প্ৰকৃতি আৰু পৰিৱেশ
উদ্ভিদ, প্ৰাণী, ৰাষ্ট্ৰীয় উদ্যান আৰু জৈৱ-বৈচিত্ৰ্য · ১,০১২ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
চেঁচোৰ
চেঁচোৰ (Water chestnut) এবিধ জলজ উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম Eleocharis dulcis। ই হৈছে বৰ্গ Poales অন্তৰ্ভুক্ত ধাননি পথাৰ বা তেনে কোনো দ চানেকীয়া ঠাইত দেখা পোৱা এবিধ বন৷ ইয়াৰ শিপাত ওলোৱা আলুৰ নাম অনুসৰিয়ে বনবিধকো চেঁচোৰ বুলি কোৱা হয়
-
চেল্ভিয়া মিচেলা
চেল্ভিয়া মিচেলা, এবিধ একবৰ্ষী তৃণজাতীয় উদ্ভিদ, যাক ইংৰাজীত সাধাৰণতে ট্ৰপিকেল ছেইজ (Tropical sage) বুলি জনা যায়। ই সমগ্ৰ ক্ৰান্তীয় আমেৰিকাত গজে আৰু প্ৰায়ে সাগৰ পৃষ্ঠৰপৰা ২,২০০ মিটাৰ (৭,২০০ ফুট) উচ্চতালৈকে থকা অৰ্ধ-শুষ্ক অঞ্চলৰ জোপোহা জংঘল বা বিঘ্নিত ভূমিত পোৱা যায়।
-
চৰাইচোং
চৰাইচোঙ ১৬৬৩ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ প্ৰতাপসিংহৰ ৰাজকীয় পৃষ্ঠপোষকতাত উজনি মাজুলীত গঢ়ি তোলা এছিয়াৰে ভিতৰত প্ৰথমখন ৰাজকীয় পক্ষী উদ্যান। চৰাইচোঙৰ অৱস্থিতি— উজনি মাজুলীৰ বৰ্তমান গাভৰুমেলীয়া, কাড়ীচুক, ৰতনপুৰ আৰু লাহন গাঁৱৰ উত্তৰে, কঠমীয়া (কথমীয়া)ৰ পশ্চিমে; ৰাঙলীবাহৰ, অভয়াপুৰীয়া, নৰসিংহ আৰু…
-
ঝাওবন
ঝাওবন (বৈজ্ঞানিক নাম: Tamarix dioica) পশ্চিম এছিয়াৰ বিভিন্ন অঞ্চলৰ নদীৰ পাৰৰ পলসুৱা মাটিত উৎপন্ন হোৱা এবিধ জোপোহা গছ। অসমত বাৰিষাৰ পানীয়ে উজনিৰ পৰা এই উদ্ভিদৰ গুটিবোৰ উটুৱাই আনে। পানী শুকালে গুটিবোৰ জেং জাবৰ বা নদীকুলীয়া বননিত লাগি ধৰে। খৰালিৰ লগে লগে এই গুটিবোৰৰ পৰা পুলি ওলায়।
-
ঝুনঝুনি গছ
ঝুনঝুনি গছ, সাধাৰণতে ঘণ্টাকৰ্ণ অন্য ভাষাত চিকু চিকু (chique chique), গাৰ্গেলিম ব্ৰেভো (gergellim bravo), জাইণ্ট ষ্ট্ৰিয়াটা (giant striata), গুইজ-ডে-কাচকাভেল (guizo-de-cascavel), মাৰাকা-ডে-কব্ৰা (maraca-de-cobra), ৰেটল ৱিড (rattleweed), ৰেটল বক্স (rattlebox), স্মুথ ক্ৰটালেৰিয়া (smooth crotalaria),…
-
টিপচী
টিপচী চৰাই (Common Tailorbird, বৈজ্ঞানিক নাম: Orthotomus sutorius) সমগ্ৰ এছিয়া মহাদেশতে বিস্তৃত হৈ থকা এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি। নগৰৰ উদ্যান সমূহত ই এবিধ চিনাকি চৰাই। ই জোপোহাৰ মাজতে লুকাই থাকে যদিও ডাঙৰ মাতটোৰ বাবে ইয়াৰ উপস্থিতি গম পোৱা যায়।
