অসমৰ চৰাই
১৩৬ প্ৰবন্ধ
-
কুকুৰা
কুকুৰা (Chicken) এক প্ৰকাৰৰ পোহনীয়া চৰাই, বনকুকুৰাৰ এক উপ-প্ৰজাতি। এবিধ সাধাৰণ আৰু বিশ্বব্যাপি পোহনীয়া প্ৰাণী হিচাপে ২০০৩ চনত কুকুৰাৰ জনসংখ্যা আছিল প্ৰায় ২৪০ কোটি, পৃথিৱীৰ অন্য যিকোনো প্ৰজাতিৰ চৰাইতকৈ কুকুৰাৰ সংখ্যা সৰ্বাধিক। মানুহে খাদ্য হিচাপে কুকুৰাৰ মাংস আৰু কণী দুয়োটাই ভক্ষণ কৰে।
-
বৰটোকোলা
বৰটোকোলা (Lesser Adjutant Stork, বৈজ্ঞানিক নাম: Leptoptilos javanicus) Ciconiidae পৰিয়ালৰ অন্তৰ্গত এবিধ ডাঙৰ আকাৰৰ বগলীজাতীয় চৰাই। এই গোত্ৰৰ অন্যান্য চৰাই সমূহৰ দৰেই ইয়াৰ ডিঙি আৰু মূৰত কোনো নোম বা পাখি নাই (bare)। ইয়াক সাধাৰণতে জলাশয় সমূহত চৰি থকা দেখা যায়।
-
হাড়গিলা
হাড়গিলা ( Greater Adjutant, বৈজ্ঞানিক নাম: Leptoptilos dubius) চিক'নিডি (Ciconiidae) পৰিয়ালৰ অন্তৰ্ভুক্ত বগলী জাতীয় এবিধ চৰাই। পূৰ্বতে ইয়াক সমগ্ৰ দক্ষিণ এছিয়াতে পোৱা গৈছিল যদিও বৰ্তমান বিভিন্ন কাৰণত ইয়াৰ জনসংখ্যা হ্ৰাস পাই মাত্ৰ দুটা প্ৰজনন কাৰী গোটত বৰ্ত্তি আছে।
-
কুলি
কুলি চৰাই (Asian Koel, বৈজ্ঞানিক নাম: Eudynamys scolopaceus) () কুকুলিফৰমিছ (Cuculiformes) বৰ্গৰ অন্তৰ্ভুক্ত এবিধ চৰাইৰ প্ৰজাতি। এই চৰাইবিধ দক্ষিণ এছিয়া, চীন আৰু দক্ষিণ-পূব এছিয়া ত পোৱা যায়। এই বিধ চৰায়ে কাউৰীৰ বাহত কণী পাৰি পোৱালি ডাঙৰ কৰে। পূৰ্ণবয়স্ক কুলি চৰায় প্ৰধানত: ফল-মূল খায়।
-
বনকুকুৰা
বনকুকুৰা Pheasant পৰিয়ালৰ অন্তৰ্গত আৰু ইয়াক প্ৰধানত: বিষুৱীয় অঞ্চলত পোৱা যায়৷ ইয়াক বৰ্তমান পোহনীয়া কুকুৰা চৰাইৰ পূৰ্বপূৰুষ বুলি গণ্য কৰা হয়৷ বনকুকুৰা পোনপ্ৰথমে প্ৰায় পাঁচ হাজাৰ বছৰ পূৰ্বে এছিয়াত পোহনীয়া কৰাৰ প্ৰচেষ্টা চলিছিল৷ পৰৱৰ্ত্তী কালত ই সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰে আৰু বৰ্তমান মাংস…
-
ঘৰচিৰিকা
ঘৰচিৰিকা বা ঘনচিৰিকা (house sparrow, বৈজ্ঞানিক নাম: Passer domesticus) হৈছে Passeridae গোত্ৰৰ বিশ্বৰ প্ৰায় সকলো ঠাইতে দেখিবলৈ পোৱা সৰু আকাৰৰ চৰাই। এই চৰাইবিধ মানুহৰ সৈতে বসবাস কৰাত বিশেষভাৱে অভ্যস্ত। ইহঁতক নগৰ-চহৰ আৰু গাঁৱে-ভূঞে সকলোতে বসবাস কৰা দেখা যায়।
-
ফেঁচা
ফেঁচা (Owls) হৈছে ষ্ট্ৰিজিফৰ্মেছ ক্ৰমৰ পক্ষী। ইয়াৰে ২০০ৰো অধিক প্ৰজাতিৰ বেছিভাগেই একাকী আৰু নিশাচৰ চিকাৰী। ফেঁচাক উলম্ব স্থিতি, ডাঙৰ আৰু বহল মূৰ, তীক্ষ্ণ দৃষ্টি, উচ্চ শ্ৰৱণ শক্তি, চোকা ঠেং আৰু নীৰৱতাৰে উৰিব পৰাকৈ গঠিত ডেউকাৰ দ্বাৰা চিহ্নিত কৰা হয়।
