পখিলা
২১ প্ৰবন্ধ
-
বৃহৎ মৰমন
বৃহৎ মৰমন (Great Mormon, বৈজ্ঞানিক নাম-Papilio memnon) এটা ডাঙৰ আকাৰৰ চাতকনেজীয়া পখিলা (Swallowtail butterfly)ৰ প্ৰজাতি৷ এই পখিলাবিধ ঘাইকৈ দক্ষিণ এছিয়াত দেখিবলৈ পোৱা যায়৷ ই এবিধ বহুলভাৱে বিস্তৃত হৈ থকা পখিলাৰ প্ৰজাতি আৰু ইয়াৰ প্ৰায় তেৰবিধ উপ-প্ৰজাতি দেখিবলৈ পোৱা যায়৷
-
গোলাপী উইণ্ডমিল
গোলাপী উইণ্ডমিল (Rose windmill, বৈজ্ঞানিক নাম:Byasa latreillei) এছিয়াৰ বিভিন্ন দেশত দেখা পোৱা এবিধ পখিলাৰ প্ৰজাতি৷ ই Byasa গোত্ৰৰ অন্তৰ্ভুক্ত আৰু চাতকনেজীয়া পখিলা (Swallowtail butterfly)ৰ ভিতৰত অন্যতম৷
-
চৰাইৰ ডেউকাৰ পখিলা
চৰাইৰ ডেউকাৰ পখিলা (Common Birdwing, বৈজ্ঞানিক নাম-Troides helena)এটা ডাঙৰ আকাৰৰ চাতকনেজীয়া পখিলা (Swallowtail butterfly)ৰ প্ৰজাতি৷ এই পখিলাবিধৰ কমেও সোতৰটা উপ-প্ৰজাতি আছে বুলি জনা যায়৷
-
জীয়ানেজীয়া পখিলা
জীয়ানেজীয়া পখিলা, (Lamproptera meges, যাক সাধাৰণতে গ্ৰীণ ড্ৰেগনটেইল বুলি জনা যায়), হ'ল Papilionidae গোত্ৰৰ অন্তৰ্ভুক্ত এটা প্ৰজাতি। এই পখিলাবিধ দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ বিভিন্ন প্ৰান্তত পোৱা যায়। ইয়াৰ দহটা উপ-প্ৰজাতি আছে।
-
তৰোৱাল নেজীয়া পখিলা
তৰোৱাল নেজীয়া পখিলা (Spot Swordtail, বৈজ্ঞানিক নাম- Graphium nomius) দক্ষিণ-পূব এছিয়াত দেখা পোৱা এটা চাতকনেজীয়া পখিলাৰ প্ৰজাতি। ইয়াৰ পাখিৰ দাঁতিত থকা স্পষ্ট বগা ফোঁটবোৰৰ বাবে ইয়াৰ ইংৰাজী নাম 'Spot Swordtails' ৰখা হয়।
-
নীলাফুটুকী জে
নীলাফুটুকী জে (Common Jay, বৈজ্ঞানিক নাম-Graphium doson) এটা ক’লা বৰণৰ ক্ৰান্তীয় চাতকনেজী (swallowtail) পখিলাৰ প্ৰজাতি৷ ইয়াৰ মতা আৰু মাইকী উভয়ে দেখিবলৈ একে হয়৷ ইয়াৰ মতা-মাইকী উভয়ে দেখিবলৈ একে হয়৷
-
নেজাল জে
নেজাল জে (Tailed Jay, বৈজ্ঞানিক নাম-Graphium agamemnon) এটা সেউজীয়া আৰু ক’লা বৰণৰ চাতকনেজীয়া (Swallowtail ) পখিলা ৷ ইয়াক সাধাৰণতে ক্ৰান্তীয় অঞ্চলসমূহত দেখা পোৱা যায়৷ ই ভাৰত, শ্ৰীলংকাৰ লগতে সমগ্ৰ দক্ষিণ-পূব এছিয়াত আৰু অষ্ট্ৰেলিয়া মহাদেশত সততে পোৱা এবিধ স্থানীয় পখিলাৰ প্ৰজাতি৷
-
নেমুটেঙা পখিলা
নেমুটেঙা পখিলা (Lemon Butterfly, বৈজ্ঞানিক নাম-Papilio demoleus) এবিধ সতকাই দেখা পোৱা (common) আৰু বহুলভাৱে বিস্তৃত হৈ থকা চাতকনেজীয়া পখিলা (Swallowtail butterfly)ৰ প্ৰজাতি৷ ই প্ৰধানকৈ নেমুটেঙা জাতীয় উদ্ভিদক পোষক (host plant) হিচাপে ব্যৱহাৰ কৰে বাবে এই পখিলাবিধৰ নাম নেমুটেঙা পখিলা দিয়া হয়৷…
-
পেৰিছৰ ময়ূৰী
পেৰিছৰ ময়ূৰী (Paris Peacock, বৈজ্ঞানিক নাম-Papilio paris) দক্ষিণ-পূব এছিয়াত দেখা পোৱা এবিধ চাতকনেজীয়া পখিলাৰ প্ৰজাতি।
-
বাদুলিপাখিৰ পখিলা
বাদুলিপাখিৰ পখিলা (Common Batwing, বৈজ্ঞানিক নাম- Atrophaneura varuna) ভাৰতত দেখা পোৱা চাতকনেজীয়া পখিলাসমূহৰ ভিতৰত এটা অন্যতম পখিলাৰ প্ৰজাতি৷ ই Atrophaneura গোত্ৰৰ অন্তৰ্ভুক্ত৷
