তৃণ
২৮ প্ৰবন্ধ
-
ধনিয়া
ধনিয়া (Coriandrum sativum) এবিধ সুগন্ধী একবৰ্ষজীৱী তৃণজাতীয় উদ্ভিদ, যাৰ পাত আৰু গুটি বিশ্বজুৰি খাদ্যত মছলা আৰু সজাবৰ উপাদান হিচাপে বহুল ব্যৱহৃত। ইয়াৰ খেতি দক্ষিণ-পশ্চিম এছিয়া, উত্তৰ আফ্ৰিকা আৰু দক্ষিণ ইউৰোপৰ স্থানীয় উদ্ভিদৰ পৰা প্ৰসাৰিত হৈ বৰ্তমান বহু দেশত কৰা হয়, আৰু ইতিহাসত ইয়াৰ…
-
ধান
ধান হৈছে এবিধ খাদ্যশস্য। অসমৰ লগতে ভাৰত তথা প্ৰাচ্যৰ বিভিন্ন দেশত জনপ্ৰিয় ধানৰ প্ৰজাতিটো হৈছে Oryza sativa, যাক সচৰাচৰ এছিয় ধান (Asian rice আৰু চমুকৈ Rice) বোলা হয়। ধান উষ্ণ জলবায়ুত, বিশেষকৈ পূব-এছিয়াত বহুলভাৱে খেতি কৰা হয়। Rice শব্দটো তামিল ভাষাৰ আৰিছি শব্দৰপৰা অহা।
-
বাঁহ
বাঁহ গছ (Bambuseae) এবিধ ঘাঁহ জাতীয় বৰ ওখ গছ। বাঁহ গছ পৃথিৱীৰ ভিতৰত খুব কম সময়ত ক্ষীপ্ৰতাৰে বৃদ্ধি হোৱা গছসমূহৰ ভিতৰত অন্যতম। এই গছ দক্ষিণ এছিয়াৰ দেশসমূহত অৰ্থনৈতিক আৰু সাংস্কৃতিক প্ৰমূল্য উল্লেখনীয়।
-
পিঁয়াজ
পিঁয়াজ (Onion ) বৈজ্ঞানিক নাম - Alliun cepa ৷ পিঁয়াজ ভোগ বৃদ্ধিকাৰ্যত,শক্তিবৰ্ধক আৰু বিভিন্ন ৰোগৰ প্ৰতিৰোধক হিচাপে কাম কৰে৷
-
গম
গম বা ঘেঁহু (Wheat) ভাৰতৰ দ্বিতীয় প্ৰধান শস্য। উত্তৰ আৰু পশ্চিম ভাৰতৰ ই প্ৰধান খাদ্য শস্য। আন খাদ্য বস্তুতকৈ গম খাদ্য হিচাপে বেছি পুষ্টিকাৰক। গম এবিধ শীতকালীন ৰবি শস্য।
-
হালধি
হালধি এবিধ তৃণজাতীয় গছ আৰু ইয়াৰ মৃদ্গত কাণ্ড। ইয়াৰ ৰাইজ'ম পিচিলে বা খুন্দিলে হালধীয়া ৰস ওলায়। হালধিৰ কাণ্ড কেঁচাকৈ শুকানকৈ গুৰি কৰি মছলা হিচাপে আৰু খাদ্যত ৰং দিবলৈ ব্যৱহাৰ কৰা হয়। আদা গোত্ৰৰ বহুবৰ্ষজীৱী গছজোপা ভাৰতীয় উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়াৰ স্থানীয় উদ্ভিদ।
-
কুঁহিয়াৰ
কুঁহিয়াৰ (Sugarcane) এবিধ তৃণজাতীয় শস্য। কুঁহিয়াৰ আমাৰ দেশৰ এবিধ অৰ্থশস্য হিচাপে বিখ্যাত কৃষি। কুঁহিয়াৰৰ পৰা চেনি-গুৰ তৈয়াৰ কৰা হয়। পৃথিৱীৰ মুঠ উৎপাদনৰ ১/৪ অংশ ভাৰতে উৎপাদন কৰে। এই খেতিৰ বাবে বছৰটোৰ ১০ ৰ পৰা ১২ মাহ পৰ্য্যন্ত সময় লাগে। অৰ্থাৎ কুঁহিয়াৰ গছ গোটেই বছৰ ধৰি জীয়াই থাকে।
