প্ৰাকৃতিক দুৰ্যোগ
১৩ প্ৰবন্ধ
-
বানপানী
বানপানী (flood) হ'ল সাধাৰণ পৰিস্থিতিত শুকান হৈ থকা পৃথিৱীৰ স্থলভাগ জলমগ্ন হোৱা অৱস্থা। সাধাৰণতে কোনো হ্ৰদ বা নদীৰ পানী বাঢ়ি ওফন্দি বানপানীৰ সৃষ্টি কৰে। অত্যধিক বৰষুণ, বৰফ গলা আদি কাৰণতো বানপানী হয়। বোৱতী পানীয়ে গছ-গছনি, ঘৰ, জীৱ-জন্তু আদি উটুৱাই নিয়ে। ই বৰ্তমান যুগৰ এটা ভয়ংকৰ প্ৰাকৃতিক দূৰ্যোগ।
-
ছুনামি
ছুনামি (Tsunami)এটা জাপানী শব্দ। ছু (Tsu) মানে বন্দৰ আৰু নামি (nami) মানে ঢৌ। ছুনামিৰ অৰ্থ হ'ল সাগৰৰ বিশাল ঢৌ। বিশেষ কেইটামান কাৰণত সমুদ্ৰ-তৰংগ যেতিয়া উপকূলভাগত আছাৰ খাই পৰি মহাতংৰগলৈ ৰূপান্তৰিত হয়,তাকে ছুনামি কোৱা হয়। ছুনামি হ'ল প্ৰবল জলোচ্ছ্বাস। সকলো ছুনামি ভয়াবহ নহয়।
-
অসমত হোৱা ভূমিকম্প (১৮৯৭)
১৮৯৭ চনৰ ১২ জুন তাৰিখে হোৱা ভূমিকম্পটোৱে সমগ্ৰ অসমৰ ক্ষতি সাধন কৰে। ইয়াৰ প্ৰাৱল্য আছিল ৮.১ ৰিখটাৰ স্কেল।. এই ভূমিকম্পৰ ফলত প্ৰায় ১৫০,০০০ বৰ্গ মাইল (৩৯০,০০০ বৰ্গ কিঃমিঃ) অঞ্চলৰ ঘৰ-দুৱাৰ আদি ধ্বংস হয়।
-
বৈশ্বিক মহামাৰী
বৈশ্বিক মহামাৰী বা বিশ্বমাৰী (Pandemic; য়ুনানী (গ্ৰীক) শব্দ πᾶν পেন "সকলো" + δῆμος ডেম'চ "লোক"ৰ পৰা) হৈছে সংক্ৰামক ৰোগৰ এক মহামাৰী (Epidemic) যি জনসংখ্যাৰ মধ্যমীয়াৰ পৰা এক বিশাল ক্ষেত্ৰজুৰি, উদাহৰণ স্বৰূপে, এটা মহাদ্বীপ, বা সমগ্ৰ পৃথিৱী জুৰি বিয়পিব পাৰে।
-
হিমস্খলন
হিমস্খলন হৈছে কোনো হেলনীয়া পৃষ্ঠত হোৱা বৰফৰ এক বৃহৎ সোঁত। সাধাৰণতে কোনো উচ্চ উচ্চতাত থকা বৰফৰ স্তুপৰ অস্থিৰতাৰ ফলত এনে স্খলনৰ আৰম্ভ হয়। স্খলন আৰম্ভ হোৱাৰ পিছত বৰফৰ তৰপটোৰ বেগ ক্ৰমান্নয়ে বৃদ্ধি পাই আৰু সোঁতত অধিক বৰফ খহাই নিয়ে।
-
প্ৰাকৃতিক দুৰ্যোগ
প্ৰাকৃতিক দুৰ্যোগ (Natural Disaster) হৈছে পৃথিৱীৰ বায়ুমণ্ডল, জলমণ্ডল, জীৱমণ্ডল বা ভূমণ্ডলৰ ভয়াৱহ বতৰ বা প্ৰাকৃতিক প্ৰক্ৰিয়াৰ ফলত হোৱা এক বিপৰ্যয়জনক পৰিঘটনা।
-
অসমত হোৱা ভূমিকম্প (১৯৪৭)
১৯৪৭ চনৰ ২৯ জুলাই তাৰিখে হোৱা ভূমিকম্পটোৱে ভাৰতৰ অসমৰ লগতে চীন দেশতো ক্ষতি সাধন কৰে। ভাৰতীয় সময়মতে সন্ধিয়া ৭ বাজি ১৩ মিনিটত সৃষ্টি হোৱা ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৭.৩ ৰিখটাৰ স্কেল। ভাৰতৰ সীমান্তৱৰ্তী এলেকা (সেই সময়ত ব্ৰিটিছ ইণ্ডিয়াৰ অধীনত আছিল) আৰু চীনত ইয়াক অনুভৱ কৰা হৈছিল।
