তৃণভোজী প্ৰাণী
১৮ প্ৰবন্ধ
-
হাতী
হাতী (Elephas maximus) এলিফাছ গোত্ৰৰ একমাত্ৰ জীৱিত প্ৰজাতি আৰু দক্ষিণ-পূব এছিয়াৰ আটাইতকৈ বৃহৎ স্থলচৰ স্তন্যপায়ী। বনাঞ্চল হ্ৰাস আৰু মানুহ-হাতী সংঘাতে ইয়াৰ সংখ্যা কমাই আনিছে, সেয়েহে ই আই ইউ চি এন ৰঙা তালিকাত সংকটাপন্ন (EN) শ্ৰেণীত অন্তৰ্ভুক্ত।
-
সুগৰী পহু
সুগৰী পহু (Muntiacus muntjak) দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত বিস্তৃত এটা সৰু আকাৰৰ হৰিণজাতীয় স্তন্যপায়ী। একাকী স্বভাৱ, বহুপ্ৰজনন, আৰু ৬–৭ মাহীয়া গৰ্ভধাৰণ-সময় আদি বৈশিষ্ট্যৰ বাবে ই অন্য বহু হৰিণৰ পৰা পৃথকভাৱে চিহ্নিত।
-
এশিঙীয়া গঁড়
এশিঙীয়া গঁড় (Rhinoceros unicornis) দক্ষিণ এছিয়াৰ ঘাঁহনি-জলাভূমি পৰিবেশৰ এক বিশেষ বৃহৎ স্তন্যপায়ী, যাৰ কপালত এটা খড়্গ থাকে। বৰ্তমান ই সীমিত অঞ্চলতহে পোৱা যায় আৰু সংৰক্ষণৰ দিশত ইয়াৰ অৱস্থা আই ইউ চি এন ৰঙা তালিকাত VU হিচাপে চিহ্নিত।
-
শৰপহু
শৰপহু (Sambar) দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত বিস্তৃত এক বৃহৎ দেহৰ পহু, যাৰ বৈজ্ঞানিক নাম Rusa unicolor। ই বহু অৰণ্য পৰিৱেশত গুৰুত্বপূৰ্ণ তৃণভোজী, আৰু বাঘৰ প্ৰিয় চিকাৰৰূপে পৰিচিত।
-
মেঠোন
মেঠোন (Gaur, Indian bison, বৈজ্ঞানিক নাম-Bos gaurus) দক্ষিণ-পূব এছিয়াৰ এবিধ বৃহৎ আকাৰৰ স্থানীয় প্ৰজাতি৷ এই প্ৰজাতিবিধ আই ইউ চি এন ৰঙা তালিকাত অসুৰক্ষিত হিচাপে স্বীকৃতি দিয়া হৈছে৷৷ মেঠোনৰ দেহৰ উচ্চতা বনৰীয়া Cattle সমূহৰ ভিতৰত সৰ্বাধিক৷
-
খটীয়া পহু
খটীয়া পহু(Indian Hog deer, বৈজ্ঞানিক-Axis porcinus), এবিধ হৰিণ জাতীয় জন্তু। ভাৰতৰ অসমত ইয়াৰ সংখ্যা সৰ্বাধিক। ই এটা বিপদাপন্ন প্ৰজাতি। ই সাধাৰণতে মুকলি ঠাইত বিচৰণ কৰে। কেতিয়াবা ইয়াক খেতি পথাৰত আৰু জাৰণিৰ দৰে হাবিতো দেখা যায়।
-
দল-হৰিণা
দল-হৰিণা (Barasingha or Swamp deer) ভাৰতবৰ্ষ, দক্ষিণ-পশ্চিম নেপাল তথা পাকিস্তানৰ কিছু অংশত বিস্তৃত হৈ থকা এবিধ পহুৰ প্ৰজাতি৷ পূৰ্বতে বাংলাদেশ তো পোৱা গৈছিল যদিও এই প্ৰাণীবিধৰ আটাইতকৈ বৈশিষ্ট্যপূৰ্ণ অংগটো হৈছে ইয়াৰ শিং (antler)৷ একোটা পূৰ্ণবয়স্ক প্ৰাণীৰ শিঙত ১০-১৪ ডালকৈ ভাগ (tine) থকা দেখা যায়৷…
-
ৰঙা পাণ্ডা
ৰঙা পাণ্ডা (Red Panda, বৈজ্ঞানিক নাম-Ailurus fulgens) এবিধ সৰু আকাৰৰ গছত থকা স্তন্যপায়ী প্ৰাণী। ইয়াক সাধাৰণতে পূব হিমালয় আৰু দক্ষিণ-পশ্চিম চীনত দেখা পোৱা যায়।
-
বনৰীয়া ম’হ
বনৰীয়া ম'হ (Asiatic water buffalo, বৈজ্ঞানিক নাম: Bubalus arnee)এটা ডাঙৰ আকাৰৰ ম'হৰ প্ৰজাতি। ই সমগ্ৰ দক্ষিণ-পূব এছিয়াত স্থানীয় প্ৰজাতি। আই.ইউ.চি. এনৰ ৰঙা তালিকাত এই প্ৰাণীবিধক সংকটগ্ৰস্ত ( endangered species)বুলি স্বীকৃতি দিয়া হৈছে। বৰ্তমান ইয়াৰ জনসংখ্যা ৪,০০০ তকৈও কম বুলি ধাৰণা কৰা হৈছে।
-
উট
