বিৰিণা (বৈজ্ঞানিক নাম: Vetiveria zizanioides; Vetiver) এবিধ দ-চানেকীয়া ঠাইত উৎপন্ন হোৱা ওখ ঘাঁহজাতীয় উদ্ভিদ।১ এই বন একেঠাইতে সৰহীয়াকৈ উৎপত্তি হয়।
বিস্তৃতি
বিৰিণা নেপাল, ভাৰত, বাংলাদেশ আৰু ভূটানত বহুলভাৱে বিস্তৃত হৈ আছে। এই ঘাঁহে বাৰিষাৰ পানীয়ে পলসুৱা কৰা মাটিত খৰকৈ বৃদ্ধি পাই বৃহৎ অঞ্চল আগুৰি পেলাব পাৰে।
বিৱৰণ
বিৰিণাৰ পাতবোৰ খেৰজাতীয় উদ্ভিদৰ দৰে দীঘল দীঘল হয়। ইয়াৰ থোপাথোপে বগা ৰঙৰ ফুল ফুলে।১
ব্যৱহাৰ
বিৰিণাজাতীয় ঘাঁহসমূহ এশিঙীয়া গঁড়ৰ বাবে গুৰুত্বপূৰ্ণ বসতিস্থল। বহু ঠাইৰ এই ঘাঁহ ঘৰৰ ছাল বা বেঁৰা সাজিবলৈ ব্যৱহাৰ কৰা হয়। তদুপৰি আয়ুৰ্বেদতো এই ঘাঁহৰ ব্যৱহাৰ উল্লেখ আছে।২৩
তথ্যসূত্ৰ
- ↑ ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
- ↑ Pankaj Oudhia (2001-3)
- ↑ আৰ্কাইভ কপি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিৰিণা” প্ৰবন্ধৰ সংশোধন ৫৪০৫৬২ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।