-
ভূমিস্খলন
ভূমিস্খলন, বা যাক ইংৰাজীত landslips বুলিও কোৱা হয়, মাটিৰ কেইবাধৰণৰ বৃহৎ অপচয়, য'ত মাটিৰ বিস্তৃত পৰিসৰৰ গতিবিধি, যেনে শৈল-পতন, বোকাময় প্ৰবাহ, গভীৰ বা অগভীৰভাৱে থকা ঢাল অংশ নষ্ট হোৱা আৰু ধ্বংসাৱশেষৰ প্ৰবাহ আদি অন্তৰ্ভুক্ত হ'ব পাৰে।
-
২০২১ৰ অসম ভূমিকম্প
২০২১ চনৰ অসম ভূমিকম্প ২০২১ চনৰ ২৮ এপ্ৰিলৰ ০৭:৫১ বজাত ভাৰতৰ অসমৰ ঢেকীয়াজুলিৰ পৰা ১১ কিলোমিটাৰ (৭ মাইল) দূৰত্বত ৩৪.০ কিলোমিটাৰ (২১.১ মাইল) গভীৰতাত হোৱা ৰিচটাৰ স্কেলৰ ৬.০ মাত্ৰাৰ এটা ভূমিকম্প৷ ভূমিকম্পটো মুখ্য চহৰ গুৱাহাটীৰ পৰা ১৪০ কিলোমিটাৰ (৮৬ মাইল) উত্তৰে ৩৪ কিলোমিটাৰ (২১ মাইল) গভীৰতাত উৎপত্তি…
-
ফণী (ঘূৰ্ণীবতাহ)
ফণী (‘ফণী’, অৰ্থ "সাপৰ ফণা") হৈছে এক শক্তিশালী গ্ৰীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহ। ভাৰত আৰু বাংলাদেশ ই অত্যন্ত আতংকৰ সৃষ্টি কৰিছে। ঘূৰ্ণীবতাহ 'ফণী'ৰ নাম দিছে বাংলাদেশে। ইয়াৰ অৰ্থ সাপ বা ফণা তুলিব পৰা কোনো প্ৰাণী। ই ভাৰত বতৰবিজ্ঞান বিভাগৰ (আইএমডি)ৰ দ্বাৰা নামাঙ্কিত প্ৰথম বতাহ।
-
১৪ ছেপ্টেম্বৰ, ২০২৫ ওদালগুৰি ভূমিকম্প
১৪ ছেপ্টেম্বৰ, ২০২৫ ওদালগুৰি ভূমিকম্প হৈছে ভাৰতৰ অসমৰ ওদালগুৰি জিলাত ১৪ ছেপ্টেম্বৰ ২০২৫ তাৰিখে প্ৰায় ১৬:৪১ বজাত (১১:১১ UTC) বজাত সংঘটিত হোৱা এক অগভীৰ, মধ্যমীয়া ভূমিকম্প। National Center for Seismology (NCS)-এ ইয়াৰ মাত্ৰা প্ৰায় ৫.৮ আৰু কেন্দ্ৰীয় গভীৰতা প্ৰায় ৫ কিলোমিটাৰ বুলি তথ্য প্ৰকাশ কৰিছে।
-
২০২৫ ম্যানমাৰ ভূমিকম্প
২০২৫ চনৰ ২৪ মাৰ্চত ১২:৫০:৫২ এমএমটি (০৬:২০:৫২ ইউটিচি) ত ম্যানমাৰৰ ছাগাইং অঞ্চলত ৭.৭-ৰ ভূমিকম্প হৈছিল, যাৰ অভিকেন্দ্ৰ আছিল দেশৰ দ্বিতীয় বৃহত্তম চহৰ মাণ্ডালেৰ ওচৰত। ষ্ট্ৰাইক-স্লিপ শ্বকে সৰ্বাধিক পৰিৱৰ্তিত মেৰ্কেলি তীব্ৰতা IX (Violent) প্ৰাপ্ত কৰিছিল।
-
২০২৬ৰ উজনি অসমৰ বান
২০২৬ চনৰ ১৯ জুলাইত নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণ ঘটি অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত জলপৃষ্ঠ বৃদ্ধি হয় আৰু বানৰ সৃষ্টি হয়বুলি কোৱা হৈছে যদিও আঞ্চলিক বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ সূত্ৰই নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হোৱা নাই বুলি তথ্য প্ৰকাশ কৰে।