অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

মণিছাল

মণিছাল ( বৈজ্ঞানিক নাম: Sapindus mukorossi; বঙালী: ৰিঠা; মিচিং: হাইটা-গুটি; কাৰবি: ডাক্ ডাক্ আৰং; কাছাৰ:হাইঠাল, ফুআঠাই, খাচিয়া: দিয়েং স্পিয়েং ৰাহ; তাই-আহোম: টুন্-মাক-চাক; বড়ো:মণিছাল) চেপিন্দেচি (Sapindaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ পৰ্ণপাতী বনৰীয়া গছ।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৫ ৯২ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

মণিছাল ( বৈজ্ঞানিক নাম: Sapindus mukorossi; বঙালী: ৰিঠা; মিচিং: হাইটা-গুটি; কাৰবি: ডাক্ ডাক্ আৰং; কাছাৰ:হাইঠাল, ফুআঠাই, খাচিয়া: দিয়েং স্পিয়েং ৰাহ; তাই-আহোম: টুন্-মাক-চাক; বড়ো:মণিছাল১) চেপিন্দেচি (Sapindaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ পৰ্ণপাতী বনৰীয়া গছ। ইয়াৰ ফলক ইংৰাজীত Indian soapberry বা washnut২ বুলি কোৱা হয়।

বিস্তৃতি

মণিছাল ভাৰতবৰ্ষৰ থলুৱা উদ্ভিদ। এই গছ ভাৰত আৰু নেপালৰ হিমালয়ৰ পাদদেশত সাগৰ-পৃষ্ঠৰ পৰা ৪০০০ ফুট উচ্চতালৈকে প্ৰাকৃতিকভাৱে বিস্তৃত হৈ আছে। ৩৪৫ এই গছ কম সাৰুৱা মাটিতো উৎপন্ন হ’ব পাৰে।৬৭

বিৱৰণ

মণিছাল গছৰ বাকলিৰ বৰণ মদৰুৱা হয় আৰু এই বাকলিৰ উপৰিভাগত সেউজীয়া বৰণৰ আভাস থাকে। বাকলিৰ ওপৰত দীঘল দীঘল ৰেখাৰ উদ্ভৱ হয়।১

পাতৰ আকৃতি দীঘল চানেকীয়া। মূল পাতৰপৰা কেইবাখিলাও শাখা পাত ওলায়। ফুলবোৰ থোপাথোপে ফুলে। ফুলৰ আকাৰ সৰু হয়। ফুল পুৰঠ হ’লে ঘূৰণীয়া আকৃতিৰ ফল ধৰে। ফলৰ উপৰিভাগে মেৰুটা-মেৰুটি হৈ শোটোৰা পৰাৰ আকৃতি ধাৰণ কৰে। বাকলিখনৰ ভিতৰত একোটাকৈ ঘূৰণীয়া আকাৰৰ গুটি ধৰে। ১

ব্যৱহাৰ

মণিছালৰ ফল
মণিছালৰ ফলছবি: Salil Kumar Mukherjee · CC BY-SA 4.0
মণিছালৰ গুটি
মণিছালৰ গুটিছবি: CC BY-SA 3.0

মণিছাল গছৰ গুটিৰ ব্যৱহাৰ গুৰুত্বপূৰ্ণ।২ ইয়াৰ গুটিত চেপ’নিন (saponin) নামৰ এটা যৌগ থাকে যি প্ৰাকৃতিকভাৱে পৰিষ্কাৰকৰণ (cleansing) ত সহয় কৰে। সেয়ে মণিছালৰ গুটিৰে চুলি, চাল আৰু কাপোৰকানি পৰিষ্কাৰ কৰা হয়।৪

মণিছাল পতংগৰোধক (insecticides) হিচাপেও ব্যৱহাৰ কৰা হয়। ই চলুৰ পৰা উকণি নিৰ্মুলতো সহায় কৰে।২

এটা গৱেষণাই প্ৰকাশ কৰিছে যে, মাইগ্ৰেইন বা ছালৰ বিভিন্ন ৰোগ নিৰাময়তো মণিছালৰ গুটিৰ উপযোগীতা আছে।২

তদুপৰি তেলৰ খনিৰ পৰা তেল উলিওৱাতো মণিছালৰ গুটিৰ সম্ভাৱনীয় ব্যৱহাৰৰ বিষয়ে তথ্য পোৱা গৈছে।৮৯

তথ্যসূত্ৰ

  1. ↑ ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
  2. ↑ Upadhyay, A., & Singh, D. K. (2012). Pharmacological effects of Sapindus mukorossi. Revista do Instituto de Medicina Tropical de São Paulo. পৃ. 273–280
  3. ↑ Orwa C. A., Mutua, K. R., & Jamnadasss R. S. A. (2009) Agroforestree Database: a tree reference and selection guide (version 4.0). Retrieved from www.worldagroforestry.org/treedb/AFTPDFS/Sapindu
  4. ↑ Sharma, A.; Sati, S. C.; Sati, O. (2011). Chemical constituents and bio activities of genus Sapindus. International Journal of Research in Ayurveda & Pharmacy. পৃ. 403–409
  5. ↑ Sarin, J. L.; Beri, M. L. (1939). Extraction of saponin from soapnut. Industrial and Engineering Chemistry. পৃ. 712–713
  6. ↑ Forestry Nepal (2014). Sapindus mukorossi. Retrieved from www.forestrynepal.org/resources/trees/sapindus-m
  7. ↑ Poudel, K. L. (2011). Trade potentiality and ecological analysis of NTFPs in Himalayan Kingdom of Nepal. Himalayan Research Papers Archives, 61 . Retrieved from hdl.handle.net/1928/3300
  8. ↑ Chhetri, A. B.; Watts, K. C.; Rahman, M. S. (2009). Soapnut extract as a natural surfactant for enhanced oil recovery. Energy Sources, Part A: Recovery, Utilization, and Environmental Effects. পৃ. 1893–1903
  9. ↑ Mukhopadhyay, S.; Hashim, M. A.; Sahu, J. N. (2013). Comparison of a plant based natural surfactant with SDS for washing of As(V) from Fe rich soil. Journal of Environmental Sciences. পৃ. 2247–2256

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগতঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মণিছাল” প্ৰবন্ধৰ সংশোধন ৫৪০৪১৭ (২৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।