ফুল
৫১ প্ৰবন্ধ
-
ফুল
ফুল হৈছে সপুষ্পক উদ্ভিদৰ (এনজিঅ’স্পাৰ্ম) বিশেষ প্ৰজনন অংগ, য’ত পৰাগসঞ্চাৰ আৰু নিষেচনৰ জৰিয়তে বীজ আৰু ফল গঠনৰ পথ মুকলি হয়। জৈৱিক ভূমিকা লগতে ফুলে প্ৰাকৃতিক সৌন্দৰ্য, সংস্কৃতি, ধৰ্ম, ঔষধ আৰু খাদ্য-ব্যৱহাৰত গভীৰ প্ৰভাৱ পেলায়।
-
পদুম
পদুম (Nelumbo nucifera) জলজ উদ্ভিদ আৰু ভাৰতৰ ৰাষ্ট্ৰীয় ফুল, যি সৌন্দৰ্য্য, ধৰ্মীয় প্ৰতীকীতা আৰু ব্যৱহাৰিক মূল্যৰ বাবে বিশেষ গুৰুত্ব লাভ কৰিছে। উষ্ণ জলবায়ুৰ বহু ঠাইত, বিশেষকৈ জান-জুৰি, বিল আৰু পুখুৰীত ই স্বাভাৱিকভাৱে গজে, আৰু খাদ্য, ঔষধ, শিল্প-সংস্কৃতি তথা স্থাপত্যত ব্যাপকভাৱে উপস্থিত।
-
গোলাপ
গোলাপ এক প্ৰকাৰ সুপৰিচিত ফুল যি আধুনিক মানুহৰ বাবে সৌন্দৰ্যৰ প্ৰতীক আৰু ভালপোৱাৰ প্ৰতীক হিচাপে সমাদৃত। গোলাপক ফুলৰ ৰাণী বোলা হয়। Rosaceae পৰিয়ালৰ Rosa গণৰ এক প্ৰকাৰৰ গুল্ম জাতীয় গছত গোলাপ ফুল ফুলে। প্ৰায় ১০০ প্ৰজাতিৰ বিভিন্ন বৰ্ণৰ গোলাপ ফুল আছে।
-
কপৌ ফুল
কপৌ ফুল অসমৰ জাতীয় ফুল | কপৌ ফুল (Foxtail Orchid, বৈজ্ঞানিক নাম: Rhynchostylis retusa) হৈছে এবিধ ভান্দা গোটৰ আকৰ্ষক অৰ্কিড প্ৰজাতি। এই অৰ্কিডৰ ফুল বিলাক প্ৰায় এশতকৈয়ো অধিক বগা ৰঙৰ ওপৰত গুলপীয়া ফুট ফুট থকা ফুলৰ এক সমষ্টিৰ ৰূপত পোৱা যায়।
-
শেৱালি ফুল
শেৱালি ফুল হ’ল নিক্টান্থেস (Nyctanthes) ৰ অন্তৰ্গত এবিধ ফুল। ইয়াক দক্ষিণ এচিয়াৰ দক্ষিণ-পূৰ্ব থাইলেণ্ডৰ পৰা পশ্চিমে বাংলাদেশ, ভাৰত, উত্তৰে নেপাল, আৰু পূৱে পাকিস্তান পৰ্যন্ত দেখা পোৱা যায়। এই ফুল পশ্চিমবঙ্গৰ আৰু থাইলেণ্ডৰ কাঞ্চনাবুৰি প্ৰদেশৰ ৰাষ্ট্ৰীয় ফুল।
-
বেলি ফুল
বেলি ফুল হৈছে সপুষ্পক উদ্ভিদৰ এটা গণ। ইয়াৰ প্ৰায় ৭০ টা প্ৰজাতি আছে। দক্ষিণ আমেৰিকাৰ তিনিটা প্ৰজাতিৰ বাদে Helianthusৰ সকলো প্ৰজাতি উত্তৰ আমেৰিকাৰ থলুৱা উদ্ভিদ।
-
নাহৰ
