বৈজ্ঞানিক শ্ৰেণীবিন্যাস
৩২ প্ৰবন্ধ
-
বৃক্ষ
বৃক্ষ হৈছে মূল, কাণ্ড, ঠাল-ঠেঙুলি আৰু পাত বিশিষ্ট বহুবৰ্ষজীৱী উদ্ভিদৰ এক সাধাৰণ ৰূপ, যি সাধাৰণতে কাঠযুক্ত কাণ্ডৰ জৰিয়তে ওখকৈ বৃদ্ধি পায়। ই কোনো একক জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন নহয়; ভিন্ন ভিন্ন উদ্ভিদ-গোটত স্বতন্ত্ৰভাৱে বিকশিত হোৱা এক ধৰণৰ বৃদ্ধি-আকৃতি।
-
প্ৰজাতি (জীৱবিদ্যা)
প্ৰজাতি (Species) হ'ল জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনৰ এটা ভিত্তি গোট আৰু প্ৰধান বৰ্গীয় স্থান। সাধাৰণতে, প্ৰজাতি শব্দই নিজৰ মাজতেই প্ৰজনন কৰিব পৰা আৰু প্ৰজনন ক্ষম সন্ততি জন্ম দিয়া এটা বৃহৎ গোটক বুজায়।
-
বৈজ্ঞানিক নামকৰণ পদ্ধতি
দ্বৈৰাশিক নামকৰণ (Binomial nomenclature) হৈছে জীৱবিজ্ঞানত প্ৰজাতি নামকৰণৰ এটা আনুষ্ঠানিক পদ্ধতি। এই নামকৰণ পদ্ধতিত, প্ৰত্যেকটো জীৱৰ নাম দুটা অংশৰে গঠিত। নামটো লিখোঁতে লেটিন বা অন্য যিকোনো ভাষাৰ পৰা আহৰণ কৰা শব্দবোৰ লেটিন ব্যাকৰণৰ ৰূপত লিখা হয়। যেনে, ‘assam’ শব্দটো ‘assama’ বুলি লিখা হয়।
-
উদ্ভিদ
উদ্ভিদ (লেটিন ভাষা:Viridiplantae) জীৱবিজ্ঞানৰ উদ্ভিদজগতৰ অন্তৰ্গত কিছুমান বহুকোষী, সংকোষকেন্দ্ৰীয় জীৱ। সপুষ্পক উদ্ভিদ, নগ্নবীজী উদ্ভিদ, ঢেকীয়া, মছ, সেউজ শেলাই আদি উদ্ভিদ জগতৰ অন্তৰ্গত। ভেঁকুৰ, আৰ্কিয়া আৰু বেক্টেৰিয়াক উদ্ভিদ বুলি ধৰা নহয়।
-
প্ৰাণী
প্ৰাণীবোৰ (Animals),জগৎ Animaliaৰ (মেটায'ৱা বুলিও কোৱা হয়) বহুকোষী, সংকোষকেন্দ্ৰীয় জীৱ। গৰিষ্টসংখ্যক প্ৰাণীয়েই স্বাধীনভাৱে চলা-ফুৰা কৰিব পাৰে।
-
চৰাই
চৰাইৰ (Bird) বৈজ্ঞানিক সংজ্ঞা হ’ল “কণী পৰা, ডেউকা থকা, উষ্ণৰক্তী, এবিধ দুঠেঙীয়া মেৰুদণ্ডী প্ৰাণী”। সকলো মিলাই বৰ্তমান প্ৰায় ১০,০০০টা প্ৰজাতি, পৃথিৱীৰ সকলো জলবায়ুতে, মেৰু অঞ্চলৰ পৰা এণ্টাৰ্কটিকালৈক, বসবাস কৰা দেখা যায়।
-
স্তন্যপায়ী প্ৰাণী
স্তন্যপায়ী হৈছে মেৰুদণ্ডী উপ-পৰ্বৰ অন্তৰ্গত জীৱ প্ৰজাতি। অন্য মেৰুদণ্ডী চৰাই আৰু সৰিসৃপৰ লগত থকা স্তন্যপায়ীৰ প্ৰধান পাৰ্থক্যসমূহ হৈছে, দেহত থকা নোম, মধ্য কৰ্ণৰ তিনিডাল হাড়, স্তন্য গ্ৰন্থি, আৰু মগজুৰ নিঅ'কৰ্টেক্স।
-
পৰিয়াল (জীৱবিদ্যা)
