জীৱবিজ্ঞান
১৫৮ প্ৰবন্ধ
-
ফুল
ফুল হৈছে সপুষ্পক উদ্ভিদৰ (এনজিঅ’স্পাৰ্ম) বিশেষ প্ৰজনন অংগ, য’ত পৰাগসঞ্চাৰ আৰু নিষেচনৰ জৰিয়তে বীজ আৰু ফল গঠনৰ পথ মুকলি হয়। জৈৱিক ভূমিকা লগতে ফুলে প্ৰাকৃতিক সৌন্দৰ্য, সংস্কৃতি, ধৰ্ম, ঔষধ আৰু খাদ্য-ব্যৱহাৰত গভীৰ প্ৰভাৱ পেলায়।
-
প্ৰজাতি (জীৱবিদ্যা)
প্ৰজাতি (Species) হ'ল জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনৰ এটা ভিত্তি গোট আৰু প্ৰধান বৰ্গীয় স্থান। সাধাৰণতে, প্ৰজাতি শব্দই নিজৰ মাজতেই প্ৰজনন কৰিব পৰা আৰু প্ৰজনন ক্ষম সন্ততি জন্ম দিয়া এটা বৃহৎ গোটক বুজায়।
-
বৈজ্ঞানিক নামকৰণ পদ্ধতি
দ্বৈৰাশিক নামকৰণ (Binomial nomenclature) হৈছে জীৱবিজ্ঞানত প্ৰজাতি নামকৰণৰ এটা আনুষ্ঠানিক পদ্ধতি। এই নামকৰণ পদ্ধতিত, প্ৰত্যেকটো জীৱৰ নাম দুটা অংশৰে গঠিত। নামটো লিখোঁতে লেটিন বা অন্য যিকোনো ভাষাৰ পৰা আহৰণ কৰা শব্দবোৰ লেটিন ব্যাকৰণৰ ৰূপত লিখা হয়। যেনে, ‘assam’ শব্দটো ‘assama’ বুলি লিখা হয়।
-
উদ্ভিদ
উদ্ভিদ (লেটিন ভাষা:Viridiplantae) জীৱবিজ্ঞানৰ উদ্ভিদজগতৰ অন্তৰ্গত কিছুমান বহুকোষী, সংকোষকেন্দ্ৰীয় জীৱ। সপুষ্পক উদ্ভিদ, নগ্নবীজী উদ্ভিদ, ঢেকীয়া, মছ, সেউজ শেলাই আদি উদ্ভিদ জগতৰ অন্তৰ্গত। ভেঁকুৰ, আৰ্কিয়া আৰু বেক্টেৰিয়াক উদ্ভিদ বুলি ধৰা নহয়।
-
প্ৰাণী
প্ৰাণীবোৰ (Animals),জগৎ Animaliaৰ (মেটায'ৱা বুলিও কোৱা হয়) বহুকোষী, সংকোষকেন্দ্ৰীয় জীৱ। গৰিষ্টসংখ্যক প্ৰাণীয়েই স্বাধীনভাৱে চলা-ফুৰা কৰিব পাৰে।
-
বেক্টেৰিয়া
বেক্টেৰিয়া (Bacteria) এবিধ সৰল আৰু অতি ক্ষুদ্ৰ এককোষী জীৱ। এণ্টন ফন লিউৱেনহ'ক(Anton von Leeuwenhoek,1676) নামৰ এজন ওলন্দাজ বিজ্ঞানীয়ে অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পোনপ্ৰথমে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱৰ অস্তিত্ব পায়। বিজ্ঞানী এহৰনবাৰ্গ(Ehrenberg,1828)-এ এই জীৱবোৰক "বেক্টেৰিয়া" নাম দিয়ে।
