বৃক্ষ
৪৩ প্ৰবন্ধ
-
বৃক্ষ
বৃক্ষ হৈছে মূল, কাণ্ড, ঠাল-ঠেঙুলি আৰু পাত বিশিষ্ট বহুবৰ্ষজীৱী উদ্ভিদৰ এক সাধাৰণ ৰূপ, যি সাধাৰণতে কাঠযুক্ত কাণ্ডৰ জৰিয়তে ওখকৈ বৃদ্ধি পায়। ই কোনো একক জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন নহয়; ভিন্ন ভিন্ন উদ্ভিদ-গোটত স্বতন্ত্ৰভাৱে বিকশিত হোৱা এক ধৰণৰ বৃদ্ধি-আকৃতি।
-
নাৰিকল
নাৰিকল (Cocos nucifera) হ’ল পাম বা তাল পৰিয়ালৰ (Arecaceae) অন্তৰ্গত এবিধ উদ্ভিদ। ই Cocos গণৰ একমাত্ৰ জীৱিত প্ৰজাতি। "নাৰিকল" শব্দটোৱে গোটেই গছজোপাক বা ইয়াৰ টান ফলটোক বুজাব পাৰে। এই গছ প্ৰথমতে কেন্দ্ৰীয় ইণ্ডো-পেচিফিক অঞ্চলৰ থলুৱা উদ্ভিদ আছিল।
-
আম
আম (Mango, বৈজ্ঞানিক নাম: Mangifera indica) হৈছে 'Mangifera' গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ ৰসাল ফলধৰা উদ্ভিদ। এই উদ্ভিদবিধ দক্ষিণ এছিয়াত স্থানীয়ভাৱে দেখা পোৱা যায়। আমে ভাৰতবৰ্ষ আৰু ফিলিপাইনছৰ ৰাষ্ট্ৰীয় ফল আৰু বাংলাদেশৰ ৰাষ্ট্ৰীয় বৃক্ষ (national tree) হিচাপে স্বীকৃতি পাইছে।
-
বট গছ
বট গছ বা বৰ গছ বা বড় গছ (Indian banyan; বৈজ্ঞানিক নাম: Ficus benghalensis) ভাৰতৰ জাতীয় গছ। এই গছ Ficus গোত্ৰৰ অন্তৰ্ভুক্ত। বট এবিধ বৃহৎ আকাৰৰ বৃক্ষ জাতীয় উদ্ভিদ। বট গছ বহু ঠাই আগুৰি থাকে আৰু মাটিৰ ওপৰত সমান্তৰাল শাখা-প্ৰশাখা বিস্তাৰিত কৰে।
-
শাল গছ
শাল (śāl, sakhua or shala tree, বৈজ্ঞানিক নাম:Shorea robusta) হৈছে ডিপ্টেৰুকাৰ্পাছিয়া গোত্ৰৰ অন্তৰ্গত এবিধ পৰ্ণপাতী উদ্ভিদ। ই এবিধ পাতল, টান কাঠৰ গছ। শাল গছৰ অন্যনাম অশ্বকৰ্ণ। ইয়াক সাধাৰণতে হাবি বা অৰণ্যত পোৱা যায়। ঘৰুৱা ভাৱেও শাল গছৰ বাগান পাতিব পাৰি।
-
ঔ টেঙা
ঔ টেঙা (বৈজ্ঞানিক নাম:Dillenia indica, ইংৰাজী: Elephant Apple)) অসমৰ স্থানীয় উদ্ভিদ। ই দক্ষিণ-পূব এছিয়াৰ পৰা ভাৰত, বাংলাদেশ, শ্ৰী লংকাৰ লগতে দক্ষিণ পশ্চিম চীন, ভিয়েটনাম, থাইলেণ্ড, মালয়ছিয়া পৰ্যন্ত বিস্তৃত হৈ আছে। ঔ টেঙা অসমীয়া জনজীৱনৰ লগত ওতপ্ৰোত ভাৱে জড়িত।
-
আঁহত
আঁহত (Sacred Fig, বৈজ্ঞানিক নাম: Ficus religiosa) হৈছে মোৰেচি পৰিয়ালৰ অন্তৰ্গত এবিধ ডিমৰু জাতীয় গছ। এই গছজোপাৰক অন্য বহুতো নাম যেনে বোধি (bodhi tree) পিপল (pippala, peepul, এই গছজোপাই ভাৰত উপমহাদেশত জন্ম হোৱা তিনিটা প্ৰধান ধৰ্ম বৌদ্ধধৰ্ম, হিন্দুধৰ্ম আৰু জৈনধৰ্মত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি…
