স্তন্যপায়ী প্ৰাণী
৬৫ প্ৰবন্ধ
-
হাতী
হাতী (Elephas maximus) এলিফাছ গোত্ৰৰ একমাত্ৰ জীৱিত প্ৰজাতি আৰু দক্ষিণ-পূব এছিয়াৰ আটাইতকৈ বৃহৎ স্থলচৰ স্তন্যপায়ী। বনাঞ্চল হ্ৰাস আৰু মানুহ-হাতী সংঘাতে ইয়াৰ সংখ্যা কমাই আনিছে, সেয়েহে ই আই ইউ চি এন ৰঙা তালিকাত সংকটাপন্ন (EN) শ্ৰেণীত অন্তৰ্ভুক্ত।
-
সুগৰী পহু
সুগৰী পহু (Muntiacus muntjak) দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত বিস্তৃত এটা সৰু আকাৰৰ হৰিণজাতীয় স্তন্যপায়ী। একাকী স্বভাৱ, বহুপ্ৰজনন, আৰু ৬–৭ মাহীয়া গৰ্ভধাৰণ-সময় আদি বৈশিষ্ট্যৰ বাবে ই অন্য বহু হৰিণৰ পৰা পৃথকভাৱে চিহ্নিত।
-
এশিঙীয়া গঁড়
এশিঙীয়া গঁড় (Rhinoceros unicornis) দক্ষিণ এছিয়াৰ ঘাঁহনি-জলাভূমি পৰিবেশৰ এক বিশেষ বৃহৎ স্তন্যপায়ী, যাৰ কপালত এটা খড়্গ থাকে। বৰ্তমান ই সীমিত অঞ্চলতহে পোৱা যায় আৰু সংৰক্ষণৰ দিশত ইয়াৰ অৱস্থা আই ইউ চি এন ৰঙা তালিকাত VU হিচাপে চিহ্নিত।
-
নাহৰফুটুকী বাঘ
নাহৰফুটুকী বাঘ (Leopard) ফেলিডি গোত্ৰৰ পেন্থেৰা বৰ্গৰ এটা বৃহৎ মেকুৰীজাতীয় ভক্ষক, যি দ্ৰুত, চুপিচাপ চলা আৰু সুযোগসন্ধানী চিকাৰ কৌশলৰ বাবে পৰিচিত। আফ্ৰিকাত ইয়াৰ উপস্থিতি বিশেষভাৱে উল্লেখযোগ্য যদিও বাসস্থান হ্ৰাস আৰু চোৰাংচিকাৰৰ চাপত বহু অঞ্চলত বিস্তৃতি কমি আহিছে, আৰু আইইউচিএন-ৰ ৰেড লিষ্টত ই…
-
শৰপহু
শৰপহু (Sambar) দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত বিস্তৃত এক বৃহৎ দেহৰ পহু, যাৰ বৈজ্ঞানিক নাম Rusa unicolor। ই বহু অৰণ্য পৰিৱেশত গুৰুত্বপূৰ্ণ তৃণভোজী, আৰু বাঘৰ প্ৰিয় চিকাৰৰূপে পৰিচিত।
-
মানুহ
আধুনিক মানুহ বা মানৱ হৈছে বনমানুহৰ অন্তৰ্গত হ'মিনি গোত্ৰৰ একমাত্ৰ জীৱিত উত্তৰসূৰী; বৈশিষ্ট্য হৈছে দুভৰিৰ সহায়ত থিয় হব পৰা আৰু চলাচল কৰিব পৰা, সজূলিৰ ব্যৱহাৰ, ডাঙৰ আৰু অধিক জটিল মগজু আৰু সমাজপ্ৰিয়।
-
স্তন্যপায়ী প্ৰাণী
স্তন্যপায়ী হৈছে মেৰুদণ্ডী উপ-পৰ্বৰ অন্তৰ্গত জীৱ প্ৰজাতি। অন্য মেৰুদণ্ডী চৰাই আৰু সৰিসৃপৰ লগত থকা স্তন্যপায়ীৰ প্ৰধান পাৰ্থক্যসমূহ হৈছে, দেহত থকা নোম, মধ্য কৰ্ণৰ তিনিডাল হাড়, স্তন্য গ্ৰন্থি, আৰু মগজুৰ নিঅ'কৰ্টেক্স।
-
গৰু