নাহৰ (Ceylon ironwood বা Indian rose chestnut বা Cobra's saffron) (Mesua ferrea) হৈছে Calophyllaceae পৰিয়ালৰ অন্তৰ্গত একপ্ৰকাৰৰ চিৰসেউজ বৃক্ষ। ইয়াক হিন্দী, পঞ্জাবী আৰু সংস্কৃত ভাষাত নাগকেশৰ তথা মাৰাঠী ভাষাত নাগচাফা বোলা হয়। বাংলা ভাষাত নাগেশ্বৰ বুলি কোৱা হয়। নাহৰ হ'ল শ্ৰীলংকাৰ জাতীয় বৃক্ষ।
-
পলাশ
পলাশ মধ্যমীয়া আকাৰৰ পৰ্ণপাতি বৃক্ষ। সংস্কৃতত ইয়াক কিংচুক আৰু মণিপুৰী ভাষাত পাঙ গোঙ নামে পৰিচিত (Parrot tree, Bastard Teak)। পলাশ Fabaceae পৰিয়ালৰ সদস্য। পলাশ গছ ইয়াৰ ফুলৰ বাবেই সবাতোকৈ বেছি পৰিচিত।
-
অশোক ফুল
অশোক গছ এবিধ লেগুম (legume) অৰ্থাৎ মাহজাতীয় শস্য পৰিয়ালৰ Detarioideae উপপৰিয়ালৰ অন্তৰ্গত উদ্ভিদ। ভাৰতীয় উপমহাদেশ আৰু কাষৰীয়া অঞ্চলৰ সাংস্কৃতিক পৰম্পৰাত ই এক গুৰুত্বপূৰ্ণ গছ। ইয়াৰ বৈজ্ঞানিক নাম হৈছে ছাৰাকা অশোকা (Saraca asoca)। ইয়াক কেতিয়াবা ভুলকৈ Saraca indica বুলিও কোৱা হয়।
-
তগৰ
তগৰ (বৈজ্ঞানিক নাম: Gardenia jasminoides) অসমত খুবেই পৰিচিত এক ফুল। এই ফুলৰ মুল বাসস্থান হল এছিয়া। বহু বছৰ পূৰ্বৰ পৰায়ে চীন দেশত ইয়াৰ খেতি কৰা হয়। ১৮ শতিকাৰ পৰাহে এই ফুল ইংৰাজ সকলৰ বাগিচাত স্থান পায়। শুভ্ৰ ফুল আৰু উজ্জ্বল সেউজীয়া পাতেৰে ই এবিধ গুল্মজাতীয় উদ্ভিদ।
-
কদম
কদম (বৈজ্ঞানিক নাম: Neonauclea cadamba ) ভাৰতৰ ঘাইকৈ অসম, পশ্চিমবংগ, আন্দামান দ্বীপপুঞ্জ,আৰু বাংলাদেশৰ এক সাধাৰণ গছ। নীপ, বৃত্তপুষ্প, মেঘাগমপ্ৰিয়, কৰ্ণপূৰক, ভৃঙ্গবল্লভ, মঞ্জুকেশিনী, পুলকি, সৰ্ষপ, প্ৰাবৃষ্য, ললনাপ্ৰিয়, সুৰভি, সিন্ধুপুষ্প ইত্যাদি বিভিন্ন নামেৰে কদম জনাজাত।
-
তিতাফুল
তিতাফুল হৈছে এবিধ সপুষ্পক উদ্ভিদ। ইয়াৰ অন্য নাম বাহক (ৰঙা)। ওখ প্ৰায় ১০-১২ ফুট মান হয়। পাত ডাঙৰ আৰু আগবোৰ জোঙা, জানুৱাৰী-ফেব্ৰুৱাৰী মাহত ফুল ফুলে। ফুলৰ সোৱাদ তিতা।
-
সোণাৰু