-
জীৱবিজ্ঞান
জীৱ-বিজ্ঞান (ব্ৰিটিছ ইংৰাজী: biology, আমেৰিকান ইংৰাজী: life sciences বা bioscience) হৈছে বিজ্ঞানৰ এটা শাখা য’ত জীৱ (যেনে— গছ-গছনি, জীৱ-জন্তু, মানুহ ) আদিৰ ৱৈজ্ঞানিক আলোচনা কৰা হয়। জীৱ-বিজ্ঞান জীৱনৰ গুণৱতা আৰু মানৰ যথেষ্ট উন্নতিসাধন কৰিছে।
-
জীৱ
জীৱবিজ্ঞানৰ মতে জীৱ হৈছে প্ৰাণী, উদ্ভিদ অথবা বেক্টেৰিয়াৰ দৰে যিকোনো নিকতবৰ্তী জীৱন প্ৰদ্ধতি। পৃথিৱীৰ সৰ্বমুঠ জীৱনৰ প্ৰায় ৯৯% প্ৰজাতি, প্ৰায় ৫০০ নিযুত প্ৰজাতি, বিলুপ্ত হৈ গ'ল বুলি অনুমান কৰা হৈছে। বৰ্তমান পৃথিৱীত প্ৰায় ১০ ৰ পৰা ১৪ নিযুত প্ৰজাতিৰ জীৱ আছে বুলি অনুমান কৰা হয়।
-
ভাইৰাছ
ভাইৰাছ (Virus) এটি লেটিন শব্দ যাৰ অৰ্থ হ'ল বিষ (প্ৰাণীৰ পৰা উৎপন্ন হোৱা বিষ)। নিউক্লিয় প্ৰটিনৰ দ্বাৰা গঠিত অকোষীয়, ৰোগ সৃষ্টিকাৰী, অবিকল্পী পৰজীৱী, অণু-আণুবীক্ষণিক (sub-microscopic) বস্তু, যি অকল জীৱিত পোষক কোষত বংশবৃদ্ধি কৰিব পাৰে, কিন্তু কোষৰ বাহিৰত জড় প্ৰকৃতিৰ,সেইবিলাকক ভাইৰাছ বোলে।
-
উদ্ভিদবিজ্ঞান
উদ্ভিদবিজ্ঞান, উদ্ভিদৰ জীৱন বিজ্ঞান, জীৱবিজ্ঞানৰ এটা শাখা। এই শাখাৰ অধ্যয়ন কৰা বিজ্ঞানী সকলক উদ্ভিদবিজ্ঞানী বা উদ্ভিদবিদ বুলি কোৱা হয়। পৰম্পৰাগতভাৱে, উদ্ভিদবিজ্ঞান বুলিলে, ভেঁকুৰ আৰু শেলাইৰ অধ্যয়নকো সাঙুৰি লোৱা হয়।
-
পাত
পাত (Leaf) উদ্ভিদৰ অংগজ অংগ৷ কাণ্ডৰ গাঁঠিৰ পৰা এইবিলাক বহিৰ্জনিষ্ণুভাৱে উৎপন্ন হয়৷ এইবিলাক দেখাত সেউজীয়া আৰু চেপেটা হয়৷ কাণ্ড বা শাখা-প্ৰশাখাৰ গাঁঠিৰ পৰা বহিৰ্জনিষ্ণুভাৱে উৎপন্ন হোৱা বহল, চেপেটা, পাৰ্শ্বীয় অংগজ অংগটোক পাত বোলে৷ সাধাৰণতে পাত কাণ্ড বা শাখা-প্ৰশাখাৰ ওপৰত অগ্ৰোমুখভাৱে (acropetally)…
-
লিংগ (জৈৱিক)
বহু জীৱৰ প্ৰজাতিবোৰৰ মাজত পুং আৰু স্ত্ৰী নামৰ দুটা প্ৰকাৰ থাকে, ইয়াকেই লিংগ বোলে। যৌন প্ৰজননৰ ফলত জিনীয় লক্ষণসমূহৰ মিশ্ৰণ আৰু যোজন হয়: অপত্য সৃষ্টি কৰিবৰ বাবে বিশেষভাৱে বিভাজিত জননকোষে পিতৃ-মাতৃৰ জিনীয় লক্ষণবোৰ অপত্যলৈ পৰিবহণ কৰে।
