অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য
২৫ প্ৰবন্ধ
-
হোলোঙাপাৰ গিবন অভয়াৰণ্য
হোলোঙাপাৰ গিবন অভয়াৰণ্য (পূৰ্বে Hollongapar Reserved Forest বা হোলোঙাপাৰ সংৰক্ষিত বনাঞ্চল) হৈছে ভাৰতৰ অসমত অৱস্থিত চিৰসেউজ অৰণ্যৰ এক সংৰক্ষিত অঞ্চল। ১৯৯৭ চনত ইয়াক চৰকাৰীভাৱে অভয়াৰণ্যৰ মৰ্যাদা দিয়া হয়। ১৮৮১ চনত প্ৰতিষ্ঠিত এই বনাঞ্চলৰ সীমা পাটকাই পৰ্বতৰ পাদদেশলৈকে বিস্তৃত আছিল।
-
পবিতৰা অভয়াৰণ্য
পবিতৰা অভয়াৰণ্য বা পবিতৰা (Pobitora Wildlife Sanctuary) অসমৰ পৰ্যটন স্থল সমূহৰ ভিতৰত এখন উল্লেখযোগ্য স্থান। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণপাৰে, মৰিগাঁও জিলাৰ মায়ং মৌজাত এই অভয়াৰণ্য অৱস্থিত। পৃথিৱীৰ বিখ্যাত এশিঙীয়া গঁড়ৰ বাবে এই স্থান পৰ্যটকৰ বাবে আকৰ্ষণৰ কাৰণ।
-
লাওখোৱা অভয়াৰণ্য
লাওখোৱা অভয়াৰণ্য (Laokhowa Wildlife Sanctuary) অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণপাৰে নগাঁও জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই এশিঙীয়া গঁড় তথা বনৰীয়া ম'হৰ বাবে এক উত্তম বাসস্থান বুলি পৰিগণিত হৈছে। ই লাওখোৱা-বুঢ়াচাপৰি পৰিস্থিতি তন্ত্ৰৰ অন্তৰ্গত।
-
গৰমপানী অভয়াৰণ্য
গৰমপানী অভয়াৰণ্য (Garampani Wildlife Sanctuary) হৈছে অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত এখন অভয়াৰণ্য। ইয়াৰ মুঠ মাটিকালি হৈছে 6.05 বৰ্গ কি.মি.। গোলাঘাটৰ পৰা ইয়ালৈ দূৰত্ব প্ৰায় 25 কি.মি.। এই অভয়াৰণ্যত বহুতো গৰমপানীৰ উঁহ আৰু জলপ্ৰপাত আছে। ইয়াত হলৌ বান্দৰ আৰু সোণালী বান্দৰ পোৱা যায়।
-
সোণাই-ৰূপাই অভয়াৰণ্য
সোণাই-ৰূপাই অভয়াৰণ্য ( Sonai Rupai Wildlife Sanctuary ) অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। অসমৰ ৰাজ্যিক চৰাই দেওহাঁহৰ ই এক উল্লেখযোগ্য বাসস্থান। জৈৱবৈচিত্ৰ্যৰ লগতে এই অভয়াৰণ্যৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম।
-
চক্ৰশিলা অভয়াৰণ্য
চক্ৰশিলা অভয়াৰণ্য (Chakrashila Wildlife Sanctuary) অসমৰ ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ অন্তৰ্গত অভয়াৰণ্য। এই অভয়াৰণ্যখন সোণালী বান্দৰৰ বাবে প্ৰখ্যাত ই ভাৰতৰ সোণালী বান্দৰৰ দ্বিতীয় সংৰক্ষিত বাসস্থান।
-
নামবৰ অভয়াৰণ্য
নামবৰ অভয়াৰণ্য (Nambor Wildlife Sanctuary) অসমৰ গোলাঘাটআৰু কাৰ্বি আংলং জিলাত অৱস্থিত এটা সংৰক্ষিত অঞ্চল। ৩৭ বৰ্গ কিঃমিঃ জুৰি থকা এই অঞ্চলটো ২০০০ চনৰ ২৭ জুলাইত অভয়াৰণ্য ঘোষণা কৰা হয়। ইয়াৰ পৰা গোলাঘাট নগৰৰ দূৰত্ব ২৫ কিঃমিঃ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দূৰত্ব ৬৫ কিঃমিঃ।
-
বৰনদী অভয়াৰণ্য
বৰনদী অভয়াৰণ্য (Bornadi Wildlife Sanctuary) হিমালয়ৰ পাদদেশত আৰু ভূটানৰ সীমান্তত ওদালগুৰি জিলা আৰু বাক্সা জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ইয়াৰ পশ্চিম সীমান্তইদি বৈ যোৱা বৰনদী নৈৰ নামেৰে এই অভয়াৰণ্যৰ নামকৰণ কৰা হৈছে।
-
অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকা
