ভাৰতীয় উদ্ভিদ
১৭ প্ৰবন্ধ
-
আম
আম (Mango, বৈজ্ঞানিক নাম: Mangifera indica) হৈছে 'Mangifera' গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ ৰসাল ফলধৰা উদ্ভিদ। এই উদ্ভিদবিধ দক্ষিণ এছিয়াত স্থানীয়ভাৱে দেখা পোৱা যায়। আমে ভাৰতবৰ্ষ আৰু ফিলিপাইনছৰ ৰাষ্ট্ৰীয় ফল আৰু বাংলাদেশৰ ৰাষ্ট্ৰীয় বৃক্ষ (national tree) হিচাপে স্বীকৃতি পাইছে।
-
আঁহত
আঁহত (Sacred Fig, বৈজ্ঞানিক নাম: Ficus religiosa) হৈছে মোৰেচি পৰিয়ালৰ অন্তৰ্গত এবিধ ডিমৰু জাতীয় গছ। এই গছজোপাৰক অন্য বহুতো নাম যেনে বোধি (bodhi tree) পিপল (pippala, peepul, এই গছজোপাই ভাৰত উপমহাদেশত জন্ম হোৱা তিনিটা প্ৰধান ধৰ্ম বৌদ্ধধৰ্ম, হিন্দুধৰ্ম আৰু জৈনধৰ্মত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি…
-
আমলখি
আমলখি (Amla, বৈজ্ঞানিক নাম- Phyllanthus emblica) ‘Phyllanthaceae’ পৰিয়ালৰ অন্তৰ্ভুক্ত পৰ্ণপাতী উদ্ভিদৰ প্ৰজাতি। এই উদ্ভিদৰ পৰা পোৱা একে নামৰ ফলৰ বাবে ইয়াক জনা যায়। ভাৰতবৰ্ষৰ সকলো অঞ্চলতে ১৫০০ মিটাৰ উচ্চতা পৰ্যন্ত আমলখি গছ গজে। আমলখি ভিটামিন 'চি' সমৃদ্ধ।
-
অশোক ফুল
অশোক গছ এবিধ লেগুম (legume) অৰ্থাৎ মাহজাতীয় শস্য পৰিয়ালৰ Detarioideae উপপৰিয়ালৰ অন্তৰ্গত উদ্ভিদ। ভাৰতীয় উপমহাদেশ আৰু কাষৰীয়া অঞ্চলৰ সাংস্কৃতিক পৰম্পৰাত ই এক গুৰুত্বপূৰ্ণ গছ। ইয়াৰ বৈজ্ঞানিক নাম হৈছে ছাৰাকা অশোকা (Saraca asoca)। ইয়াক কেতিয়াবা ভুলকৈ Saraca indica বুলিও কোৱা হয়।
-
অৰ্জুন গছ
অৰ্জুন গছ (Terminalia arjuna) এবিধ চিৰসেউজ গছ। ই টাৰমিনালিয়া গণৰ এক সপুষ্পক উদ্ভিদ। অৰ্জুন গছৰ জীৱনকাল দীঘলীয়া। ইয়াৰ বৈজ্ঞানিক নাম টাৰমিনেলিয়া অৰ্জুন।
-
তগৰ
তগৰ (বৈজ্ঞানিক নাম: Gardenia jasminoides) অসমত খুবেই পৰিচিত এক ফুল। এই ফুলৰ মুল বাসস্থান হল এছিয়া। বহু বছৰ পূৰ্বৰ পৰায়ে চীন দেশত ইয়াৰ খেতি কৰা হয়। ১৮ শতিকাৰ পৰাহে এই ফুল ইংৰাজ সকলৰ বাগিচাত স্থান পায়। শুভ্ৰ ফুল আৰু উজ্জ্বল সেউজীয়া পাতেৰে ই এবিধ গুল্মজাতীয় উদ্ভিদ।
-
কদম
কদম (বৈজ্ঞানিক নাম: Neonauclea cadamba ) ভাৰতৰ ঘাইকৈ অসম, পশ্চিমবংগ, আন্দামান দ্বীপপুঞ্জ,আৰু বাংলাদেশৰ এক সাধাৰণ গছ। নীপ, বৃত্তপুষ্প, মেঘাগমপ্ৰিয়, কৰ্ণপূৰক, ভৃঙ্গবল্লভ, মঞ্জুকেশিনী, পুলকি, সৰ্ষপ, প্ৰাবৃষ্য, ললনাপ্ৰিয়, সুৰভি, সিন্ধুপুষ্প ইত্যাদি বিভিন্ন নামেৰে কদম জনাজাত।
-
কৃষ্ণচূড়া
কৃষ্ণচূড়া এক বৃক্ষ জাতীয় উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম Delonix regia। এই গছ চমৎকাৰ পত্ৰ-পল্লৱ আৰু জুইৰ দৰে ৰঙা কৃষ্ণচূড়া ফুলৰ বাবে প্ৰসিদ্ধ। ই Fabaceae পৰিয়ালৰ অন্তৰ্ভুক্ত।
-
সাঁচিগছ
সাঁচিগছ: (Aquilaria malaccensis) সৰু সৰু পাতেৰে এবিধ ওখ ডাঙৰ বনৰীয়া সুগন্ধিজাতীয় গছ। কাগজ ব্যৱহাৰ কৰাৰ আগতেই ইয়াৰ ছালৰপৰা পুথি লিখা পাত তৈয়াৰ কৰা হৈছিল। সাঁচি গছৰ ছালৰ পৰা প্ৰস্তুত কৰা পাতকে সাঁচিপাত বোলে। এই গছৰ পলস কাঠ যদিও কোমল, নিতিতিলে বহুকাল যায় আৰু তাক কেতিয়াও ঘুণে নধৰে।
