শাক
১৭ প্ৰবন্ধ
-
ধনিয়া
ধনিয়া (Coriandrum sativum) এবিধ সুগন্ধী একবৰ্ষজীৱী তৃণজাতীয় উদ্ভিদ, যাৰ পাত আৰু গুটি বিশ্বজুৰি খাদ্যত মছলা আৰু সজাবৰ উপাদান হিচাপে বহুল ব্যৱহৃত। ইয়াৰ খেতি দক্ষিণ-পশ্চিম এছিয়া, উত্তৰ আফ্ৰিকা আৰু দক্ষিণ ইউৰোপৰ স্থানীয় উদ্ভিদৰ পৰা প্ৰসাৰিত হৈ বৰ্তমান বহু দেশত কৰা হয়, আৰু ইতিহাসত ইয়াৰ…
-
কলমৌ
কলমৌ (বৈজ্ঞানিক নাম: Ipomoea aquatica) পুখুৰী, বিল আৰু দ পথাৰৰ পানীত জন্মা উদ্ভিদ। কলমৌৰ পাতৰ বৰণ সেউজীয়া আৰু গা গছৰ বৰণ গাঢ় বেঙুনীয়া। কলমৌ কাটিলে বা ছিঙিলে বগা আঠা ওলায়। উদ্ভিদজোপাই পাতল বেঙুনীয়া ফুল ধাৰণ কৰে।
-
পদিনা
পদিনা (Field Mint, Wild Mint বা Corm Mint) এবিধ লতাজাতীয় সুগন্ধি শাক। এই শাক প্ৰধানকৈ ইউৰোপ মহাদেশৰ নাতিশীতোষ্ণ অঞ্চল, এছিয়া মহাদেশৰ পশ্চিম আৰু মধ্য অঞ্চল, পূব ছাইবেৰিয়া আৰু দক্ষিণ আমেৰিকাত পোৱা যায়।
-
টেঙামৰা
টেঙামৰা বা মেচকা টেঙা (Roselle) (বৈজ্ঞানিক নাম: Hibiscus sabdariffa) হৈছে পশ্চিম আফ্ৰিকান মূলৰ এবিধ গুল্মজাতীয় উদ্ভিদ। টেঙামৰাৰ গছ প্ৰায় ২-২.৫ চেমি পৰ্যন্ত ওখ হয়। ইয়াৰ পাতসমূহ তিনিটা মূৰযুক্ত আৰু ই ৮-১৫ চেমি দীঘল হয়।
-
পালেং শাক
পালেং শাক (Spinacia oleracea) এমাৰান্থেচি পৰিয়ালভুক্ত এক প্ৰকাৰৰ সপুষ্পক উদ্ভিদ আৰু জনপ্ৰিয় শাক। ইয়াৰ আদিবাস মধ্য আৰু দক্ষিণ-পশ্চিম এছিয়া। পালেং এবিধ একবৰ্ষজীৱী উদ্ভিদ। পালেং গছ ৩০ চেঃমিঃ পৰ্যন্ত ওখ হয়। অসমত শীতকালত ইয়াৰ খেতি কৰা হয়। ইয়াৰ পাত একান্তৰ, সৰল, ডিম্বাকাৰ বা ত্ৰিভূজাকাৰ।
-
ব্ৰাহ্মী শাক
ব্ৰাহ্মী হৈছে পূৱ ভাৰত, অষ্ট্ৰেলিয়া, ইউৰোপ, আফ্ৰিকা, এছিয়া, আৰু উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ সেমেকা অঞ্চলত পোৱা এবিধ অধিবৰ্ষজীৱি, লতাজাতীয় শাক। ইয়াৰ সাধাৰণ নামসমূহ হৈছে ৱাটাৰ হাইছপ (water hyssop), ৱাটাৰহাইছপ (waterhyssop), থেমি−লিফ্ড গ্ৰেচলা (thyme-leafed gratiola), হাৰ্ব অৱ গ্ৰীছ (herb of grace),
-
মধুসোলেং
মধুসোলেং বা মধুসোলেঙ হৈছে পলিগ’নেছি পৰিয়ালৰ অন্তৰ্গত এক দ্বিবীজপত্ৰীয় উদ্ভিদ প্ৰজাতি। এচিয়া মহাদেশৰ বিভিন্ন দেশ যেনে চীন, জাপান, ভাৰত, ইণ্ডোনেছিয়া আৰু ভিয়েটনামত মধুসোলেঙৰ বিস্তৃতি দেখিবলৈ পোৱা যায়।
-
ভেদাই লতা
ভেদাই লতা, পাদুৰী লতা বা পাদ্ৰী লেৱা (বৈজ্ঞানিক নাম: Paederia foetida; কাছাৰ: মুকুন্দ লতা; গাৰো: পাছুম; কছাৰী: চা-খি-ফু; কুকি: ৱেই-নাম-ব্ৰাং; খাচিয়া: মেই-ইন্-টু) এবিধ গুল্মজাতীয় উদ্ভিদ। ইংৰাজীত এই লতাক ভিন্ন নাম যেনে 'skunkvine', 'stinkvine', বা 'Chinese fever vine' বুলি জনা যায়।
-
চেংমৰা