-
কল
কল (Banana) হৈছে 'মুছেছি' পৰিয়ালৰ অন্তৰ্গত 'মুছা' জাতৰ বিভিন্ন ধৰণৰ বৰ্ণসংকৰ আৰু সাধাৰণ প্ৰজাতিৰ উদ্ভিদত উৎপাদিত এক প্ৰকাৰৰ দীঘলীয়া আকৃতিৰ, খোৱাৰ উপযোগী ফল। পৃথিৱীৰ গ্ৰীষ্মপ্ৰধান অঞ্চলত এই ফলৰ যথেষ্ট ব্যৱসায়িক গুৰুত্ব আছে।
-
জীৰা
জীৰা (বৈজ্ঞানিক নাম: Cuminum cyminum) এবিধ বাৰ্ষিক তৃণজাতীয় উদ্ভিদ আৰু তাৰ বীজ। ঘাইকৈ মছলা হিচাপে ব্যৱহৃত জীৰা এছিয়াৰ স্থানীয় উদ্ভিদ। ইয়াৰ ফলৰ ভিতৰত থকা জীৰাৰ গুটিসমূহ গোটাই বা গুৰি দুই ধৰণে খাদ্যত ব্যৱহাৰ কৰা হয়। ইয়াৰ ঔষধি গুণ আছে বাবে পাৰম্পৰিক চিকিৎসা পদ্ধতিত জীৰা ব্যৱহাৰ কৰা হয়।
-
ইলাচী
ইলাচী (বৈজ্ঞানিক নাম: Elettaria cardamomum) মছলাৰূপে ব্যৱহাৰ কৰা সুগন্ধি বীজ ধাৰণ কৰা এবিধ বহুবৰ্ষজীৱী তৃণজাতীয় উদ্ভিদ আৰু ইয়াৰ বীজ। ইয়াক সৰু ইলাচী বা সেউজীয়া ইলাচী বুলিও কোৱা হয়। আদা গোত্ৰৰ অন্তৰ্ভুক্ত ইলাচীৰ আদি বাসস্থান হৈছে ভাৰতৰ দক্ষিণ অঞ্চল।
-
তামোল
তামোল (Areca catechu) গোত্ৰ - Arecaceae। তামোল এবিধ ফল যদিও ইয়াক ফল হিচাপে ব্যৱহাৰ কৰা নাযায়। তামোল এবিধ Masticatory অৰ্থাৎ চোবাই খোৱা ফলহে। তামোল সাধাৰণতে ব্যৱহাৰ কৰা অন্যান্য ফলৰ দৰে সকলোৰে প্ৰিয় নহয় যদিও অসমৰ জনমানসৰ লগতে বিভিন্ন ধৰ্মীয় পূজা-পাতল,উৎসৱ-পাৰ্বন,বিয়া-সবাহ আদিত এইবিধ ফলৰ এৰাব…
-
কলমৌ
কলমৌ (বৈজ্ঞানিক নাম: Ipomoea aquatica) পুখুৰী, বিল আৰু দ পথাৰৰ পানীত জন্মা উদ্ভিদ। কলমৌৰ পাতৰ বৰণ সেউজীয়া আৰু গা গছৰ বৰণ গাঢ় বেঙুনীয়া। কলমৌ কাটিলে বা ছিঙিলে বগা আঠা ওলায়। উদ্ভিদজোপাই পাতল বেঙুনীয়া ফুল ধাৰণ কৰে।
-
মান ধনিয়া
মান ধনিয়া বা এৰিঞ্জিয়াম ফয়েটিডাম এপিয়েচি পৰিয়ালৰ এবিধ গ্ৰীষ্মমণ্ডলীয় বহুবৰ্ষজীবী উদ্ভিদ। ইয়াক বন ধনিয়া, নগা ধনিয়া, কাটা মচলা, বঙালী মেমেধু আদি নামেৰেও জনা যায়।
-
তৰাগছ
তৰা বা তৰাগছ বা তৰাপাত (বৈজ্ঞানিক নাম: Alpinia nigra, অন্য নাম: Alpinia allughas Retz., Zingiber nigrum Gaertn., 'পুন্দি') এবিধ আদাজাতীয় উদ্ভিদ। এছিয়া মহাদেশৰ বিভিন্ন ঠাইৰ লোকে তৰাক ঔষধি হিচাপে আৰু ৰন্ধন প্ৰকৰণত ব্যৱহাৰ কৰে। এছিয়াৰ জনগোষ্ঠীয় বহু লোকে ইয়াক ভাতৰ সৈতে গ্ৰহণ কৰে।
