উদ্ভিদজগত
১৪৯ প্ৰবন্ধ
-
আদা
আদা এবিধ শিপাজাতীয় উদ্ভিদ; ইয়াৰ শিপা (ৰাইজ’ম) মছলা আৰু বনৌষধি হিচাপে সৰ্বাধিক ব্যৱহৃত। দক্ষিণ-পূব এছিয়াৰ থলুৱা এই উদ্ভিদ বৰ্তমান বিশ্বজুৰি খেতি কৰা হয় আৰু ভাৰত তথা অসমত ইয়াৰ উৎপাদন বিশেষ গুৰুত্বপূর্ণ।
-
সপুষ্পক উদ্ভিদ
সপুষ্পক উদ্ভিদ বা ফুল ফুলা উদ্ভিদ হল পৃথিৱীৰ আটাইতকৈ অধিক বৈচিত্ৰময় স্থল উদ্ভিদ। এই উদ্ভিদ সমূহত ফুল ফুল আৰু ইয়াৰ ফল সমূহৰ ভিতৰত বীজ সমূহ সুৰক্ষিত হৈ থাকে। বীজ সমূহৰ ভিতৰত এটা বা দুটা দল থাকে আৰু এই দল সমূহৰ ভিক্তিত ইয়াক একবীজপত্ৰি আৰু দ্বিবীজপত্ৰি হিচাপে ভাগ কৰা হৈছে।
-
নহৰু
নহৰু (Garlic) (বৈজ্ঞানিক নাম: Allium sativum) হৈছে এলিয়াম প্ৰজাতিৰ এবিধ উদ্ভিদ। ইয়াৰ নিকটতম ঘনিষ্ঠ আত্মীয় হৈছে পিঁয়াজ। ই দক্ষিণ এছিয়া, মধ্য এছিয়া আৰু উত্তৰ-পূব ইৰাণৰ স্থানীয় উদ্ভিদ। দীৰ্ঘদিন ধৰি বিশ্বজুৰি ইয়াক জুতি হিচাপে ব্যৱহাৰ কৰা হৈছে, ইয়াৰ ইতিহাস কেইবা হাজাৰ বছৰ পুৰণি।
-
ঔ টেঙা
ঔ টেঙা (বৈজ্ঞানিক নাম:Dillenia indica, ইংৰাজী: Elephant Apple)) অসমৰ স্থানীয় উদ্ভিদ। ই দক্ষিণ-পূব এছিয়াৰ পৰা ভাৰত, বাংলাদেশ, শ্ৰী লংকাৰ লগতে দক্ষিণ পশ্চিম চীন, ভিয়েটনাম, থাইলেণ্ড, মালয়ছিয়া পৰ্যন্ত বিস্তৃত হৈ আছে। ঔ টেঙা অসমীয়া জনজীৱনৰ লগত ওতপ্ৰোত ভাৱে জড়িত।
-
বন্ধাকবি
বন্ধাকবি হৈছে এবিধ পাতজাতীয় পাচলি, যি বিশ্বৰ বহু ঠাইত ব্যাপকভাৱে খেতি কৰা হয়। ই ব্ৰাচিকেচিয়া পৰিয়ালৰ সদস্য, য'ত ব্ৰকলি, ফুলকবি, বন্ধাকবি আদিও অন্তৰ্ভুক্ত।
-
মূলা
মূলা (reddish), (বৈজ্ঞানিক নাম: Raphanus Raphanistram) হৈছে দক্ষিণ এছিয়াৰ খাদ্যত বিশেষকৈ বাংলাদেশ, ভাৰত আৰু পাকিস্তানত জনপ্ৰিয় এবিধ সপুষ্পক শিপাজাতীয় উদ্ভিদ। ইয়াৰ গছ একবৰ্ষী। মূলা, ডাইকন, বগা মূলা আদি বিভিন্ন অঞ্চলত ইয়াক বিভিন্ন নামেৰে জনা যায়।
-
কলপাত
