সৰীসৃপ
২০ প্ৰবন্ধ
-
সৰীসৃপ
সৰীসৃপ (Reptilia) বোৰ প্ৰথম প্ৰকৃত স্থলচৰ প্ৰাণী৷ আধুনিক মতবাদ অনুসৰি কাৰ্ব'নিফেৰাছ যুগত উদ্ভৱ হোৱা ছিম'ৰিয়া(seymoria) জাতীয় প্ৰাণীবোৰ সৰীসৃপবোৰৰ প্ৰথম আৰু প্ৰকৃত পূৰ্বপুৰুষ৷ পাৰমিয়ান(permian) যুগত কটিল'ছৰিয়া প্ৰাণীবোৰৰপৰা বিভিন্ন ধৰণৰ সৰীসৃপৰ উদ্ভৱ হয় আৰু পিছত মেছ'যইক(mesozoic) যুগত বিকাশ লাভ…
-
কাছ
কাছ এবিধ সৰীসৃপ প্ৰাণী। ইহঁতে পানী আৰু মাটি উভয়ত বাস কৰে। ইয়াৰ শৰীৰৰ উপৰিভাগ কঠিন খোলাৰে আবৃত থাকে যি ইহঁতৰ শৰীৰক বিভিন্ন পৰিস্থিতিত ৰক্ষা কৰে। কাছ পৃথিৱীৰ প্ৰাচীনতম প্ৰাণীবোৰৰ ভিতৰত অন্যতম। বৰ্তমানে কাছৰ প্ৰায় ৩০০ প্ৰজাতি পৃথিৱীত পোৱা যায়, তাৰে কিছুমান প্ৰজাতি বিলুপ্তিৰ পথত।
-
গুঁই
গুঁই (Bengal monitor বা Indian monitor; বৈজ্ঞানিক নামঃ Varanus bengalensis) হ'ল ভাৰানাছ গণৰ অন্তৰ্ভুক্ত এক প্ৰজাতিৰ গুঁই। এই প্ৰজাতিটো বাংলাদেশ আৰু ভাৰতকে ধৰি দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ কেইবাখনো দেশত ব্যাপকভাৱে বিস্তৃত। ইহঁত মূলতঃ স্থলচৰ। সাধাৰণতে মাইকীতকৈ মতাবোৰ ডাঙৰ হয়।
-
ঘঁৰিয়াল
ঘঁৰিয়াল (Gharial; বৈজ্ঞানিক নামঃ Gavialis gangeticus) হ'ল মিঠা পানীৰ এবিধ বিৰল প্ৰজাতিৰ ক্ৰোকোডাইলিয়া বৰ্গৰ সৰীসৃপ। ই দীঘল তুণ্ডযুক্ত জলচৰ। ভাৰত, বাংলাদেশ, নেপাল, পাকিস্তান, ম্যানমাৰ, ভূটানত ইহঁতক পোৱা যায়।
-
জেঠী
জেঠী (হেমিডাইক্টালাছ, ইং: Hemidactylus সাধাৰণ নাম- house geckos) হ'ল গেক' পৰিয়ালৰ অন্তৰ্গত এটা গণ। ইহঁতৰ প্ৰায় ৯০ বিধ প্ৰজাতি আছে। পৃথিৱীৰ অধিকাংশ অঞ্চলতে ইহঁতক দেখা পোৱা যায়। সাধাৰণতে জেঠীবোৰ মানুহৰ আৱাস স্থলৰ আশে-পাশে পোৱা যায়।
-
ডাইন’চৰ
ডাইন’চৰ বা (भीमसरट, ) হৈছে প্ৰায় ২৩১.৪ নিযুত বছৰ আগতে ট্ৰায়াছিক যুগত পৃথিৱীত থকা Dinosauria গোত্ৰৰ কিছুমান জীৱ। এই স্থলজ মেৰুদণ্ডীবোৰে জুৰাছিক যুগৰ আৰম্ভণিৰ পৰা (প্ৰায় ২০০ নিযুত বছৰ আগতে) ক্ৰিটাচিয়াছ যুগৰ সামৰণিলৈকে (৬৬ নিযুত বছৰ আগতে) প্ৰায় ১৩৫ নিযুত বছৰ কাল পৃথিৱীত আধিপত্য বিস্তাৰ কৰিছিল।