-
পাকৈঢোৰা
পাকৈঢোৰা বা কাও ধনেশ বা ঢেকঢেকী বা টেকটেকী(Oriental Pied Hornbill, বৈজ্ঞানিক নাম:Anthracoceros albirostris) 'Bucerotidae' পৰিয়ালৰ অন্তৰ্গত ধনেশৰ এটা প্ৰজাতি৷
-
বাদুলি
বাদুলি (Bat) পৃথিৱীৰ একমাত্ৰ উৰণ ক্ষমতা বিশিষ্ট স্তন্যপায়ী প্ৰাণী। ই চৰাইৰ দৰে উৰিব পাৰে। বাদুলিৰ সমসংস্থ অংগ (Homologous organ) ডেউকালৈ পৰিবৰ্তীত হৈছে। ইয়াৰ ডেউকা পাতল চামৰাৰে আবৃত আৰু গাটো নোমেৰে আৱৰি আছে।
-
মাছৰোকা
মাছৰোকা (Kingfisher) সাধাৰনতে উজ্জ্বল বৰণৰ সৰুৰ পৰা মধ্যমীয়া আকাৰৰ এবিধ চৰাইৰ গোষ্ঠী৷ সমগ্ৰ বিশ্বত এই গোষ্ঠীৰ মুঠ ৯৩ টা প্ৰজাতি পোৱা যায়৷ ভাৰতবৰ্ষত তাৰে ১২ টা স্থানীয় তথা এটা পৰিভ্ৰমী প্ৰজাতি পোৱা যায়৷ এই গোষ্ঠীৰ সকলোবোৰ প্ৰজাতিৰে বৈশিষ্ট্য হ’ল, বৃহৎ মুণ্ড, দীঘলীয়া আৰু জোঙা আকৃতিৰ ঠোঁট তথা…
-
হাইঠা
হাইঠা (Green pigeon) এবিধ পাৰজাতীয় চৰাইৰ প্ৰজাতি। ই সাধাৰণতে সৰু ফল-মূল আদি খায়। ইহঁতকযোৰ পতা অৱস্থাত অথবা সৰু গোটত চৰা দেখা যায়।
-
কলীমূৰী হাঁহ
কলীমূৰী হাঁহ (Eurasian Teal or Common Teal, বৈজ্ঞানিক নাম-Anas crecca) এটা সচৰাচৰ দেখিবলৈ পোৱা আৰু বহুলভাৱে বিস্তৃত হৈ থকা হাঁহৰ প্ৰজাতি৷ ই সাধাৰণতে নাতিশীতোষ্ণ ইউৰেছিয়া অঞ্চলত প্ৰজনন কৰে আৰু শীতকালত দক্ষিণলৈ পৰিভ্ৰমণ কৰে৷ ই জাকপাতি বাস কৰে আৰু প্ৰধানকৈ জলাশয় সমূহত চৰি ফুৰা দেখা যায়৷
-
কাউৰী
কাউৰী ( Crow ) কৰ্ভিডে পৰিয়ালৰ অন্তৰ্গত এটা প্ৰজাতি চৰাই। কাউৰী সকলো গ্ৰীষ্মমণ্ডলীয় মহাদেশত ( দক্ষিণ আমেৰিকাৰ বাহিৰে) আৰু কেইবাটাও দ্বীপ অঞ্চলত বিস্তৃত। কৰ্ভাছ প্ৰজাতিৰ প্ৰায় ৪০টা ভিন্ন প্ৰজাতিৰ কাউৰী আছে। কৰ্ভিডে প্ৰজাতিৰ প্ৰায় এক তৃতীয়াংশ বিভিন্ন প্ৰজাতিৰ কাউৰীৰে গঠিত।
-
চিলনী
চিলনী (Black Kite, বৈজ্ঞানিক নাম:Milvus migrans) এবিধ মধ্যমীয়া আকাৰৰ মাংসহাৰী চিকাৰী(Bird of prey) চৰাই। অন্যান্য দিবাচৰ (diurnal) মাংসহাৰী চৰাইৰ পৰা ইয়াৰ পাৰ্থক্য এয়ে যে ই সুবিধাবাদী চিকাৰী (opportunistic hunter) আৰু কেতিয়াবা মৃত প্ৰাণীও আহাৰ হিচাপে গ্ৰহণ কৰে (scavenge)।
-
পানী কাউৰী
