চৰাই
২০ প্ৰবন্ধ
-
চৰাই
চৰাইৰ (Bird) বৈজ্ঞানিক সংজ্ঞা হ’ল “কণী পৰা, ডেউকা থকা, উষ্ণৰক্তী, এবিধ দুঠেঙীয়া মেৰুদণ্ডী প্ৰাণী”। সকলো মিলাই বৰ্তমান প্ৰায় ১০,০০০টা প্ৰজাতি, পৃথিৱীৰ সকলো জলবায়ুতে, মেৰু অঞ্চলৰ পৰা এণ্টাৰ্কটিকালৈক, বসবাস কৰা দেখা যায়।
-
ফেঁচা
ফেঁচা (Owls) হৈছে ষ্ট্ৰিজিফৰ্মেছ ক্ৰমৰ পক্ষী। ইয়াৰে ২০০ৰো অধিক প্ৰজাতিৰ বেছিভাগেই একাকী আৰু নিশাচৰ চিকাৰী। ফেঁচাক উলম্ব স্থিতি, ডাঙৰ আৰু বহল মূৰ, তীক্ষ্ণ দৃষ্টি, উচ্চ শ্ৰৱণ শক্তি, চোকা ঠেং আৰু নীৰৱতাৰে উৰিব পৰাকৈ গঠিত ডেউকাৰ দ্বাৰা চিহ্নিত কৰা হয়।
-
ডাউক
ডাউক (ইংৰাজী: "White-breasted waterhen" আৰু বৈজ্ঞানিক নাম: "Amaurornis Phoenicurus") চৰাই, দক্ষিণ তথা দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত হৈ থকা এবিধ জলচৰ পক্ষী।
-
কাঠনি বোৱাৰী
কাঠনি বোৱাৰী ( Red-headed Trogon), কাঠনি বোৱাৰী বা ৰঙামূৰীয়া ট্ৰোগন ট্ৰোগনিডি গোত্ৰ বা পৰিয়ালৰ অন্তৰ্গত হাৰ্পাক্টিস গণৰ সুন্দৰ, জুইৰঙী এটি চৰাই। কাঠনি ৱোৱাৰীৰ বৈজ্ঞানিক নামৰ অৰ্থ ৰঙামূৰীয়া ফলচোৰ (গ্ৰিক: harpactes = ফলচোৰ; eruthro = ৰঙা; kephalos = মূৰ)।
-
আজান (চৰাই)
আজান বা হালখেদা (Grey Heron Ardea cinerea ) কণামুচৰি পৰিয়ালৰ এবিধ ডাঙৰ প্ৰজাতিৰ কণামুচৰি। ইহঁত আকাৰত ময়ূৰতকৈ ডাঙৰ হয়। ইহঁত চাৰিটা প্ৰজাতিৰ আৰু ইউৰোপ, এছিয়া, আফ্ৰিকাৰ কিছু অংশত ইহঁতক দেখিবলৈ পোৱা যায়। ইহঁতৰ বেছিভাগেই নাতিশীতোষ্ণ অঞ্চলত বিচৰণ কৰে।
-
এডেলি পেংগুইন
এডেলি পেংগুইন( Pygoscelis adeliae ) হৈছে এণ্টাৰ্কটিকাৰ উপকূলীয় অঞ্চলত বাস কৰা পেংগুইনৰ এটা প্ৰজাতি। সাগৰীয় চৰাইৰ ভিতৰত ইহঁত আটাইতকৈ বেছি দক্ষিণ দিশত বসবাসকাৰী চৰাই।
-
কাউচা
কাউচা (বৈজ্ঞানিক নাম: Coracias benghalensis ) এবিধ অতি চিনাকি চৰাই।
-
টোকোৰা চৰাই
টোকোৰা চৰাই (Weaver Bird) অসমকে আদি কৰি ভাৰতবৰ্ষৰ প্ৰায় সকলো ঠাইতে পোৱা যায়। বিশ্বত টোকোৰাৰ মুঠতে সত্তৰটামান প্ৰজাতি আছে। এই প্ৰজাতিবিলাক এচিয়া আৰু আফ্ৰিকাৰ বিভিন্ন ঠাইত পোৱা যায়। টোকোৰাই জাক পাতি বাস কৰে। তামোল, নাৰিকল, তাল, খেজুৰ আদি গছেই সিহঁতৰ প্ৰধান বাসস্থান।
