বাংলাদেশৰ ৰাষ্ট্ৰীয় উদ্যান
১৬ প্ৰবন্ধ
-
ভাৱাল ৰাষ্ট্ৰীয় উদ্যান
ভাৱাল ৰাষ্ট্ৰীয় উদ্যান (Bhawal National Park) হৈছে বাংলাদেশৰ এখন প্ৰকৃতি সংৰক্ষিত বনাঞ্চল আৰু ৰাষ্ট্ৰীয় উদ্যান।
-
সাতছড়ি ৰাষ্ট্ৰীয় উদ্যান
সাতছড়ি ৰাষ্ট্ৰীয় উদ্যান (Satchari National Park) হৈছে বাংলাদেশৰ হবিগঞ্জ জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ১৯৭৪ চনৰ বন্যপ্ৰাণী সংৰক্ষণ আইন প্ৰণয়নৰ পিছত, ২০০৫ চনত ২৪৩ হেক্টৰ (৬০০ একৰ) ভূমিত "সাতছড়ি ৰাষ্ট্ৰীয় উদ্যান" প্ৰতিষ্ঠা কৰা হয়। বঙালী ভাষাত ‘সাতছড়ি’ মানে ‘সাতটা ধাৰা বা নদী’।
-
কাপ্তাই ৰাষ্ট্ৰীয় উদ্যান
কাপ্তাই ৰাষ্ট্ৰীয় উদ্যান (Kaptai National Park) হৈছে বাংলাদেশৰ এখন ৰাষ্ট্ৰীয় উদ্যান। ই বাংলাদেশৰ ৰঙামাটি জিলাত অৱস্থিত। ১৯৯৯ চনত প্ৰতিষ্ঠা হোৱা এই ৰাষ্ট্ৰীয় উদ্যানখনৰ আয়তন ৫,৪৬৪.৭৮ হেক্টৰ (১৩,৫০৩.৮ একৰ)। ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত হোৱাৰ পূৰ্বে ই সীতাপাহাৰ সংৰক্ষিত বনাঞ্চল নামেৰে জনাজাত আছিল।
-
নিঝুম দ্বীপ ৰাষ্ট্ৰীয় উদ্যান
নিঝুম দ্বীপ ৰাষ্ট্ৰীয় উদ্যান (Nijhum Dwip National Park) হৈছে বাংলাদেশৰ এখন প্ৰধান ৰাষ্ট্ৰীয় উদ্যান আৰু প্ৰকৃতি সংৰক্ষিত বনাঞ্চল। উদ্যানখন বাংলাদেশৰ দক্ষিণ অঞ্চলৰ নোৱাখালী জিলাৰ হাতিয়া উপজিলাত অৱস্থিত। মেঘনা নদীৰ পাৰত অৱস্থিত এই উদ্যানখন সুন্দৰবন বদ্বীপৰ এটা অংশ।
-
মধুপুৰ ৰাষ্ট্ৰীয় উদ্যান
মধুপুৰ ৰাষ্ট্ৰীয় উদ্যান (Madhupur National Park) হৈছে বাংলাদেশৰ এখন প্ৰধান ৰাষ্ট্ৰীয় উদ্যান। ই দেশখনৰ প্ৰাচীন ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ভিতৰত অন্যতম।
-
হিমছড়ি ৰাষ্ট্ৰীয় উদ্যান
হিমছড়ি ৰাষ্ট্ৰীয় উদ্যান (Himchari National Park) হৈছে বাংলাদেশৰ এখন ৰাষ্ট্ৰীয় উদ্যান। ই বাংলাদেশৰ চট্টগ্ৰাম বিভাগৰ অন্তৰ্গত কক্সবাজাৰ জিলাৰ হিমছড়িত অৱস্থিত। উদ্যানখন মূলতঃ পাহাৰৰ ওপৰত অৱস্থিত আৰু পশ্চিমে বংগোপসাগৰৰ লগত সংলগ্ন।
-
ৰামসাগৰ ৰাষ্ট্ৰীয় উদ্যান
ৰামসাগৰ ৰাষ্ট্ৰীয় উদ্যান (Ramsagar National Park) হৈছে বাংলাদেশৰ এখন ৰাষ্ট্ৰীয় উদ্যান। ই দিনাজপুৰ জিলাৰ আউলিয়াপুৰ ইউনিয়নৰ অন্তৰ্গত তাজপুৰ গাঁৱত অৱস্থিত। উদ্যানখন দিনাজপুৰ সদৰৰ পৰা ৮ কিলোমিটাৰ দূৰৈত স্থিত "ৰামসাগৰ" হ্ৰদৰ চাৰিওফালে অৱস্থিত।
-
আলতাদীঘি ৰাষ্ট্ৰীয় উদ্যান
আলতাদীঘি ৰাষ্ট্ৰীয় উদ্যান (Altadighi National Park) আই ইউ চি এনৰ চতুৰ্থ ৰাষ্ট্ৰীয় উদ্যান আৰু বাংলাদেশৰ এখন প্ৰকৃতি সংৰক্ষিত বনাঞ্চল। উদ্যানখন ভাৰতৰ সীমান্তৱৰ্তী নগাঁও জিলাৰ ধমোইৰহাট উপজিলাত অৱস্থিত। ই বাংলাদেশৰ বন বিভাগৰ পাইকবন্ধা বনাঞ্চলৰ অধীনস্থ।
