প্ৰকৃতি আৰু পৰিৱেশ
উদ্ভিদ, প্ৰাণী, ৰাষ্ট্ৰীয় উদ্যান আৰু জৈৱ-বৈচিত্ৰ্য · ১,০১২ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
সৰ্পগন্ধা
সৰ্পগন্ধা হৈছে এবিধ চিৰসেউজীয়া সৰু জোপোহা, যাক ক্ৰান্তীয় হিমালয়, অসম, মেঘালয়, ডেক্কান উপদ্বীপ(Deccan peninsula) আৰু পশ্চিম বংগ আৰু বিহাৰৰ আন কিছু অংশত পোৱা যায়। এই উদ্ভিদৰ পাতবোৰ সৰল আৰু ফুলবোৰ বগা-ৰঙা। এইবিধ উদ্ভিদ বিধৰ বিষয়ে প্ৰথমে জৰ্জ বেন্থাম নামৰ ইংলেণ্ডৰ জৈৱ বিজ্ঞানী জনে বৰ্ণনা কৰিছিল।
-
হিজল
হিজল এবিধ সৰু আকাৰৰ গছ৷ এই গছ সাধাৰণতে বিলৰ কাষত বা পানীত ডুবি থকা ঠাইত উৎপন্ন হোৱা দেখা যায়৷ এই গছৰ অংশ খাদ্য আৰু ঔষধ হিচাপে আৰু কাঠ নাও আদি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়৷
-
ৰঙা নুনী
ৰঙা নুনী (red mulberry, বৈজ্ঞানিক নাম: Morus rubra) উত্তৰ আমেৰিকাৰ পূব আৰু মধ্য অঞ্চলৰ থলুৱা এবিধ নুনীৰ প্ৰজাতি। ইয়াক অণ্টাৰিঅ', মিনেছ'টা আৰু ভাৰমণ্টৰ পৰা দক্ষিণে দক্ষিণ ফ্ল'ৰিডালৈকে আৰু পশ্চিমে দক্ষিণ-পূব দক্ষিণ ডাকোটা, নেব্ৰাস্কা, কেনছাছ আৰু মধ্য টেক্সাছলৈকে পোৱা যায়।
-
ৰঙামূৰীয়া বাঢ়ৈটোকা
ৰঙামূৰীয়া বাঢ়ৈটোকা (Common Flameback বা Common Goldenback, বৈজ্ঞানিক নাম-Dinopium javanense) 'Picidae' গোটৰ অন্তৰ্ভুক্ত বাঢ়ৈটোকা চৰাইৰ এটা প্ৰজাতি৷
-
ৰজনীগন্ধা
ৰজনীগন্ধা (Tuberose) এক অন্যতম জনপ্ৰিয় ফুল। সামাজিক আৰু ধৰ্মীয় অনুষ্ঠান আৰু ফুলদানী সজোৱাৰ বাবে ৰজনীগন্ধা ব্যাপকভাবে ব্যবহৃত হয়। তদুপৰি এই ফুলৰ নিৰ্যাসৰ পৰা সুগন্ধিও তৈয়াৰ কৰা হয়। গোটেই বছৰেই বাজাৰত এই ফুলৰ চাহিদা বেছি থাকে। ৰজনীগন্ধাৰ কন্দৰ দ্বাৰা বংশবৃদ্ধি কৰা হয়।
-
ৰমন মেগছেছে বঁটা বিজয়ীসকলৰ তালিকা
তলৰ তালিকাখন ফিলিপাইন ৰাষ্ট্ৰপতি ৰমন মেগছেছেৰ সোঁৱৰণত বাৰ্ষিকভাৱে প্ৰদান কৰা 'ৰমন মেগছেছে বঁটা'-বিজয়ীৰ আংশিক তালিকা। মেগছেছে বঁটাক এছিয়াৰ ন’বেল বঁটাৰ দৰে মান কৰা হয়। এই বঁটা পোণপ্ৰথম ১৯৫৭ চনৰ এপ্ৰিল মাহত প্ৰদান কৰা হৈছিল]। তালিকাখনত বঁটা প্ৰাপকৰ জন্ম দেশ বা নাগৰিকত্ব কাষত উল্লেখ কৰা হৈছে।
-
অসমীয়া হাবি বেং
হাইলাৰানা লেপ্ট’গ্ল’ছা (ইংৰাজী: long-tongued frog) যাক সাধাৰণতে অসমীয়া হাবি বেং বুলি জনা যায়, হাইলানা গণৰ অন্তৰ্ভুক্ত এবিধ ভেকুলীৰ প্ৰজাতি। এইবিধ ভেকুলী বাংলাদেশ, উত্তৰ-পূব ভাৰত, ম্যানমাৰ আৰু পশ্চিম থাইলেণ্ডৰ থলুৱা প্ৰজাতি। ইয়াৰ উপৰিও ইয়াক ক’পছ ফ্ৰগ, ফেইলব্ৰাউন স্মল ফ্ৰগ আদি নামেৰেও জনা যায়।