{| | ক্ৰমিক নং || চিত্ৰ || ৰাষ্ট্ৰীয় উদ্যান || অৱস্থিতি || মাটিকালি (বৰ্গ কিঃমিঃ) || প্ৰাপ্য জীৱ-জন্তু/ আন আকৰ্ষণ |- | ১ || || কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান || গোলাঘাট জিলা, নগাঁও || ১০৯০ বৰ্গ কিঃমিঃ || গঁড়, বাঘ, বনৰীয়া ম'হ, হলৌ বান্দৰ, হাতী, বৰা, শিহু |- | ২ || || ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ||…
-
পানী দিহিং অভয়াৰণ্য
পানী দিহিং অভয়াৰণ্য (Pani Dihing Wildlife Sanctuary ) অসমৰ শিৱসাগৰ জিলাত বহ্মপুত্ৰ নদৰ দক্ষিণে অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই শিৱসাগৰ চহৰৰ পৰা ২২ কিলোমিটাৰ দুৰত্বত অৱস্থিত।
-
বৰাইল অভয়াৰণ্য
বৰাইল অভয়াৰণ্য (Borail Wildlife Sanctuary) অসমৰ কাছাৰ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই মূলত কাছাৰ জিলাৰ দুখন সংৰক্ষিত বনাঞ্চল ক্ৰমে উত্তৰ কাছাৰ সংৰক্ষিত বনাঞ্চল আৰু বৰাইল সংৰক্ষিত বনাঞ্চল লগ হৈ গঠিত হৈছে।
-
ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্য
ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্য (Bherjan-Borajan-Padumoni Wildlife Sanctuary ) অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য৷ ই প্ৰায় ৭.২২ বৰ্গকিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে৷
-
আমচোং অভয়াৰণ্য
আমচোং অভয়াৰণ্য (Amchang Wildlife Sanctuary) অসমৰ কামৰূপ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। আমচোং নামটোৰ উৎপত্তি অভয়াৰণ্যৰ মাজতে থকা কাৰ্বি গাঁও আমচেং (বৰ্তমান আমচিং) গাঁওখনৰ নামৰ আধাৰত নামকৰণ কৰা হৈছে৷ ই পূব-কামৰূপ বনবিভাগৰ অন্তৰ্গত।
-
নামবৰ-দৈগ্ৰুং অভয়াৰণ্য
নামবৰ-দৈগ্ৰুং অভয়াৰণ্য (Nambor - Doigrung Wildlife Sanctuary) অসমৰ গোলাঘাট জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য৷ ই গৰমপানী অভয়াৰণ্য তথা নামবৰ অভয়াৰণ্যৰ লগত ২০০৩ চনৰ ১৭ এপ্ৰিলত স্বীকৃতিপ্ৰাপ্ত কাজিৰঙা-কাৰ্বি আংলং হস্তী প্ৰকল্পৰ অন্তৰ্ভুক্ত৷
-
পূব কাৰ্বি আংলং অভয়াৰণ্য
পূব কাৰ্বি আংলং অভয়াৰণ্য (East Karbi Anglong Wildlife Sanctuary) অসমৰ কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ অন্তৰ্গত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই কাৰ্বি আংলং-কাজিৰঙা লেণ্ডস্কেপৰ এটা উল্লেখযোগ্য অংশ।
-
বুঢ়া চাপৰি অভয়াৰণ্য
বুঢ়া চাপৰি অভয়াৰণ্য (Bura Chapori Wildlife Sanctuary) অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। এই অভয়াৰণ্য লাওখোৱা-বুঢ়া চাপৰি পৰিস্থিতিতন্ত্ৰৰ অন্তৰ্ভুক্ত।
-
মাৰাট লংৰি অভয়াৰণ্য
মাৰাট লংৰি অভয়াৰণ্য (Marat Longri Wildlife Sanctuary) অসমৰ কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ অন্তৰ্গত। ধনশিৰি-লাংডিং হস্তী প্ৰকল্পৰ ই এক উল্লেখযোগ্য অংশ। ডিফুৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগত অৱস্থিত মৰাট লংৰি বন্যপ্ৰাণী অভয়াৰণ্য প্ৰায় ৪৫১ বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত।