-
কাদিগড় ৰাষ্ট্ৰীয় উদ্যান
কাদিগড় ৰাষ্ট্ৰীয় উদ্যান (Kadigarh National Park) বাংলাদেশৰ ভালুকা উপজিলাৰ অন্তৰ্গত মইমনসিং জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ২০১০ চনৰ ২৪ অক্টোবৰত আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হয় আৰু ইয়াৰ আয়তন ৩৪৪.১৩ হেক্টৰ।
-
কুৱাকাটা ৰাষ্ট্ৰীয় উদ্যান
কুৱাকাটা ৰাষ্ট্ৰীয় উদ্যান (Kuakata National Park) বাংলাদেশৰ আই ইউ চি এন দ্বিতীয় শ্ৰেণীৰ ৰাষ্ট্ৰীয় উদ্যান আৰু প্ৰকৃতি সংৰক্ষিত বনাঞ্চল। এই উদ্যানখন পতুৱাখালি জিলাৰ অন্তৰ্গত কালাপাৰা উপজিলাত অৱস্থিত।
-
খাদিমনগৰ ৰাষ্ট্ৰীয় উদ্যান
খাদিমনগৰ ৰাষ্ট্ৰীয় উদ্যান (Khadim Nagar National Park) বাংলাদেশৰ এখন প্ৰধান ৰাষ্ট্ৰীয় উদ্যান আৰু প্ৰকৃতি সংৰক্ষিত বনাঞ্চল। এই উদ্যানখন দেশৰ উত্তৰ-পূব অঞ্চলৰ চিলেট জিলাৰ চিলেট সদৰ উপজিলাত অৱস্থিত। উদ্যানখন মূলতঃ পাহাৰৰ ওপৰত অৱস্থিত আৰু ইয়াৰ চাৰিওফালে কলাগুল, ভূৰজান আৰু গুলনী চাহবাগিছা আছে।
-
চিংৰা ৰাষ্ট্ৰীয় উদ্যান
চিংৰা ৰাষ্ট্ৰীয় উদ্যান (Singra National Park; সিংড়া জাতীয় উদ্যান) হৈছে বাংলাদেশৰ উত্তৰ অঞ্চলৰ দিনাজপুৰ জিলাত অৱস্থিত এখন সংৰক্ষিত বনাঞ্চল। স্থানীয়ভাৱে ইয়াক চিংৰা শাল বনাঞ্চল নামেৰে জনা যায়।
-
ধৰ্মপুৰ ৰাষ্ট্ৰীয় উদ্যান
ধৰ্মপুৰ ৰাষ্ট্ৰীয় উদ্যান (Dharmapur National Park) উত্তৰ বাংলাদেশৰ দিনাজপুৰ জিলাৰ বীৰাল উপজিলাৰ ধৰ্মপুৰ ইউনিয়নত অৱস্থিত এখন সংৰক্ষিত বনাঞ্চল৷ ২০২১ চনৰ ২৪ নৱেম্বৰত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়।
-
বাঢৈ়য়াঢালা ৰাষ্ট্ৰীয় উদ্যান
বাঢৈ়য়াঢালা ৰাষ্ট্ৰীয় উদ্যান (Baroiyadhala National Park) আই ইউ চি এনৰ দ্বিতীয় শ্ৰেণীৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বাংলাদেশৰ প্ৰকৃতি সংৰক্ষিত বনাঞ্চল। এই উদ্যানখন ঢাকা-চিটাগং ঘাইপথৰ পূব স্থানৰ চিটাগং জিলাৰ সীতাকুণ্ড উপজিলাত অৱস্থিত। ইয়াৰ আয়তন ২৯৩৩.৬১ হেক্টৰ।
-
বীৰগঞ্জ ৰাষ্ট্ৰীয় উদ্যান
বীৰগঞ্জ ৰাষ্ট্ৰীয় উদ্যান (Birganj National Park) বাংলাদেশৰ দিনাজপুৰ জিলাৰ বীৰগঞ্জ উপজিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ২০১১ চনৰ ১৪ ডিচেম্বৰত স্থাপন কৰা এই ৰাষ্ট্ৰীয় উদ্যানখন ১৬৮.৫৬ হেক্টৰ মাটিৰে গঠিত।
-
মেধা কচ্ছপিয়া ৰাষ্ট্ৰীয় উদ্যান
মেধা কচ্ছপিয়া ৰাষ্ট্ৰীয় উদ্যান (Medhakachhapia National Park) বাংলাদেশৰ কক্স বজাৰ জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। এই অৰণ্যখন বিশাল মদাৰ আৰু গৰ্জন গছৰ বাবে সুপৰিচিত। মেধা কচ্ছপিয়া এটি প্ৰাকৃতিক বনাঞ্চল।