-
ঢেকীয়া লতা
ঢেকীয়া লতা (বৈজ্ঞানিক নাম: Aglaomorpha quercifolia, বা Drynaria quercifolia) Polypodiaceae পৰিয়ালৰ এবিধ ঢেঁকীয়াজাতীয় উদ্ভিদ। ইয়াক ফিলিপাইছত পাকপাক লৱিন, গুৰাৰ, কই হিন, অশ্বকত্ৰী, কাবকাব, কাবকাবন বা উপতকাৰুল আদি নামেৰে জনা যায়।
-
তালমূলি
তালমূলি বা কাৰ্কুলিগ' অৰ্কিঅইডেছ (golden eye-grass, নেপালী: কালো মুছলি বা কালি মুছলি) এবিধ বিলুপ্তপ্ৰায় সপুষ্পক উদ্ভিদৰ প্ৰজাতি। এই উদ্ভিদবিধ নেপাল, চীন, জাপান, ভাৰত উপমহাদেশ, পাপুৱাছিয়া, আৰু মাইক্ৰ'নেছিয়াত থলুৱাভাৱে পোৱা যায়।
-
তৃষ্ণা বন্যপ্ৰাণী অভয়াৰণ্য
তৃষ্ণা বন্যপ্ৰাণী অভয়াৰণ্য (Trishna Wildlife Sanctuary) হৈছে ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ দক্ষিণ ত্ৰিপুৰা জিলাৰ এখন বন্যপ্ৰাণী অভয়াৰণ্য।
-
থাইলেচিন
থাইলেচিন (Thylacine) আধুনিক যুগৰ জ্ঞাত প্ৰাণীৰ ভিতৰত আটাইতকৈ ডাঙৰ মাংসভোজী মাৰ্চুপিয়েল আছিল। পিঠিত থকা আঁচবোৰৰ বাবে ইয়াক টাস্মানিয়াৰ বাঘ (Tasmanian tiger)-ও বোলা হয়। ইহঁত অষ্ট্ৰেলিয়া দ্বীপ, টাস্মানিয়া দ্বীপ আৰু নিউ গিনি দ্বীপত থাকিছিল। কিন্তু বিংশ শতিকাত ইহঁত বিলুপ্ত হৈ গৈছিল।
-
দাঁত বিজলা
দাঁত বিজলা বা গাৰো দেওশাল (বৈজ্ঞানিক নাম: Dalbergia stipulacea) মজলীয়া আকাৰৰ এবিধ পৰ্ণপাতী গছ। অসমৰ প্ৰায়বোৰ বনভূমিতে দাঁত বিজলা গছৰ উৎপত্তি হয়।
-
নীলগিৰি দীঘলনেজীয়া গছ এন্দুৰ
নিগিৰি ভাণ্ডেলিউৰিয়া (Nilgiri long-tailed tree mouse; বৈজ্ঞানিক নামঃ Vandeleuria nilagirica), যাক নিগিৰি দীঘলনেজীয়া গছ এন্দুৰ আৰু ভাৰতীয় দীঘলনেজীয়া গছ এন্দুৰ বুলিও কোৱা হয়, ই মুৰিদাই (Muridae) পৰিয়ালৰ এবিধ তীক্ষ্ণদন্তী প্ৰাণী।
-
নীলা নাচনী
নীলা নাচনী চৰাই (Slaty-blue Flycatcher বৈজ্ঞানিক নাম-Ficedula tricolor) 'Muscicapidae' পৰিয়ালৰ এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি।
-
নৱাবগঞ্জ ৰাষ্ট্ৰীয় উদ্যান
নৱাবগঞ্জ ৰাষ্ট্ৰীয় উদ্যান (Nawabganj National Park) আই ইউ চি এনৰ চতুৰ্থ শ্ৰেণীৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বাংলাদেশৰ এখন প্ৰকৃতি সংৰক্ষিত বনাঞ্চল। এই উদ্যানখন দিনাজপুৰ জিলাৰ অন্তৰ্গত নৱাবগঞ্জ উপজিলা সদৰৰপৰা প্ৰায় এক কিলোমিটাৰ উত্তৰ-পশ্চিমে অৱস্থিত।
-
পনিয়ল