-
আমলখি
আমলখি (Amla, বৈজ্ঞানিক নাম- Phyllanthus emblica) ‘Phyllanthaceae’ পৰিয়ালৰ অন্তৰ্ভুক্ত পৰ্ণপাতী উদ্ভিদৰ প্ৰজাতি। এই উদ্ভিদৰ পৰা পোৱা একে নামৰ ফলৰ বাবে ইয়াক জনা যায়। ভাৰতবৰ্ষৰ সকলো অঞ্চলতে ১৫০০ মিটাৰ উচ্চতা পৰ্যন্ত আমলখি গছ গজে। আমলখি ভিটামিন 'চি' সমৃদ্ধ।
-
নিম
নিম ( Neem, বৈজ্ঞানিক নাম: Azadirachta indica) ‘Meliaceae’ পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ উদ্ভিদ। এই উদ্ভিদবিধ ভাৰত, পাকিস্তান আৰু বাংলাদেশৰ ক্ৰান্তীয় তথা অৰ্ধক্ৰান্তীয় বনাঞ্চলত স্থানীয়ভাৱে হয়।
-
বেল
বেল (Wood apple, Bael, বৈজ্ঞানিক নাম: Aegle Marmetos) এবিধ ফল। বঙালী আৰু হিন্দী ভাষাতো এই ফলবিধক বেল বুলিয়ে কয়। সংস্কৃত ভাষাত বিল্ব বুলি কোৱা হয়। এবিধ পুষ্টিকৰ ফল। হিন্দু ধৰ্মী লোকসকলে পূজা-অৰ্চনাত বেল গছৰ পাত ব্যৱহাৰ কৰে।
-
গমাৰী
গমাৰী (beechwood, gmelina, goomar teak, Kashmir tree, Malay beechwood, white teak, yemane) এবিধ ওখ গুড়চ্যাদি বৰ্গৰ ঔষধি গুণ সম্পন্ন গছ। গমাৰী গছৰ কাঠ কঠিন হোৱা বাবে ইয়াক বিভিন্ন ঘৰুৱা সামগ্ৰী তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ই এবিধ বৰ খৰকৈ বৃদ্ধি হোৱা পৰ্ণপাতী উদ্ভিদ।
-
ভোমোৰা (বৃক্ষ)
ভোমোৰা (বৈজ্ঞানিক নাম:Terminalia bellirica; অন্য নাম: বহেৰা; বড়ো: ভোওৰা; ৰাভা: ভাওৰাই) এবিধ ডাঙৰ আকাৰৰ পৰ্ণপাতী বনৰীয়া গছ। প্ৰধানকৈ দক্ষিণ আৰু দক্ষিণ পূব এছিয়াৰ বনাঞ্চলত এই গছবিধ পোৱা যায়। উজনি আৰু নামনি অসমৰ বনাঞ্চলত এই গছবিধ দেখা পোৱা যায়।
-
শিমলু
শিমলু (Silk cotton) মালভেলেছ পৰিয়ালৰ অন্তৰ্গত এবিধ উদ্ভিদ। ই পশ্চিম আফ্ৰিকা, ভাৰত, দক্ষিণ-পূব-এছিয়া, তথা পূব এছিয়া আৰু উত্তৰ অষ্ট্ৰেলিয়াৰ উপউষ্ণমণ্ডলীয় অঞ্চলৰ স্থানীয় প্ৰজাতি। এছিয়াৰ গ্ৰীষ্মমণ্ডলীয় অঞ্চলত এই গছৰ ডাল পোন ওখ হয় আৰু শীতকালত ইয়াৰ পাতবোৰ সৰিবলৈ আৰম্ভ কৰে।
-
চজিনা
চজিনা (Moringa oleifera Lam ) প্ৰায় ২৫/৩০ ফুট ওখ চনকা ডালৰ এজোপা গছ ৷ ইয়াৰ পাতবোৰ অধোমুখী আৰু ডিম্বাকাৰ ৷ শীতকালত পাত সৰি লঠঙা হয় আৰু বসন্তৰ আগমনৰ লগে লগে ফুলৰ লগতে পাতো ওলাবলৈ ধৰে। ইয়াৰ ফল (ছেঁই)বোৰ বৰ পুষ্টিকৰ ব্যঞ্জন আৰু সুস্বাদু।
-
নাহৰ
