অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

মোৱা মাছ

মোৱা মাছ (ইংৰাজী: mola carplet; বৈজ্ঞানিক নাম: Amblypharyngodon mola) হৈছে ডেনিঅ’নিডি পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সৰু আকাৰৰ কাৰ্পজাতীয় মাছ। এই মাছবিধ আফগানিস্তান, পাকিস্তান, ভাৰত, বাংলাদেশ আৰু ম্যানমাৰত পোৱা যায়, অৱশ্যে আইইউচিএন (IUCN)-এ কেৱল পাকিস্তান, ভাৰত আৰু বাংলাদেশতহে ইয়াৰ উপস্থিতি নিশ্চিত…

হালনাগাদ: ১২ আগষ্ট ২০২৬ ৬৭ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ
মোৱা মাছ
মোৱা মাছছবি: Francis Day · Public domain

মোৱা মাছ (ইংৰাজী ভাষা: mola carplet; বৈজ্ঞানিক নাম: Amblypharyngodon mola) হৈছে ডেনিঅ’নিডি পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সৰু আকাৰৰ কাৰ্পজাতীয় মাছ। এই মাছবিধ আফগানিস্তান, পাকিস্তান, ভাৰত, বাংলাদেশ আৰু ম্যানমাৰত পোৱা যায়, অৱশ্যে আইইউচিএন (IUCN)-এ কেৱল পাকিস্তান, ভাৰত আৰু বাংলাদেশতহে ইয়াৰ উপস্থিতি নিশ্চিত বুলি গণ্য কৰে।১ পূৰ্ণাংগ মোৱা মাছ সাধাৰণতে পুখুৰী, জান-জুৰি, বিল, লেহেমীয়া সোঁতৰ নদী, নলা আৰু ধাননি পথাৰত পোৱা যায়। ইহঁত মুঠ দীঘলে প্ৰায় ২০ চেণ্টিমিটাৰ পৰ্যন্ত হ’ব পাৰে। ভাৰতীয় উপমহাদেশত খাদ্য হিচাপে মোৱা মাছৰ এক বিশেষ গুৰুত্ব তথা মূল্য আছে।১২

তথ্যসূত্ৰ

  1. ↑ Chaudhry, S. (2010). Amblypharyngodon mola
  2. ↑ Gupta, Sandipan; Banerjee, Samir. (2014). Feeding and Breeding Biology of Amblypharyngodon mola – A Review. International Journal of Aquatic Biology

সম্পৰ্কিত শ্ৰেণী

মাছ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোৱা মাছ” প্ৰবন্ধৰ সংশোধন ৬২৬৬০৮ (১২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।