পাচলি
১৭ প্ৰবন্ধ
-
জলকীয়া
জলকীয়া গুল্মজাতীয় গছত ধৰা জ্বলাগুণ থকা এক প্ৰকাৰৰ পাচলি, যি বিশ্বজুৰি খাদ্যত মছলা আৰু কিছুমান পৰম্পৰাগত ঔষধি ব্যৱহাৰত প্ৰচলিত। কলম্বিয়ান এক্সচেঞ্জৰ পাছত ইয়াৰ বহু জাত বিভিন্ন ভূখণ্ডলৈ বিস্তাৰ লাভ কৰে, আৰু ভাৰতত ১৬শ শতিকাৰ পৰা ইয়াৰ প্ৰচলন দেখা যায়।
-
তিতা কেৰেলা
তিতা কেৰেলা (Balsam pear, alligator pear, bitter gourd, bitter melon, bitter cucumber, বৈজ্ঞানিক নাম: Momordica charantia) এবিধ লতাজাতীয় উদ্ভিদ। ইয়াৰ গোত্ৰ হ’ল— Cucurbitaceae। আৰোহী লতা জাতীয় এইবিধ গছ প্ৰায় আধাবৰ্ষ কাল জীয়াই থাকে। ইয়াৰ গা-গছ সূতাৰ দৰে।
-
পিঁয়াজ
পিঁয়াজ (Onion ) বৈজ্ঞানিক নাম - Alliun cepa ৷ পিঁয়াজ ভোগ বৃদ্ধিকাৰ্যত,শক্তিবৰ্ধক আৰু বিভিন্ন ৰোগৰ প্ৰতিৰোধক হিচাপে কাম কৰে৷
-
আলু (পাচলি)
আলু (ইংৰাজী: Potato) এবিধ আমেৰিকাৰ স্থানীয় স্বেতসাৰ যুক্ত মাটিৰ তলত হোৱা পাচলি৷ বিশ্বৰ বহু ঠাইত প্ৰধান খাদ্য হিচাপে আলু খোৱা হয়। আলুৰ বৈজ্ঞানিক নাম Solanum tuberosum। মাটিৰ তলত গছৰ শিপাত ইয়াৰ উৎপাদন হয়। আলুৰ খেতি কৰি বহুলভাৱে ইয়াৰ উৎপাদন কৰা হয় কাৰণ আলুৰ চাহিদা অতি বেছি।
-
ঔ টেঙা
ঔ টেঙা (বৈজ্ঞানিক নাম:Dillenia indica, ইংৰাজী: Elephant Apple)) অসমৰ স্থানীয় উদ্ভিদ। ই দক্ষিণ-পূব এছিয়াৰ পৰা ভাৰত, বাংলাদেশ, শ্ৰী লংকাৰ লগতে দক্ষিণ পশ্চিম চীন, ভিয়েটনাম, থাইলেণ্ড, মালয়ছিয়া পৰ্যন্ত বিস্তৃত হৈ আছে। ঔ টেঙা অসমীয়া জনজীৱনৰ লগত ওতপ্ৰোত ভাৱে জড়িত।
-
চাল কোমোৰা
চাল কোমোৰা (ইংৰাজী: White gourd; বৈজ্ঞানিক নাম: Benincasa cerifera; ৰাভা: মেৰাও; কাৰবি: পাৰক বংহম; বড়ো: খুমব্ৰা; টাই-আহোম: ফাক-পাক) ফাক-পাক এবিধ লতা জাতীয় উদ্ভিদ। এই উদ্ভিদ অসমত পাচলি হিচাপে খোৱা হয়।
-
চজিনা
চজিনা (Moringa oleifera Lam ) প্ৰায় ২৫/৩০ ফুট ওখ চনকা ডালৰ এজোপা গছ ৷ ইয়াৰ পাতবোৰ অধোমুখী আৰু ডিম্বাকাৰ ৷ শীতকালত পাত সৰি লঠঙা হয় আৰু বসন্তৰ আগমনৰ লগে লগে ফুলৰ লগতে পাতো ওলাবলৈ ধৰে। ইয়াৰ ফল (ছেঁই)বোৰ বৰ পুষ্টিকৰ ব্যঞ্জন আৰু সুস্বাদু।
-
কচু
কচু এবিধ কাণ্ড জাতীয় উদ্ভিদ। মানুহে খেতি কৰা প্ৰাচীন উদ্ভিদসমূহৰ ভিতৰত কচু অন্যতম। ভাৰত আৰু বাংলাদেশৰ প্ৰায় সকলো অঞ্চলতে কম-বেছি পৰিমাণে কচু দেখিবলৈ পোৱা যায়। ৰাস্তাৰ কাষত, ঘৰৰ চুকে-কোণে, বিভিন্ন পতিত মাটিত অনাদৰ-অৱহেলাত প্ৰায়ে কচু গজি উঠা দেখা যায়। কচু গছৰ বহু প্ৰজাতি আছে।
