ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যান
১৬ প্ৰবন্ধ
-
কেওলাদেও ৰাষ্ট্ৰীয় উদ্যান
কেওলাদেও ৰাষ্ট্ৰীয় উদ্যান (Keoladeo National Park) ৰাজস্থানৰ সিন্ধু -গঙ্গা নদীৰ বৰ্ষাকালীন অৰণ্য জৈৱভৌগোলিক প্ৰদেশৰ মাজত অৱস্থিত। এই উদ্যানৰ মাটিকালি ২,৭৮৩ হেক্টৰ। ১৯৮২ চনত এইখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত হয়। ১৯০০ চনত ই মহাৰাজাসকলৰ হাঁহ চিকাৰৰ সংৰক্ষিত অঞ্চল আছিল।
-
নামদফা ৰাষ্ট্ৰীয় উদ্যান
নামদফা ৰাষ্ট্ৰীয় উদ্যান ( Namdapha National Park) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ ১৯৮৫ কিলোমিটাৰ বৰ্গমাইল (৭৬৬ বৰ্গমাইল) বৃহৎ ৰাষ্ট্ৰীয় উদ্যান। ১৯৮৩ চনত প্ৰতিষ্ঠা কৰা এই উদ্যানখন ১০০০ৰো অধিক ফুল আৰু প্ৰায় ১৪০০ প্ৰাণী প্ৰজাতিৰ সৈতে পূব হিমালয়ৰ জৈৱ বৈচিত্ৰ্যৰ এক স্থান।
-
ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য
ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য (Eaglenest Wildlife Sanctuary) অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত হিমালয়ৰ পাদদেশত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ইয়াৰ উত্তৰ-পূব দিশত 'চেঁচা অৰ্কিড উদ্যান' আৰু পূবে কামেং নৈৰ সিপাৰে পাক্কে ব্ৰাঘ্ৰ প্ৰকল্প অৱস্থিত।
-
চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান
চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কেৰালা ৰাজ্যত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। এই উদ্যানখন নীলগিৰি পাহাৰত অৱস্থিত আৰু ইয়াৰ মূল এলেকা ৮৯.৫২ বৰ্গ কিঃমিঃ। ইয়াৰ চৌপাশে ১৪৮ বৰ্গ কিঃমিঃ জুৰি এটা বাফাৰ জ’ন আছে। এই ৰাষ্ট্ৰীয় উদ্যানখনত কিছুমান বিৰল প্ৰজাতিৰ উদ্ভিদ আৰু বন্যপ্ৰাণী পোৱা যায়।
-
ভাৰতৰ অভয়াৰণ্যসমূহ
ভাৰতত ৫০০ তকৈ অধিক প্ৰাণী অভয়াৰণ্য আছে যাক বন্য জীৱন অভয়াৰণ্য (IUCN শ্ৰেণী IV সংৰক্ষিত ক্ষেত্ৰ) বুলি কোৱা হয়। ইয়াৰ ভিতৰত ২৮ বাঘ অভয়াৰণ্য ব্যঘ্ৰ প্ৰকল্পৰ দ্বাৰা সঞ্চালিত, যি বাঘ সংৰক্ষণৰ বাবে মহত্ত্বপূৰ্ণ।
-
নাগৰহ'লে ৰাষ্ট্ৰীয় উদ্যান
নাগৰহ'লে ৰাষ্ট্ৰীয় উদ্যান (Nagarhole National Park) কৰ্ণাটকৰ পশ্চিম প্ৰান্তৰ মহীশূৰ (মাইচৰ) আৰু কডাগু জিলাৰ সীমাত পাহাৰৰ নামনিত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। নাগৰহ'লে অৰ্থ হৈছে snake river, মানে যিখন নদী নাগৰহ'লেৰ মাজেদি বৈ গৈছে সেইখন সাপৰ নিচিনা একা-বেঁকা।
-
ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকা
ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ আই.ইউ.চি. এনৰ দ্বিতীয় শ্ৰেণী (category II)ৰ সংৰক্ষিত বনাঞ্চল (protected area)। ভাৰতত পোণপ্ৰথমে স্থাপিত হোৱা ৰাষ্ট্ৰীয় উদ্যানখন হ'ল ১৯৩৬ চনত প্ৰতিষ্ঠা কৰা হেইলি ৰাষ্ট্ৰীয় উদ্যান (Hailey National Park), যাক বৰ্তমান কৰবেট ৰাষ্ট্ৰীয় উদ্যান বুলি জনা যায়।
-
ভেলী অৱ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যান
ভেলী অফ ফ্লাৱাৰ্ছ (Valley of Flowers National Park) সুউচ্চ পশ্চিম হিমালয়ত অৱস্থিত এক ভাৰতীয় ৰাষ্ট্ৰীয় উদ্যান। ইয়াক স্থানীয় পৰ্বতীয়া ফুলেৰে ভৰা বিস্তীৰ্ণ ঘাঁহনি আৰু তাত পোৱা বিভিন্ন উদ্ভিদৰ বাবে জনা যায়। এই উদ্যান উত্তৰাখণ্ডত অৱস্থিত।
-
মৌলিং ৰাষ্ট্ৰীয় উদ্যান
