প্ৰকৃতি আৰু পৰিৱেশ
উদ্ভিদ, প্ৰাণী, ৰাষ্ট্ৰীয় উদ্যান আৰু জৈৱ-বৈচিত্ৰ্য · ১,০১২ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মাংসভোজী উদ্ভিদ
মাংসভোজী উদ্ভিদ হৈছে কিছুমান উদ্ভিদ, যি বিভিন্ন জীৱ, যেনে প্ৰাণী বা প্ৰ'ট'জৱা, বিশেষকৈ পতংগ বা অন্য সন্ধিপদীৰ পৰা পোষক দ্ৰৱ্য আহৰণ কৰে। এনে উদ্ভিদবোৰ ক্ষীণ অথবা কম পৰিমানে পোষক দ্ৰৱ্য, বিশেষকৈ নাইট্ৰ'জেন নথকা ঠাইত জীৱাই থাকিব পৰাকৈ অভিযোজিত হয়।
-
মানি প্লাণ্ট
মানি প্লাণ্ট বা এপিপ্ৰেমনাম অৰেয়াম (Epipremnum aureum) হৈছে অৰেয়াম পৰিয়ালৰ অন্তৰ্গত আৰাচিয়া প্ৰজাতিৰ এক উদ্ভিদ। ই ফৰাচী পলিনেছিয়াৰ ছ'চাইটি দ্বীপপুঞ্জৰ ম'ৰিয়াৰ স্থানীয় উদ্ভিদ।
-
মালয়েছিয়াৰ লাৰ গিবন
মালয়েছিয়াৰ লাৰ গিবন (Malaysian lar gibbon; বৈজ্ঞানিক নামঃ Hylobates lar lar) বা মালয়েছিয়াৰ লাৰ হলৌ বান্দৰ (হাইলোবেটছ লাৰ লাৰ) হ'ল বগা হাতৰ বা লাৰ গিবণ বা লাৰ হলৌৰ এক বিপন্ন উপ-প্ৰজাতি। মালয়েছিয়া আৰু থাইলেণ্ডৰ ই স্থানীয় প্ৰাণী।
-
মালাবাৰ বাঢ়ৈটোকা
মালাবাৰ বাঢ়ৈটোকা (Malabar flameback; বৈজ্ঞানিক নামঃ Chrysocolaptes socialis) হৈছে পিচিডে (Picidae) পৰিয়ালৰ এবিধ বাঢ়ৈটোকা৷ ই ভাৰতৰ পশ্চিম ঘাটৰ স্থানীয় চৰাই। ইয়াক পূৰ্বতে গ্ৰেটাৰ ফ্লেমবেক (C.
-
মিকুমি ৰাষ্ট্ৰীয় উদ্যান
মিকুমি ৰাষ্ট্ৰীয় উদ্যান (Mikumi National Park) খন টাঞ্জানিয়াৰ ম’ৰ’গ’ৰ’ অঞ্চলত অৱস্থিত আৰু এই ৩,২৩০ কিলোমিটাৰ (১,২৫০ স্কোৱাৰ মিটাৰ) মাটিকালিৰ উদ্যানখন ১৯৬৪ চনত গঠন কৰা হৈছিল। এই উদ্যানখন টাঞ্জানিয়াৰ চতুৰ্থ সৰ্ববৃহত ৰাষ্ট্ৰীয় উদ্যান। টাঞ্জানিয়াৰ এ-৭ ৰাষ্ট্ৰীয় পথ এই উদ্যানৰ মাজেৰে পাৰ হৈ গৈছে।
-
মেধা কচ্ছপিয়া ৰাষ্ট্ৰীয় উদ্যান
মেধা কচ্ছপিয়া ৰাষ্ট্ৰীয় উদ্যান (Medhakachhapia National Park) বাংলাদেশৰ কক্স বজাৰ জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। এই অৰণ্যখন বিশাল মদাৰ আৰু গৰ্জন গছৰ বাবে সুপৰিচিত। মেধা কচ্ছপিয়া এটি প্ৰাকৃতিক বনাঞ্চল।
-
মোলাই কাঠনি
মোলাই কাঠনি ভাৰতৰ অসমৰ কোকিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰ নদীৰ চাপৰিত মাজুলী জিলাৰ অন্তৰ্গত এখন অৰণ্য। এই অৰণ্য ভাৰতীয় পৰিৱেশ কৰ্মী আৰু বনকৰ্মী যাদৱ পায়েঙে অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি অৰণ্যলৈ ৰূপান্তৰ কৰিছিল।