চেংমৰা (Spiny Arum, বৈজ্ঞানিক নাম: Lasia spinosa) ভাৰতকে ধৰি এচিয়া মহাদেশৰ বিভিন্ন দেশ আৰু পাপুৱা নিউগিনিত পোৱা এবিধ কচুজাতীয় চিৰসেউজ উদ্ভিদ। এই উদ্ভিদজোপা বাৰীৰ ঢাপ, পিটনি, নদীকাষৰীয়া সেমেকা বা জেকা ঠাই আদিত পোৱা যায়| ইয়াক কাঁইটীয়া কচু, ওলমোটোকা, কেশঠুৰী,, লা-ঘটুৱা আদি নামেৰেও জনা যায়।
-
নেফাফু
নেফাফু (Clerodendrum colebrookianum; East Indian Glory Bower) এবিধ লেমীয়াছী (Lamiaceae) পৰিয়ালৰ বহু বৰ্ষজীৱি ঔষধী উদ্ভিদ। নেফাফু গছৰ পাত উচ্চ ৰক্তচাপ (hypertension), মধুমেহ (diabetes), কাহ, আৰু বিভিন্ন বাতবিষ জাতীয় ৰোগৰ (rheumatism) বাবে উপকাৰী।
-
পচতীয়া
পচতীয়া (five-leaved chaste tree) হৈছে এবিধ মধ্যম আকাৰৰ পৰ্ণপাতী উদ্ভিদ। ইয়াক দক্ষিণ আৰু দক্ষিণ-পূৱ এছিয়াৰ জনসমাজত একপ্ৰকাৰৰ বহু প্ৰচলিত বনৌষধী হিচাপে ব্যৱহাৰ হৈ আহিছে। ইয়াৰ বৈজ্ঞানিক নাম Vitex negundo।
-
বনশাক
স্বাস্থ্যৰ সুৰক্ষাৰ কাৰণে অতীজৰ পৰা অসমৰ লোক-সংস্কৃতিত বিভিন্ন প্ৰকাৰৰ ফল-মূল, শাক-পাচলি, গছ-বন আদি ব্যৱহৃত হৈ আহিছে। এই খাদ্য সামগ্ৰীবিলাক পুৰিপুষ্টি আৰু ঔষধি গুণেৰে ভৰপূৰ।
-
অসমৰ শাক-পাচলিৰ তালিকা
{| ! অসমীয়া নাম !! ইংৰাজী নাম !! বৈজ্ঞানিক নাম !! ছবি |- | পালেং || Spinach || Spinacia oleracea || |- | বৰ-মানিমুনি || Asiatic pennywort || Centella asiatica || |- | সৰু-মানিমুনি || || Hydrocotyle rotundifolia || |- | পদিনা || Mint || Mentha arvensis || |- | কলমৌ || Water spinach || Ipomoea…
-
দোৰোণ
দোৰোণ এবিধ লেমিয়াছি (Lamiaceae ) গোত্ৰৰ 'লিউকাছ" (Leucas) জাতিৰ অন্তৰ্গত তৃণজাতীয় উদ্ভিদ। ইয়াক ঠাইবিশেষে বিভিন্ন নামেৰে জনা যায়, যদিও অসমত ই দোৰোণ শাক বা দ্ৰোণ শাক বুলিয়ে জনাজাত।
-
বাবৰি শাক
বাবৰি শাক (Garland chrysanthemum, crown daisy, chrysanthemum greens, edible chrysanthemum, chop suey green, Japanese-green; বৈজ্ঞানিক নাম: Glebionis coronaria) হৈছে সপুষ্পক উদ্ভিদ গণৰ এচটাৰ প্ৰজাতিৰ এবিধ তৃণ জাতীয় উদ্ভিদ। বাবৰি শাক বেলিফুল পৰিয়ালৰ অন্তৰ্ভুক্ত।
-
সৰু-পকমৌ
পকমৌ (Black night shade, বৈজ্ঞানিক নাম: Solanum nigrum) হৈছে Solanum গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ উদ্ভিদৰ প্ৰজাতি। ইয়াক স্থানীয়ভাৱে লাচকচি, লাটকচু বা পিচকাটি বুলিও কোৱা হয়। এই উদ্ভিদক সংস্কৃতত কাকামাচি বা কাকমাচি, নেপালীত কালবিহি, তাই আহোম ভাষাত ফাক টেন নামেৰে জনা যায়।
-
হেলচী
হেলচী (Helancha) (বৈজ্ঞানীক নাম: Enhydra fluctuans) সামান্য দ, জীপাল ঠাইত হোৱা জলজ উদ্ভিদ। গা-গছৰ ভিতৰখন ধানখেৰৰ দৰে ফোঁপোলা। পাতৰ আকাৰ মাটিকাঁদুৰিতকৈ ডাঙৰ আৰু কোমল। ফুলৰ গঠন থুপি থুপি হয়। ই এবিধ উৎকৃষ্ট শাক। ইয়াৰ কেইবাবিধো ঔষধীয় গুণ আছে।