উট হৈছে Camelus গণৰ অন্তৰ্গত স্তন্যপায়ী প্ৰাণী। ইহঁকৰ পিঠিত এটা বা একাধিক কুঁজ থাকে। এই কুঁজবোৰত চৰ্বী জমা হৈ থাকে। উটৰ দুটা জীৱিত প্ৰজাতি হৈছে, Dromedary, বা এটা কুঁজৰ উট (C. dromedarius), মধ্য পূৱ আৰু আফ্ৰিকাত বসবাস কৰে; আৰু bactrian, বা দুটা কুঁজৰ উট (C. bactrianus), মধ্য এছিয়াত বসবাস কৰে।
-
নল গাহৰি
নল গাহৰি (Pygmy hog বৈ়জ্ঞানিক নাম: Porculasalvania) পৃথিৱীৰ ভিতৰতে আটাইতকৈ সৰু প্ৰজাতিৰ বনৰীয়া গাহৰি। এটা সময়ত এই নল গাহৰি উত্তৰ প্ৰদেশ, নেপাল, উত্তৰবংগ আৰু অসম জুৰি হিমালয়ৰ পাদদেশৰ দক্ষিণে থকা এক সংকীৰ্ণ অঞ্চলৰ ঘাঁহনিত পোৱা গৈছিল।
-
শহাপহু
শহাপহু এবিধ শান্ত প্ৰকৃতিৰ তৃণভোজী জন্তু। আন পোহনীয়া জন্তুতকৈ ইয়াক দেৰিকৈ পোহা হৈছিল। এতিয়া ঘৰচীয়া আৰু বনৰীয়া দুয়োবিধ শহাই আছে।
-
ফুটুকী হৰিণ
ফুটুকী হৰিণ বা চিতল হৰিণ (Axis axis) ভাৰতীয় উপমহাদেশৰ এক থলুৱা হৰিণৰ এক প্ৰজাতি। ১৭৭৭ চনত Johann Christian Polycarp Erxlebenয়ে পোনপ্ৰথমবাৰৰ বাবে ইয়াৰ বৰ্ণনা কৰিছিল। এই মধ্যমীয়া আকৃতিৰ হৰিণবিধৰ মতা প্ৰাণীৰ কান্ধৰ উচ্চতা প্ৰায় ৯০ চেণ্টিমিটাৰ আৰু মাইকী প্ৰাণীৰ ৭০ চেণ্টিমিটাৰ হয়।
-
কস্তুৰী মৃগ
কস্তুৰী মৃগ (Mask Deer) শিং নথকা এবিধ সৰু আকৃতিৰ হৰিণ৷ এই জাতৰ মৃগৰ মতা মৃগবোৰৰ নাভিৰ ওচৰত হোৱা এটা টেমুনাত বিখ্যাত সুগন্ধি দ্ৰব্য ’’কস্তুৰী’’ৰ সৃষ্টি হয়৷ সেয়ে ইয়াক “কস্তুৰী মৃগ’’ বোলে৷ কস্তুৰী মৃগৰ বৈজ্ঞানিক নাম "Moschus moschiferus"৷ এইবিধ জন্তু ছাইবেৰিয়াৰ পৰা হিমালয় পৰ্বতৰ বিভিন্ন অঞ্চলত…
-
কেঙ্গেৰু
কেঙ্গেৰু ( kangaroo ) ১৬২৯ চনত অষ্ট্ৰেলিয়া মহাদেশত প্ৰথম কেঙ্গেৰু দেখিছিল ফ্ৰান্সেছ পিলছিয়েৰ নামৰ এজন পতুৰ্গীজ লোকে৷ কেঙ্গেৰুৰ বিচিত্ৰ চেহেৰা আৰু সিঁহতৰ বিচিত্ৰ গতিবিধিৰ বাবে পৃথিৱীৰ ভিতৰতে এবিধ অন্যতম আকৰ্ষণীয় প্ৰাণী৷ কেঙ্গেৰুৰ পৰিয়ালৰ ভিতৰত ৰঙা কেঙ্গেৰুবোৰ সকলোতকৈ ডাঙৰ৷ ইহঁতৰ উচ্চতা প্ৰায়…
-
গৰাল
গৰাল (Himalayan goral, বৈজ্ঞানিক নাম-Naemorhedus goral) হিমালয়ৰ থিয় পাহাৰীয়া অঞ্চলত দেখা পোৱা ছাগলীজাতীয় (bovid) প্ৰাণী৷ আই.ইউ.চি.এনৰ ৰঙা তালিকাত এই প্ৰাণীবিধক সংকটাপন্ন (Near Threatened) বুলি আখ্যা দিয়া হৈছে৷ এই প্ৰাণীবিধৰ চোৰাং চিকাৰ আৰু বনাঞ্চল ধবংসৰ প্ৰভাৱতে এই ভাবুকিৰ সন্মুখীন হৈছে বুলি…
-
দেও ছাগলী
দেও ছাগলী (mainland serow, বৈজ্ঞানিক নাম-Capricornis milneedwardsii)এবিধ 'goat antelope' ৰ প্ৰজাতি৷ ইয়াক চীন আৰু দক্ষিণ-পূব এছিয়া ত স্থানীয় ভাৱে দেখিবলৈ পোৱা যায়৷
-
খাগৰিকটা শহা
খাগৰিকটা শহা (Hispid hare; বৈজ্ঞানিক নামঃ Caprolagus hispidus)ক অসম শহাপহু আৰু ব্ৰিষ্টলি শহাপহু বুলিও কোৱা হয়। লেপৰিড পৰিয়ালৰ কেপ্ৰ’লাগাছ গণৰ এই প্ৰাণীবিধ দক্ষিণ এছিয়াৰ স্থানীয় প্ৰাণী আৰু ইয়াৰ ঐতিহাসিক বিস্তৃতি হিমালয়ৰ দক্ষিণ পাদদেশ।