গৰু — হৈছে এবিধ পোহনীয়া স্তন্যপায়ী জন্তু। ইহঁত Bovinae উপ-পৰিয়ালৰ আধুনিক সদস্য, Bos গণৰ অতি বিস্তাৰিত প্ৰজাতি, আৰু বেছিভাগকে Bos taurus বুলি শ্ৰেণীবিভাজিত কৰা হৈছে আৰু টাউৰিন গৰু বুলিও কোৱা হয়। পূৰ্ণবয়স্ক মাইকী গৰুক গাই (cows) আৰু পূৰ্ণবয়স্ক মতা গৰুক ষাঁড় (bulls) বা বলধ বোলে।
-
গাহৰি
পোহনীয়া গাহৰি, হৈছে এবিধ ডাঙৰ, খুৰা যুক্ত প্ৰাণী; ইহঁতক এটা নিৰ্দিষ্ট প্ৰজাতি অথবা বনগাহৰিৰ উপ-প্ৰজাতি বুল্ গণ্য কৰা হয়। ইহঁতৰ মূৰ আৰু দেহৰ দৈৰ্ঘ্য প্ৰায় ০.৯ৰ পৰা ১.৮ মিটাৰ (৩৫ৰ পৰা ৭১ ইঞ্চি) পৰ্যন্ত হয়, আৰু পূৰ্ণ বয়স্কৰ ওজন ৫০ৰ পৰা ৩৫০ কিলগ্ৰাম (১১০ৰ পৰা ৭৭০ পাউণ্ড) পৰ্যন্ত হয়।
-
ঘোঁৰা
ঘোঁৰা হৈছে এক প্ৰকাৰৰ তৃণভোজী প্ৰাণী। প্ৰায় ৪৫ৰ পৰা ৫৫ নিযুত বছৰ আগতেই ঘোঁৰাৰ বিৱৰ্তন আজিৰ ৰূপ পাইছে বুলি বিজ্ঞানীসকলে কয়। প্ৰায় ৪০০০ খ্ৰীষ্ট পূৰ্ৱতেই মানুহে ঘোঁৰাক পোহনীয়া কৰিছিল। উপ-প্ৰজাতি caballusৰ অন্তৰগত সদস্যবোৰ পোহনীয়া, যদিও কিছুমান পোহনীয়া ঘোঁৰা অৰণ্যত Feral horse হিচাপে বাস কৰে।
-
ঢেঁকীয়াপতীয়া বাঘ
ঢেঁকীয়াপতীয়া বাঘ (Bengal tiger, বৈজ্ঞানিক নাম: Panthera tigris tigris) বাঘৰ এটা প্ৰখ্যাত উপপ্ৰজাতি। শেহতীয়া তথ্য অনুসৰি ভাৰতত ইয়াৰ জনসংখ্যা ১,৭০৬-১,৯০৯ টা, বাংলাদেশত ৪৪০ টা, নেপালত ১৬৩-২৫৩টা আৰু ভূটানত প্ৰায় ৬৭-৮১ টা। ২০০০ চনত আই.ইউ. চি.
-
শিয়াল
শিয়াল (Jackal) শিয়াল আফ্ৰিকা আৰু ইউৰেছিয়াৰ কেনিডি পৰিয়ালৰ এবিধ স্থানীয় প্ৰজাতি। শিয়ালৰ ইংৰাজী "জ্যাকেল" শব্দটো ঐতিহাসিকভাৱে কেনিডি পৰিয়ালৰ বহুতো প্ৰজাতিৰ বাবে ব্যৱহাৰ কৰা হৈছে যদিও আধুনিক যুগত সাধাৰণতে তিনিটা প্ৰজাতিক বুজায়৷ সেই কেইটা হৈছে মধ্য আৰু দক্ষিণ আফ্ৰিকাৰ ঘনিষ্ঠ সম্পৰ্কীয় ক'লা…
-
মেচেকা
মেচেকা (Fishing cat, বৈজ্ঞানিক নামঃ Prionailurus viverrinus) এবিধ মেকুৰী জাতীয় জন্তু। ইয়াক নামনি অসমত মাছপইতা আৰু জিনাৰ বুলি কয়। মেচেকা হ'ল দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ এবিধ মজলীয়া আকাৰৰ বনৰীয়া মেকুৰী জাতীয় প্ৰাণী।
-
লাজুকী বান্দৰ
লাজুকী বান্দৰ ( Bengal slow loris) প্ৰধানতঃ ভাৰত উপমহাদেশ তথা ইণ্ডোনেচিয়াত পোৱা বান্দৰৰ এটা প্ৰজাতি। সমগ্ৰ বিশ্বত পোৱা অন্যান্য পাঁচটা লাজুকী বান্দৰৰ প্ৰজাতিৰ ভিতৰত এই প্ৰজাতিটোয়ে আটাইতকৈ বহুলভাৱে বিস্তৃত।
-
মেঠোন