মৌলিং ৰাষ্ট্ৰীয় উদ্যান (Mouling National Park ) হৈছে ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান, মূলতঃ উজনি ছিয়াং জিলা আৰু পশ্চিম ছিয়াং জিলা আৰু পূব ছিয়াং জিলাৰ কিছু অংশত অৱস্থিত। ১৯৭২ চনত নামদফা ৰাষ্ট্ৰীয় উদ্যানৰ পিছত ৰাজ্যখনত সৃষ্টি হোৱা দ্বিতীয়খন ৰাষ্ট্ৰীয় উদ্যান আছিল।
-
ইৰাভিকুলাম ৰাষ্ট্ৰীয় উদ্যান
ইৰাভিকুলাম ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কেৰালা ৰাজ্যৰ পশ্চিমঘাট পৰ্বতমালাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ই কেৰালাৰ ইডুক্কি আৰু এৰ্নাকুলাম জিলা জুৰি বিস্তৃত হৈ আছে। ইয়াৰ মুঠ মাটি-কালি ৯৭ বৰ্গ কিলোমিটাৰ। এইখন কেৰালাৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। ১৯৭৮ চনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল।
-
কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান
কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান ( Keibul Lamjao National Park ) হৈছে উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ বিষ্ণুপুৰ জিলাৰ এখন ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ আয়তন ৪০ কিলোমিটাৰ (১৫.৪ বৰ্গমাইল) বিশ্বৰ একমাত্ৰ ভাসমান ৰাষ্ট্ৰীয় উদ্যান আৰু লোকটক হ্ৰদৰ অবিচ্ছেদ্য অংশ।
-
কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান
কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান বা কাঞ্চনজংঘা বায়স্ফেয়াৰ ৰিজাৰ্ভ ভাৰতৰ ছিক্কিমত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যান আৰু বায়স্ফেয়াৰ ৰিজাৰ্ভ। ২০১৬ চনৰ জুলাই মাহত অনুষ্ঠিত হোৱা ৪০তম অধিবেশনত ইয়াক ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়।
-
গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান
গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ হিমাচল প্ৰদেশৰ কুল্লু অঞ্চলত অৱস্থিত সংৰক্ষিত ৰাষ্ট্ৰীয় উদ্যান। ১৯৮৪ চনত এই ৰাষ্ট্ৰীয় ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি ১,১৭১ বৰ্গ কিলোমিটাৰ আৰু ই সাগৰ পৃষ্ঠৰ পৰা ৬০০ মিটাৰৰ পৰা ১৫০০ মিটাৰ উচ্চতাত অৱস্থিত।
-
ছিৰোহি ৰাষ্ট্ৰীয় উদ্যান
ছিৰোহি ৰাষ্ট্ৰীয় উদ্যান ( Sirohi National Park) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যত অৱস্থিত। ভাৰত-ম্যানমাৰ সীমান্তৰ ওচৰত অৱস্থিত এইখন সৰু সংৰক্ষিত অঞ্চল। ১৯৮২ চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। ভূখণ্ড পাহাৰীয়া আৰু ইয়াৰ মাজতে উপত্যকা আছে। নিকটতম চহৰ-উখৰুল (৫ কিলোমিটাৰ)।
-
জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যান
জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যান (Jaldapara National Park) হʼল পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ পূব হিমালয়ৰ পাদদেশ আৰু তোৰ্ষা নদীৰ পাৰত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান।
-
ফংপুই ৰাষ্ট্ৰীয় উদ্যান
ফংপুই ৰাষ্ট্ৰীয় উদ্যান ( Phawngpui National Park) বা ফংপুই ব্লু মাউণ্টেন ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ মিজোৰামৰ দুখন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত অন্যতম আৰু আনখন হৈছে মুৰলেন ৰাষ্ট্ৰীয় উদ্যান। লংটলাই জিলাত অৱস্থিত মূল চহৰ আইজলৰ পৰা মিজোৰামৰ দক্ষিণ-পূব দিশত আৰু তুলনামূলকভাৱে বাৰ্মাৰ ওচৰত অৱস্থিত।