-
বৃহৎ উইণ্ডমিল
বৃহৎ উইণ্ডমিল (Great Windmill, বৈজ্ঞানিক নাম-Byasa dasarada) ভাৰতবৰ্ষকে ধৰি অন্যান্য কিছু দক্ষিণ-পশ্চিম এছিয়াৰ দেশত দেখা পোৱা 'Byasa' গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ পখিলাৰ প্ৰজাতি৷ ই এবিধ চাতকনেজীয়া পখিলা (Swallowtail butterfly)৷
-
সাধাৰণ গোলাপী পখিলা
সাধাৰণ গোলাপী পখিলা (Common Rose, বৈজ্ঞানিক নাম-Pachliopta aristolochiae), Pachlioptaগণৰ অন্তৰ্ভুক্ত এটা চাতকনেজীয়া পখিলা (Swallowtail butterfly)ৰ প্ৰজাতি৷ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত ই বহুলভাৱে বিস্তৃত হৈ আছে৷
-
সাধাৰণ ব্লুবটল
সাধাৰণ ব্লুবটল (Common Bluebottle or blue triangle, বৈজ্ঞানিক নাম-Graphium sarpedon) এবিধ চাতকনেজীয়া (Swallowtail Butterfly) পখিলাৰ প্ৰজাতি৷ ইয়াক সাধাৰণতে দক্ষিণ-পূব এছিয়া আৰু অষ্ট্ৰেলিয়াৰ কিছু কিছু অংশত দেখা পোৱা যায়৷ সমগ্ৰ বিশ্বতে ইয়াৰ কমেও ১৬ বিধমান উপ-প্ৰজাতি পোৱা যায়৷
-
সাধাৰণ মৰমন
সাধাৰণ মৰমন ( Common Mormon, বৈজ্ঞানিক নাম-Papilio polytes) এবিধ এছিয়া মহাদেশত বহুলভাৱে বিস্তৃত হৈ থকা চাতকনেজীয়া পখিলা (Swallowtail butterfly)ৰ প্ৰজাতি৷ এই পখিলাবিধক অন্য পখিলা বিশেষকৈ ৰঙা দেহৰ চাতকনেজী পখিলা (Red-bodied Swallowtails) যেনে সাধাৰণ গোলাপী পখিলা (Common Rose) আৰু 'Crimson Rose'…
-
হালধীয়া ফুটুকী মাইম
হালধীয়া ফুটুকী মাইম (Common Mime, বৈজ্ঞানিক নাম-Papilio clytia) দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত দেখা পোৱা এবিধ চাতকনেজীয়া পখিলা (Swallowtail butterfly)৷ এই প্ৰজাতিটোৱে অনুকৰণধৰ্মিতা (mimicry) দেখুৱায় বুলি জনা যায়৷
-
হালধীয়া হেলেন
হালধীয়া হেলেন Yellow Helen, বৈজ্ঞানিক নাম-Papilio nephelus) পেপিলিঅ'নিডি (Papilionidae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ চাতকনেজীয়া পখিলাৰ প্ৰজাতি৷
-
ৰঙা হেলেন
ৰঙা হেলেন (Red Helen, বৈজ্ঞানিক নাম-Papilio helenus) এটা ডাঙৰ আকাৰৰ চাতকনেজীয়া পখিলা (Swallowtail Butterfly)ৰ প্ৰজাতি৷ ইয়াক সাধাৰণতে দক্ষিণ-পূব এছিয়াৰ কিছু কিছু অংশত আৰু দক্ষিণ ভাৰতত দেখিবলৈ পোৱা যায়৷
-
ৰঙাফুটৰ ক'লীয়া পখিলা
ৰঙাফুটৰ ক'লীয়া পখিলা ভাৰতত বহুলভাৱে বিস্তৃত হৈ থকা এবিধ চাতকনেজীয়া (Swallowtail butterfly) পখিলাৰ প্ৰজাতি৷
-
ৰঙাবক্ষৰ পখিলা
ৰঙাবক্ষৰ পখিলা (Redbreast, বৈজ্ঞানিক নাম-Papilio alcmenor) দক্ষিণ এছিয়াত দেখা পোৱা এটা চাতকনেজীয়া পখিলাৰ প্ৰজাতি৷
-
ৰাভেন পখিলা
ৰাভেন পখিলা (Common Raven, বৈজ্ঞানিক নাম-Papilio castor) দক্ষিণ-পূব এছিয়াত বিস্তৃত হৈ থকা এবিধ চাতকনেজীয়া পখিলা (Swallowtail butterfly)ৰ প্ৰজাতি৷
-
হিদাৰী ভৱানী
হিদাৰী ভৱানী, হৈছে হেছপেৰিডে পৰিয়ালৰ এটা পখিলা। ইয়াক ভেইনড পামাৰ বুলিও জনা যায়। ১৮৮৯ চনত লিওনেল ডি নিচভিলে প্ৰথমবাৰৰ বাবে এই প্ৰজাতিটোৰ বিষয়ে বৰ্ণনা কৰিছিল।