পৰিয়াল (family, ফেমিলি, লেটিন: familia, বহুবচন familiae), জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ত বৰ্গ আৰু গণৰ মাজৰ এটা বৰ্গীয় স্থান। পৰিয়ালক কেইবাটাও সৰু সৰু গণ হিচাপে ভাগ কৰা হয়, যদিও কেতিয়াবা উপপৰিয়ালৰ দৰে উপগোটটো ভাগ কৰা হয়।
-
সাপ
সাপ বা সৰ্প (Snake) উপাংগবিহীন এক প্ৰকাৰ সৰীসৃপ। পৰম্পৰা আৰু অবৈজ্ঞানীকগতভাৱে সাপ বুলিলে জেঠীজাত জীৱকো বুজায়, যেনে গুইসাপ, কেকোসাপ আদি, মানে সকলো ইস্কুৱামাটাকে বুজায়।
-
গণ (জীৱবিদ্যা)
গণ( genus plural: genera) হৈছে, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনত পৰিয়ালৰ তলত আৰু প্ৰজাতিৰ ওপৰত অৱস্থান কৰা এক বিশেষ বৰ্গীয় স্থান। জীৱৰ দ্বৈৰাশিক নামকৰণত, প্ৰতিটো প্ৰজাতিৰ বৈজ্ঞানিক নামটোৰ প্ৰথম পদটো প্ৰজাতিটোৰ গণৰ নামটোৱেই পূৰণ কৰে; যেনে - Pongo pygmaeus আৰু Pongo abelii হ'ল, Pongo (ওৰাংওটাং) নামৰ…
-
ভেঁকুৰ
ভেঁকুৰ (Fungus) ক বহুবচনত fungi বোলে। 'fungi' শব্দটো লেটিন শব্দ,ইয়াৰ অৰ্থ হ'ল "বেংছতা"(mushroom)। বিজ্ঞানৰ যি শাখাত ভেঁকুৰ সম্বন্ধে চৰ্চা আৰু গৱেষণা কৰা হয় তাক মাইক'ল'জি (mycology) বোলে। এই শাখাৰ বিশেষজ্ঞজনক মাইক'ল'জিষ্ট (mycologist) বোলে।
-
সৰীসৃপ
সৰীসৃপ (Reptilia) বোৰ প্ৰথম প্ৰকৃত স্থলচৰ প্ৰাণী৷ আধুনিক মতবাদ অনুসৰি কাৰ্ব'নিফেৰাছ যুগত উদ্ভৱ হোৱা ছিম'ৰিয়া(seymoria) জাতীয় প্ৰাণীবোৰ সৰীসৃপবোৰৰ প্ৰথম আৰু প্ৰকৃত পূৰ্বপুৰুষ৷ পাৰমিয়ান(permian) যুগত কটিল'ছৰিয়া প্ৰাণীবোৰৰপৰা বিভিন্ন ধৰণৰ সৰীসৃপৰ উদ্ভৱ হয় আৰু পিছত মেছ'যইক(mesozoic) যুগত বিকাশ লাভ…
-
মেৰুদণ্ডী প্ৰাণী
মেৰুদণ্ডী বোৰ হৈছে পৰ্ব পৃষ্ঠদণ্ডীৰ অন্তৰ্গত উপ পৰ্ব মেৰুদণ্ডীৰ যিকোনো জীৱ প্ৰজাতি। পৰ্ব পৃষ্ঠদণ্ডীৰ অধিকাংশ জীৱই মেৰুদণ্ডী প্ৰাণী, বৰ্তমানে প্ৰায় ৬৪,০০০ প্ৰজাতিৰ সম্পৰ্কে জানিব পৰা গৈছে।
-
উভচৰ প্ৰাণী
উভচৰ প্ৰাণী (Amphibia) বোৰ বামত বাস কৰা প্ৰথম মেৰুদণ্ডী প্ৰাণী। প্ৰায় ২৭৫-২২৫ নিযুত বছৰ আগতে কাৰ্বনিফেৰাছ যুগত এই প্ৰাণীবোৰৰ উদ্ভৱ হৈছিল। লিনিয়াছে পোনপ্ৰথমে এই প্ৰাণীবোৰক এম্ফিবিয়া বুলি নামকৰণ কৰিছিল।
-
শেলাই
শেলাই(Algae) সমূহ সমাংগদেহী বা থেল'ফাইটা (thallophyta) বিভাগৰ অন্তৰ্গত ক্ল'ৰ;ফিলযুক্ত একপ্ৰকাৰ প্ৰাচীনতম আৰু নিম্নশ্ৰেণীৰ স্বপুষ্ট(autotrophic) অপুষ্পক উদ্ভিদ। ইহঁতৰ দেহ মূল,কাণ্ড আৰু পাতত বিভক্ত নহয়।