-
মৌ ডিমৰু
মৌ ডিমৰু বা আওঠা ডিমৰু (Ficus auriculata) (মিচিং- কুকৱাল-টাকুক্-আছিং; কাৰ্বি-লঠেৰি -আৰং; খআচিয়া- দিয়েং-চহ-লামপিন) এবিধ মজলীয় আকাৰৰ ডিমৰু গছ৷ এই গছজোপা সমগ্ৰ এছিয়া মহেদেশতে পোৱা যায়৷ এই গছজোপাৰ বৃদ্ধিৰ বাবে পৰ্য্যাপ্ত পৰিমাণে ৰ'দৰ প্ৰয়োজন হয়৷
-
যনি
যনি হৈছে এপিয়েচি (বা উমবেললাইফে) পৰিয়ালৰ এবিধ একবৰ্ষী গুল্মজাতীয় উদ্ভিদ। ইয়াক ইংৰাজীত আজুৱাইন (Ajwain), আজুৱান (ajowan), আজুৱান কাৰাৱে (ajowan caraway), বিছপ্ছ ৱিড (bishop's weed), কাৰম (carom) আদি নামেৰে জনা যায়।
-
যোগীলাও
যোগীলাও, (বৈজ্ঞানিক নাম: Crescentia cujete) (Calabash Tree) হৈছে আমেৰিকাৰ গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ সৰু জোপোহা গছ আৰু তাৰ ফল। ই ছেণ্ট লুছিয়াৰ জাতীয় গছ। ভাৰতত ইয়াৰ প্ৰসাৰ প্ৰকৃতিগতভাবে বৃদ্ধি হোৱা দেখা গৈছে। গছজোপা মধ্যমীয়া আকাৰৰ চিৰসেউজীয়া, ফল দেখিবলৈ একবাৰে বেলৰ দৰে, কিন্তু আকাৰত ডাঙৰ।
-
লাইম
লাইম (Lime) হৈছে ছাইট্ৰাছ গণৰ অন্তৰ্গত কেইবাটাও প্ৰজাতিৰ উদ্ভিদ আৰু সিহঁতৰ ফল। অসমত লাইমৰ উৎপাদন আৰু চাহিদা যথেষ্ট বেছি। লাইম বছৰটোৰ প্ৰায় সকলো সময়তে কম-বেছি পৰিমাণে উৎপন্ন হয়। গ্ৰীষ্মকালত লাইমৰ ফল পূৰঠ হয় আৰু এই সময়ত ফলৰ ৰস অধিক হয়। গোন্ধ আৰু সোৱাদৰ দিশত অধিক মানবিশিষ্ট হয়।
-
লামডিং সংৰক্ষিত বনাঞ্চল
লামডিং সংৰক্ষিত বনাঞ্চল অসমৰ নগাওঁ জিলাত অৱস্থিত এখন সংৰক্ষিত অৰণ্য৷ এই অৰণ্য দক্ষিণ নগাওঁ বন সংমণ্ডলৰ অন্তৰ্গত৷ ২০০৩ চনত এই অৰণ্যক ’ধনশিৰি-লামডিং এলিফেন্ট ৰিজাৰ্ভ’ নামেৰে হস্তীপ্ৰকল্পৰ অন্তৰ্ভুক্ত কৰা হৈছে৷
-
শুং (উদ্ভিদ)
গছৰ ওপৰত নোমাল বা বুৰুজৰ দৰে গজা অংশক শুং বোলে। যৱ বা ৰাইৰ দৰে ঘাঁহৰ বীজত ইহঁতে শিয়ালনেজীয়া গঠনৰ ৰূপ দিয়ে, যিয়ে কাঁইটীয়া কৰি বীজ বিয়পাই দিয়াত সহায় কৰে আৰু তেনেকৈয়ে পাৰ হৈ যোৱা জীৱ-জন্তুৰ লগত লাগি থাকে।
-
সহ্যাদ্ৰিছ বন এন্দুৰ
সহ্যাদ্ৰিছ বন এন্দুৰ (Sahyadris forest rat; বৈজ্ঞানিক নামঃ Rattus satarae) মুৰিদাই পৰিয়ালৰ অন্তৰ্গত এক এন্দুৰ প্ৰজাতি। ই ভাৰতৰ উত্তৰ পশ্চিম ঘাটৰ স্থানীয় প্ৰাণী য'ত ই তিনিটা অঞ্চলত বিভক্ত, মহাৰাষ্ট্ৰৰ সতৰা, তামিলনাডুৰ নীলগিৰি পৰ্বত আৰু কৰ্ণাটকৰ কোদাগু জিলা।
-
