অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

হালধীয়া কাছ

হালধীয়া কাছ (Elongated tortoise বা Yellow tortoise, বৈ‍জ্ঞানিক নাম - Indotestudo elongata) দক্ষিণ-পূব এছিয়া আৰু দক্ষিণ এছিয়াৰ কিছু অংশত পোৱা এবিধ কাছ।

হালনাগাদ: ১৭ জুলাই ২০২৬ ৭৭ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

হালধীয়া কাছ১ (Elongated tortoise বা Yellow tortoise১, বৈ‍জ্ঞানিক নাম - Indotestudo elongata) দক্ষিণ-পূব এছিয়া আৰু দক্ষিণ এছিয়াৰ কিছু অংশত পোৱা এবিধ কাছ।

বিতৰণ

এই প্ৰজাতিটো ভাৰতত (ত্ৰিপুৰা, জলপাইগুৰি, পূব বংগ, আৰু ঝাৰখণ্ডৰ সিংভূম), নেপাল, মিজোৰাম, বাংলাদেশ, বাৰ্মা (বা ম্যানমাৰ), লাওছ, থাইলেণ্ড (ফুকেটকে ধৰি), কম্বোডিয়া, ভিয়েটনাম, পশ্চিম মালয়েছিয়া, দক্ষিণ চীনত পোৱা যায়৷ প্ৰকাৰৰ স্থানীয়তা: আৰাকান, টেনাছেৰিম, বাৰ্মা।

ভিডিঅ'

ইউটিউবত হালধীয়া কাছৰ ভিডিঅ'ৰ লিঙ্ক -

Elongated Tortoise on Youtube

আকাৰ

সাধাৰণতে হালধীয়া কাছ বা ইণ্ডোটেষ্টুডো এলোংগাটা প্ৰায় ৩০ চে.মি. (১২ ইঞ্চি) দীঘল আৰু প্ৰাপ্তবয়স্ক ওজনত প্ৰায় ৩.৫ কিলোগ্ৰাম (৭ পাউণ্ড) হয়। মাইকী হালধীয়া কাছবোৰ মতা হালধীয়া কাছতকৈ বহল আৰু অধিক ঘূৰণীয়া হোৱাৰ প্ৰৱণতা দেখা যায়। মতা হালধীয়া কাছৰ নেজডাল মাইকী হালধীয়া কাছতকৈ বহু ডাঙৰ। মতাবোৰৰ বুকুত এক অৱতল বৰ্ম থাকে আনহাতে মাইকীবোৰৰ বুকুৰ বৰ্ম সমতল। ইয়াৰ উপৰিও মাইকী হালধীয়া কাছৰ পিছফালৰ নখবোৰ মতা হালধীয়া কাছৰ নখতকৈ লক্ষণীয়ভাৱে দীঘল আৰু অধিক বক্ৰ। বাহ নিৰ্মাণৰ সুবিধাৰ বাবে এনে হৈছে বুলি বিশ্বাস কৰা হয়।২

ভাবুকি আৰু সংৰক্ষণ

হালধীয়া কাছ এক সংকটজনকভাৱে বিপন্ন প্ৰজাতি আৰু প্ৰাকৃতিক পৰিসৰত ইয়াৰ সংখ্যাৰ তীব্ৰ অৱনতি ঘটিছে।৩

এই প্ৰজাতিটোৰ বাবে প্ৰধান ভাবুকি হৈছে চীন আৰু পূব এছিয়াৰ অন্যান্য ঠাইত বৃহৎ হাৰত বৃদ্ধি পোৱা খাদ্য বজাৰ আৰু জীয়াই থকা বন্যসংখ্যাৰ গণ চিকাৰ৷ চীনতো ভুলকৈ বিশ্বাস কৰা হয় যে কাছৰ চলং পিহি উলিওৱা মিশ্ৰণে কামোদ্দীপক হিচাপে কাম কৰে।৪

ইয়াৰ উপৰিও অন্যান্য ভাবুকি হ'ল বাসস্থান ধ্বংস আৰু পোহনীয়া জন্তু হিচাপে‍ ৰখাৰ ব্যৱসায়ৰ বাবে কৰা অবৈধ সংগ্ৰহ।৫

তথ্যসূত্ৰ

  1. ↑ আহমেদ, মহম্মদ ফিৰোজ; দাস, অভিজিৎ আৰু দত্ত, সুশীল কুমাৰ. (২০০৮). উত্তৰ-পূব ভাৰতৰ উভচৰ আৰু সৰীসৃপ সচিত্ৰ ক্ষেত্ৰ নিৰ্দেশিকা. আৰণ্যক, গুৱাহাটী - ২৮, অসম. পৃ. ৮৭. ISBN ৯৭৮-৮১-৯০৩৬৬৯-৩-৯
  2. ↑ Chelonia.org. Retrieved on 2015-11-11
  3. ↑ Rahman, S.C.; Platt, K.; Das, I. (2019). Indotestudo elongata
  4. ↑ Tortoise Trust Web – A SECURE HABITAT. Tortoisetrust.org (1999-08-06). Retrieved on 2015-11-11
  5. ↑ Ernst, C.H. and Barbour,R.W. (1989) Turtles of the World. Smithsonian Institution Press: Washington

সম্পৰ্কিত শ্ৰেণী

সৰীসৃপ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হালধীয়া কাছ” প্ৰবন্ধৰ সংশোধন ৬১৭৯৫২ (১৭ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।