সোণাৰু ভাৰত উপমহাদেশ আৰু দক্ষিণ পূব এছিয়াৰ স্থানীয় মাহজাতীয় আলংকাৰিক উদ্ভিদ। সোণাৰু পূবলৈ ভাৰতৰ পৰা ম্যানমাৰ আৰু থাইলেণ্ডলৈ আৰু দক্ষিণত শ্ৰীলংকাৰ পৰা দক্ষিণ পশ্চিমত পাকিস্তানলৈ পোৱা যায়। হালধীয়া সোণালী ফুলৰ বাবে সোণাৰু আলংকাৰিক গছ হিচাপে বিখ্যাত। ইয়াক আয়ুৰ্বেদিক ঔষধতো ব্যৱহাৰ কৰা হয়।
-
কৃষ্ণচূড়া
কৃষ্ণচূড়া এক বৃক্ষ জাতীয় উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম Delonix regia। এই গছ চমৎকাৰ পত্ৰ-পল্লৱ আৰু জুইৰ দৰে ৰঙা কৃষ্ণচূড়া ফুলৰ বাবে প্ৰসিদ্ধ। ই Fabaceae পৰিয়ালৰ অন্তৰ্ভুক্ত।
-
জবা
জবা হৈছে সপুষ্পক উদ্ভিদৰ মালভেছী পৰিয়ালৰ অন্তৰ্গত এটা গণৰ নাম। এই গণৰ কেইবাটাও প্ৰজাতিৰ গছ আছে। ইয়াৰ কেইবাটাও প্ৰজাটিৰ বাংলা নাম হৈছে ৰক্তজবা, জবা, ঝুমকা জবা, জবা কুসুম ইত্যাদি উল্লেখযোগ্য। হিন্দী ভাষাত ইয়াক গুড়হল বুলি কোৱা হয়। বৰ্তমান অনেক ধৰণৰ সংকৰ প্ৰজাতিৰ (হাইব্ৰীড) জবা ফুল পোৱা যায়।
-
নাৰ্জী
নাৰ্জী গৃহসজ্জাত ব্যৱহাৰ হোৱা এটি সুগন্ধী ফুল। এই ফুলৰ কৃষি প্ৰণালী একেবাৰেই সহজ। ভাৰত উপমহাদেশত অতীতৰে পৰা এই ফুলৰ খেতি আৰু বিভিন্ন কাৰ্য্যত ব্যৱহৃত হৈ আহিছে। নাৰ্জী Compositae গোত্ৰত অন্তৰ্ভুক্ত, বৈজ্ঞানিক নাম Tagetes erecta। । নাৰ্জী ফুল বিভিন্ন জাত আৰু ৰঙৰ হোৱা দেখা যায়।
-
বকুল
বকুল (বৈজ্ঞানিক নাম:Mimusops elengi) হৈছে মিনাছপ্স্ (Minasops) প্ৰজাতিৰ ই ফুল। এছিয়া আৰু প্ৰশান্ত মহাসাগৰ তীৰবৰ্তী এলেকাৰ ভাৰত, বাংলাদেশ, শ্ৰীলঙ্কা, বাৰ্মা, ইন্দো-চীন, থাইলেণ্ড, আন্দামান দ্বীপপুঞ্জ এলেকা জুৰি এই গছ দেখা পোৱা যায়।
-
কেতেকী ফুল
কেতেকী ফুল বা পাণ্ডানাছ অড'ৰিফাৰ হৈছে পেণ্ডানেছিয়া পৰিয়ালৰ এবিধ উদ্ভিদ। ই পলিনেছিয়া, অষ্ট্ৰেলিয়া, দক্ষিণ এছিয়া (আন্দামান দ্বীপপুঞ্জ), আৰু ফিলিপাইনছৰ থলুৱা উদ্ভিদ। ভাৰত আৰু বাৰ্মাতো ইয়াক বনৰীয়া হিচাপে পোৱা যায়। ইয়াক সুগন্ধি স্ক্ৰু-পাইন বুলিও জনা যায়।
-
খৰিকাজাঁই