-
জীৱন
জীৱন হৈছে এক বিশেষ ধৰণৰ জৈৱিক প্ৰক্ৰিয়া সংঘটিত কৰা ভৌতিক দেহ। এই প্ৰক্ৰিয়াবোৰৰ অবিহনে বা বন্ধহৈ গ'লে ইহঁতক মৃত বুলি কোৱা হয়। পৃথিৱীত উদ্ভিদ, প্ৰাণী, ভেঁকুৰ, শেলাই, প্ৰটিষ্ট, আৰ্কিয়া আৰু বেক্টেৰিয়া আদি ভিন্ন প্ৰকাৰৰ জীৱন দেখা পোৱা যায়। ভাইৰাছবোৰক জীৱিত বুলি গণ্য কৰা নহয়।
-
মৃত্যু
মৃত্যু হৈছে এনে এটা অৱস্থা য'ত এটা জীৱৰ সকলো জৈৱিক ক্ৰিয়া বন্ধ হৈ যায়। বৰ্দ্ধিত বয়স, চিকাৰ, অপুষ্টি, ৰোগ, আত্মহত্যা, হত্যা, আকাল, জলাভাৱ, আৰু দুৰ্ঘটনা অন্য আঘাত যাৰ বাবে চূড়ান্ত আভ্যন্তৰিণ ক্ষতি আদিৰ বাবে জীৱৰ মৃত্যু হ'ব পাৰে। মৃত্যুৰ ঠিক পিছৰে পৰা জীৱদেহ পচিবলৈ আৰম্ভ কৰে।
-
উভচৰ প্ৰাণী
উভচৰ প্ৰাণী (Amphibia) বোৰ বামত বাস কৰা প্ৰথম মেৰুদণ্ডী প্ৰাণী। প্ৰায় ২৭৫-২২৫ নিযুত বছৰ আগতে কাৰ্বনিফেৰাছ যুগত এই প্ৰাণীবোৰৰ উদ্ভৱ হৈছিল। লিনিয়াছে পোনপ্ৰথমে এই প্ৰাণীবোৰক এম্ফিবিয়া বুলি নামকৰণ কৰিছিল।
-
শেলাই
শেলাই(Algae) সমূহ সমাংগদেহী বা থেল'ফাইটা (thallophyta) বিভাগৰ অন্তৰ্গত ক্ল'ৰ;ফিলযুক্ত একপ্ৰকাৰ প্ৰাচীনতম আৰু নিম্নশ্ৰেণীৰ স্বপুষ্ট(autotrophic) অপুষ্পক উদ্ভিদ। ইহঁতৰ দেহ মূল,কাণ্ড আৰু পাতত বিভক্ত নহয়।
-
হৰম'ন
হ'ৰমন হৈছে যিকোনো সংকেতবাহী অনু, যি বহুকোষী জীৱৰ গ্ৰন্থিত উৎপাদন হয় আৰু জীৱটোৰ শৰীৰতত্ত্ব আৰু আচৰণ নিয়ন্ত্ৰণৰ বাবে নিৰ্দিষ্ট লক্ষ্য অংগলৈ সংবহন তন্ত্ৰৰ জৰিয়তে পৰিবাহিত হয়।
-
ডি এন এ
ডিঅক্সিৰাইব' নিউক্লিক এচিড বা ডিএনএ হৈছে একপ্ৰকাৰৰ যৌগ যি সকলো জ্ঞাত জীৱ আৰু ভাইৰাছৰ বিকাশ, ক্ৰিয়াকলাপ আৰু প্ৰজননৰ বাবো প্ৰয়োজনীয় অধিকাংশ জিনীয় তথ্য সৰবৰাহ কৰে। ডিএনএ এবিধ প্ৰ'টিন আৰু শৰ্কৰা যুক্ত নিউক্লিক এচিড। বেছিভাগ ডিএনএ দুডাল সৰ্পিলাকাৰ জৈৱবহুযোগী সূত্ৰৰ দ্বাৰা গঠিত হয়।
-
এককোষী জীৱ
