অসমৰ স্তন্যপায়ী বন্যজন্তু
২৪ প্ৰবন্ধ
-
হাতী
হাতী (Elephas maximus) এলিফাছ গোত্ৰৰ একমাত্ৰ জীৱিত প্ৰজাতি আৰু দক্ষিণ-পূব এছিয়াৰ আটাইতকৈ বৃহৎ স্থলচৰ স্তন্যপায়ী। বনাঞ্চল হ্ৰাস আৰু মানুহ-হাতী সংঘাতে ইয়াৰ সংখ্যা কমাই আনিছে, সেয়েহে ই আই ইউ চি এন ৰঙা তালিকাত সংকটাপন্ন (EN) শ্ৰেণীত অন্তৰ্ভুক্ত।
-
সুগৰী পহু
সুগৰী পহু (Muntiacus muntjak) দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত বিস্তৃত এটা সৰু আকাৰৰ হৰিণজাতীয় স্তন্যপায়ী। একাকী স্বভাৱ, বহুপ্ৰজনন, আৰু ৬–৭ মাহীয়া গৰ্ভধাৰণ-সময় আদি বৈশিষ্ট্যৰ বাবে ই অন্য বহু হৰিণৰ পৰা পৃথকভাৱে চিহ্নিত।
-
এশিঙীয়া গঁড়
এশিঙীয়া গঁড় (Rhinoceros unicornis) দক্ষিণ এছিয়াৰ ঘাঁহনি-জলাভূমি পৰিবেশৰ এক বিশেষ বৃহৎ স্তন্যপায়ী, যাৰ কপালত এটা খড়্গ থাকে। বৰ্তমান ই সীমিত অঞ্চলতহে পোৱা যায় আৰু সংৰক্ষণৰ দিশত ইয়াৰ অৱস্থা আই ইউ চি এন ৰঙা তালিকাত VU হিচাপে চিহ্নিত।
-
হলৌ বান্দৰ
হলৌ বান্দৰ গিবন পৰিয়ালৰ অন্তৰ্গত এক লুপ্তপ্ৰায় বৃক্ষবাসী বনমানুহ, আৰু ভাৰতৰ বনাঞ্চলত পোৱা একমাত্ৰ বনমানুহ বুলিও পৰিচিত। উত্তৰ-পূব ভাৰতৰ পৰা ম্যানমাৰলৈ বিস্তৃত ইয়াৰ আবাসভূমি, একগামী যোৰ-জীৱন, সুতীব্ৰ চিঞৰ আৰু বিশেষ খাদ্যাভ্যাস ইয়াৰ উল্লেখযোগ্য বৈশিষ্ট্য।
-
নাহৰফুটুকী বাঘ
নাহৰফুটুকী বাঘ (Leopard) ফেলিডি গোত্ৰৰ পেন্থেৰা বৰ্গৰ এটা বৃহৎ মেকুৰীজাতীয় ভক্ষক, যি দ্ৰুত, চুপিচাপ চলা আৰু সুযোগসন্ধানী চিকাৰ কৌশলৰ বাবে পৰিচিত। আফ্ৰিকাত ইয়াৰ উপস্থিতি বিশেষভাৱে উল্লেখযোগ্য যদিও বাসস্থান হ্ৰাস আৰু চোৰাংচিকাৰৰ চাপত বহু অঞ্চলত বিস্তৃতি কমি আহিছে, আৰু আইইউচিএন-ৰ ৰেড লিষ্টত ই…
-
শৰপহু
শৰপহু (Sambar) দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত বিস্তৃত এক বৃহৎ দেহৰ পহু, যাৰ বৈজ্ঞানিক নাম Rusa unicolor। ই বহু অৰণ্য পৰিৱেশত গুৰুত্বপূৰ্ণ তৃণভোজী, আৰু বাঘৰ প্ৰিয় চিকাৰৰূপে পৰিচিত।
-
মেচেকা
