ৰাষ্ট্ৰীয় উদ্যান
২২ প্ৰবন্ধ
-
ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকা
এইখন ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকা। ৫৫খন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত ৬খন বিশ্ব ঐতিহ্য ক্ষেত্ৰ, ৯খন ৱৰ্ল্ড নেটৱৰ্ক অৱ বায়’স্ফিয়াৰ ৰিজাৰ্ভৰ অংশ আৰু ৫খন ৰামছাৰ সন্ধিৰ অধীনত আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ জলাশয়। মুঠ ৯খন উদ্যান বহুলাংশে সাগৰীয়।
-
কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান
কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান ( Keibul Lamjao National Park ) হৈছে উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ বিষ্ণুপুৰ জিলাৰ এখন ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ আয়তন ৪০ কিলোমিটাৰ (১৫.৪ বৰ্গমাইল) বিশ্বৰ একমাত্ৰ ভাসমান ৰাষ্ট্ৰীয় উদ্যান আৰু লোকটক হ্ৰদৰ অবিচ্ছেদ্য অংশ।
-
চিতৱান ৰাষ্ট্ৰীয় উদ্যান
চিতৱান ৰাষ্ট্ৰীয় উদ্যান (Chitwan National Park) হ'ল নেপালৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। ১৯৭৩ চনত ৰয়েল চিতৱান ৰাষ্ট্ৰীয় উদ্যান হিচাপে প্ৰতিষ্ঠা হোৱা এই ৰাষ্ট্ৰীয় উদ্যানখনক ১৯৮৪ চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্ৰদান কৰা হয়.
-
এলাচ পূৰৱ’ ৰাষ্ট্ৰীয় উদ্যান
এলাচ পূৰৱ’ ৰাষ্ট্ৰীয় উদ্যান ( Alas Purwo National Park) পূব জাভা প্ৰদেশৰ দক্ষিণ-পূব প্ৰান্তত বানিউৱাংগি ৰিজেন্সিৰ ব্লামবাংগান উপদ্বীপত অৱস্থিত। বন্য বাণ্টেং আৰু গ্ৰাজাগান উপসাগৰত চাৰ্ফিং স্থানৰ বাবে এই উদ্যান বিখ্যাত।
-
গুনুং হালিমুন ৰাষ্ট্ৰীয় উদ্যান
গুনুং হালিমুন ছালাক ৰাষ্ট্ৰীয় উদ্যান (Mount Halimun Salak National Park) ইণ্ডোনেছিয়াৰ জাভা দ্বীপৰ পশ্চিম জাভা প্ৰদেশৰ ৪০০ বৰ্গকিলোমিটাৰৰ এক সংৰক্ষণ এলেকা। ১৯৯২ চনত স্থাপিত এই উদ্যানখনত ১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ বনাঞ্চলৰ কৰিডৰৰ সৈতে মাউণ্ট ছালাক আৰু মাউণ্ট হালিমুন নামৰ দুটা পৰ্বত আছে।
-
ছিৰোহি ৰাষ্ট্ৰীয় উদ্যান
ছিৰোহি ৰাষ্ট্ৰীয় উদ্যান ( Sirohi National Park) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যত অৱস্থিত। ভাৰত-ম্যানমাৰ সীমান্তৰ ওচৰত অৱস্থিত এইখন সৰু সংৰক্ষিত অঞ্চল। ১৯৮২ চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। ভূখণ্ড পাহাৰীয়া আৰু ইয়াৰ মাজতে উপত্যকা আছে। নিকটতম চহৰ-উখৰুল (৫ কিলোমিটাৰ)।
-
ফংপুই ৰাষ্ট্ৰীয় উদ্যান
ফংপুই ৰাষ্ট্ৰীয় উদ্যান ( Phawngpui National Park) বা ফংপুই ব্লু মাউণ্টেন ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ মিজোৰামৰ দুখন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত অন্যতম আৰু আনখন হৈছে মুৰলেন ৰাষ্ট্ৰীয় উদ্যান। লংটলাই জিলাত অৱস্থিত মূল চহৰ আইজলৰ পৰা মিজোৰামৰ দক্ষিণ-পূব দিশত আৰু তুলনামূলকভাৱে বাৰ্মাৰ ওচৰত অৱস্থিত।
