অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

হাৰুৱা কপৌ

হাৰুৱা কপৌ (Red Turtle Dove or Red Collared Dove, বৈজ্ঞানিক নাম: Streptopelia tranquebarica), কপৌ গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ থলুৱা চৰাইৰ প্ৰজাতি।

হালনাগাদ: ৫ মে’ ২০২৬ ১৩৭ শব্দ · ১ মিনিট সংগৃহীত ৯১
সংশোধনৰ পৰামৰ্শ

হাৰুৱা কপৌ (Red Turtle Dove or Red Collared Dove, বৈজ্ঞানিক নাম: Streptopelia tranquebarica), কপৌ গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ থলুৱা চৰাইৰ প্ৰজাতি।

বিৱৰণ

হাৰুৱা কপৌৰ দেহটো শকত, নেজ চুটি। মতা কপৌৰ ঠোঁট ক'লা, মূৰ মুগা বৰণৰ আৰু ডিঙিৰ পিছফালে কলাৰৰ দৰে এটা গাঢ় আঁচ থাকে। মাইকী হাৰুৱা কপৌৰ ৰঙ পাতল মটীয়া (dull brown) ধৰণৰ হয়।১

বিতৰণ

হাৰুৱা কপৌ ঘাইকৈ ভাৰত উপমহাদেশ, টাইৱান আৰু ফিলিপাইন আদিত বিস্তৃত হৈ আছে।১

টেক্স'নমি

বৰ্তমানলৈকে হাৰুৱা কপৌৰ দুবিধ উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে-২

বসতিস্থান

হাৰুৱা কপৌ সাধাৰণতে সাগৰ পৃষ্ঠৰ পৰা কম উচ্চতাৰ বনাঞ্চল, খেতি-পথাৰ আৰু মানুহৰ বসতিস্থানৰ ওচৰে পাজৰে দেখা যায়১।

খাদ্য

হাৰুৱা কপৌৱে ঘাইকৈ বিভিন্ন গুটি খাই জীয়াই থাকে।১

প্ৰজনন

এপ্ৰিলৰ পৰা জুলাই মাহৰ ভিতৰত হাৰুৱা কপৌৰ প্ৰজনন হয়। ইহঁতে গছৰ ডালত বাহ সাজে। এবাৰত সাধাৰণতে দুটাকৈ পোৱালি হয়।১

তথ্যসূত্ৰ

  1. ↑ Red Turtle Doves or Red Collared Doves. Avianweb.com
  2. ↑ Red Turtle-Dove (Streptopelia tranquebarica) | the Internet Bird Collection. Ibc.lynxeds.com

সম্পৰ্কিত শ্ৰেণী

পাৰঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাৰুৱা কপৌ” প্ৰবন্ধৰ সংশোধন ৬০৪৫৮৮ (৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।