মেচেকা (Fishing cat, বৈজ্ঞানিক নামঃ Prionailurus viverrinus) এবিধ মেকুৰী জাতীয় জন্তু। ইয়াক নামনি অসমত মাছপইতা আৰু জিনাৰ বুলি কয়। মেচেকা হ'ল দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ এবিধ মজলীয়া আকাৰৰ বনৰীয়া মেকুৰী জাতীয় প্ৰাণী।
-
অসমীয়া বান্দৰ
অসমীয়া বান্দৰ (Assamese macaque) অসমকে ধৰি দক্ষিণ-পূব এছিয়াৰ বিভিন্ন অঞ্চলত বিস্তৃত হৈ থকা এবিধ বান্দৰৰ প্ৰজাতি৷ অসমীয়া বান্দৰৰ দুটা মূল উপ-প্ৰজাতি আছে৷ পূব দেশীয় অসমীয়া বান্দৰ আৰু পশ্চিম-দেশীয় অসমীয়া বান্দৰ৷ পূব দেশীয় অসমীয়া বান্দৰৰ নেজডাল পশ্চিম দেশীয় উপপ্ৰজাতিতকৈ চুটি৷ অসমীয়া বান্দৰ…
-
সোণালী বান্দৰ
সোণালী বান্দৰ ( Golden langur) পোণপ্ৰথমে ১৯৫৪ চনত আৱিস্কৃত হৈছিল৷ এই আপুৰুগীয়া বান্দৰৰ প্ৰজাতিটো ভাৰতবৰ্ষত মূলতঃ পশ্চিম অসম, ভুটানৰ পৰ্ব্বত অঞ্চলত পোৱা যায় ৷এই প্ৰাণীবিধৰ দৈহিক গঠন তথা বিস্তৃতি সম্পৰ্কে গী (Gee,১৯৫৬) আৰু খাজুৰীয়া (Khajuria,১৯৫৬, ১৯৬২) ই প্ৰথম বৈজ্ঞানিক তথ্য আগবঢ়ায়৷ এই…
-
টুপীমূৰীয়া বান্দৰ
টুপীমূৰীয়া বান্দৰ (Capped Langur) উত্তৰ-পূব ভাৰতত সচৰাচৰ দেখা পোৱা এবিধ বান্দৰৰ প্ৰজাতি। এই বান্দৰৰ প্ৰজাতিটো বিশ্বৰ অন্যান্য দেশ যেনে, বাংলাদেশ, নেপাল, ভূটান, চীন, আৰু ম্যানমাৰতো পোৱা যায়। টুপীমূৰীয়া বান্দৰৰ প্ৰধান বসতিস্থল চিৰসেউজীয়া বনাঞ্চল।
-
মেঠোন
মেঠোন (Gaur, Indian bison, বৈজ্ঞানিক নাম-Bos gaurus) দক্ষিণ-পূব এছিয়াৰ এবিধ বৃহৎ আকাৰৰ স্থানীয় প্ৰজাতি৷ এই প্ৰজাতিবিধ আই ইউ চি এন ৰঙা তালিকাত অসুৰক্ষিত হিচাপে স্বীকৃতি দিয়া হৈছে৷৷ মেঠোনৰ দেহৰ উচ্চতা বনৰীয়া Cattle সমূহৰ ভিতৰত সৰ্বাধিক৷
-
ৰাংকুকুৰ
ৰাংকুকুৰ (Dhole; বৈজ্ঞানিক নামঃ Cuon alpinus) হ'ল এচিয়া মহাদেশৰ ৰঙা-মুগা বনৰীয়া কুকুৰ৷ ঘৰচীয়া কুকুৰ বা কুকুৰনেচিয়া বাঘতকৈ ইয়াৰ ঠেং কেইটা তুলনামূলকভাৱে চুটি,নেগুৰ জোপোহা ধৰণৰ আৰু ঘন ঘন দাঁতৰ পাৰি৷ ইয়াক Asiatic Wild Dog বুলিও জনা যায়৷ ইয়াৰ পোৱালীবোৰ জন্ম হওঁতে ধোঁৱাবৰণীয়া হয় আৰু প্ৰায়…