-
ৰাছেলচ্ ভাইপাৰ
ৰাছেলচ্ ভাইপাৰ (বৈজ্ঞানিক নাম: Daboia russelii) দক্ষিণ এছিয়াৰ স্থানীয় ভাইপাৰিডি (Viperidae) পৰিয়ালৰ এবিধ অতি বিষধৰ সাপ। ১৭৯৭ চনত জৰ্জ শ্ব’ আৰু ফ্ৰেডেৰিক পলিডৰ ন’ডাৰে ইয়াৰ বৰ্ণনা কৰিছিল।
-
ইন্দিৰাণা চিৰাবাসী
ইন্দিৰাণা চিৰাবাসী (Indirana chiravasi; সাধাৰণ নাম: আম্বলি জপিওঁৱা ভেকুলী) ভাৰতৰ পশ্চিম ঘাটত পোৱা এবিধ স্থানীয় প্ৰজাতিৰ ভেকুলী। ইয়াক কেৱল ইয়াৰ মহাৰাষ্ট্ৰৰ আম্বলিৰ পাহাৰীয়া ষ্টেচনৰ কাষৰ লেটাৰাইট মালভূমিৰ স্থানীয়তাৰ পৰাহে জনা যায়।
-
ইন্দিৰাণা বেডোমি
ইন্দিৰাণা বেডোমি (Indirana beddomii) বা বেডোমৰ জপিওঁৱা ভেকুলী বা বেডোমৰ ভাৰতীয় ভেকুলী বা কেৱল বেডোমৰ ভেকুলী পশ্চিম ঘাটত পোৱা এবিধ প্ৰজাতিৰ ভেকুলী। সাধাৰণতে ইহঁতে অসুবিধা পালে মাটিৰ পৰা ওলাই যোৱাৰ সময়ত ইহঁতক দীঘলীয়া জাঁপবোৰৰ দ্বাৰা চিনাক্ত কৰিব পৰা যায়৷ প্ৰকৃতিবিদ ৰিচাৰ্ড হেনৰী বেডোমৰ নামেৰে এই…
-
বাংলা দুৰা
বাংলা দুৰা (Indian eyed turtle বা Bengal eyed turtle; বৈজ্ঞানিক নাম - Morenia petersi) জিঅ’ইমিডিডে পৰিয়ালৰ এবিধ কাছ৷
-
হালধীয়া কাছ
হালধীয়া কাছ (Elongated tortoise বা Yellow tortoise, বৈজ্ঞানিক নাম - Indotestudo elongata) দক্ষিণ-পূব এছিয়া আৰু দক্ষিণ এছিয়াৰ কিছু অংশত পোৱা এবিধ কাছ।
-
অসমী দুৰা কাছ
অসমী দুৰা কাছ বা ছিলেটী দুৰা কাছ হʼল জিঅ’ইমিডিডে (Geoemydidae) পৰিয়ালৰ অন্তৰ্গত এবিধ কাছ প্ৰজাতি। ভাৰত (অসম) আৰু পূব বাংলাদেশৰ কিছু অংশত ব্ৰহ্মপুত্ৰ-মেঘনা জলনিৰ্গমনস্থলীত এইবিধ কাছ পোৱা যায়। পূৰ্বতে ইয়াক বটাগুৰ (Batagur) গণ আৰু বিলুপ্ত হৈ যোৱা কচুগা (Kachuga) গণত স্থান দিয়া হৈছিল।
-
ইণ্ডোচিলভিৰানা ইণ্ডিকা
