ৰেৱতী ফুল হৈছে Fabaceae পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ।১ ইয়াক ইংৰাজীত ‘ৰেড কেচিয়া’ (Red cassia), ‘ৰক্সবাৰ্ঘছ কেছিয়া’ (Roxburgh's cassia), আৰু ‘চাইক্লন ছেন্না’ (Ceylon senna) বোলি কয়।২ ই দক্ষিণপূৱ এছিয়া আৰু ভাৰত উপমহাদেশৰ থলুৱা উদ্ভিদ। ইয়াক সমগ্ৰ দক্ষিণ ভাৰত আৰু শ্ৰীলংকাত পোৱা যায়।৩
ইয়াৰ লেটিন বৈজ্ঞানিক পদাংশ roxburghiiয়ে স্কটীয় উদ্ভিদবিদ উইলিয়াম ৰক্সবাৰ্ঘক বুজায়।৪
বিৱৰণ
ৰেৱতী এজোপা মধ্যম আকাৰৰ গছ, প্ৰায় 15 – ওখ গছজোপাৰ ডাল-পাত বহলকৈ মেলখোৱা ধৰণৰ। পাতবোৰ গুলপীয়া বা কমলাৰঙৰ থুপি থুপি 15 – দীঘল, তিনিৰ পৰা পাঁচযোৰা উপ-পত্ৰথকা ঠাৰিযুক্ত, প্ৰত্যেক উপ-পত্ৰ 7 – দীঘল 4 – বহল। ফুলৰ পাহিবোৰ 4 – বহল আৰু ৰঙাৰ পৰা গুলপীয়া ৰঙৰ। ফল দীঘল, গোটা, চিৰা চিৰাকৈ লাগে।
তথ্য সংগ্ৰহ
- Anthraquinone glycosides from Cassia roxburghii and evaluation of its free radical scavenging activity
- Itis.org
- Cassia roxburghii seeds protect Liver against Toxic effects of Ethanol and Carbontetrachloride in rats
তথ্যসূত্ৰ
- ↑ davesgarden.com/guides/pf/go/67895/
- ↑ www.flowersofindia.net/catalog/slides/Red%20Cass
- ↑ mobile.floridata.com/Plants/Fabaceae/Cassia%20ro
- ↑ Stearn, William. (1973). A Gardenerer's Dictionary of Plant Names. Cassell. পৃ. 278. ISBN 0304937215
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেৱতী ফুল” প্ৰবন্ধৰ সংশোধন ৬৩১৫৭০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।