কলপাত হৈছে কলগছৰ পাত। অসমত কলপাতক কলাপাত বুলিও কোৱা হয়। এজোপা কলগছে ইয়াৰ জীৱন কালত প্ৰায় ৪০খিলা পৰ্যন্ত পাত মেলে। পাতবোৰ যথেষ্ট দীঘলীয়া আৰু বহল। লগতে ই নমনীয় আৰু পানীত নিভিজে বাবে ইয়াৰ বহুল ব্যৱহাৰ হোৱা দেখা যায়। ৰন্ধন কাৰ্য, বস্তু বন্ধা, খাদ্য ৰখা, বস্তু ঢকা ইত্যাদি কামত কলপাতৰ ব্যৱহাৰ হয়।
-
কলমৌ
কলমৌ (বৈজ্ঞানিক নাম: Ipomoea aquatica) পুখুৰী, বিল আৰু দ পথাৰৰ পানীত জন্মা উদ্ভিদ। কলমৌৰ পাতৰ বৰণ সেউজীয়া আৰু গা গছৰ বৰণ গাঢ় বেঙুনীয়া। কলমৌ কাটিলে বা ছিঙিলে বগা আঠা ওলায়। উদ্ভিদজোপাই পাতল বেঙুনীয়া ফুল ধাৰণ কৰে।
-
অশোক ফুল
অশোক গছ এবিধ লেগুম (legume) অৰ্থাৎ মাহজাতীয় শস্য পৰিয়ালৰ Detarioideae উপপৰিয়ালৰ অন্তৰ্গত উদ্ভিদ। ভাৰতীয় উপমহাদেশ আৰু কাষৰীয়া অঞ্চলৰ সাংস্কৃতিক পৰম্পৰাত ই এক গুৰুত্বপূৰ্ণ গছ। ইয়াৰ বৈজ্ঞানিক নাম হৈছে ছাৰাকা অশোকা (Saraca asoca)। ইয়াক কেতিয়াবা ভুলকৈ Saraca indica বুলিও কোৱা হয়।
-
মান ধনিয়া
মান ধনিয়া বা এৰিঞ্জিয়াম ফয়েটিডাম এপিয়েচি পৰিয়ালৰ এবিধ গ্ৰীষ্মমণ্ডলীয় বহুবৰ্ষজীবী উদ্ভিদ। ইয়াক বন ধনিয়া, নগা ধনিয়া, কাটা মচলা, বঙালী মেমেধু আদি নামেৰেও জনা যায়।
-
অমৰা
অমৰা (Hog Plum) এবিধ টেঙাজাতীয় ফলযুক্ত গছ। ই ফিলিপাইনছ আৰু ইণ্ডোনেছিয়াৰ থলুৱা উদ্ভিদ যদিও দক্ষিণ এছিয়া, মূলভূমি দক্ষিণ-পূব এছিয়া، দক্ষিণ চীন আৰু চলোমন দ্বীপপুঞ্জত বিস্তৃতভাৱে প্ৰাকৃতিকীকৰণ হৈছে। ই Anacardiaceae পৰিয়ালৰ অন্তৰ্গত।
-
কদম
কদম (বৈজ্ঞানিক নাম: Neonauclea cadamba ) ভাৰতৰ ঘাইকৈ অসম, পশ্চিমবংগ, আন্দামান দ্বীপপুঞ্জ,আৰু বাংলাদেশৰ এক সাধাৰণ গছ। নীপ, বৃত্তপুষ্প, মেঘাগমপ্ৰিয়, কৰ্ণপূৰক, ভৃঙ্গবল্লভ, মঞ্জুকেশিনী, পুলকি, সৰ্ষপ, প্ৰাবৃষ্য, ললনাপ্ৰিয়, সুৰভি, সিন্ধুপুষ্প ইত্যাদি বিভিন্ন নামেৰে কদম জনাজাত।
-
গাখীৰতী বন