-
উড়ল গছ
উড়ল গছ (বৈজ্ঞানিক নাম: Sterculia villosa) মালভেচিয়া (Malvaceae) পৰিয়ালৰ অন্তৰ্গত ষ্টাৰকুলিয়া (Sterculia) গণৰ এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি। ইংৰাজীত এই উদ্ভিদক হেয়াৰি ষ্টাৰকুলিয়া (hairy sterculia), এলিফেণ্ট ৰোপ ট্ৰি (elephant rope tree) বুলি কোৱা হয়।
-
কামিনী কাঞ্চন
কামিনী কাঞ্চন বা কামিনী কুসুম হৈছে দক্ষিণ এছিয়া, দক্ষিণপূৱ এছিয়া আৰু চীনৰ এবিধ থলুৱা ক্ৰান্তীয়, চীৰসেউজীয়া উদ্ভিদ। সৰু সৰু বগা সুগন্ধী ফুল ফুলা এই উদ্ভিদজোপা আলংকাৰিক উদ্ভিদ আৰু বেৰা (Hedge) দিয়া উদ্ভিদ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলবোৰ কমলাৰ পৰা ৰঙা ৰঙৰ হোৱা দেখা যায়।
-
নৰা বগৰী
নৰা বগৰী (plum, বৈজ্ঞানিক নাম: Prunus domestica) ৰোজাচিয়া পৰিয়ালৰ এবিধ পৰ্ণপাতী, সপুষ্পক উদ্ভিদ। একেই প্ৰুনাছ (Prunus) গণৰ আহোম বগৰী নামৰ এবিধ ফলো অসমত পোৱা যায়। গ্ৰীনগাগেছ (greengages) আৰু ডেমছনছ (damsons) নামৰ উদ্ভিদো নৰা বগৰীৰ উপপ্ৰজাতিৰ অন্তৰ্গত।
-
ভেদাই লতা
ভেদাই লতা, পাদুৰী লতা বা পাদ্ৰী লেৱা (বৈজ্ঞানিক নাম: Paederia foetida; কাছাৰ: মুকুন্দ লতা; গাৰো: পাছুম; কছাৰী: চা-খি-ফু; কুকি: ৱেই-নাম-ব্ৰাং; খাচিয়া: মেই-ইন্-টু) এবিধ গুল্মজাতীয় উদ্ভিদ। ইংৰাজীত এই লতাক ভিন্ন নাম যেনে 'skunkvine', 'stinkvine', বা 'Chinese fever vine' বুলি জনা যায়।
-
লাটুমণি লতা
লাটুমণি লতা (বৈজ্ঞানিক নাম: Abrus precatorius; আন নাম: Gunja, Jequirity, Crab's Eye, Rosary Pea, John Crow Bead, Precatory bean, Indian Licorice, Akar Saga, Giddee Giddee বা ত্ৰিনিদাদ আৰু টবেগ'ৰ Jumbie Bead) এজোপা পাতল, চিৰহৰিৎ লতা গছ। ই বৃক্ষ, জোপোহা আদি গছত বগায়।
-
ইচবগুল
ইচবগুল বা শিঙাবন (বৈজ্ঞানিক নাম: Plantago Ovata) ভূমধ্যসাগৰীয় অঞ্চলৰ স্থানীয়, মধ্য, পূব আৰু দক্ষিণ এছিয়া আৰু উত্তৰ আমেৰিকাৰ এবিধ গুল্ম জাতীয় উদ্ভিদ।
-
এৰিডেছ অ'ড'ৰাটা
এৰিডেছ অ'ড'ৰাটা (Aerides odorata) হৈছে অৰ্কিডৰ এবিধ প্ৰজাতি। দক্ষিণ-পূব এছিয়াৰ বহু অংশত ই ব্যাপকভাৱে বিস্তৃত হৈ আছে। চীনৰইউনান আৰু গুৱাংডং, হিমালয়, ভূটান, অসম, বাংলাদেশ, ভাৰত, নেপাল, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, ম্যানমাৰ, থাইলেণ্ড, লাওছ, কম্বোডিয়া আৰু ভিয়েটনামৰ নিম্নভূমিৰ অৰণ্যত এই অৰ্কিডবিধ…
-
কৰবী ফুল
কৰবী ফুল হৈছে কাছ্কাবেলা গণৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি। ই মেক্সিকো আৰু মধ্য আমেৰিকাৰ থলুৱা উদ্ভিদ। ই এবিধ বিষাক্ত উদ্ভিদ যদিও সমগ্ৰ বিশ্বতে আলংকাৰিক উদ্ভিদ হিচাপে ইয়াৰ খেতি কৰা হয়।