-
আখৈ ফুল
আখৈ ফুল হৈছে এবিধ লতা জাতিৰ উদ্ভিদ। ডাঠ হাবিত সাধাৰণতে পোৱা যায়। থোপা-থোপ হৈ লাগে। ফুলবোৰৰ গোন্ধ তীব্ৰ আৰু বহু দূৰলৈ বিয়পি পৰে। ব'হাগৰ সময়ত ফুলে। এই স্ক্ৰেম্বলিং চিৰসেউজ জোপোহাটো ৰ’দত বা অৰ্ধছাঁত খেতি কৰিব পাৰি। ইয়াৰ পাত পিনাট আৰু বগা, প্ৰবল সুগন্ধিযুক্ত, তৰাৰ আকৃতিৰ ফুলৰ গোট থাকে।
-
এন’ক্ট’চিলাছ ব্ৰেভিলাব্ৰিছ
এন’ক্ট’চিলাছ ব্ৰেভিলাব্ৰিছ হৈছে অৰ্কিডৰ এবিধ প্ৰজাতি। ই ভাৰত, নেপাল আৰু ভিয়েটনামৰ পাহাৰীয়া অঞ্চলত পোৱা যায়। ভাৰতৰ ছিকিম আৰু অসমত অৰ্কিডবিধ থলুৱাভাৱে পোৱা যায়। ইয়াক ইংৰাজীত শ্বৰ্ট লিপ জুৱেল অৰ্কিড (Short-Lip Jewel Orchid) নামেৰে জনা যায়। ই এবিধ মাটিত গজা অৰ্কিড।
-
এৰিডেছ অ'ড'ৰাটা
এৰিডেছ অ'ড'ৰাটা (Aerides odorata) হৈছে অৰ্কিডৰ এবিধ প্ৰজাতি। দক্ষিণ-পূব এছিয়াৰ বহু অংশত ই ব্যাপকভাৱে বিস্তৃত হৈ আছে। চীনৰইউনান আৰু গুৱাংডং, হিমালয়, ভূটান, অসম, বাংলাদেশ, ভাৰত, নেপাল, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, ম্যানমাৰ, থাইলেণ্ড, লাওছ, কম্বোডিয়া আৰু ভিয়েটনামৰ নিম্নভূমিৰ অৰণ্যত এই অৰ্কিডবিধ…
-
ককিলা মাছ
ককিলা'(Xenentodon cancila) হ'ল দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ মিঠা পানী আৰু নিমখীয়া বাসস্থানত পোৱা মাছৰ এটা প্ৰজাতি। এইবিধ মাছ ভাৰত আৰু শ্ৰীলংকাৰ পৰা মালয়েছিয়া উপদ্বীপলৈকে দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত ব্যাপকভাৱে বিস্তৃত। শ্ৰীলংকাত এইবিধ মাছক য়োন্না বা হবৰলি বুলি কোৱা হয়।
-
কাউচা
কাউচা (বৈজ্ঞানিক নাম: Coracias benghalensis ) এবিধ অতি চিনাকি চৰাই।
-
কুচিয়া মাছ
কুচিয়া মাছ (Asian Swamp Eel) একপ্ৰকাৰৰ ইল প্ৰজাতিৰ মাছ। Sybranchidae পৰিয়ালৰ অন্তৰ্গত এই মাছটোৰ বৈজ্ঞানিক নাম Monopterus albus।
-
কুঢ়ি মাছ
কুঢ়ি বা কুৰিহা (বৈজ্ঞানিক নাম: Labeo gonius) (Kuria labeo) হৈছে চাইপ্ৰিনিডি পৰিয়ালৰ অন্তৰ্গত কাৰ্প জাতীয় এবিধ মাছ। এই মাছবিধ মূলতঃ ভাৰত, বাংলাদেশ, পাকিস্তান আৰু ম্যানমাৰৰ থলুৱা মাছ। ইয়াৰ উপৰিও আফগানিস্তান আৰু নেপালতো ইয়াৰ উপস্থিতিৰ বিষয়ে জনা যায়।
-
কেঞাবন
কেঞাবন (বৈজ্ঞানিক নাম:Kyllinga brevifolia) চাইপাৰেচি (Cyperaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ ঘাঁহ জাতীয় উদ্ভিদ৷ কেঞাবনক ইংৰাজীত shortleaf spikesedge, green kyllinga, perennial greenhead sedge,kyllinga weed আদি নামেৰে জনা যায়৷