নাহৰ (Ceylon ironwood বা Indian rose chestnut বা Cobra's saffron) (Mesua ferrea) হৈছে Calophyllaceae পৰিয়ালৰ অন্তৰ্গত একপ্ৰকাৰৰ চিৰসেউজ বৃক্ষ। ইয়াক হিন্দী, পঞ্জাবী আৰু সংস্কৃত ভাষাত নাগকেশৰ তথা মাৰাঠী ভাষাত নাগচাফা বোলা হয়। বাংলা ভাষাত নাগেশ্বৰ বুলি কোৱা হয়। নাহৰ হ'ল শ্ৰীলংকাৰ জাতীয় বৃক্ষ।
-
পলাশ
পলাশ মধ্যমীয়া আকাৰৰ পৰ্ণপাতি বৃক্ষ। সংস্কৃতত ইয়াক কিংচুক আৰু মণিপুৰী ভাষাত পাঙ গোঙ নামে পৰিচিত (Parrot tree, Bastard Teak)। পলাশ Fabaceae পৰিয়ালৰ সদস্য। পলাশ গছ ইয়াৰ ফুলৰ বাবেই সবাতোকৈ বেছি পৰিচিত।
-
শিলিখা
শিলিখা গছ (Myrobalan) এবিধ ঔষধি গছ। আয়ুৰ্বেদত উল্লেখ থকা মতে সকলো বেমাৰ হৰণ কৰে বাবেই ইয়াৰ অন্য নাম হৰিতকী। শিলিখা গছৰ ফলহে সাধাৰণতে ব্যৱহাৰ কৰা হয়। পূজা সংস্কাৰ আদি কৰ্মত শিলিখাৰ ফল ব্যৱহাৰ কৰা হয়। ইয়াৰ বৈজ্ঞানিক নাম: Terminalia chebula।
-
হোলোং
হোলোং ( বৈজ্ঞানিক নাম:Dipterocarpus retusus) এক সাধাৰণ মধ্যম বৰ্গৰ কঠিন কাঠৰ বৃক্ষ। এই ডাঙৰ আকাৰৰ গছজোপা ডিপ্টেৰ'কাৰ্পাছ প্ৰজাতিৰ আটাইতকৈ পৰিচিত প্ৰজাতি। ই চীন, ভিয়েটনাম, ফিলিপাইনছ, লাওছ, কম্বোডিয়া, মালয়েছিয়া, ইণ্ডোনেছিয়া, ম্যানমাৰ আৰু ভাৰতৰ মূল বাসিন্দা।
-
অৰ্জুন গছ
অৰ্জুন গছ (Terminalia arjuna) এবিধ চিৰসেউজ গছ। ই টাৰমিনালিয়া গণৰ এক সপুষ্পক উদ্ভিদ। অৰ্জুন গছৰ জীৱনকাল দীঘলীয়া। ইয়াৰ বৈজ্ঞানিক নাম টাৰমিনেলিয়া অৰ্জুন।
-
এজাৰ
এজাৰ বা আজাৰ (বৈজ্ঞানিক নাম: Lagerstroemia speciosa; Giant Crape-myrtle, Queen's Crape-myrtle, Banabá Plant, Queen’s flower, Pride of India; জাৰুল; जरुल) এবিধ ঈষৎ ৰঙা-বেঙুনীয়া ফুল ফুলা পৰ্ণপাতী উদ্ভিদ। ভাৰত, শ্ৰীলংকা, ম্যানমাৰ, মালয়েছিয়া, অষ্ট্ৰেলিয়া আৰু চীন দেশত এই গছ পোৱা যায়।
-
মদাৰ
মদাৰ (Erythrina variegata; বৈজ্ঞানিক নাম: Erythrina variegata) হৈছে ইৰিথ্ৰিনা গণৰ অন্তৰ্গত পুষ্পবৃক্ষবিশেষ। বাংলাদেশত বহু কেইটা প্ৰজাতিৰ মদাৰ গছ দেখিবলৈ পোৱা যায়।
-
আপেল
আপেল হৈছে আপেল গছ (বৈজ্ঞানিক নাম: Malus domestica)-ত উৎপাদিত এক খাদ্যফল। বিশ্বব্যাপী আপেল গছৰ খেতি কৰা হয় আৰু ই মালছ গণৰ আটাইতকৈ বহুলভাৱে বিকশিত প্ৰজাতি। এই গছৰ উদ্ভৱ হৈছিল মধ্য এছিয়াত, য'ত ইয়াৰ বনৰীয়া পূৰ্বপুৰুষ মালুছ চিভাৰচি (Malus sieversii) আজিও পোৱা যায়।
-
কদম
কদম (বৈজ্ঞানিক নাম: Neonauclea cadamba ) ভাৰতৰ ঘাইকৈ অসম, পশ্চিমবংগ, আন্দামান দ্বীপপুঞ্জ,আৰু বাংলাদেশৰ এক সাধাৰণ গছ। নীপ, বৃত্তপুষ্প, মেঘাগমপ্ৰিয়, কৰ্ণপূৰক, ভৃঙ্গবল্লভ, মঞ্জুকেশিনী, পুলকি, সৰ্ষপ, প্ৰাবৃষ্য, ললনাপ্ৰিয়, সুৰভি, সিন্ধুপুষ্প ইত্যাদি বিভিন্ন নামেৰে কদম জনাজাত।