-
মাকালু বৰুণ ৰাষ্ট্ৰীয় উদ্যান
মাকালু বৰুণ ৰাষ্ট্ৰীয় উদ্যান (Makalu Barun National Park) নেপালৰ হিমালয়ৰ এখন ৰাষ্ট্ৰীয় উদ্যান যিখন ১৯৯২ চনত সাগৰমাথা ৰাষ্ট্ৰীয় উদ্যানৰ পূব দিশৰ সম্প্ৰসাৰণ হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল।
-
কুৱাকাটা ৰাষ্ট্ৰীয় উদ্যান
কুৱাকাটা ৰাষ্ট্ৰীয় উদ্যান (Kuakata National Park) বাংলাদেশৰ আই ইউ চি এন দ্বিতীয় শ্ৰেণীৰ ৰাষ্ট্ৰীয় উদ্যান আৰু প্ৰকৃতি সংৰক্ষিত বনাঞ্চল। এই উদ্যানখন পতুৱাখালি জিলাৰ অন্তৰ্গত কালাপাৰা উপজিলাত অৱস্থিত।
-
খাদিমনগৰ ৰাষ্ট্ৰীয় উদ্যান
খাদিমনগৰ ৰাষ্ট্ৰীয় উদ্যান (Khadim Nagar National Park) বাংলাদেশৰ এখন প্ৰধান ৰাষ্ট্ৰীয় উদ্যান আৰু প্ৰকৃতি সংৰক্ষিত বনাঞ্চল। এই উদ্যানখন দেশৰ উত্তৰ-পূব অঞ্চলৰ চিলেট জিলাৰ চিলেট সদৰ উপজিলাত অৱস্থিত। উদ্যানখন মূলতঃ পাহাৰৰ ওপৰত অৱস্থিত আৰু ইয়াৰ চাৰিওফালে কলাগুল, ভূৰজান আৰু গুলনী চাহবাগিছা আছে।
-
খাপতাদ ৰাষ্ট্ৰীয় উদ্যান
খাপতাদ ৰাষ্ট্ৰীয় উদ্যান নেপালৰ সুদূৰ পশ্চিম অঞ্চলত ১৯৮৪ চনত স্থাপিত এখন ৰাষ্ট্ৰীয় উদ্যান। বাঝাং, বাজুৰা, আছাম আৰু ডোটিৰ চাৰিখন জিলাত বিস্তৃত এই ৰাষ্ট্ৰীয় উদ্যানখনৰ আয়তন ২২৫ বৰ্গ কিলোমিটাৰ (৮৭ বৰ্গমাইল) আৰু ইয়াৰ উচ্চতা ১,৪০০ৰপৰা ৩,৩০০ মিটাৰ (৪,৬০০ৰপৰা ১০,৮০০ ফুট)।
-
গীৰ ৰাষ্ট্ৰীয় উদ্যান
গীৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য,ক ছাছান গীৰ বুলি জনা যায়। ভাৰতৰ গুজৰাট ৰাজ্যৰ তালালা(গীৰ) নামৰ ঠাইখনত গীৰ ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। ৰাষ্ট্ৰীয় উদ্যানখন সোমনাথ মন্দিৰৰ পৰা ৪৩ কিঃমিঃ উত্তৰ-পূৰ্বত, জুনাগড়ৰ পৰা ৬৫ কিঃমিঃ দক্ষিণ-পূবত আৰু আমৰেলিৰ পৰা ৬০ কিঃমিঃ দক্ষিণ-পশ্চিমে অৱস্থিত।
-
ধৰ্মপুৰ ৰাষ্ট্ৰীয় উদ্যান
ধৰ্মপুৰ ৰাষ্ট্ৰীয় উদ্যান (Dharmapur National Park) উত্তৰ বাংলাদেশৰ দিনাজপুৰ জিলাৰ বীৰাল উপজিলাৰ ধৰ্মপুৰ ইউনিয়নত অৱস্থিত এখন সংৰক্ষিত বনাঞ্চল৷ ২০২১ চনৰ ২৪ নৱেম্বৰত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়।
-
নৱাবগঞ্জ ৰাষ্ট্ৰীয় উদ্যান
নৱাবগঞ্জ ৰাষ্ট্ৰীয় উদ্যান (Nawabganj National Park) আই ইউ চি এনৰ চতুৰ্থ শ্ৰেণীৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বাংলাদেশৰ এখন প্ৰকৃতি সংৰক্ষিত বনাঞ্চল। এই উদ্যানখন দিনাজপুৰ জিলাৰ অন্তৰ্গত নৱাবগঞ্জ উপজিলা সদৰৰপৰা প্ৰায় এক কিলোমিটাৰ উত্তৰ-পশ্চিমে অৱস্থিত।
-
পাদাৰ দ্বীপ