-
হেপা
হেপা বা হাপা(Jungle cat, বৈজ্ঞানিক নামঃ Felis chaus) এবিধ বনৰীয়া মেকুৰী। ইয়াক ককেছাচ অঞ্চল, দক্ষিণত, মধ্য প্ৰাচ্য, দক্ষিণ আৰু দক্ষিণ পূব এছিয়াত পোৱা যায়। হেপাৰ নোম ভিন্নতাহীন বালিচহীয়া, ৰঙা-বাদামী বা ধূসৰ ৰঙৰ দাগবিহীন; মেলানিষ্টিক আৰু এলবিনো হেপাও পোৱা যায়।
-
খটীয়া পহু
খটীয়া পহু(Indian Hog deer, বৈজ্ঞানিক-Axis porcinus), এবিধ হৰিণ জাতীয় জন্তু। ভাৰতৰ অসমত ইয়াৰ সংখ্যা সৰ্বাধিক। ই এটা বিপদাপন্ন প্ৰজাতি। ই সাধাৰণতে মুকলি ঠাইত বিচৰণ কৰে। কেতিয়াবা ইয়াক খেতি পথাৰত আৰু জাৰণিৰ দৰে হাবিতো দেখা যায়।
-
দল-হৰিণা
দল-হৰিণা (Barasingha or Swamp deer) ভাৰতবৰ্ষ, দক্ষিণ-পশ্চিম নেপাল তথা পাকিস্তানৰ কিছু অংশত বিস্তৃত হৈ থকা এবিধ পহুৰ প্ৰজাতি৷ পূৰ্বতে বাংলাদেশ তো পোৱা গৈছিল যদিও এই প্ৰাণীবিধৰ আটাইতকৈ বৈশিষ্ট্যপূৰ্ণ অংগটো হৈছে ইয়াৰ শিং (antler)৷ একোটা পূৰ্ণবয়স্ক প্ৰাণীৰ শিঙত ১০-১৪ ডালকৈ ভাগ (tine) থকা দেখা যায়৷…
-
বনৰীয়া ম’হ
বনৰীয়া ম'হ (Asiatic water buffalo, বৈজ্ঞানিক নাম: Bubalus arnee)এটা ডাঙৰ আকাৰৰ ম'হৰ প্ৰজাতি। ই সমগ্ৰ দক্ষিণ-পূব এছিয়াত স্থানীয় প্ৰজাতি। আই.ইউ.চি. এনৰ ৰঙা তালিকাত এই প্ৰাণীবিধক সংকটগ্ৰস্ত ( endangered species)বুলি স্বীকৃতি দিয়া হৈছে। বৰ্তমান ইয়াৰ জনসংখ্যা ৪,০০০ তকৈও কম বুলি ধাৰণা কৰা হৈছে।
-
শিহু
শিহু (Ganges River Dolphin; বৈজ্ঞানিক নাম: Platanista gangetica gangetica) ভাৰত, বাংলাদেশ, আৰু নেপালৰ নদীত পোৱা ডলফিনৰ এক প্ৰজাতি। এই ডলফিনৰ প্ৰজাতি সাধাৰণতে গঙ্গা নদী আৰু ব্ৰহ্মপুত্ৰ নদ আৰু বাংলাদেশ আৰু নেপালত প্ৰৱাহিত ইহঁতৰ উপনদী সমূহত দেখা যায়।
-
চশমা-চকুৱা বান্দৰ
চশমা-চকুৱা বান্দৰ ( Phayre's leaf monkey; বৈজ্ঞানিক নামঃ Trachypithecus phayrei) দক্ষিণ এছিয়াত বিস্তৃত হৈ থকা এবিধ বান্দৰৰ প্ৰজাতি৷ এই প্ৰাণীবিধ সম্পৰ্কে বৈজ্ঞানিক তথ্য এতিয়াও সীমিত৷ এই প্ৰজাতিটোৰ চকুৰ চাৰিওদিশে থকা বগা আঁকটো চশমাৰ দৰে দেখা যায় বাবে ইয়াক চশমা-চকুৱা বান্দৰ বুলি অভিহিত কৰা হয়৷…