-
কেলান্থে অ'ডোৰা
কেলান্থে অ'ডোৰা হৈছে মাটিত হোৱা এবিধ অৰ্কিডৰ প্ৰজাতি। ইংৰাজীত ইয়াক ফ্ৰেগৰেণ্ট কেলান্থে (Fragrant Calanthe) নামেৰে জনা যায়। এই অৰ্কিডবিধ বাংলাদেশ, ভূটান, কম্বোডিয়া, উত্তৰ-পূব ভাৰত, লাওছ, উত্তৰ থাইলেণ্ড আৰু ভিয়েটনামত পোৱা যায়। অসমতো কেলান্থে অ'ডোৰা থলুৱাভাৱে পোৱা যায়।
-
কেলামাছ ফ্লেগেল্লাম
কেলামাছ ফ্লেগেল্লাম (Calamus flagellum) হৈছে এৰেকাচিয়া পৰিয়ালৰ অন্তৰ্গত বেত গছৰ এটা এছীয় প্ৰজাতি। ভিয়েটনামীত ইয়াক মে চং আৰু অসমীয়াত চুলি বেত বুলি কয়।
-
কৰবী ফুল
কৰবী ফুল হৈছে কাছ্কাবেলা গণৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি। ই মেক্সিকো আৰু মধ্য আমেৰিকাৰ থলুৱা উদ্ভিদ। ই এবিধ বিষাক্ত উদ্ভিদ যদিও সমগ্ৰ বিশ্বতে আলংকাৰিক উদ্ভিদ হিচাপে ইয়াৰ খেতি কৰা হয়।
-
খৰিকা লতা
খৰিকা লতা হৈছে এবিধ লতা জাতিৰ উদ্ভিদ। ডাঠ হাবিত সাধাৰণতে পোৱা যায়। থোপা থোপাকৈ লাগে। ফুলবোৰৰ গোন্ধ তীব্ৰ আৰু বহু দুৰলৈ বিয়পি পৰে। বহাগৰ সময়ত ফুলে।
-
গেদগেদী মাছ
গেদগেদী বা মাটি কাৱৈ, (Gangetic leaffish) হৈছে দক্ষিণ এছিয়া আৰু ইণ্ডোচাইনাৰ স্থানীয় মাছৰ এবিধ প্ৰজাতি। পুখুৰী, হ্ৰদ, খাল, প্লাৱিত অঞ্চল আদিকে ধৰি ধীৰ গতিৰ বা স্থবিৰ হৈ থকা পানীত ইহঁতক সাধাৰণতে দেখা যায়। এই প্ৰজাতিৰ আন সাধাৰণ নামসমূহ হ'ল মোটল্ড নন্দুছ (Mottled nandus) আৰু মাড পাৰ্চ (Mud perch)।
-
গেষ্ট্ৰ'চিলাছ একুটিফ'লিয়াছ
গেষ্ট্ৰ'চিলাছ একুটিফ'লিয়াছ (Gastrochilus acutifolius) হৈছে অসম (ভাৰত), পূব হিমালয়, নেপাল, ম্যানমাৰ আৰু ভিয়েটনামত পোৱা এবিধ অৰ্কিড প্ৰজাতি। বৈজ্ঞানিক নামকৰণৰ ক্ষেত্ৰত নিৰ্দিষ্ট উপনাম acutifolius-ৰ অৰ্থ "কাঁইটীয়া পাত।" ই উদ্ভিদজোপাৰ পাতৰ বৈশিষ্ট্যপূৰ্ণ আকৃতিক বুজায়।
-
ঘৰ বতাহী
ঘৰ বতাহী (House Swift, বৈজ্ঞানিক নাম-Apus nipalensis) 'Apodidae' পৰিয়ালৰ এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি।
-
চন্দ্ৰমল্লিকা ফুল
চন্দ্ৰমল্লিকা হৈছে ইৰিডেচি পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ। স্পেনিছ ভাষীৰ মাজত এই উদ্ভিদজোপাক লাগ্ৰিমাছ ডে লা ভিৰজেন ("কুমাৰীৰ চকু পানী") বুলি বিখ্যাত। অন্য ইলোথেৰাইন (Eleutherine) প্ৰজাতিৰ দৰেই চন্দ্ৰমল্লিকাৰ শিপা টেমুনাযুক্ত; পাতৰ আকাৰ ডাঙৰ; আৰু সৰু, বগা সন্ধিয়া সময়ত ফুলা ফুল ফুলে।
-
চিতল মাছ