-
পদিনা
পদিনা (Field Mint, Wild Mint বা Corm Mint) এবিধ লতাজাতীয় সুগন্ধি শাক। এই শাক প্ৰধানকৈ ইউৰোপ মহাদেশৰ নাতিশীতোষ্ণ অঞ্চল, এছিয়া মহাদেশৰ পশ্চিম আৰু মধ্য অঞ্চল, পূব ছাইবেৰিয়া আৰু দক্ষিণ আমেৰিকাত পোৱা যায়।
-
ভীমকল
ভীমকল এবিধ সুস্বাদু কল আৰু এটি অতি বহুলভাৱে ব্যৱহৃত বনৌষধি। অন্যান্য কলৰ প্ৰজাতিৰ পৰা পৃথক হোৱাৰ মুখ্য কাৰণ হৈছে ইয়াৰ মৌলিক আৰু আকাৰত ডাঙৰ বীজ বা গুটি। কিছুমানে ভীমকলক আঠীয়া কল বুলিও কয়। ইয়াক অকল খাদ্য হিচাপেই নহয় আন আন বহু কাৰণটো ইয়াক ব্যৱহাৰ কৰা হয়।
-
কঁহুৱা বন
কঁহুৱা বন বা খাগৰী বা বনৰীয়া কুঁহিয়াৰ (কাশ, काँस, काँस, କାଶତଣ୍ଡି, நாணல்) হৈছে এবিধ তৃণ জাতীয় উদ্ভিদ। এই বনবিধৰ বৈজ্ঞানিক নাম ছ্যাচাৰাম স্পণ্টেনিয়াম (Saccharum spontaneum)। ই ছ্যাচাৰাম গণ আৰু স্পণ্টেনিয়াম প্ৰজাতিৰ অন্তৰ্ভুক্ত।
-
চাল-কুঁৱৰী
চাল-কুঁৱৰী (ছাল কুঁৱৰী) বা এল' ভেৰা (Aloe vera) একপ্ৰকাৰ জলসম্বৃদ্ধ উদ্ভিদ। ইয়াৰ জন্মস্থান উত্তৰ আফ্ৰিকা বা ছোমালিয়া বুলি ভবা যায়। ইয়াক প্ৰাকৰতিক ভাৱে দেখা নাযায় যদিও উত্তৰ আফ্ৰিকাত ওচৰ সম্পৰ্কীয় অন্যান্য এল' জাতিৰ গছ পোৱা যায়।
-
ওলকচু
ওলকচু (Elephant foot yam or Elephant yam, বৈজ্ঞানিক নাম = Amorphophallus spp.) ( পৰিয়াল, Equisetopsida গোত্ৰ, Araceae) গোটেই বিশ্বত ওলকচুৰ ১৭৬ টাতকৈ বেছি প্ৰজাতি পোৱা যায়।
-
দোৰোণ
দোৰোণ এবিধ লেমিয়াছি (Lamiaceae ) গোত্ৰৰ 'লিউকাছ" (Leucas) জাতিৰ অন্তৰ্গত তৃণজাতীয় উদ্ভিদ। ইয়াক ঠাইবিশেষে বিভিন্ন নামেৰে জনা যায়, যদিও অসমত ই দোৰোণ শাক বা দ্ৰোণ শাক বুলিয়ে জনাজাত।
-
পানী শিঙৰি
শিঙৰি এবিধ জলজ উদ্ভিদ। পানী শিঙৰিৰ (Water caltrop)। অসমত পানী শিঙৰিৰ দুটা প্ৰজাতি পোৱা যায়। অসমীয়াত দুয়োবিধকে পানী শিঙৰি বা শিঙৰি বুলি কোৱা হয়। ইহঁতৰ বৈজ্ঞানিক নাম Trapa natans আৰু Trapa bispinosa। দুয়োটা প্ৰজাতি একেটা বৰ্গ Trapaceae ৰ অন্তৰ্গত। শিঙৰিৰ পাত তৃণভোজী (Herbivore) মাছৰ আহাৰস্বৰূপ।