-
সোণাৰু
সোণাৰু ভাৰত উপমহাদেশ আৰু দক্ষিণ পূব এছিয়াৰ স্থানীয় মাহজাতীয় আলংকাৰিক উদ্ভিদ। সোণাৰু পূবলৈ ভাৰতৰ পৰা ম্যানমাৰ আৰু থাইলেণ্ডলৈ আৰু দক্ষিণত শ্ৰীলংকাৰ পৰা দক্ষিণ পশ্চিমত পাকিস্তানলৈ পোৱা যায়। হালধীয়া সোণালী ফুলৰ বাবে সোণাৰু আলংকাৰিক গছ হিচাপে বিখ্যাত। ইয়াক আয়ুৰ্বেদিক ঔষধতো ব্যৱহাৰ কৰা হয়।
-
ৰুদ্ৰাক্ষ
ৰুদ্ৰাক্ষ গছৰ বৈজ্ঞানিক নাম - Eleocarus ganitrus,roxb (Family, অৰ্থাৎ গোত্ৰ Tiliaceae), ইয়াত Eleocarus জাতি নাম (Genus) আৰু ganitrus প্ৰজাতি (species) নাম আৰু শেষৰ Roxb.শব্দটোৱে এই গছৰ উদ্ভাৱক Roxburghৰ সংক্ষিপ্ত নাম বুজায়৷ এই নামেৰে ৰুদ্ৰাক্ষ গছ পৃথিৱীৰ সকলো ঠাইতে পৰিচিত।
-
কৃষ্ণচূড়া
কৃষ্ণচূড়া এক বৃক্ষ জাতীয় উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম Delonix regia। এই গছ চমৎকাৰ পত্ৰ-পল্লৱ আৰু জুইৰ দৰে ৰঙা কৃষ্ণচূড়া ফুলৰ বাবে প্ৰসিদ্ধ। ই Fabaceae পৰিয়ালৰ অন্তৰ্ভুক্ত।
-
তিতা চঁপা
তিতা চঁপা হৈছে মেগ্নোলিয়াচিয়া পৰিয়ালৰ অন্তৰ্গত এক বৃহৎ চিৰসেউজীয়া উদ্ভিদৰ প্ৰজাতি। পূৰ্ৱতে ইয়াকt Michelia champaca নামেৰে শ্ৰেণীবিভাজন কৰা হৈছিল। ইয়াক ইয়াৰ সুগন্ধি ফুলৰ বাবে জনা যায়। ইয়াৰ কাঠ অতি উৎকৃষ্ট মানৰ।
-
বোধি বৃক্ষ
বোধি বৃক্ষ ভাৰতৰ বিহাৰ ৰাজ্যৰ বুদ্ধগয়াত অৱস্থিত মহাবোধি মন্দিৰ প্ৰাংগণৰ এজোপা প্ৰাচীন বিশাল আকাৰৰ আঁহত গছ। ইয়াতেই সিদ্ধাৰ্থ গৌতমে বুদ্ধত্ব লাভ কৰিছিল। খ্ৰীষ্টপূৰ্ব ৫৩১ত ৩৫ বছৰ বয়সত সিদ্ধাৰ্থ গৌতমে এই গছজোপাৰ তলত ধ্যান কৰি বোধি বা বুদ্ধত্ব লাভ কৰিছিল। তাৰপাছত তেখেতে বৌদ্ধ ধৰ্ম প্ৰচাৰ আৰম্ভ কৰিছিল।
-
সাঁচিগছ
{{taxobox |image=Agaru.jpg |status = VU |status_system = IUCN2.3 |regnum = Plantae |unranked_divisio = Angiosperms |unranked_classis = Eudicots |unranked_ordo = Rosids |ordo = Malvales |familia = Thymelaeaceae |genus = Aquilaria |species = A.
-
ৰঙা কাঞ্চন
ৰঙা কাঞ্চন (camel's foot বা orchid tree, বৈজ্ঞানিক নাম-Phanera purpurea পূৰ্বতে Bauhinia purpurea ) ‘Fabaceae’ পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি। এই উদ্ভিদবিধ ঘাইকৈ দক্ষিণ-পূব এছিয়াত দেখা পোৱা যায়।