এককোষী জীৱ হল, সেইবোৰ জীৱ যিবোৰ জীৱৰ দেহ মাত্ৰ এটা কোষৰ দ্বাৰা গঠিত হয়, আনহাতে বহুকোষী জীৱবোৰৰ শৰীৰত একাধিক কোষ থাকে। ঐতিহাসিক ভাবে সৰল এককোষী জীৱ বোৰক ম'নাড বুলিও কয়। বেক্টেৰিয়া, আৰ্কিয়া, প্ৰট'জৱা, এককোষী শেলাই আৰু এককোষী ভেঁকুৰ আদি এককোষী জীৱৰ প্ৰধান গোট।
-
সালোক সংশ্লেষণ
সালোক সংশ্লেষণ হৈছে উদ্ভিদ বা অন্য জীৱই পোহৰ শক্তি, বিশেষকৈ সূৰ্যৰ পোহৰক ৰাসায়নিক শক্তিলৈ পৰিবৰ্তন কৰা এটা প্ৰক্ৰিয়া। এই ৰাসায়নিক শক্তিকেই জীৱই জীৱৰ বিভিন্ন কাৰ্য সমূহত ইন্ধন হিচাপে ব্যৱহাৰ কৰে।
-
জীৱবৈজ্ঞানিক বৰ্গীকৰণ
জীৱবৈজ্ঞানিক বৰ্গীকৰণ (biological taxonomy) এক প্ৰকাৰৰ বৈজ্ঞানিক শ্ৰেণীবিন্যাস (scientific classification) পদ্ধতি যাৰ মাধ্যমত মহাবিশ্বৰ সকলো জীৱকে বিভিন্ন গোষ্ঠী বা শ্ৰেণীত সজোৱা হয়। কেৰলাছ লিনিয়াছক আধুনিক জীৱবৈজ্ঞানিক শ্ৰেণীবিন্যাসৰ জনক বুলি কোৱা হয়।
-
ভিটামিন
ভিটামিন (vitamins) বা খাদ্যপ্ৰাণ হ'ল একপ্ৰকাৰ প্ৰবল শক্তিসম্পন্ন জৈৱ-ৰাসায়নিক যৌগ। ১৯১২ চনত প'লেণ্ডৰ ৰসায়নবিদ কেছিমিৰ ফ্ৰেংকে সৰ্ব্বপ্ৰথমে খাদ্যত থকা এই দ্ৰব্যবোৰক 'ভিটামিন' বুলি নামকৰণ কৰিছিল। ভিটামিনবোৰক ইংৰাজী বৰ্ণমালাৰ আখৰ কিছুমানৰ দ্বাৰা নামকৰণ কৰা হয়।
-
অমেৰুদণ্ডী প্ৰাণী
অমেৰুদণ্ডী প্ৰাণী হৈছে মেৰুদণ্ড বা পৃষ্ঠৰজ্জু নথকা বা বিকশিত নোহোৱা প্ৰাণী। উপপৰ্ব মেৰুদণ্ডীৰ অন্তৰ্ভূক্ত নোহোৱা প্ৰাণীবোৰেই হৈছে অমেৰুদণ্ডী প্ৰাণী। সন্ধিপদী (পতংগ, আৰ্কিনাইড, ক্ৰাষ্টাচিয়ান, আৰু মিৰিয়াপদছ), কোমলদেহী (কাইটন, শামুক, বাইভেল্ভছ, ষ্কুইড, আৰু অক্টোপাছ), বলয়ী (কেচু আৰু জোক), আৰু…
-
পাতি শগুন
পাতি শগুন (White-rumped Vulture,(বাংলা শকুন; বা বাংলা শগুন বৈজ্ঞানিক নাম- Gyps bengalensis) শগুনৰ এটা উল্লেখযোগ্য প্ৰজাতি। নব্বৈৰ দশকলৈকে ই দক্ষিণ-পূব এছিয়া ত বহুলভাৱে বিস্তৃত হৈ আছিল।
-
হাড়গিলা