-
বাবৰি শাক
বাবৰি শাক (Garland chrysanthemum, crown daisy, chrysanthemum greens, edible chrysanthemum, chop suey green, Japanese-green; বৈজ্ঞানিক নাম: Glebionis coronaria) হৈছে সপুষ্পক উদ্ভিদ গণৰ এচটাৰ প্ৰজাতিৰ এবিধ তৃণ জাতীয় উদ্ভিদ। বাবৰি শাক বেলিফুল পৰিয়ালৰ অন্তৰ্ভুক্ত।
-
বিৰিণা
বিৰিণা (বৈজ্ঞানিক নাম: Vetiveria zizanioides; Vetiver) এবিধ দ-চানেকীয়া ঠাইত উৎপন্ন হোৱা ওখ ঘাঁহজাতীয় উদ্ভিদ। এই বন একেঠাইতে সৰহীয়াকৈ উৎপত্তি হয়।
-
সৰু মানিমুনি
সৰু মানিমুনি, বৈজ্ঞানিক নাম: হাইড্ৰ’ক’টাইল চিবথৰ্পিঅ’ইডছ, দক্ষিণ-পূব এছিয়াৰ স্থানীয় এবিধ সৰু উদ্ভিদ। ইয়াক লন মাৰ্চপেনিৱৰ্ট বুলিও কোৱা হয়। ইয়াক পৰম্পৰাগতভাৱে এপিয়াচিয়া পৰিয়ালত ৰখা হয়, কিন্তু শেহতীয়াকৈ ইয়াক আৰালিয়াচিয়া পৰিয়ালত অন্তৰ্ভুক্ত বুলি কোৱা হৈছে।
-
দুবৰি বন
দুবৰি বন (বৈজ্ঞানিক নাম: Cynodon dactylon) এবিধ ঘাঁহ জাতীয় ঔষধি উদ্ভিদ। ভাৰতীয় সংস্কৃতিত দুবৰি বনৰ বিশেষ মহত্ত্ব আছে। বিভিন্ন ধৰ্মীয় অনুষ্ঠানত দুবৰি বন ব্যৱহাৰ কৰা হয়। আফ্ৰিকা মহাদেশৰ স্থানীয় ঘাঁহবিধ বৰ্তমান গোটেই বিশ্বতে পোৱা যায়।
-
বনগুটি
বনগুটি বা শগুণ বন (বৈজ্ঞানিক নাম: Chrysopogon aciculatus) (syn. Andropogon aciculatus) এবিধ বহল পতীয়া ঘাঁহজাতীয় উদ্ভিদ৷ এই ঘাঁহক ইংৰাজীত amorseco (Spanish, "dry love"), lesser spear grass, Mackie's pest, pilipiliula, grama-amorosa আদি নামেৰে জনা যায়৷
-
ববচা বন
ববচা বন (বৈজ্ঞানিক নাম: Eleusine indica, ইংৰাজী নাম: Indian goosegrass, yard-grass, goosegrass, wiregrass, বা crowfootgras; হিন্দী নাম: মালুকুৰি) হৈছে প’এচি (Poaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ বন।
-
হেলচী
হেলচী (Helancha) (বৈজ্ঞানীক নাম: Enhydra fluctuans) সামান্য দ, জীপাল ঠাইত হোৱা জলজ উদ্ভিদ। গা-গছৰ ভিতৰখন ধানখেৰৰ দৰে ফোঁপোলা। পাতৰ আকাৰ মাটিকাঁদুৰিতকৈ ডাঙৰ আৰু কোমল। ফুলৰ গঠন থুপি থুপি হয়। ই এবিধ উৎকৃষ্ট শাক। ইয়াৰ কেইবাবিধো ঔষধীয় গুণ আছে।