হাঁহ
১৬ প্ৰবন্ধ
-
কলীমূৰী হাঁহ
কলীমূৰী হাঁহ (Eurasian Teal or Common Teal, বৈজ্ঞানিক নাম-Anas crecca) এটা সচৰাচৰ দেখিবলৈ পোৱা আৰু বহুলভাৱে বিস্তৃত হৈ থকা হাঁহৰ প্ৰজাতি৷ ই সাধাৰণতে নাতিশীতোষ্ণ ইউৰেছিয়া অঞ্চলত প্ৰজনন কৰে আৰু শীতকালত দক্ষিণলৈ পৰিভ্ৰমণ কৰে৷ ই জাকপাতি বাস কৰে আৰু প্ৰধানকৈ জলাশয় সমূহত চৰি ফুৰা দেখা যায়৷
-
কাকলি হাঁহ
কাকলি হাঁহ বা বৰকালী মুগী হাঁহ (Ferruginous Duck or White eyed Pochard, বৈজ্ঞানিক নাম-Aythya nyroca) মজলীয়া আকাৰৰ এবিধ হাঁহৰ প্ৰজাতি৷ ই প্ৰধানকৈ ইউৰেছিয়াত বহুলভাৱে বিস্তৃত হৈ আছে৷
-
দেওহাঁহ
দেওহাঁহ ( White-winged Wood Duck )' (Asarcornis scutulata) এবিধ ডাঙৰ আকাৰৰ হাহঁৰ প্ৰজাতি। দেওহাঁহক অসমৰ জাতীয় চৰাই ৰূপে অভিহিত কৰা হয়। এই প্ৰজাতিৰ হাঁহৰ বিশেষ ধৰণৰ বিকট মাতৰ বাবে অসমীয়াত ইয়াক ‘দেওহাঁহ’ বুলি কোৱা হয়।
-
শৰালি হাঁহ
শৰালি (Lesser Whistling Duck, বৈজ্ঞানিক নাম: Dendrocygna javanica) ভাৰত উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়াত প্ৰজনন কৰা এবিধ হাঁহৰ প্ৰজাতি। ইহঁত সাধাৰণতে নিশাচৰ আৰু দিনৰ ভাগত বৃহৎ গোটত হ্ৰদ বা জলপূৰ্ণ খেতি-পথাৰত থকা দেখা যায়। ই গছৰ খোৰোঙত কেতিয়াবা বাহ সজা দেখা যায়।
-
আমৰ’লীয়া হাঁহ
আমৰ'লীয়া হাঁহ বা পাতিহাঁহ (Mallard বা Wild Duck, Anas platyrhynchos) এবিধ মজলীয়া আকাৰৰ হাঁহৰ প্ৰজাতি৷ ই নাতিশীতোষ্ণ তথা ক্ৰান্তীয় অঞ্চল যেনে আমেৰিকা, ইউৰোপ, এছিয়া, উত্তৰ আমেৰিকা আদিত প্ৰজনন কৰে৷ তাৰোপৰি এই প্ৰজাতিবিধক নিউজিলেণ্ড তথা অষ্ট্ৰেলিয়া আদিত নতুনকৈ সংস্থাপন কৰা হৈছে৷ মতা আমৰ'লীয়া…
-
চাকৈ-চকোৱা
চাকৈ-চকোৱা এটা হাঁহৰ প্ৰজাতি। সংস্কৃতত ইয়াক ব্ৰাহ্মণি হাঁহ বুলি কয়।
-
বৰমূগী হাঁহ
বৰমূগী হাঁহ বা খদাহাঁহ(Indian Spot-billed Duck, বৈজ্ঞানিক নাম-Anas poecilorhyncha) বিষূৱীয় অঞ্চল সমূহত প্ৰজনন কৰা এবিধ হাঁহৰ প্ৰজাতি৷ ইয়াক প্ৰধানত: এছিয়া মহাদেশত দেখা পোৱা যায়৷
-
খন্তীয়া হাঁহ
খন্তীয়া হাঁহ (Northern Shoveler, বৈজ্ঞানিক নাম-Anas clypeata) এবিধ বহুলভাৱে বিস্তৃত হৈ থকা হাঁহৰ প্ৰজাতি। ই প্ৰধানকৈ ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকাত প্ৰজনন কৰে। । শীতকালত খন্তীয়া হাঁহে দক্ষিণ ইউৰোপ, আফ্ৰিকা, ভাৰত উপমহাদেশ, দক্ষিণ এছিয়া তথা আমেৰিকালৈ পৰিভ্ৰমণ কৰে।