হাড়গিলা ( Greater Adjutant, বৈজ্ঞানিক নাম: Leptoptilos dubius) চিক'নিডি (Ciconiidae) পৰিয়ালৰ অন্তৰ্ভুক্ত বগলী জাতীয় এবিধ চৰাই। পূৰ্বতে ইয়াক সমগ্ৰ দক্ষিণ এছিয়াতে পোৱা গৈছিল যদিও বৰ্তমান বিভিন্ন কাৰণত ইয়াৰ জনসংখ্যা হ্ৰাস পাই মাত্ৰ দুটা প্ৰজনন কাৰী গোটত বৰ্ত্তি আছে।
-
অণুজীৱ
অণুজীৱ হ'ল সেইসকল ক্ষুদ্ৰ জীৱ যাক খালী চকুৰে মনিব নোৱাৰি ৷ এই জীৱবোৰ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত চাব পাৰি। এই জীৱসমূহ এককোষী, বহুকোষী উভয় প্ৰকাৰৰ হব পাৰে ৷ সকলো প্ৰকাৰৰ ভাইৰাছ, বেক্টেৰিয়া, পৰজীৱী, ভেঁকুৰ, এককোষী শেলাই আদি অণুজীৱৰ অন্তৰ্গত ৷ খালী চকুৰে দেখা নোপোৱা অণুজীৱৰ সম্ভাৱ্য অস্তিত্বৰ বিষয়ে…
-
কুলি
কুলি চৰাই (Asian Koel, বৈজ্ঞানিক নাম: Eudynamys scolopaceus) () কুকুলিফৰমিছ (Cuculiformes) বৰ্গৰ অন্তৰ্ভুক্ত এবিধ চৰাইৰ প্ৰজাতি। এই চৰাইবিধ দক্ষিণ এছিয়া, চীন আৰু দক্ষিণ-পূব এছিয়া ত পোৱা যায়। এই বিধ চৰায়ে কাউৰীৰ বাহত কণী পাৰি পোৱালি ডাঙৰ কৰে। পূৰ্ণবয়স্ক কুলি চৰায় প্ৰধানত: ফল-মূল খায়।
-
নিগনি
নিগনি এন্দুৰ বৰ্গৰ আটাইতকৈ সৰু সদস্য বুলিব পাৰি। নিগনি ১৫-২০ চেণ্টিমিটাৰ দীঘল আৰু ভৰত ৩০-৬০ গ্ৰাম হ'ব পাৰে। ২ৰ পৰা ৩ বছৰ জীয়াই থকা নিগনিয়ে ২২ কিলোমিটাৰ/ঘণ্টাৰ বেগতো দৌৰাৰ অভিলেখ আছে।
-
অন্তঃস্ৰাৱী তন্ত্ৰ
অন্তঃস্ৰাৱী তন্ত্ৰ (ইংৰাজী- Endocrine System) হৈছে জীৱৰ হ'ৰমন নিঃসৰণ কৰা কিছুমান গ্ৰন্থীৰ সমষ্টি। এই অংগ তন্ত্ৰই হ'ৰমন প্ৰত্যক্ষভাৱে সংবহন তন্ত্ৰত নিঃসৰণ কৰে আৰু তেজে তাক নিৰ্দিষ্ট লক্ষকোষলৈ কঢ়িয়াই নিয়ে।
-
বনকুকুৰা
বনকুকুৰা Pheasant পৰিয়ালৰ অন্তৰ্গত আৰু ইয়াক প্ৰধানত: বিষুৱীয় অঞ্চলত পোৱা যায়৷ ইয়াক বৰ্তমান পোহনীয়া কুকুৰা চৰাইৰ পূৰ্বপূৰুষ বুলি গণ্য কৰা হয়৷ বনকুকুৰা পোনপ্ৰথমে প্ৰায় পাঁচ হাজাৰ বছৰ পূৰ্বে এছিয়াত পোহনীয়া কৰাৰ প্ৰচেষ্টা চলিছিল৷ পৰৱৰ্ত্তী কালত ই সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰে আৰু বৰ্তমান মাংস…