-
ডঁৰিক
ডঁৰিক (Kalij pheasant, বৈজ্ঞানিক নামঃ Lophura leucomelanos) বিশেষকৈ হিমালয়ৰ পাদদেশ, পাকিস্তান নেপালৰ পৰা পশ্চিম থাইলেণ্ডলৈকে বিস্তৃত অৰণ্য আৰু ঘাঁহনিত পোৱা এবিধ চৰাই৷ উপপ্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰি মতাবোৰ যথেষ্ট পৰিৱৰ্তনশীল, কিন্তু সকলোৰে অন্ততঃ আংশিকভাৱে চিকচিকিয়া নীলা-ক'লা পাখি থাকে, আনহাতে…
-
পানী ডুবি
পানী ডুবি (Tachybaptus ruficollis), জলচৰ চৰাইৰ এটা জাত। এই প্ৰজাতিৰ গোত্ৰটোৰ নাম (Tachybaptus) প্ৰাচীন গ্ৰীক takhus অৰ্থাৎ 'দ্ৰুত' আৰু bapto অৰ্থাৎ 'ডুব যোৱা'ৰ পৰা আহিছে। বৈজ্ঞানিক নাম্ৰ দ্বিতীয় অংশ অৰ্থাৎ ruficollis লেটিন rufus (ৰঙা) আৰু আধুনিক লেটিন -collis (necked অৰ্থাৎ ডিঙি)-ৰ পৰা উদ্ভৱ হৈছে।
-
অ'ক চৰাই
অ'ক চৰাই বা great auk (Pinguinus impennis) এবিধ বিলুপ্ত সামুদ্ৰিক চৰাই। স্কাণ্ডিনেভিয়া, স্পেইন, গ্ৰীণলেণ্ড আদি ঠাইক সামৰি উত্তৰ আটলাণ্টিক আৰু প্ৰশান্ত মহাসাগৰৰ উপকুল অঞ্চলত এসময়ত পৰ্যাপ্ত পৰিমাণে অ'ক চৰাই আছিল।
-
ছাইৰঙী মূৰৰ বুলবুলি
ছাইৰঙী মূৰৰ বুলবুলি (Grey-headed bulbul; বৈজ্ঞানিক নামঃ Microtarsus priocephalus) পাইকন’ন’টিডে (Pycnonotidae)পৰিয়ালৰ এবিধ বুলবুলি। ই দক্ষিণ-পশ্চিম ভাৰতৰ পশ্চিম ঘাটৰ স্থানীয় চৰাই, আৰু গোৱাৰপৰা দক্ষিণে তামিলনাডুলৈকে ১২০০ মিটাৰ পৰ্যন্ত উচ্চতাত ইয়াক পোৱা যায়।
-
ডৌডৌ চৰাই
ডৌডৌ (Dodo; ৰেফাচ কুকুলেটাচ) ভাৰত মহাসাগৰৰ মৰিচাচ দ্বীপৰ থলুৱা চৰাই আছিল। ইহঁত উৰিব নোৱাৰা চৰাই আছিল। ১৬ শতিকাৰ শেষত মানুহে ইহঁতৰ বৰ বেছিকৈ চিকাৰ কৰাৰ ফলত ইহঁত বিলুপ্ত হৈ গৈছিল। জীয়াই থকা জীৱৰ ভিতৰত ইহঁত পাৰ আৰু কপৌ চৰাইৰ লগত আটাইতকৈ ওচৰ-সম্পৰ্কীয়, আৰু ইহঁতক ৰেফাইনায় উপপৰিয়ালে সাঙুৰি লয়।
-
পাত চৰাই
পাত চৰাই বা সোণকপালী পাত চৰাই ( Chloropsis aurifrons ) ( ইংৰাজী: Golden-fronted Leafbird ), পাত চৰাই বা সোণকপালী পাত চৰাই হৈছে ক্ল'ৰ'পচিডি ( Chloropseidae ) পৰিয়াল বা গোত্ৰ অন্তৰ্গত এক প্ৰজাতিৰ পাত চৰাই। ভাৰতীয় উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়াৰ কিছু দেশ ইহঁতৰ প্ৰধান বাসস্থান।
