অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

অটল উদ্যান

অটল উদ্যান হ'ল গুৱাহাটীৰ মালিগাঁও অঞ্চলৰ আদাবাৰী তিনিআলীত অৱস্থিত এখন চহৰীয়া উদ্যান।

হালনাগাদ: ২২ আগষ্ট ২০২৫ ১১০ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

অটল উদ্যান হ'ল গুৱাহাটীৰ মালিগাঁও অঞ্চলৰ আদাবাৰী তিনিআলীত অৱস্থিত এখন চহৰীয়া উদ্যান।

ইতিহাস

গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই মহানগৰীৰ সৌন্দৰ্য্যবৰ্ধন কাৰ্যসূচীৰ অংশ হিচাপে ২০১৭ চনৰ শেষৰফালে এই প্ৰকল্পটো হাতত লৈছিল।১ অসম ৰাজ্যিক গৃহ নিৰ্মাণ ব'ৰ্ডৰপৰা অধিগ্ৰহণ কৰা মাটিত অটল উদ্যান নিৰ্মাণ হয়। প্ৰায় ₹ ৮.৭৪ কোটি টকা ব্যয়েৰে ৮ বিঘা (২.৬ একৰ) মাটিত উদ্যানখন নিৰ্মাণ কৰা হয়।২

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ ৯৭সংখ্যক জন্ম জয়ন্তীৰ এদিন পূৰ্বে ২০২১ চনৰ ২৪ ডিচেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্যানখন উদ্বোধন কৰে।২

বৈশিষ্ট্যসমূহ

উদ্যানখনত তলত দিয়া বৈশিষ্ট্যসমূহ আছে:

  • ২৫০ জন দৰ্শকৰ ক্ষমতা থকা এম্ফিথিয়েটাৰ
  • ধ্যানশালা
  • জিৰণি লোৱাৰ বাবে কিয়স্ক
  • মুকলি আকাশৰ তলত জিমনেছিয়াম (জিমখানা)
  • শিশুৰ খেলপথাৰ
  • ফোয়াৰা
  • জাপানী উদ্যান
  • স্ক্ৰেপ আৱৰ্জনা ভাস্কৰ্য শাল
  • শিৱ মন্দিৰ

তথ্যসূত্ৰ

  1. ↑ (5 July 2023). গুৱাহাটী উদ্যানসমূহ কেতিয়া বন্ধ থাকে জানক. G Plus
  2. ↑ (24 December 2021). অটল বিহাৰী বাজপেয়ীৰ স্মৃতিত নতুন উদ্যান উদ্বোধন কৰিলে অসম মুখ্যমন্ত্ৰীয়ে. ইণ্ডিয়া টুডে

সম্পৰ্কিত শ্ৰেণী

উদ্যানগুৱাহাটী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অটল উদ্যান” প্ৰবন্ধৰ সংশোধন ৫৩৪৪৭০ (২২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।