খৰিকাজাঁই হৈছে Oleaceae পৰিয়ালৰ অন্তৰ্গত এবিধ লতা জাতীয় সপুষ্পক উদ্ভিদৰ প্ৰজাতি। ডাঠ হাবিত সাধাৰণতে পোৱা যায়। থোপা থোপাকৈ লাগে। ফুলবোৰৰ গোন্ধ তীব্ৰ আৰু বহু দুৰলৈ বিয়পি পৰে। বহাগৰ সময়ত ফুলে। ইংৰাজীত ইয়াক মালাবাৰ জেছমিন (Malabar jasmine) আৰু ৱাইল্ড জেছমিন (wild jasmine) বুলি কয়।
-
ভাটৌ ফুল
ভাটৌ ফুল হৈছে এক প্ৰজাতিৰ অৰ্কিড। দক্ষিণ-পূৱ এছিয়াত ইয়াৰ কেইবাটাও প্ৰকাৰভেদ পোৱা যায়। ইয়াক য়ুনান আৰু হিমালয়ৰ নিকতবৰ্তী অঞ্চলতো দেখা পোৱা যায়। ইয়াৰ এটা প্ৰকাৰ 'Andersonii'ৰ ভগ্নী প্ৰকাৰ Vanda 'Miss Joaquim' হৈছে চিংগাপুৰৰ ৰাষ্ট্ৰীয় ফুল।
-
মধুমালতী
মালতী বা মধুমালতী এবিধ লতাজাতীয় গছ। ই Combretaceae। পৰিয়ালৰ অন্তৰ্গত এটা প্ৰজাতি। লতা অতি খীণ, বহু বছৰ হলে শকত হয়। পাতৰ সাজোন বিপৰীত-মুখী। পাত আয়তকাৰ, ডিম্বাকৃতি আৰু আগ সৰু; কাষত পাতল ঢউ খেলোৱা।
-
সেউতী ফুল
সেউতী হৈছে গোলাপৰ এটা প্ৰজাতি। ইয়াক ইংৰাজীত মাস্ক ৰ’জ (musk rose), বুলি কয়। হিমালয়ৰ বনাঞ্চলত ইয়াৰ আদি প্ৰজাতি পোৱা গৈছিল বুলি অনুমান কৰা হয়। নেপালী ভাষাত ইয়াক কস্তুৰী গুলাব বুলি কোৱা হয়।
-
গুটিমালী ফুল
গুটিমালী (বৈজ্ঞানিক নাম: Jasminum multiflorum) জেছমিন গণৰ অন্তৰ্গত এক প্ৰকাৰৰ সুগন্ধী বগা ফুল। ইয়াক তেলুগুত "ছান্না জাজি মাল্লি" (సన్న జాజి మల్లి), বাংলাত কুন্দ আৰু সংস্কৃতত মেঘ মল্লিকা বোলে।
-
বগা বাহক
জাষ্টিকা আধাট’ডা, সাধাৰণতে অসমীয়াত বগা বাহক নামে জনাজাত এই চিৰসেউজীয়া আৰু জোপোহা সপুষ্পক উদ্ভিদজোপা হৈছে একপ্ৰকাৰৰ ঔষধীয় উদ্ভিদ। ই এছিয়াৰ এক থলুৱা উদ্ভিদ। সিদ্ধ চিকিৎসা, আয়ুৰ্বেদ, হোমিঅপেথি আৰু য়ুনানী চিকিৎসাত ইয়াক ব্যৱহাৰ কৰা হয়। ই তিতাফুল বা ৰঙা বাহকৰ পৰিয়ালৰ উদ্ভিদ।
-
ভূমি চম্পা