চিতল মাছ প্ৰধানকৈ ভাৰত, বাংলাদেশ, নেপাল আৰু পাকিস্তান প্ৰভৃতি দেশৰ সিন্ধু, গংগা, ব্ৰহ্মপুত্ৰ, মহানদী আদি বিভিন্ন নদীৰ অৱবাহিকা অঞ্চলতপোৱা যায়। ইংৰাজীত ইয়াক এবিধ নাইফ-ফিছ (knifefish) অথবা ইণ্ডিয়ান ফেডাৰবেক (Indian featherback) বুলিও জনা যায়। চিতল মাছৰ বৈজ্ঞানিক নাম ছিতলা ছিতলা (Chitala chitala)।
-
চিপাহীজলা বন্যপ্ৰাণী অভয়াৰণ্য
চিপাহীজলা বন্যপ্ৰাণী অভয়াৰণ্য (Sepahijala Wildlife Sanctuary) হৈছে ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ পশ্চিম ত্ৰিপুৰা জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য।
-
চীনা গোলাপ
ৰ’জা চাইনেন্ছিছ, ইংৰাজীত সাধাৰণতে চাইনা ৰ’জ বা চাইনিজ ৰ’জ নামেৰে পৰিচিত। ই ৰ’জা বা গোলাপ গণৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ। ই দক্ষিণ পশ্চিম চীনৰ এক থলুৱা উদ্ভিদ। আলংকাৰিক উদ্ভিদ হিচাপে ইয়াৰ খেতি কৰা হয়। ই এবিধ গুল্মজাতীয় উদ্ভিদ। উচ্চতা প্ৰায় ১–২ মিটাৰ। ফুলৰ পাঁচটা পাহি থাকে।
-
চেনীপুঠি
চেনীপুঠি (olive barb, বৈজ্ঞানিক নাম: Systomus sarana) হৈছে চাইপ্ৰিনীড জাতিৰ এবিধ মাছ। এই মাছবিধ থলুৱাভাৱে আফগানিস্তান, ভাৰত, নেপাল, বাংলাদেশ, পাকিস্তান, ভূটান, শ্ৰীলংকা, থাইলেণ্ড আৰু ম্যানমাৰত পোৱা যায়। একোটা চেনীপুঠি ফিছালৈকে ৪২ চে:মি: (১৭ ইঞ্চি) পৰ্যন্ত দীঘল হ'ব পাৰে।
-
চেপেটা লতা
চেপেটা লতা হৈছে ভিটাচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ লতাজাতীয় উদ্ভিদ। ই এছিয়া আৰু অষ্ট্ৰেলিয়াৰ থলুৱা উদ্ভিদ। ইয়াৰ ইংৰাজী নাম হৈছে, বুছ গ্ৰেপ (bush Grape), ফক্স−গ্ৰেপ (fox-grape), থ্ৰী−লিভড−ৱাইল্ড ভাইন (three-leaved wild vine) বা থ্ৰীলিফ কাইৰাচিয়া (threeleaf cayratia)।
-
চেলকণা মাছ
চেলকণা (Boopis razorbelly minnow, বৈজ্ঞানিক নাম: Salmostoma boopis) Salmostoma গণৰ অন্তৰ্গত এবিধ সৰু মাছ। ভাৰতৰ বিভিন্ন প্ৰান্তত এই মাছবিধ পোৱা যায়। নদীসমূহৰ অগভীৰ অঞ্চল এই মাছবিধৰ বিচৰণ ক্ষেত্ৰ। ৰূপালী বৰণৰ মাছবিধৰ দৈৰ্ঘ্য ১২ ছেমি পৰ্যন্ত হ'ব পাৰে।
-
ছিৰোহি ৰাষ্ট্ৰীয় উদ্যান
ছিৰোহি ৰাষ্ট্ৰীয় উদ্যান ( Sirohi National Park) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যত অৱস্থিত। ভাৰত-ম্যানমাৰ সীমান্তৰ ওচৰত অৱস্থিত এইখন সৰু সংৰক্ষিত অঞ্চল। ১৯৮২ চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। ভূখণ্ড পাহাৰীয়া আৰু ইয়াৰ মাজতে উপত্যকা আছে। নিকটতম চহৰ-উখৰুল (৫ কিলোমিটাৰ)।