পনিয়ল (Flacourita jangomas) পনিয়ল অসমৰ এক প্ৰিয় ফল। কেঁচা অৱস্থাত সেউজীয়া আৰু পকিলে ৰঙচুৱা হয়। ফলবিধ খোৱাৰ আগতে মোহাৰি খালে সোৱাদলগা হয়।
-
পবিত্ৰ গছ
পবিত্ৰ গছ বা পবিত্ৰ কাঠনি কোনো বিশেষ সংস্কৃতিৰ ভিতৰৰ বিশেষ ধৰ্মীয় গুৰুত্ব থকা গছৰ জোপোহা বা কাঠনি। সমগ্ৰ বিশ্বৰ বিভিন্ন সংস্কৃতিত পবিত্ৰ গছসমূহৰ বৈশিষ্ট্য আছে।
-
পহু শিঙীয়া ঢেঁকীয়া
পহু শিঙীয়া ঢেঁকীয়া (বৈজ্ঞানিক নাম: Platycerium bifurcatum, the elkhorn fern or common staghorn fern) হৰিণ জাতীয় জন্তুৰ শিঙৰ দৰে দীঘল আকৃতিৰ ফেৰমেলা পাতধাৰী এবিধ বিদেশী ঢেঁকীয়া৷ এই ঢেঁকীয়াৰ প্ৰকৃত জন্মভূমি অষ্ট্ৰেলিয়া মহাদেশ যদিও বৰ্তমান ভাৰতৰ বিভিন্ন নাৰ্ছাৰিত পোৱা যায়৷
-
পানীটুকি চৰাই
পানীটুকি চৰাই (Marsh babbler,'Pellorneum palustre) ঘন বনেৰে ভৰা জলাহ বা পিতনি অঞ্চলত বাস কৰা এবিধ অতিকৈ বিৰল প্ৰজাতিৰ চৰাই৷ এই চৰাইবিধ কেৱল অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাতহে দেখিবলৈ পোৱা যায় (endemic)৷
-
পাৰিপাৰ্শ্বিক সংঘাত
পাৰিপাৰ্শ্বিক সংঘাত (Environmental Conflict) হৈছে প্ৰাকৃতিক সম্পদৰ অপ-পৰিচালনাৰ সময়ত পৰিৱেশৰ অৱক্ষয়ৰ ওপৰত সৃষ্টি হোৱা এক সংঘাত। এই ক্ষেত্ৰত সাধাৰণতে কেইবাটাও পক্ষ জড়িত থাকে, যাৰ ভিতৰত আছে পৰিৱেশ ৰক্ষক, যি পৰিৱেশ সুৰক্ষিত কৰিব বিচাৰে আৰু যিসকলে আন কিবা এটাৰ বাবে পৰিৱেশৰ অপ-ব্যৱস্থাপনা কৰিব বিচাৰে…
-
পেৰামেচিয়াম
পেৰামেচিয়াম (Paramecium) এবিধ এককোষী প্ৰাণী। সাধাৰণতে পানীত বাস কৰা পেৰামেচিয়াম নিচেই ক্ষুদ্ৰ প্ৰাণী। ইহঁতক খালী চকুৰে মণিব নোৱাৰি। ধাৰণা কৰা মতে এইবিধ প্ৰাণী পৃথিৱীৰ আদিম জীৱবোৰৰ মাজৰে এবিধ। পেৰামেচিয়ামৰ শৰীৰটো অসংখ্য নোমৰ দৰে বস্তুৰে আবৃত। এইবোৰক চিলিয়া বুলি কোৱা হয়।
-
ফলৰ তালিকা
উদ্ভিদবিজ্ঞানৰ সংজ্ঞা অনুসৰি বীজ বহন কৰা উদ্ভিদৰ বিশেষ মঙহাল বা মঙহহীন অংশকে ফল বুলি কোৱা হয়। এই ফলৰ বিকাশ হয় স্ত্ৰীকেশৰৰ গৰ্ভাশয় নাম অংশটোৰ পৰা। সকলো গুপ্তবীজী উদ্ভিদৰ ফল গঠন হয়।
-
বনগুটি
বনগুটি বা শগুণ বন (বৈজ্ঞানিক নাম: Chrysopogon aciculatus) (syn. Andropogon aciculatus) এবিধ বহল পতীয়া ঘাঁহজাতীয় উদ্ভিদ৷ এই ঘাঁহক ইংৰাজীত amorseco (Spanish, "dry love"), lesser spear grass, Mackie's pest, pilipiliula, grama-amorosa আদি নামেৰে জনা যায়৷
-
বনপিঠা
