অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

বিয়নী সাবটা

বিয়নী সাবটা (বৈজ্ঞানিক নাম: Desmodium laburnifolium) লেগুমিনেছি (Leguminaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ বনৰীয়া গছ৷

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ৮৭ শব্দ · ১ মিনিট সংগৃহীত ৩৭
সংশোধনৰ পৰামৰ্শ

বিয়নী সাবটা (বৈজ্ঞানিক নাম: Desmodium laburnifolium) লেগুমিনেছি (Leguminaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ বনৰীয়া গছ৷১

বিৱৰণ

বিয়নী সাবটাৰ মূল ঠাৰিডাল সৰু আৰু সেউজ-বুলীয়া হয়৷ এই ঠাৰিৰ মাজে মাজে সেৰেঙাকৈ গাঁঠিৰ উৎপত্তি হয়৷ প্ৰত্যেকটো গাঁঠিত দুখিলা দুখিলাকৈ বিপৰীতমুখী আৰু সেউজীয়া পাত ওলায়৷ পাতবোৰ পাতল চানেকীয়া, লেহুকা আৰু ডিম্বাকৃতিৰ হয়৷ পাতৰ সিৰ আৰু উপসিৰাবিলাক স্পষ্টকৈ বিকশিত নহয়৷ গাঁঠিত আৱিৰ্ভাৱ হোৱা পাত দুখিলা ওপৰৰ পৰা একো একোডাল দীঘল ঠানিৰ উৎপত্তি হয়৷ এই ঠানিবোৰৰ পৰা সৰু আকাৰৰ সেউজীয়া ফুলৰ পাহি ওলায়৷

বিয়নী সাবটাৰ ফুলৰ সন্মুখভাগ কাইটৰ দৰে জোঙা হয়৷ কাপোৰত এই ফুলবোৰ লাগি ধৰে৷১

তথ্যসূত্ৰ

  1. ↑ ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগতঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিয়নী সাবটা” প্ৰবন্ধৰ সংশোধন ৫৪০৫৫৯ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।