-
ফুটুকী হৰিণ
ফুটুকী হৰিণ বা চিতল হৰিণ (Axis axis) ভাৰতীয় উপমহাদেশৰ এক থলুৱা হৰিণৰ এক প্ৰজাতি। ১৭৭৭ চনত Johann Christian Polycarp Erxlebenয়ে পোনপ্ৰথমবাৰৰ বাবে ইয়াৰ বৰ্ণনা কৰিছিল। এই মধ্যমীয়া আকৃতিৰ হৰিণবিধৰ মতা প্ৰাণীৰ কান্ধৰ উচ্চতা প্ৰায় ৯০ চেণ্টিমিটাৰ আৰু মাইকী প্ৰাণীৰ ৭০ চেণ্টিমিটাৰ হয়।
-
গছ ভালুক
গছ ভালুক (Sun Bear, বৈজ্ঞানিক নাম: Helarctos malayanus) দক্ষিণ-পূব এছিয়াৰ গ্ৰীষ্মমণ্ডলীয় অৰণ্যত পোৱা Ursidae পৰিয়ালৰ (Helarctos প্ৰজাতিৰ একমাত্ৰ প্ৰাণী) এটা ভালুক প্ৰজাতিৰ বনৰীয়া প্ৰাণী। ই ভালুকৰ আটাইকৈ সৰু প্ৰজাতি।
-
গেৰেলা
গেৰেলা বা মাটি গাহৰি বা টাপৰী (Greater hog badger, বৈজ্ঞানিক নামঃ Arctonyx collaris) এবিধ সৰু আকাৰৰ স্তন্যপায়ী নিশাচৰ প্ৰাণী। ই দক্ষিণ-পূব এছিয়াৰ স্থানীয় প্ৰাণী। অসমৰ বিভিন্ন অঞ্চলত এই প্ৰাণীবিধ দেখা পোৱা যায়।
-
লতামাকৰি
লতামাকৰি বা লতামাকৰি বাঘ (Leopard cat; বৈজ্ঞানিক নামঃ Prionailurus bengalensis) হৈছে মহাদেশীয় দক্ষিণ, দক্ষিণ-পূব আৰু পূব এছিয়াৰ স্থানীয় এবিধ সৰু বনৰীয়া মেকুৰী।
-
গোধাফুটুকী
গোধাফুটুকী (Clouded leopard; বৈজ্ঞানিক নামঃ Neofelis nebulosa)ক মূল ভূ-খণ্ডৰ গোধাফুটুকী বুলিও কোৱা হয়, ই হিমালয়ৰ পাদদেশৰপৰা উত্তৰ-পূব ভাৰত আৰু ভূটানৰ মাজেৰে মূল দক্ষিণ-পূব এছিয়াৰ দক্ষিণ চীনলৈকে ঘন অৰণ্যত বাস কৰা এবিধ বনৰীয়া মেকুৰীজাতীয় প্ৰাণী।
-
খেক-শিয়াল
খেক-শিয়াল (Bengal fox or Indian fox; বৈজ্ঞানিক নামঃ Vulpes bengalensis)ক ভাৰতীয় শিয়াল বা বংগৰ শিয়াল বুলিও জনা যায়৷ভাৰতীয় উপমহাদেশৰ হিমালয়ৰ পাদদেশ আৰু নেপালৰ তেৰাইৰ পৰা দক্ষিণ ভাৰতৰ মাজেৰে, আৰু দক্ষিণ আৰু পূব পাকিস্তানৰ পৰা পূব ভাৰত আৰু দক্ষিণ-পূব বাংলাদেশলৈকে ই এবিধ স্থানীয় শিয়াল।