বনপিঠা প্ৰাকৃতিকভাৱে হোৱা এবিধ চিৰসেউজীয়া উদ্ভিদ। ই পৃথিৱীৰ বিভিন্ন ঠাইত উপলব্ধ। সাধাৰণতে সমতলভূমিত নাতিশীতোষ্ণ জলবায়ুত বৃদ্ধি হোৱা এই উদ্ভিদ মাদাগাস্কাৰ, ভাৰত, শ্ৰীলংকা, থাইলেণ্ড, কম্বোডিয়া, লাওচ, ভিয়েটনাম, মালয়েছিয়া, ব্ৰুনেই ইণ্ডোনেছিয়া, ফিলিপাইনচ, পাপুৱা নিউগিনি, চ’ল’মন আইলেণ্ড আৰু…
-
বাংকে ৰাষ্ট্ৰীয় উদ্যান
বাংকে ৰাষ্ট্ৰীয় উদ্যান (Banke National Park) নেপালৰ লুম্বিনী প্ৰদেশত অৱস্থিত। ২০১০ চনত পৃথিৱীলৈ উপহাৰ হিচাপে স্বীকৃতি লাভ কৰাৰ পিছত ইয়াক নেপালৰ দশম ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্থাপন কৰা হৈছিল।
-
বাঢৈ়য়াঢালা ৰাষ্ট্ৰীয় উদ্যান
বাঢৈ়য়াঢালা ৰাষ্ট্ৰীয় উদ্যান (Baroiyadhala National Park) আই ইউ চি এনৰ দ্বিতীয় শ্ৰেণীৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বাংলাদেশৰ প্ৰকৃতি সংৰক্ষিত বনাঞ্চল। এই উদ্যানখন ঢাকা-চিটাগং ঘাইপথৰ পূব স্থানৰ চিটাগং জিলাৰ সীতাকুণ্ড উপজিলাত অৱস্থিত। ইয়াৰ আয়তন ২৯৩৩.৬১ হেক্টৰ।
-
বাদামী টুনি
বাদামী টুনি (Chestnut Munia বৈজ্ঞানিক নাম - Lonchura atricapilla) টুনি চৰাইৰ প্ৰজাতিৰ এবিধ সৰু চৰাই।
-
বীৰগঞ্জ ৰাষ্ট্ৰীয় উদ্যান
বীৰগঞ্জ ৰাষ্ট্ৰীয় উদ্যান (Birganj National Park) বাংলাদেশৰ দিনাজপুৰ জিলাৰ বীৰগঞ্জ উপজিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ২০১১ চনৰ ১৪ ডিচেম্বৰত স্থাপন কৰা এই ৰাষ্ট্ৰীয় উদ্যানখন ১৬৮.৫৬ হেক্টৰ মাটিৰে গঠিত।
-
ভেদেলি লতা
ভেদেলি লতা ৰুবিয়েচি (Rubiaceae) পৰিয়ালৰ এবিধ জোপোহা আকৃতিৰ সৰু আকাৰৰ চিৰসেউজীয়া গছ। অসমীয়া সংস্কৃতিত এই লতাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।
-
ভেম্পায়াৰ বাদুলী
ভেম্পায়াৰ (ইংৰাজী: Vampire) এক শ্ৰেণী বাদুলিৰ প্ৰজাতি। স্তন্যপায়ী এইবিধ প্ৰাণী মধ্য আৰু দক্ষিণ আমেৰিকাত পোৱা যায়। ইহঁতৰ প্ৰধান খাদ্য চৰাই আৰু অন্য স্তন্যপায়ী প্ৰাণীৰ দেহৰ তেজ। ভেম্পায়াৰে সৰু সৰু অথচ অত্যন্ত চোকা দাঁত বহুৱাই অন্য প্ৰাণীৰ দেহৰ পৰা তেজ উলিয়াই আৰু সেই তেজ চুহি চুহি খায়।
-
মন ডিমৰু
মন ডিমৰু বা এৱাঁ ডিমৰু (Ficus fistulosa) মোৰেছি (Moraceae) পৰিয়ালৰ এবিধ সৰু আকাৰৰ ডিমৰু জাতীয় গছ৷ এই গছজোপা অসমৰ পৰা টাইৱান, চীন, মালয়েছিয়া, ভিয়েটনাম আৰু নিউগিনি পৰ্যন্ত দেখা পোৱা যায়৷