গাখীৰতী বন (বৈজ্ঞানিক নাম: Euphorbia hirta) আমেৰিকাৰ গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ পৰা উৎপত্তি হোৱা এবিধ ক্ৰান্তীয় অপতৃণ। এই উদ্ভিদক কেতিয়াবা এষ্ঠমা-প্লাণ্ট (asthma-plant; হাঁপানি-উদ্ভিদ) বুলিও কোৱা হয়। ই মুকলি ঘাঁহনি, পথৰ কাষত গজা এবিধ নোমযুক্ত বনৌষধি।
-
জেঠুৱা কপৌ
জেঠুৱা কপৌ হৈছে এক পৰাশ্ৰয়ী অৰ্কিড প্ৰজাতি। অসমৰ লগতে চীনৰ গুৱেনজি, গুইঝও আৰু য়ুনান, ভূটান, কম্বোডিয়া, লাওচ, ম্যানমাৰ, থাইলেণ্ড আৰু ভিয়েটনামত এই অৰ্কিডবিধ থলুৱাভাৱে পোৱা যায়। ইংৰাজীত অৰ্কিডবিধক ফক্স ব্ৰাছ অৰ্কিড (Fox Brush Orchid) বুলি জনা যায়।
-
কৃষ্ণচূড়া
কৃষ্ণচূড়া এক বৃক্ষ জাতীয় উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম Delonix regia। এই গছ চমৎকাৰ পত্ৰ-পল্লৱ আৰু জুইৰ দৰে ৰঙা কৃষ্ণচূড়া ফুলৰ বাবে প্ৰসিদ্ধ। ই Fabaceae পৰিয়ালৰ অন্তৰ্ভুক্ত।
-
ঢেঁকীয়া
ঢেঁকীয়া বা ঢেঁকীয়া শাক (বৈজ্ঞানিক নাম: Diplazium esculentum) খাদ্য হিচাপে ব্যৱহৃত এবিধ উদ্ভিদ। এচিয়া আৰু ওচেনিয়াত এই উদ্ভিদ পোৱা যায়। সম্ভৱতঃ ই সৰ্বাধিক গ্ৰহণীয় ঢেকীয়াজাতীয় উদ্ভিদ। ই Athyriaceae পৰিয়ালৰ অন্তৰ্গত Diplazium বৰ্গৰ এবিধ উদ্ভিদ। শ্ৰেণীৰ হিচাপত ই Polypodiopsida-ৰ অন্তৰ্গত।
-
নাৰ্জী
নাৰ্জী গৃহসজ্জাত ব্যৱহাৰ হোৱা এটি সুগন্ধী ফুল। এই ফুলৰ কৃষি প্ৰণালী একেবাৰেই সহজ। ভাৰত উপমহাদেশত অতীতৰে পৰা এই ফুলৰ খেতি আৰু বিভিন্ন কাৰ্য্যত ব্যৱহৃত হৈ আহিছে। নাৰ্জী Compositae গোত্ৰত অন্তৰ্ভুক্ত, বৈজ্ঞানিক নাম Tagetes erecta। । নাৰ্জী ফুল বিভিন্ন জাত আৰু ৰঙৰ হোৱা দেখা যায়।
-
পালেং শাক
পালেং শাক (Spinacia oleracea) এমাৰান্থেচি পৰিয়ালভুক্ত এক প্ৰকাৰৰ সপুষ্পক উদ্ভিদ আৰু জনপ্ৰিয় শাক। ইয়াৰ আদিবাস মধ্য আৰু দক্ষিণ-পশ্চিম এছিয়া। পালেং এবিধ একবৰ্ষজীৱী উদ্ভিদ। পালেং গছ ৩০ চেঃমিঃ পৰ্যন্ত ওখ হয়। অসমত শীতকালত ইয়াৰ খেতি কৰা হয়। ইয়াৰ পাত একান্তৰ, সৰল, ডিম্বাকাৰ বা ত্ৰিভূজাকাৰ।
-
ফাৰ্ণ
