰ্বাধিক দৈৰ্ঘ্য ২৫ৰ পৰা ৩৫ ছেণ্টিমিটাৰ (৯.৮ৰ পৰা ১৪ ইঞ্চি) পৰ্যন্ত হয়। ইহঁতে প্ৰট’জ’ৱা, শেলাই আৰু সৰু সৰু মাছ খাই জীয়াই থাকে।