-
পতংগ
পতংগ হ'ল সন্ধিপদী পৰ্বৰ অন্তৰ্গত অমেৰুদণ্ডীৰ প্ৰাণীৰ এটা শ্ৰেণী। ইহঁতৰ কাইটিন যুক্ত বহিঃকংকাল থাকে। দেহটো মূৰ, বক্ষ আৰু উদৰ নামৰ তিনিটা খণ্ডত বিভক্ত, তিনি যোৰা সংযুক্ত ভৰি, যৌগিক চকু আৰু এযোৰা এণ্টেনা থাকে।
-
পৰ্ব (জীৱবিদ্যা)
জীৱবিজ্ঞানত, পৰ্ব (phylum,;বহুবচন: phyla), বৰ্গীকৰণ তালিকাত জগতৰ তলতেই পৰ্বই স্থান লাভ কৰিছে। পৰ্ব সমূহক শ্ৰেণী নামৰ সৰু সৰু গোটত ভাগ কৰা হৈছে। ১৯৯৩ চনতেই ইণ্টাৰনেচনেল বটেনিকেল কংগ্ৰেছে (International Botanical Congress) পৰ্ব পদটো গ্ৰহণ কৰা স্বত্বেও, পৰম্মৰাগতভাৱে, উদ্ভিদবিজ্ঞানত পৰ্বৰ সলনি বিভাগ…
-
জীৱবৈজ্ঞানিক বৰ্গীকৰণ
জীৱবৈজ্ঞানিক বৰ্গীকৰণ (biological taxonomy) এক প্ৰকাৰৰ বৈজ্ঞানিক শ্ৰেণীবিন্যাস (scientific classification) পদ্ধতি যাৰ মাধ্যমত মহাবিশ্বৰ সকলো জীৱকে বিভিন্ন গোষ্ঠী বা শ্ৰেণীত সজোৱা হয়। কেৰলাছ লিনিয়াছক আধুনিক জীৱবৈজ্ঞানিক শ্ৰেণীবিন্যাসৰ জনক বুলি কোৱা হয়।
-
সন্ধিপদী প্ৰাণী
সন্ধিপদী প্ৰাণী হৈছে বহিঃকংকাল যুক্ত অমেৰুদণ্ডী প্ৰাণী, খণ্ডিত দেহ আৰু উপাংগবোৰ সন্ধিযুক্ত বা জোৰালগা। পতংগ আদিকে ধৰি সন্ধিপদীবোৰ, আৰ্থপ'ডা (Arthropoda) পৰ্বৰ অন্তৰ্গত। সন্ধিপদীৰ প্ৰধান লক্ষণ হৈছে, সিহঁতৰ পদবোৰ (ভৰি) জোৰালগা আৰু α-কাইটিন আৰু/নাইবা কেলচিয়াম কাৰ্বনেটৰ দ্বাৰা গঠিত কিউটিকল্ থাকে।
-
শ্ৰেণী (জীৱবিদ্যা)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনত, শ্ৰেণী (classis) হৈছে, ৰাজ্য, পৰ্ব, বৰ্গ, পৰিয়াল, গণ, আৰু প্ৰজাতি আদিৰ দৰে এটা বৰ্গীয় স্থান, যি পৰ্ব আৰু বৰ্গ মাজত অৱস্থান কৰে।
-
ক'ৰডাটা
ক'ৰডাটা (Chordates, ) হ'ল এনেবোৰ প্ৰাণী যিবোৰৰ এডাল পৃষ্ঠ ৰজ্জু, এডাল ফোঁপোলা পৃষ্ঠীয় স্নায়ু ৰজ্জু, Pharyngeal slit, এডাল Endostyle, আৰু অন্ততঃ জীৱন চক্ৰৰ কিছু কালৰ বাবে এডাল নেজ থাকে।
-
প্ৰাইমেট
প্ৰাইমেট হৈছে Primates (; লেটিন: "prime, প্ৰথম স্থান") বৰ্গৰ অন্তৰ্গত স্তন্যপায়ী প্ৰাণী। জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনত, প্ৰাইমেট বুলিলে দুটা প্ৰধান শৃংখল, strepsirrhines আৰু haplorhinesক বুজায়।
-
ৰাজ্য (জীৱবিজ্ঞান)