ঢেঁকীয়া বৰ্গৰ উদ্ভিদ বা ফাৰ্ণ হৈছে সংবহন উদ্ভিদৰ এটা গোট (জাইলেম আৰু ফ্ল'ইম থকা উদ্ভিদ) যিয়ে ৰেণুৰ জৰিয়তে বংশবৃদ্ধি কৰে আৰু ইয়াৰ বীজ বা ফুল নাথাকে। ইহঁতৰ সংবহন কলা অৰ্থাৎ পানী আৰু পুষ্টিকৰ পদাৰ্থ পৰিবাহী কৰা বিশেষ কলা থকাৰ বাবে আৰু শাখাযুক্ত স্প’ৰ’ফাইট প্ৰধান পৰ্যায় হোৱা জীৱনচক্ৰ থকাৰ বাবে…
-
বকুল
বকুল (বৈজ্ঞানিক নাম:Mimusops elengi) হৈছে মিনাছপ্স্ (Minasops) প্ৰজাতিৰ ই ফুল। এছিয়া আৰু প্ৰশান্ত মহাসাগৰ তীৰবৰ্তী এলেকাৰ ভাৰত, বাংলাদেশ, শ্ৰীলঙ্কা, বাৰ্মা, ইন্দো-চীন, থাইলেণ্ড, আন্দামান দ্বীপপুঞ্জ এলেকা জুৰি এই গছ দেখা পোৱা যায়।
-
বৰ-মানিমুনি
বৰ−মানিমুনি ) হৈছে এপিয়াচিয়া (apiaceae) পৰিয়ালৰ অন্তৰ্গত এবিধ বহুবৰ্ষজীৱি সপুষ্পক ওষধি উদ্ভিদ। ইয়াৰ সাধাৰণ নামসমূহ হৈছে ইণ্ডিয়ান পেনীৱৰ্ট (Indian pennywort), এছিয়েটিক পেনীৱৰ্ট (Asiatic pennywort) বা গটুকলা (gotukola) বা ঠানকুনি (Thankuni) ইত্যাদি। ই এছিয়াৰ সেমেকা অঞ্চলসমূহৰ থলুৱা উদ্ভিদ।
-
মধুসোলেং
মধুসোলেং বা মধুসোলেঙ হৈছে পলিগ’নেছি পৰিয়ালৰ অন্তৰ্গত এক দ্বিবীজপত্ৰীয় উদ্ভিদ প্ৰজাতি। এচিয়া মহাদেশৰ বিভিন্ন দেশ যেনে চীন, জাপান, ভাৰত, ইণ্ডোনেছিয়া আৰু ভিয়েটনামত মধুসোলেঙৰ বিস্তৃতি দেখিবলৈ পোৱা যায়।
-
লিহিৰি কপৌ
লিহিৰি কপৌ (Aerides multiflora) দক্ষিণ-পূব এছিয়া, ক'ৰ'মেণ্ডেল উপকূল আৰু বাংলাদেশৰ স্থানীয় এবিধ অৰ্কিড প্ৰজাতি। অসমতো এইবিধ অৰ্কিড প্ৰাকৃতিকভাৱে পোৱা যায়।
-
ৰঙালাউ
ৰঙালাউ (Pumpkin, বৈজ্ঞানিক নাম: Cucurbita maxima) হৈছে এটা ডাঙৰ আৰু ঘূৰণীয়া আকৃতিৰ ফল, যি কুকাৰবিটেচিয়া (Cucurbitaces) বৰ্গৰ অন্তৰ্ভুক্ত। এই বৰ্গৰ অন্তৰ্গত অন্যবোৰ উদ্ভিদ, যেনে- কোমোৰা, জাতিলাউ, জিকা, ধুন্দুলী, স্কোৱাছ, কেৰেলা, তৰমুজ আদিৰ লগত ইয়াৰ বিশেষ পাৰ্থক্য এয়ে যে ইয়াৰ সোৱাদ মিঠা।
-
আহোম বগৰী