পানীকাউৰী (Little Cormorant, বৈজ্ঞানিক নাম-Microcarbo niger) এটা জলচৰ চৰাইৰ প্ৰজাতি৷ দৈকলা (Indian Cormorant) তকৈ ইয়াৰ আকাৰ সৰু আৰু ঠোঁট চুটি৷ ই ভাৰত উপ-মহাদেশত বহুলভাৱে বিস্তৃত হৈ আছে৷ ই সাধাৰণতে অকলশৰে বা সৰু গোটত জলাশয়সমূহত চৰে৷
-
ফেঁচু
ফেঁচু (Black Drongo, বৈজ্ঞানিক নাম-Dicrurus macrocercus) 'Dicruridae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি। দক্ষিণ এছিয়াৰ ইৰাণ, ভাৰত, শ্ৰীলংকাৰ পৰা চীন তথা ইণ্ডোনেছিয়া লৈকে ই স্থানীয় ভাৱে প্ৰজনন কৰে। ইয়াৰ সমগ্ৰ দেহটো ক'লা বৰণৰ, নেজ খাঁজকটা (forked)।
-
বুলবুলি
বুলবুলি (Red-whiskered Bulbul, Pycnonotus jocosus) এছিয়া মহাদেশত বিস্তৃত হৈ থকা এবিধ মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি। ই সাধাৰণতে ফল-মূল আদি খাই জীয়াই থাকে। ইয়াৰ মূৰত থকা মুকুট (crest) আৰু ৰঙা কটি (vent) তথা চকুৰ ৰঙা অংশৰ বাবেই সহজেই চিনাক্ত কৰিব পৰা যায়।
-
ভীমৰাজ
ভীমৰাজ (Greater Racket-tailed Drongo, বৈজ্ঞানিক নাম-Dicrurus paradiseus)এটা মধ্যমীয়া আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াৰ দীঘল তথা বিশেষ আকাৰৰ দুভাগ হৈ থকা নেজৰ বাবে এই চৰাইবিধ খ্যাত৷
-
উলূম’ৰা
উলূম'ৰা (Bengal Florican, বৈজ্ঞানিক নাম-Houbaropsis bengalensis) এবিধ বিৰল প্ৰজাতিৰ চৰাই। ইয়াক প্ৰধানতঃ দক্ষিণ-পূব এছিয়াত দেখিবলৈ পোৱা যায়। Houbaropsis গোত্ৰৰ ই একমাত্ৰ প্ৰজাতি। এই সংকটপূৰ্ণ প্ৰজাতিটোৰ সংখ্যা বৰ্তমান এহাজাৰৰো কম বুলি ধাৰণা কৰা হৈছে।
-
কাকলি হাঁহ
কাকলি হাঁহ বা বৰকালী মুগী হাঁহ (Ferruginous Duck or White eyed Pochard, বৈজ্ঞানিক নাম-Aythya nyroca) মজলীয়া আকাৰৰ এবিধ হাঁহৰ প্ৰজাতি৷ ই প্ৰধানকৈ ইউৰেছিয়াত বহুলভাৱে বিস্তৃত হৈ আছে৷
-
গলমণিকা
গলমণিকা (Rose-ringed Parakeet, বৈজ্ঞানিক নাম-Psittacula krameri) এটা জাকৰুৱা এফ্ৰো-এছিয়ান (Afro-Asian) ভাটৌৰ প্ৰজাতি। ই সমগ্ৰ ভাৰতত বহুলভাৱে বিস্তৃত। যিহেতু ইয়াৰ জনসংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে, সেয়ে আই.ইউ. চি. এন এ ইয়াক 'Least Concern' প্ৰজাতিসমূহৰ অন্তৰ্ভুক্ত কৰিছে।
-
দেওহাঁহ
দেওহাঁহ ( White-winged Wood Duck )' (Asarcornis scutulata) এবিধ ডাঙৰ আকাৰৰ হাহঁৰ প্ৰজাতি। দেওহাঁহক অসমৰ জাতীয় চৰাই ৰূপে অভিহিত কৰা হয়। এই প্ৰজাতিৰ হাঁহৰ বিশেষ ধৰণৰ বিকট মাতৰ বাবে অসমীয়াত ইয়াক ‘দেওহাঁহ’ বুলি কোৱা হয়।