-
বগা চকুৱা টিপচী
বগা চকুৱা টিপচী (Zosterops palpebrosus) বগা চকুৱা পৰিয়ালৰ এটি সৰু পেচেৰিন চৰাই। ইহঁতক চছমা চকুৱা বা বগা চকুৱা টিপচী বুলিও কোৱা হয়। ইহঁত সৰু সৰু গোটত বিভক্ত হৈ বিচৰণ কৰে। অমৃত (nectar) আৰু সৰু সৰু পোক-পৰুৱা খায়।
-
বালিৰ মইনা
বালিৰ মইনা (Bali myna; বৈজ্ঞানিক নামঃ Leucopsar rothschildi)ক ৰথচাইল্ড'চ মইনা বা বালিৰ ষ্টাৰ্লিং বুলিও জনা যায়৷ স্থানীয়ভাৱে ই জলাক বালি নামেৰে পৰিচিত। মধ্যমীয়া আকাৰৰ এবিধ চৰাবিধ ২৫ ছেঃমি (৯.৮ ইঞ্চি) পৰ্যন্ত দীঘল হয়।
-
বৰডুবি
বৰডুবি (Podiceps cristatus) জলচৰ চৰাইৰ এটা জাত। এই চৰাইটোৰ বৈশিষ্ট্য হৈছে ইয়াৰ সুকীয়া ৰূপ, ইয়াৰ আকৰ্ষণীয় ক'লা আৰু বগা পাখি। লগতে এই চৰায়ে প্ৰজননৰ সময়ত কৰা সমন্বিত নৃত্য আৰু প্ৰদৰ্শন (courtship display)ও যথেষ্ট বৈশিষ্ট্যপূৰ্ণ।
-
মালাবাৰ বাঢ়ৈটোকা
মালাবাৰ বাঢ়ৈটোকা (Malabar flameback; বৈজ্ঞানিক নামঃ Chrysocolaptes socialis) হৈছে পিচিডে (Picidae) পৰিয়ালৰ এবিধ বাঢ়ৈটোকা৷ ই ভাৰতৰ পশ্চিম ঘাটৰ স্থানীয় চৰাই। ইয়াক পূৰ্বতে গ্ৰেটাৰ ফ্লেমবেক (C.
-
শিল কপৌ
শিল কপৌ (Common Emerald Dove, বৈজ্ঞানিক নাম: Chalcophaps indica) কলাম্বিডি (Columbidae) গোত্ৰৰ এবিধ থলুৱা চৰাইৰ প্ৰজাতি৷ এই চৰাইবিধ ভাৰত উপমহাদেশ তথা ম্যানমাৰ, থাইলেণ্ড, মালয়েছিয়া, ইণ্ডোনেছিয়া তথা অষ্ট্ৰেলিয়া পৰ্য্যন্ত বিস্তৃত হৈ আছে৷ শিল কপৌ ভাৰতৰ তামিলনাডু ৰাজ্যৰ জাতীয় চৰাইৰূপে পৰিচিত৷
-
সেন্দূৰীপিঠীয়া মৌ-পিয়া
সেন্দূৰীপিঠীয়া মৌ-পিয়া(Purple Sunbird) হৈছে অসমৰ বিভিন্ন প্ৰজাতিৰ মৌ-পিয়াৰ এবিধ প্ৰজাতি। ই সৰু চৰাই ৷ প্ৰায় ৫-৩০ গ্ৰাম ওজনৰ এই চৰাই বিধ অন্যান্য কেবাটাও প্ৰজাতিৰ অন্যতম ৷ এই চৰাইবিধ আফ্ৰিকাৰ মধ্য-পূৰ্ব অঞ্চল, দক্ষিণএচিয়া, দক্ষিণ-পূব এচিয়া, চীন ৰ দক্ষিণ অঞ্চলৰ পৰা আৰম্ভ কৰি ইণ্ডোনেছিয়া, নিউ…