-
ওলকবি
ওলকবি (Kohlrabi; বৈজ্ঞানিক নাম: Brassica oleracea Gongylodes Group), হৈছে কবি গোত্ৰৰ ভিতৰত অন্যতম এবিধ দ্বিবৰ্ষীয় পাচলি। ওলকবিৰ একে প্ৰজাতিৰ পাচলি হ'ল বন্ধাকবি, ফুলকবি, ব্ৰকলি আদি।
-
জাতি লাউ
জাতি লাউ বা পানী লাউ এবিধ লতা জাতীয় উদ্ভিদ। ইয়াৰ ফল পাচলি হিচাপে খোৱা হয়।
-
ফুলকবি
ফুলকবি (ইংৰাজী: Cauliflower; বৈজ্ঞানিক নাম: Brassica oleracea var. botrytis) হৈছে ব্ৰাচিকাচেয়া বা সৰিয়হ তথা কবি গোত্ৰৰ অন্তৰ্গত Brassica oleracea প্ৰজাতিৰ এবিধ পাচলি।
-
কাঠ আলু
কাঠ আলু (বৈজ্ঞানিক নাম Dioscorea bulbifera) হল ডাইয়োস্কোৰিয়াছী (Dioscoreaceae) পৰিয়ালৰ এবিধ লতাজাতীয় বহুবৰ্ষী উদ্ভিদ। ইয়াক সংস্কৃত ভাষাত ৱৰাহী, মালায়ালামত কাচিল আৰু মাৰাঠীত দুক্কৰ কান্দ বুলিও জনা জায়।
-
ভাত কেৰেলা
ভাত কেৰেলা হৈছে এবিধ একবৰ্ষী, আৰোহী লতা। ইয়াৰ বৈজ্ঞানিক নাম— Momordica dioica। ইংৰাজীত ইয়াক স্পাইনি গাৰ্ড (spiny gourd), স্পাইন গাৰ্ড (spine gourd), টিজল গাৰ্ড (teasle gourd) আৰু ব্ৰিষ্টলি বালছাম পিয়েৰ (bristly balsam pear) বুলি জনা যায়।
-
ওলকচু
ওলকচু (Elephant foot yam or Elephant yam, বৈজ্ঞানিক নাম = Amorphophallus spp.) ( পৰিয়াল, Equisetopsida গোত্ৰ, Araceae) গোটেই বিশ্বত ওলকচুৰ ১৭৬ টাতকৈ বেছি প্ৰজাতি পোৱা যায়।
-
জিকা
জিকা (Luffa acutangula) হৈছে এবিধ লতা জাতীয় উদ্ভিদ আৰু ইয়াৰ ফল। ইয়াৰ বিভিন্ন প্ৰজাতি উপলব্ধ। ব্যৱসায়িকভাৱে ইয়াৰ শিৰা যুক্ত মঙহাল ফলৰ বাবে ইয়াক পাচলি হিচাপে খেতি কৰা হয়। প্ৰাপ্তবয়স্ক ফলবোৰৰ জিমটো প্ৰাকৃতিক চাফাই স্পঞ্জ হিচাপে ব্যৱহাৰ কৰা হয়।
-
এদায়ুৰ জলকীয়া
এদায়ুৰ জলকীয়া (ইংৰাজী: Edayur chilli) হৈছে মূলতঃ ভাৰতৰ কেৰালা ৰাজ্যত খেতি কৰা এক প্ৰকাৰৰ জলকীয়া। এদায়ুৰ জলকীয়া এবিধ স্থানীয় জাত, যাৰ খেতি প্ৰধানকৈ কেৰালাৰ মালাপ্পুৰম জিলাৰ কিছুমান নিৰ্দিষ্ট অঞ্চলত কৰা হয়।
-
মেৱা
মেৱা, মেওৱা, লতা কোমোৰা বা লতা বেল (ইংৰাজী: Passiflora quadrangularis / badea / giant granadilla / giant tumbo) এবিধ লতাজাতীয় উদ্ভিদ, যি দেখাত কোমোৰাৰ দৰে, কিন্তু কোমোৰাতকৈ কিছু সৰু আৰু ইয়াক আঞ্জা হিচাপে বা ভাজি খোৱা হয়। ই পেচিফ্ল'ৰা প্ৰজাতিৰ ভিতৰত আটাইতকৈ ডাঙৰ ফল উৎপাদন কৰে।