মেঠোন (Gaur, Indian bison, বৈজ্ঞানিক নাম-Bos gaurus) দক্ষিণ-পূব এছিয়াৰ এবিধ বৃহৎ আকাৰৰ স্থানীয় প্ৰজাতি৷ এই প্ৰজাতিবিধ আই ইউ চি এন ৰঙা তালিকাত অসুৰক্ষিত হিচাপে স্বীকৃতি দিয়া হৈছে৷৷ মেঠোনৰ দেহৰ উচ্চতা বনৰীয়া Cattle সমূহৰ ভিতৰত সৰ্বাধিক৷
-
ৰাংকুকুৰ
ৰাংকুকুৰ (Dhole; বৈজ্ঞানিক নামঃ Cuon alpinus) হ'ল এচিয়া মহাদেশৰ ৰঙা-মুগা বনৰীয়া কুকুৰ৷ ঘৰচীয়া কুকুৰ বা কুকুৰনেচিয়া বাঘতকৈ ইয়াৰ ঠেং কেইটা তুলনামূলকভাৱে চুটি,নেগুৰ জোপোহা ধৰণৰ আৰু ঘন ঘন দাঁতৰ পাৰি৷ ইয়াক Asiatic Wild Dog বুলিও জনা যায়৷ ইয়াৰ পোৱালীবোৰ জন্ম হওঁতে ধোঁৱাবৰণীয়া হয় আৰু প্ৰায়…
-
ভালুক
ভালুক (ইংৰাজী: Bear) হ'ল আৰ্ছিডি পৰিয়ালৰ অন্তৰ্গত এবিধ স্তন্যপায়ী প্ৰাণী। ভালুকবোৰ মাংসভোজী প্ৰাণী। বৰ্তমান পৃথিৱীত মাত্ৰ আঠটা প্ৰজাতিৰ ভালুক উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ইউৰোপ, আৰু এচিয়া মহাদেশত দেখা পোৱা যায়।
-
ভেড়া
ভেড়া হৈছে এবিধ চাৰিঠেঙীয়া পোহনীয়া জন্তু। ইহঁত আৰ্টিঅডাকটাইলা বৰ্গৰ অন্তৰ্গত অভিছ গণৰ প্ৰজাতি। ইউৰোপ আৰু এছিয়াৰ বন্য Mouflonৰ পৰা ভেড়াৰ উদ্ভৱ হৈছিল। ইহঁতক কৃষি, ঊণ, মাংস আৰু গাখীৰৰ বাবে পালন কৰা হয়। ভেড়াৰ ঊণ হৈছে একপ্ৰকাৰৰ বহুল ব্যৱহৃত জৈৱিক আঁহ।
-
হেপা
হেপা বা হাপা(Jungle cat, বৈজ্ঞানিক নামঃ Felis chaus) এবিধ বনৰীয়া মেকুৰী। ইয়াক ককেছাচ অঞ্চল, দক্ষিণত, মধ্য প্ৰাচ্য, দক্ষিণ আৰু দক্ষিণ পূব এছিয়াত পোৱা যায়। হেপাৰ নোম ভিন্নতাহীন বালিচহীয়া, ৰঙা-বাদামী বা ধূসৰ ৰঙৰ দাগবিহীন; মেলানিষ্টিক আৰু এলবিনো হেপাও পোৱা যায়।
-
কুকুৰ
পোহনীয়া কুকুৰ (Canis lupus familiaris বা Canis familiaris) হৈছে canid গোটৰ কিছুমান স্তন্যপায়ী প্ৰাণী। কুকুৰে মানুহৰ বাবে বহু কাম কৰে, যেনে চিকাৰ, herding, বোজা কঢ়িওৱা, সুৰক্ষা প্ৰদান, পুলিচৰ সহায় আৰু মিলিটেৰী সহায়, সংগী, আৰু, একেবাৰে শেহতীয়াকৈ, বিকলাংগ ব্যক্তিৰ সহায় আদি।
-
খটীয়া পহু
খটীয়া পহু(Indian Hog deer, বৈজ্ঞানিক-Axis porcinus), এবিধ হৰিণ জাতীয় জন্তু। ভাৰতৰ অসমত ইয়াৰ সংখ্যা সৰ্বাধিক। ই এটা বিপদাপন্ন প্ৰজাতি। ই সাধাৰণতে মুকলি ঠাইত বিচৰণ কৰে। কেতিয়াবা ইয়াক খেতি পথাৰত আৰু জাৰণিৰ দৰে হাবিতো দেখা যায়।
-
বন-ৰৌ
বন-ৰৌ বা কেমটাই পহু (Pangolin) আফ্ৰিকা আৰু এছিয়া মহাদেশত দেখিবলৈ পোৱা এবিধ চাৰিঠেঙীয়া জন্তু।
-
দল-হৰিণা