-
বাঢ়ৈটোকা
বাঢ়ৈটোকা বা কাঠৰোকা (ইংৰাজী: "Woodpecker" আৰু বৈজ্ঞানিক নাম: "picidae") ঠোঁটেৰে গছ খুলি পোক উলিয়াই খোৱা টান ঠোঁটৰ এবিধ মজলীয়া আকৃতিৰ চৰাই। পৃথিৱীৰ প্ৰায়বোৰ অঞ্চলতে বিভিন্ন প্ৰজাতিৰ বাঢ়ৈটোকা পোৱা যায়। বাঢ়ৈটোকাৰ পাখিবিলাক বৰ ৰংচঙীয়া। পেটৰ ৰং বগা। মাজে মাজে ক'লা পাখি থাকে। পিঠিৰ ৰং সোণবৰণীয়া।
-
ঘৰ-শালিকা
ঘৰ-শালিকা ( Common Myna, বৈজ্ঞানিক নাম: Acridotheres tristis) 'Sturnidae' পৰিয়ালৰ অন্তৰ্গত এছিয়াৰ এবিধ থলুৱা চৰাই। এই সৰ্বভক্ষী চৰাইৰ প্ৰজাতিটোৱে জনবসতিপূৰ্ণ অঞ্চলত নিজকে অভিযোজন কৰাত পাকৈত বুলি জনা যায়। ই ভাৰতীয় সংস্কৃতিত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে।
-
চুটীয়া শালিকা
চুটীয়া শালিকা (Jungle Myna, বৈজ্ঞানিক নাম Acridotheres fuscus) শালিকা জাতীয় চৰাইৰ প্ৰজাতি সমূহৰ ভিতৰত অন্যতম প্ৰজাতি৷
-
তিল কপৌ
তিল কপৌ (Spotted Dove, বৈজ্ঞানিক নাম: Spilopelia chinensis) সৰু আকাৰৰ এবিধ কপৌজাতীয় চৰাই। দক্ষিণ-পূব এছিয়া তথা ভাৰত উপমহাদেশৰ ই এবিধ থলুৱা চৰাইৰ প্ৰজাতি। ইয়াক সাধাৰণতে বনাঞ্চল সমূহত দেখা যায় যদিও নগৰীয়া অঞ্চলতো ই বহুলভাৱে বিস্তৃত।
-
দলপুঙা
দলপুঙা (Bronze-winged Jacana, বৈজ্ঞানিক নাম-Metopidius indicus) 'Jacana' গোটৰ অন্তৰ্ভুক্ত এবিধ জলচৰ চৰাইৰ প্ৰজাতি৷ এই গোটৰ চৰাইসমূ্হৰ ঠেং ডাঙৰ হয় আৰু এই বৈশিষ্ট্যটোৰ বাবে ই ওপঙি থকা উদ্ভিদৰ ওপৰত সুকলমে চৰি ফুৰিব পাৰে৷ বিষুৱীয় অঞ্চলত এই চৰাইবিধ বহুলভাৱে বিস্তৃত হৈ আছে৷
-
পাৰ চৰাই
পাৰ চৰাই (Pigeon) পৃথিৱীৰ প্ৰায় সকলো অঞ্চলতে পোৱা এবিধ মজলীয়া আকাৰৰ চৰাই। পাৰই সহজে পোহ মানে আৰু মানুহৰ লগত থাকি ভাল পায়। ই মানুহৰ পোহ মনা প্ৰথম চৰাই। খ্ৰীষ্টপূৰ্ব তিনি হাজাৰমান বছৰৰ আগতেই ইজিপ্টিত পাৰ পোহাৰ প্ৰমাণ পোৱা গৈছে।
-
বৰ বগ
বৰ বগ (Great Egret, বৈজ্ঞানিক নাম-Ardea alba) এটা ডাঙৰ আকাৰৰ আৰু বহুলভাৱে বিস্তৃত বগলীৰ প্ৰজাতি৷
-
শৰালি হাঁহ
শৰালি (Lesser Whistling Duck, বৈজ্ঞানিক নাম: Dendrocygna javanica) ভাৰত উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়াত প্ৰজনন কৰা এবিধ হাঁহৰ প্ৰজাতি। ইহঁত সাধাৰণতে নিশাচৰ আৰু দিনৰ ভাগত বৃহৎ গোটত হ্ৰদ বা জলপূৰ্ণ খেতি-পথাৰত থকা দেখা যায়। ই গছৰ খোৰোঙত কেতিয়াবা বাহ সজা দেখা যায়।