ভূমি চম্পা আদা পৰিয়ালৰ অন্তৰ্গত এটা প্ৰজাতি। ই চীন (গুৱাংডং, গুৱাংজি, হাইয়ান, টাইৱান, য়ুন্নান), ভাৰত (অসম), নেপাল, বাংলাদেশৰ থলুৱা উদ্ভিদ আৰু সমগ্ৰ বিশ্বতে ইয়াক পোৱা যায়। বৰ্তমাৱ জাভা, মালয়েছিয়া আৰু কোষ্টাৰিকাতো ইয়াক প্ৰাকৃতিকভাবে ৰোৱা যায়।
-
মল্লিকা ফুল
মল্লিকা (বৈজ্ঞানিক নাম: Jasminum sambac) জেছমিন গণৰ অন্তৰ্গত এক প্ৰকাৰৰ সুগন্ধী বগা ফুল। এই প্ৰজাতিৰ গছৰ উচ্চতা এক মিটাৰ হ’ব পাৰে। পাত একক, ডিম্বাকাৰ, ৪-৮ চেমি দীঘল হয়। পাত গাঢ়-সেউজীয়া আৰু মসৃণ। গ্ৰীষ্ম আৰু বৰ্ষাকালত ইয়াৰ থোকাত কেইবাপাহীকৈ ফুল ফুলে। ফুলৰ আকাৰ আৰু গঠন অনুসৰি কেইবাটাও জাত আছে।
-
ৰজনীগন্ধা
ৰজনীগন্ধা (Tuberose) এক অন্যতম জনপ্ৰিয় ফুল। সামাজিক আৰু ধৰ্মীয় অনুষ্ঠান আৰু ফুলদানী সজোৱাৰ বাবে ৰজনীগন্ধা ব্যাপকভাবে ব্যবহৃত হয়। তদুপৰি এই ফুলৰ নিৰ্যাসৰ পৰা সুগন্ধিও তৈয়াৰ কৰা হয়। গোটেই বছৰেই বাজাৰত এই ফুলৰ চাহিদা বেছি থাকে। ৰজনীগন্ধাৰ কন্দৰ দ্বাৰা বংশবৃদ্ধি কৰা হয়।
-
অকাজী ফুল
অকাজী ফুল হৈছে Coffea গণৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি। ইয়াক ভাৰতৰ হাবিত পোৱা যায়। ইয়াৰ অন্য অসমীয়া নামবোৰ হৈছে, ছাগলি ফুল, লেখাৰু আদি। ইংৰাজীত ইয়াক ইণ্ডিয়ান কেবেজ হোৱাইট বুলি জনা যায়। ই ভাৰত, বাংলাদেশ, ভূটান আৰু নেপালত পোৱাকফিয়াৰ এটা প্ৰজাতি।
-
অপৰাজিতা
অপৰাজিতা (বৈজ্ঞানিক নাম: Clitoria ternatea) (সংস্কৃত: श्वेतां, विष्णूक्रांता, शंखपुष्पी)হৈছে Fabaceae প্ৰজাতিৰ এবিধ ফুল। গাঢ় নীলা ৰঙৰ ফুল, কিন্তু তলৰ ফালে (আৰু ভিতৰত) বগা, কেতিয়াবা কিছু হালধীয়া আভা যুক্ত হয়। বগা ৰঙৰ অপৰাজিতা ফুলো আছে।
-
আখৈ ফুল
আখৈ ফুল হৈছে এবিধ লতা জাতিৰ উদ্ভিদ। ডাঠ হাবিত সাধাৰণতে পোৱা যায়। থোপা-থোপ হৈ লাগে। ফুলবোৰৰ গোন্ধ তীব্ৰ আৰু বহু দূৰলৈ বিয়পি পৰে। ব'হাগৰ সময়ত ফুলে। এই স্ক্ৰেম্বলিং চিৰসেউজ জোপোহাটো ৰ’দত বা অৰ্ধছাঁত খেতি কৰিব পাৰি। ইয়াৰ পাত পিনাট আৰু বগা, প্ৰবল সুগন্ধিযুক্ত, তৰাৰ আকৃতিৰ ফুলৰ গোট থাকে।