দল-হৰিণা (Barasingha or Swamp deer) ভাৰতবৰ্ষ, দক্ষিণ-পশ্চিম নেপাল তথা পাকিস্তানৰ কিছু অংশত বিস্তৃত হৈ থকা এবিধ পহুৰ প্ৰজাতি৷ পূৰ্বতে বাংলাদেশ তো পোৱা গৈছিল যদিও এই প্ৰাণীবিধৰ আটাইতকৈ বৈশিষ্ট্যপূৰ্ণ অংগটো হৈছে ইয়াৰ শিং (antler)৷ একোটা পূৰ্ণবয়স্ক প্ৰাণীৰ শিঙত ১০-১৪ ডালকৈ ভাগ (tine) থকা দেখা যায়৷…
-
সিংহ
সিংহ, পেন্থেৰা লিঅ' হৈছে পেন্থেৰা গণৰ অন্তৰ্গত এবিধ স্তন্যপায়ী প্ৰাণী। ইহঁত ফেলেডি পৰিয়ালৰ পাঁচ প্ৰকাৰৰ বৃহৎ মেকুৰীজাতীয় প্ৰাণীৰ অন্যতম। আফ্ৰিকীয় সিংহ বুলিলে আফ্ৰিকাৰ অৰণ্যত পোৱা কেইবা প্ৰকাৰৰ উপ-প্ৰজাতিক বুজায়।
-
মেকুৰী
পোহনীয়া মেকুৰী (Felis catus বা Felis silvestris catus) ইহঁতৰ চিকাৰ ধৰাৰ ক্ষমতা আৰু সংগলাভৰ সুবিধাৰ বাবে ইহঁতক মানুহে বৰ গুৰুত্ব দিয়ে। মেকুৰীৰ শক্তিশালী গা, আৰু সৰু চিকাৰ মাৰিব পৰা চোকা দাঁত থাকে। ইহঁতে প্ৰতিক্ৰিয়া বৰ খৰ।
-
ৰঙা পাণ্ডা
ৰঙা পাণ্ডা (Red Panda, বৈজ্ঞানিক নাম-Ailurus fulgens) এবিধ সৰু আকাৰৰ গছত থকা স্তন্যপায়ী প্ৰাণী। ইয়াক সাধাৰণতে পূব হিমালয় আৰু দক্ষিণ-পশ্চিম চীনত দেখা পোৱা যায়।
-
প্ৰাইমেট
প্ৰাইমেট হৈছে Primates (; লেটিন: "prime, প্ৰথম স্থান") বৰ্গৰ অন্তৰ্গত স্তন্যপায়ী প্ৰাণী। জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনত, প্ৰাইমেট বুলিলে দুটা প্ৰধান শৃংখল, strepsirrhines আৰু haplorhinesক বুজায়।
-
বনৰীয়া ম’হ
বনৰীয়া ম'হ (Asiatic water buffalo, বৈজ্ঞানিক নাম: Bubalus arnee)এটা ডাঙৰ আকাৰৰ ম'হৰ প্ৰজাতি। ই সমগ্ৰ দক্ষিণ-পূব এছিয়াত স্থানীয় প্ৰজাতি। আই.ইউ.চি. এনৰ ৰঙা তালিকাত এই প্ৰাণীবিধক সংকটগ্ৰস্ত ( endangered species)বুলি স্বীকৃতি দিয়া হৈছে। বৰ্তমান ইয়াৰ জনসংখ্যা ৪,০০০ তকৈও কম বুলি ধাৰণা কৰা হৈছে।
-
বাদুলি
বাদুলি (Bat) পৃথিৱীৰ একমাত্ৰ উৰণ ক্ষমতা বিশিষ্ট স্তন্যপায়ী প্ৰাণী। ই চৰাইৰ দৰে উৰিব পাৰে। বাদুলিৰ সমসংস্থ অংগ (Homologous organ) ডেউকালৈ পৰিবৰ্তীত হৈছে। ইয়াৰ ডেউকা পাতল চামৰাৰে আবৃত আৰু গাটো নোমেৰে আৱৰি আছে।
-
শিহু
শিহু (Ganges River Dolphin; বৈজ্ঞানিক নাম: Platanista gangetica gangetica) ভাৰত, বাংলাদেশ, আৰু নেপালৰ নদীত পোৱা ডলফিনৰ এক প্ৰজাতি। এই ডলফিনৰ প্ৰজাতি সাধাৰণতে গঙ্গা নদী আৰু ব্ৰহ্মপুত্ৰ নদ আৰু বাংলাদেশ আৰু নেপালত প্ৰৱাহিত ইহঁতৰ উপনদী সমূহত দেখা যায়।