-
উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য
উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য ( North Karbi Anglong Wildlife Sanctuaries ) অসমৰ কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ অন্তৰ্গত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে অৱস্থিত আৰু সেয়ে জীৱ-জন্তুৰ পৰিভ্ৰমণৰ দিশৰ পৰা ইয়াৰ গুৰুত্ব অপৰিসীম।
-
উল্টাপানী সংৰক্ষিত বনাঞ্চল
উল্টাপানী সংৰক্ষিত বনাঞ্চল অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত এখন সংৰক্ষিত বনাঞ্চল॥ ই মানস জৈৱমণ্ডল সংৰক্ষিত অঞ্চলৰ হলটুগাওঁ বন বিভাগৰ অধীনত। এই সংৰক্ষিত অঞ্চল চিৰাং সংৰক্ষিত বনাঞ্চলৰ এটা অংশ। বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু বন্যপ্ৰাণীৰ লগতে এই বনাঞ্চল 'পখিলা অঞ্চল' হিচাপে বিখ্যাত।
-
কাকৈজানা সংৰক্ষিত বনাঞ্চল
কাকৈজানা সংৰক্ষিত বনাঞ্চল অসমৰ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ কাষত অৱস্থিত এখন সংৰক্ষিত বনাঞ্চল। এই বনাঞ্চল লুপ্তপ্ৰায় সোণালী বান্দৰৰ বাবে বিখ্যাত। বনাঞ্চল খনৰ মাটিকালি ১৭.২৪ বৰ্গ কিঃমিঃ।
-
গড়ভঙা সংৰক্ষিত বনাঞ্চল
গড়ভঙা সংৰক্ষিত বনাঞ্চল ( Garbhanga forest reserve; পূৰ্বতে গড়ভঙা আৰু ৰাণী সংৰক্ষিত বনাঞ্চল) গুৱাহাটী চহৰৰ দক্ষিণ-পশ্চিম দিশৰ এখন সংৰক্ষিত বনাঞ্চল, ভাৰতৰ অসম-মেঘালয় সীমান্তত অৱস্থিত। এই বনাঞ্চলখনেই হৈছে গুৱাহাটী চহৰৰ সমীপৱৰ্তী নগৰীয়া বন্যপ্ৰাণীৰ মূল স্থান আৰু জলাশয় এলেকা।
-
পবা বৰ্ষাৰণ্য
ধেমাজি জিলাৰ সীমান্তৱৰ্তী জোনাই মহকুমা সদৰৰ পূব দিশে অসম-অৰুণাচল প্ৰদেশৰ সীমান্ত তথা চিয়াং-ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চল। পবা বনাঞ্চলৰ সমীপৰ ঐৰামঘাটৰ সমীপত চিয়াং আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থল। তাহানিতে ধেমাজি জিলাখনো সেউজবুলীয়া বনভূমি আৰু বন্য জীৱ-জন্তুৰে ভৰপূৰ আছিল।
-
পাভৈ অভয়াৰণ্য
পাভৈ অভয়াৰণ্য লক্ষীমপুৰ জিলাত অবস্থিত এখন অভয়াৰণ্য। ইয়াৰ মাটিকালি ৪৯ বৰ্গ কি.মি.। ই ঘাঁহনি, দলনি, পিতনি, বেতনি আৰু মিশ্ৰ চিৰসেউজ অৰণ্যশ্ৰেণীৰ দ্বাৰা গঠিত। বনৰীয়া ম'হ, হলৌ বান্দৰ আৰু হাতীৰ বাবে এই অভয়াৰণ্য বিখ্যাত।
-
বিহালী অভয়াৰণ্য
বিহালী অভয়াৰণ্য (Behali Wildlife Sanctuary) অসমৰ বিশ্বনাথ জিলাত অৱস্থিত এখন অভয়াৰণ্য৷ পূব হিমালয়ৰ পাদদেশৰ অৰ্ধ চিৰসেউজ অৰণ্যখন পূৰ্বতে সংৰক্ষিত বনাঞ্চল আছিল। ২০২২ চনৰ ৪ মে’ত অসম ৰাজপত্ৰত অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে বিহালী সংৰক্ষিত বনাঞ্চলখনক অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।
-
লামডিং সংৰক্ষিত বনাঞ্চল
লামডিং সংৰক্ষিত বনাঞ্চল অসমৰ নগাওঁ জিলাত অৱস্থিত এখন সংৰক্ষিত অৰণ্য৷ এই অৰণ্য দক্ষিণ নগাওঁ বন সংমণ্ডলৰ অন্তৰ্গত৷ ২০০৩ চনত এই অৰণ্যক ’ধনশিৰি-লামডিং এলিফেন্ট ৰিজাৰ্ভ’ নামেৰে হস্তীপ্ৰকল্পৰ অন্তৰ্ভুক্ত কৰা হৈছে৷