ইণ্ডোচিলভিৰানা ইণ্ডিকা (Indosylvirana indica)(Indosylvirana indica) বা ভাৰতীয় সোণালী পিঠিয়া ভেকুলী হ'ল ৰানিডে পৰিয়ালৰ এবিধ ভেকুলী৷ পূৰ্বতে ইয়াক ইণ্ডোচিলভাইৰানা টেম্প'ৰেলিছৰ সৈতে একে বুলি গণ্য কৰা হৈছিল যদিও ২০১৪ চনৰ এক অধ্যয়নত ইয়াক এটা সুকীয়া প্ৰজাতি হিচাপে চিনাক্ত কৰা হৈছিল।
-
ইন্দিৰাণা
ইন্দিৰাণা (Indirana) হৈছে ৰানিক্সালিডে পৰিয়ালৰ এটা ভেকুলী প্ৰজাতি। এই ভেকুলী প্ৰজাতিটো ভাৰতৰ পশ্চিম ঘাটৰ স্থানীয় প্ৰজাতি৷ ইহঁতক কেতিয়াবা ভাৰতীয় ভেকুলী বুলিও সাধাৰণ নামেৰে জনা যায়, আনহাতে ইহঁতৰ পৰিয়ালৰ সদস্যক "ডেও দিয়া ভেকুলী" বুলিও কোৱা হয়।
-
ইন্দিৰাণা ব্ৰাকিটাৰ্ছাছ
ইন্দিৰাণা ব্ৰাচিটাৰ্ছাছ (Indirana brachytarsus) হৈছে ভাৰতৰ পশ্চিম ঘাট (আনামালাই পাহাৰকে ধৰি)ত পোৱা এবিধ প্ৰজাতি ভেকুলী৷
-
এৰন বাউয়াৰৰ ঘৰ কেঁকোসাপ
এৰন বাউয়াৰৰ ঘৰ কেঁকোসাপ (Aaron Bauer's house gecko; বৈজ্ঞানিক নামঃ Hemidactylus aaronbaueri) হ'ল গেকোনিডাই (Gekkonidae) পৰিয়ালৰ এক প্ৰজাতিৰ জেঠী। ভাৰতৰ মহাৰাষ্ট্ৰৰ পশ্চিম ঘাটৰ ই এক স্থানীয় প্ৰজাতি।
-
টুৱাটেৰা
টুৱাটেৰা (মাওৰি, tuatara) নিউজিলেণ্ডৰ এবিধ নিজা-থলুৱা সৰীসৃপ। জেঠীজাত জীৱৰ দৰে দেখিলেও ইহঁত বেলেগ এটা গুৰি-গোষ্ঠীৰ, যিটো হ’ল ৰাইংক’চেফালিয়া বৰ্গ। ইহঁতৰ নামটো মাওৰি ভাষাৰ পৰা আহিছে যাৰ অৰ্থ "পিঠিত শৃংগ"। ২০ কোটি বছৰমান আগতে উন্নতি লাভ কৰা বৰ্গটোৰ এটাই টুৱাটেৰাৰ প্ৰজাতি বাচি আছে।
-
বাৰ্বাডোছ থ্ৰেডস্নেক
বাৰ্বাডোছ থ্ৰেডস্নেক (Barbados threadsnake; বৈজ্ঞানিক নাম - Tetracheilostoma carlae) বাৰ্বাডোছৰ এক স্থানীয় সাপৰ প্ৰজাতি, ইয়াক পৃথিৱীৰ অন্যতম সৰু সাপ বুলি ভবা হয়।
-
মাইক্ৰিক্সালাছ এড’নিছ
মাইক্ৰিক্সালাছ এড’নিছ (Micrixalus adonis) হৈছে মাইক্ৰিক্সালিডে পৰিয়ালৰ এটা নতুনকৈ বৰ্ণনা কৰা ভেকুলী প্ৰজাতি। ই দক্ষিণ ভাৰতৰ পশ্চিম ঘাটৰ স্থানীয় প্ৰজাতি, পালঘাট আৰু শ্বেনকোটাৰ মাজৰ অঞ্চলত ই সীমাৱদ্ধ।
-
সোণগুঁই
সোণগুঁই (Golden monitor বা Yellow monitor; বৈজ্ঞানিক নামঃ Varanus flavescens) বা হালধীয়া গুঁই হ'ল দক্ষিণ এছিয়াৰ স্থানীয় গুঁই৷