-
ঘিলা হাঁহ
ঘিলা হাঁহ বা নাক খেচখেচী, বৈজ্ঞানিক নাম-Nettapus coromandelianus) এটা সৰু আকাৰৰ হাঁহৰ প্ৰজাতি। ই ঘাইকৈ পাকিস্তান, ভাৰত, বাংলাদেশ আৰু অষ্ট্ৰেলিয়াত প্ৰজনন কৰে।
-
বৰশৰালি
বৰশৰালি (Fulvous Whistling Duck, বৈজ্ঞানিক নাম: Dendrocygna bicolor) এবিধ হাঁহৰ প্ৰজাতি৷ ই দেখাত একেধৰণৰ শৰালিৰ প্ৰজাতিতকৈ আকাৰত কিছু ডাঙৰ হয়৷ তাৰোপৰি দুয়োটা প্ৰজাতিৰ মাজত কিছু গঠনগত পাৰ্থক্যও দেখা পোৱা যায়৷
-
দীঘলনেজী
দীঘলনেজী হাঁহ (Northern Pintail, বৈজ্ঞানিক নাম-Anas acuta) সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত হৈ থকা এবিধ হাঁহৰ প্ৰজাতি৷ ই সাধাৰণতে ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকাত প্ৰজনন কৰে আৰু শীতকালত বিষুৱীয় অঞ্চলসমূহলৈ পৰিভ্ৰমণ কৰে৷ ইয়াৰ মতা হাঁহটোৰ দীঘল আৰু জোঙা নেজডালৰ বাবে অসমীয়াত 'দীঘলনেজী' আৰু ইংৰাজীত…
-
দেওৰাজ হাঁহ
দেওৰাজ হাঁহ (Greylag Goose, বৈজ্ঞানিক নাম-Anser anser) এবিধ বহুলভাৱে বিস্তৃত হৈ থকা জলচৰ ৰাজহাঁহ(Goose)ৰ প্ৰজাতি৷ ই বিশ্ববিখ্যাত বিজ্ঞানী কনৰাড লৰেন্সৰ আচৰণ সম্পৰ্কীয় গৱেষণাৰ বাবে অধিক পৰিচিত৷
-
ধৃতিৰাজ
ধৃতৰাজ (Bar-headed Goose, বৈজ্ঞানিক নাম-Anser indicus) এবিধ জলচৰ হাঁহৰ প্ৰজাতি। ইহঁতে মধ্য এছিয়াৰ পৰ্বতীয় হ্ৰদসমূহত সহস্ৰ লগ হৈ কলনীত প্ৰজনন কৰে আৰু দক্ষিণ এছিয়ালৈ পৰিভ্ৰমণ কৰে। ইহঁতে মাটিত বাহ সাজে আৰু তিনিৰ পৰা আঠটাকৈ কণী পাৰে।
-
সৰুমূগী হাঁহ
সৰুমূগী হাঁহ (Gadwall, বৈজ্ঞানিক নাম-Anas strepera), 'Anatidae' গোটৰ অন্তৰ্গত বহুলভাৱে বিস্তৃত হৈ থকা এবিধ হাঁহৰ প্ৰজাতি৷
-
বামুণী হাঁহ
বামুণী হাঁহ (Tufted Duck, বৈজ্ঞানিক নাম: Aythya fuligula) এটা মজলীয়া আকাৰৰ হাঁহৰ প্ৰজাতি।
-
গোলাপীমূৰীয়া হাঁহ
গোলাপীমূৰীয়া হাঁহ (Pink-headed duck) হৈছে উত্তৰ-পূব ভাৰতৰ এবিধ বিপন্ন পক্ষী। গোলাপীমূৰীয়া হাঁহৰ বৈজ্ঞানিক নাম ৰ’ড’নেছা কেৰিঅ’ফাইলেচিয়া (Rhodonessa caryophyllacea)। হিন্দীত “গুলাব চিৰ” আৰু বঙালী ভাষাত “লাল শিৰ” বুলি কোৱা হয়। অতীতত গংগা আৰু ব্ৰহ্মপুত্ৰ নদী দুখনৰ নামনি ভাগৰ দ অঞ্চলবোৰত বসতি কৰিছিল।