আহোম বগৰী (peach, বৈজ্ঞানিক নাম: Prunus persica) এবিধ পৰ্ণপাতী উদ্ভিদ। পূব চীনৰ ঝেজিয়াং প্ৰদেশত পোনপ্ৰথমবাৰৰ বাবে এইবিধ গছৰ ঘৰচীয়াকৰণ কৰা এই ফলৰ প্ৰজাতিৰ সঁচ অসমলৈ চ্যু-কা-ফা আৰু টাই-আহোম গোটে চীনৰ পৰা প্ৰবজন কৰি আহোঁতে লৈ আনিছিল। আহোম বগৰীৰ ফলসমূহ খাদ্য হিচাপে গ্ৰহণ কৰা হয়।
-
উড়ল গছ
উড়ল গছ (বৈজ্ঞানিক নাম: Sterculia villosa) মালভেচিয়া (Malvaceae) পৰিয়ালৰ অন্তৰ্গত ষ্টাৰকুলিয়া (Sterculia) গণৰ এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি। ইংৰাজীত এই উদ্ভিদক হেয়াৰি ষ্টাৰকুলিয়া (hairy sterculia), এলিফেণ্ট ৰোপ ট্ৰি (elephant rope tree) বুলি কোৱা হয়।
-
কঁহুৱা বন
কঁহুৱা বন বা খাগৰী বা বনৰীয়া কুঁহিয়াৰ (কাশ, काँस, काँस, କାଶତଣ୍ଡି, நாணல்) হৈছে এবিধ তৃণ জাতীয় উদ্ভিদ। এই বনবিধৰ বৈজ্ঞানিক নাম ছ্যাচাৰাম স্পণ্টেনিয়াম (Saccharum spontaneum)। ই ছ্যাচাৰাম গণ আৰু স্পণ্টেনিয়াম প্ৰজাতিৰ অন্তৰ্ভুক্ত।
-
কামিনী কাঞ্চন
কামিনী কাঞ্চন বা কামিনী কুসুম হৈছে দক্ষিণ এছিয়া, দক্ষিণপূৱ এছিয়া আৰু চীনৰ এবিধ থলুৱা ক্ৰান্তীয়, চীৰসেউজীয়া উদ্ভিদ। সৰু সৰু বগা সুগন্ধী ফুল ফুলা এই উদ্ভিদজোপা আলংকাৰিক উদ্ভিদ আৰু বেৰা (Hedge) দিয়া উদ্ভিদ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলবোৰ কমলাৰ পৰা ৰঙা ৰঙৰ হোৱা দেখা যায়।
-
কেতেকী ফুল
কেতেকী ফুল বা পাণ্ডানাছ অড'ৰিফাৰ হৈছে পেণ্ডানেছিয়া পৰিয়ালৰ এবিধ উদ্ভিদ। ই পলিনেছিয়া, অষ্ট্ৰেলিয়া, দক্ষিণ এছিয়া (আন্দামান দ্বীপপুঞ্জ), আৰু ফিলিপাইনছৰ থলুৱা উদ্ভিদ। ভাৰত আৰু বাৰ্মাতো ইয়াক বনৰীয়া হিচাপে পোৱা যায়। ইয়াক সুগন্ধি স্ক্ৰু-পাইন বুলিও জনা যায়।
-
কৌপাত
কৌপাত বা কৌ ভাৰতকে ধৰি এচিয়াৰ কিছুসংখ্যক দেশ যেনে চীন, ম্যানমাৰ, কম্বোডিয়া, লাওচ আদিৰ মাজেৰে নিউগিনিলৈকে বিয়পি থকা একপ্ৰকাৰৰ চিৰসেউজ সপুষ্পক উদ্ভিদ। ভাৰতৰ ঘাইকৈ অসম, অৰুণাচল প্ৰদেশ আৰু পূব হিমালয়ৰ কোনো কোনো অঞ্চলত উদ্ভিদজোপাৰ বিস্তৃতি দেখা যায়। ইয়াৰে ভিতৰত অসমতেই কৌপাতৰ বিস্তৃতি সৰ্বাধিক।