মালীবৰ সাপ বা মাৰলি সাপ১ (Indian wolf snake, বৈজ্ঞানিক নাম-Lycodon aulicus) দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত দেখা পোৱা এবিধ অবিষধৰ (nonvenomous) সাপৰ প্ৰজাতি।২
বিৱৰণ
মালীবৰ সাপৰ দেহৰ দৈৰ্ঘ্য ৫১ ছে:মি: আৰু নেজ ১১ ছে:মি: পৰ্যন্ত দীঘল হয়।৩ ঠাইবিশেষে এই সাপবিধৰ দেহৰ বৰণ বেলেগ বেলেগ হোৱা দেখা যায়। সাধাৰণতে ই মিহি মটিয়া বা মুগা বৰণীয়া হয়।


বিতৰণ
মালীবৰ সাপ পাকিস্তান, শ্ৰীলংকা, ভাৰত, নেপাল, ম্যানমাৰ, থাইলেণ্ড, মালয়েছিয়া, ইণ্ডোনেছিয়া, ফিলিপাইনছ আদি দেশত বিস্তৃত হৈ আছে। ভাৰতবৰ্ষত ইয়াক সাধাৰণতে হিমালয়ৰ পাদদেশত আৰু অসম, মহাৰাষ্ট্ৰ আদি ৰাজ্যত দেখা পোৱা যায়।
আচৰণ
মালীবৰ সাপ স্বভাৱত নিশাচৰ হয় আৰু দিনৰ ভাগত ই নিষ্ক্ৰিয় হৈ থাকে। ই ধৰিলে বৰকৈ খোঁটে তীব্ৰ আৰু ভয় খুৱাবলৈ গাটো চেপেটা কৰি আকস্মিকভাৱে জপিয়াই দিয়ে৷১
খাদ্য
এই সাপবিধে ঘাইকৈ জেঠীজাতীয় প্ৰাণী আৰু ভেকুলী আদি খাই জীয়াই থাকে।
প্ৰজনন
মাইকী মালীবৰ সাপ মতা সাপতকৈ সাধাৰণতে ডাঙৰ আকাৰৰ হয়। ইহঁতে বাৰিষাৰ আগে আগে প্ৰজনন কৰে আৰু এবাৰত ৪-১১ টাকৈ কণী পাৰে। ছেপ্টেম্বৰ-অক্টোবৰ মাহৰ ভিতৰত কণী ফুঁটি পোৱালি জগে। ৪
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ আহমেদ, মহম্মদ ফিৰোজ; দাস, অভিজিৎ; দত্ত, সুশীল কুমাৰ. (২০০৮). উত্তৰ-পূব ভাৰতৰ উভচৰ আৰু সৰীসৃপ সচিত্ৰ ক্ষেত্ৰ নিৰ্দেশিকা. আৰণ্যক. পৃ. ৭০. ISBN 978-81-903669-3-9
- ↑ Abercromby, A F. The Snakes of Ceylon. পৃ. 52–53. ISBN 1-110-73774-2
- ↑ Boulenger, G.A. 1893. Catalogue of the Snakes in the British Museum (Natural History), Volume I. London
- ↑ Das, I. 2002. A Photographic Guide to Snakes and Other Reptiles of India Ralph Curtis Books. Sanibel Islands, Florida., p. 36. ISBN 0-88359-056-5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালীবৰ সাপ” প্ৰবন্ধৰ সংশোধন ৫১৪৯২৪ (৪ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।