পাদাৰ, বা পাদা হৈছে ইণ্ডোনেছিয়াৰ ইষ্ট নুছা টেঙ্গগাৰাৰ ৱেষ্ট মাংগাৰাই ৰিজেঞ্চীৰ অংশভুক্ত কমোডো দ্বীপপুঞ্জৰ অন্তৰ্গত কমোডো আৰু ৰিঞ্চা দ্বীপৰ মাজত অৱস্থিত এটা সৰু দ্বীপ। এইটো কমোডো ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত তৃতীয় বৃহৎ দ্বীপ। কমোডো দ্বীপপুঞ্জ কমোডো ড্ৰেগনৰ বাবে বিখ্যাত।
-
বাংকে ৰাষ্ট্ৰীয় উদ্যান
বাংকে ৰাষ্ট্ৰীয় উদ্যান (Banke National Park) নেপালৰ লুম্বিনী প্ৰদেশত অৱস্থিত। ২০১০ চনত পৃথিৱীলৈ উপহাৰ হিচাপে স্বীকৃতি লাভ কৰাৰ পিছত ইয়াক নেপালৰ দশম ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্থাপন কৰা হৈছিল।
-
বীৰগঞ্জ ৰাষ্ট্ৰীয় উদ্যান
বীৰগঞ্জ ৰাষ্ট্ৰীয় উদ্যান (Birganj National Park) বাংলাদেশৰ দিনাজপুৰ জিলাৰ বীৰগঞ্জ উপজিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ২০১১ চনৰ ১৪ ডিচেম্বৰত স্থাপন কৰা এই ৰাষ্ট্ৰীয় উদ্যানখন ১৬৮.৫৬ হেক্টৰ মাটিৰে গঠিত।
-
মেধা কচ্ছপিয়া ৰাষ্ট্ৰীয় উদ্যান
মেধা কচ্ছপিয়া ৰাষ্ট্ৰীয় উদ্যান (Medhakachhapia National Park) বাংলাদেশৰ কক্স বজাৰ জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। এই অৰণ্যখন বিশাল মদাৰ আৰু গৰ্জন গছৰ বাবে সুপৰিচিত। মেধা কচ্ছপিয়া এটি প্ৰাকৃতিক বনাঞ্চল।
-
লাৱাছড়া ৰাষ্ট্ৰীয় উদ্যান
লাৱাছড়া ৰাষ্ট্ৰীয় উদ্যান (Lawachara National Park) বাংলাদেশৰ এখন ৰাষ্ট্ৰীয় উদ্যান আৰু প্ৰকৃতি সংৰক্ষিত বনাঞ্চল৷ ই দেশখনৰ উত্তৰ-পূব অঞ্চলৰ কমলগঞ্জ উপাজিলা আৰু মৌলভিবজাৰ জিলাত অৱস্থিত। ৰাষ্ট্ৰীয় উদ্যানখন ২,৭৪০ হেক্টৰ (২৭.৪ কিলোমিটাৰ বৰ্গফুট) পশ্চিম ভানুগাচ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অৱস্থিত।
-
শ্বে ফকছুণ্ডো ৰাষ্ট্ৰীয় উদ্যান
শ্বে ফকছুণ্ডো ৰাষ্ট্ৰীয় উদ্যান (Shey Phoksundo National Park) নেপালৰ আটাইতকৈ ডাঙৰ আৰু একমাত্ৰ ট্ৰেন্স-হিমালয় বা তিব্বতীয় হিমালয়ৰ ৰাষ্ট্ৰীয় উদ্যান। ১৯৮৪ চনত প্ৰতিষ্ঠা হোৱা এই ৰাষ্ট্ৰীয় উদ্যানখন নেপালৰ মধ্য পশ্চিম অঞ্চলৰ দোলপা আৰু মুগু জিলাৰ ৩,৫৫৫ বৰ্গ কিলোমিটাৰ (১,৩৭৩ বৰ্গমাইল) অঞ্চলজুৰি…
-
ৰাৰা ৰাষ্ট্ৰীয় উদ্যান
ৰাৰা ৰাষ্ট্ৰীয় উদ্যান (Rara National Park) নেপালৰ হিমালয়ৰ এক সংৰক্ষিত অঞ্চল আৰু ১৯৭৬ চনত প্ৰতিষ্ঠা কৰা হয়। মুগু আৰু জুমলা জিলাত ১০৬ বৰ্গ কিলোমিটাৰ (৪১ বৰ্গমাইল) অঞ্চল সামৰি এই ৰাষ্ট্ৰীয় উদ্যান, ই দেশখনৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান।
-
ৰেডউড ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক উদ্যান
ৰেডউড ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক উদ্যান (Redwood National and State Parks) হৈছে উত্তৰ কেলিফৰ্ণিয়াৰ উপকূলত আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত কেইবাখনো ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় উদ্যান সংযুক্ত হোৱা এক বিশাল উদ্যান। ৰেডউড ৰাষ্ট্ৰীয় উদ্যান স্থাপিত হৈছিল ১৯৬৮ চনত।