জীৱবিজ্ঞানত, ৰাজ্য বা জগত ( English: Kingdom, Latin: regnum, pl. regna ) অধিজগতৰ তলতেই বৰ্গীকৰণৰ দ্বিতীয় উচ্চ স্থানত অৱস্থান কৰিছে। ৰাজ্য সমূহক পৰ্ব নামৰ সৰু সৰু গোটত ভাগ কৰা হৈছে।
-
বৰ্গ (জীৱবিদ্যা)
বৰ্গ (ইংৰাজী: order, অৰ্ডৰ; লেটিন: ordo, অৰ্ড') জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ত জীৱৰ বৰ্গীকৰণৰ এটা প্ৰধান গোট। জীৱৰ বৰ্গীকৰণত ক্ৰমে অধিজগৎ, জগৎ, পৰ্ব আৰু শ্ৰেণীৰ পাছতেই বৰ্গক ৰখা হৈছে। এটা বৰ্গক কেইবাটাও সৰু সৰু পৰিয়ালত ভাগ কৰা হৈছে।
-
আৰ্কিয়া
আৰ্কিয়া (Archaea) হল অণুজীৱ নামৰ কিছুমান এককোষী জীৱৰ এখন সাম্ৰাজ্য। ইহঁত প্ৰকোষকেন্দ্ৰীয় জীৱ, অৰ্থাৎ ইহঁতৰ কোষ কেন্দ্ৰ নাই বা কোষৰ ভিতৰত কোনো ধৰণৰ আৱৰণ যুক্ত অংগাণু নাই।
-
প্ৰটিষ্টা
কিছুমান জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন পদ্ধতি অনুসৰি প্ৰটিষ্টবোৰ হ'ল সংকোষকেন্দ্ৰীয় অনুজীৱৰ বৃহৎ গোট, যিবিলাক প্ৰটিষ্টা নামৰ জগতৰ অন্তৰ্গত। আধুনিক বৰ্গীকৰণৰ পৰা এই জগৎ খন আঁতৰোৱাৰ চেষ্টা কৰা হৈছে যদিও এতিয়াও ই বহুলভাৱে প্ৰচলিত হৈ আছে।আধুনিক বৰ্গীকৰণত ভিন্ন আৰু দুৰ সমন্ধীয় পৰ্ব হিচাপে এই গোটটো পুনঃ…
-
আদ্যপ্ৰাণী
আদ্যপ্ৰাণী বা প্ৰ'ট'জ'ৱা হৈছে এককোষী সংকোষকেন্দ্ৰীৰ বাবে ব্যৱহাৰ কৰা এটা সাধাৰণ নাম। এই জীৱবোৰ স্ব−জীৱি নাইবা পৰজীৱি, যিবোৰে জৈৱ পদাৰ্থ যেনে অন্য সুক্ষ্মজীৱ বা জৈৱ কলা আৰু অৱশেষ আহাৰ হিচাপে গ্ৰহণ কৰি জীয়াই থাকে।
-
কণ্টকচৰ্মী প্ৰাণী
কণ্টকচৰ্মী বা একাইন'ডাৰ্মাটা হৈছে প্ৰাণীজগতৰ অন্যতম এটা প্ৰধান পৰ্ব। একাইন'ডাৰ্মাটা পৰ্বৰ অন্তৰ্ভুক্ত প্ৰাণীবোৰক একাইন'ডাৰ্ম বোলে। গ্ৰীক শব্দ Echinos অৰ্থ Spine বা কাঁইট আৰু Derma অৰ্থ skin তথা ত্বকৰ পৰা একাইন'ডাৰ্মাটা শব্দটি আহৰণ কৰা হৈছে। সেইবাবে ইহঁতক সাধাৰণভাৱে কণ্টকচৰ্মী চৰ্মী বোলে।
-
হাংগৰ
হাংগৰ বা শ্বাৰ্ক (Shark) হৈছে মাছৰ এটা গোট। ইহঁতৰ এটা কাৰ্টিলেজৰ দ্বাৰা গঠিত কংকাল, মূৰৰ কাযত পাঁচৰ পৰা সাতটা পৰ্যন্ত ফুল প্ৰণালী থাকে, আৰু বিভক্তিত ফিছা থাকে।
-
জেঠী
জেঠী (হেমিডাইক্টালাছ, ইং: Hemidactylus সাধাৰণ নাম- house geckos) হ'ল গেক' পৰিয়ালৰ অন্তৰ্গত এটা গণ। ইহঁতৰ প্ৰায় ৯০ বিধ প্ৰজাতি আছে। পৃথিৱীৰ অধিকাংশ অঞ্চলতে ইহঁতক দেখা পোৱা যায়। সাধাৰণতে জেঠীবোৰ মানুহৰ আৱাস স্থলৰ আশে-পাশে পোৱা যায়।