সেন্দূৰীপিঠীয়া মৌ-পিয়া
সেন্দূৰীপিঠীয়া মৌ-পিয়া(Purple Sunbird) হৈছে অসমৰ বিভিন্ন প্ৰজাতিৰ মৌ-পিয়াৰ এবিধ প্ৰজাতি। ই সৰু চৰাই ৷ প্ৰায় ৫-৩০ গ্ৰাম ওজনৰ এই চৰাই বিধ অন্যান্য কেবাটাও প্ৰজাতিৰ অন্যতম ৷ এই চৰাইবিধ আফ্ৰিকাৰ মধ্য-পূৰ্ব অঞ্চল, দক্ষিণএচিয়া, দক্ষিণ-পূব এচিয়া, চীন ৰ দক্ষিণ অঞ্চলৰ পৰা আৰম্ভ কৰি ইণ্ডোনেছিয়া, নিউ…
-
সৌকা বেত
সৌকা বেত (বৈজ্ঞানিক নাম: Calamus latifolius) এবিধ বেত জাতীয় উদ্ভিদ৷ শোণিতপুৰ আৰু দৰং জিলাৰ ভৈৰৱকুণ্ড, ৰৌতা, চাৰিদুৱাৰ, বালিপাৰা, নদুৱাৰ, বিহালি, বিশ্বনাথ আদি বিভিন্ন বনাঞ্চলত এই বেত উৎপত্তি হোৱা দেখা যায়৷
-
হিদাৰী ভৱানী
হিদাৰী ভৱানী, হৈছে হেছপেৰিডে পৰিয়ালৰ এটা পখিলা। ইয়াক ভেইনড পামাৰ বুলিও জনা যায়। ১৮৮৯ চনত লিওনেল ডি নিচভিলে প্ৰথমবাৰৰ বাবে এই প্ৰজাতিটোৰ বিষয়ে বৰ্ণনা কৰিছিল।
-
হেলচ
হেলচ হৈছে এজোপা গুল্ম বা চাপৰ উদ্ভিদ প্ৰজাতি। ই প্ৰায় ৬ মিটাৰ পৰ্যন্ত ওখ হয়। ই এছিয়াৰ প্ৰায়বোৰ দেশত পোৱা যায়।
-
হেলচী
হেলচী (Helancha) (বৈজ্ঞানীক নাম: Enhydra fluctuans) সামান্য দ, জীপাল ঠাইত হোৱা জলজ উদ্ভিদ। গা-গছৰ ভিতৰখন ধানখেৰৰ দৰে ফোঁপোলা। পাতৰ আকাৰ মাটিকাঁদুৰিতকৈ ডাঙৰ আৰু কোমল। ফুলৰ গঠন থুপি থুপি হয়। ই এবিধ উৎকৃষ্ট শাক। ইয়াৰ কেইবাবিধো ঔষধীয় গুণ আছে।
-
ৰ'জটোচিয়া বায়'স্ফিয়াৰ ৰিজাৰ্ভ
ৰ'জটোচিয়া সংৰক্ষিত বনাঞ্চল হৈছে ইউক্ৰেইনৰ ইউনেস্ক'ৰ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল। এই বনাঞ্চলখন ইউক্ৰেইনৰ লভিভ আৰু পোলেণ্ডৰ জামোস্কৰ ওচৰতে অৱস্থিত, এই দুয়োখন চহৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত।
-
ৰূপহী চমকা চৰাই
ৰূপহী চমকা চৰাই (Jerdon's Bush Chat, বৈজ্ঞানিক নাম-Saxicola jerdoni) 'Muscicapidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ বিখ্যাত পক্ষী নীৰিক্ষক 'Thomas C. Jerdon' ৰ স্মৰণত এই চৰাইবিধৰ ইংৰাজী নাম Jerdon's Bush Chat ৰখা হৈছে৷
-
ৰ’জা ক্লিন’ফিলা
ৰ’জা ক্লিন’ফিলা হʼল গোলাপ (Rosa) গণৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি। এই উদ্ভিদ প্ৰজাতিবিধ হিমালয়, দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ এবিধ থলুৱা উদ্ভিদ। এই ডাঙৰ গুল্মজাতীয় উদ্ভিদজোপা ৬ মিটাৰ (২০ ফুট) পৰ্যন্ত ওখ হʼব পাৰে।