বিপন্ন প্ৰজাতি
১৩ প্ৰবন্ধ
-
ৰাংকুকুৰ
ৰাংকুকুৰ (Dhole; বৈজ্ঞানিক নামঃ Cuon alpinus) হ'ল এচিয়া মহাদেশৰ ৰঙা-মুগা বনৰীয়া কুকুৰ৷ ঘৰচীয়া কুকুৰ বা কুকুৰনেচিয়া বাঘতকৈ ইয়াৰ ঠেং কেইটা তুলনামূলকভাৱে চুটি,নেগুৰ জোপোহা ধৰণৰ আৰু ঘন ঘন দাঁতৰ পাৰি৷ ইয়াক Asiatic Wild Dog বুলিও জনা যায়৷ ইয়াৰ পোৱালীবোৰ জন্ম হওঁতে ধোঁৱাবৰণীয়া হয় আৰু প্ৰায়…
-
নল গাহৰি
নল গাহৰি (Pygmy hog বৈ়জ্ঞানিক নাম: Porculasalvania) পৃথিৱীৰ ভিতৰতে আটাইতকৈ সৰু প্ৰজাতিৰ বনৰীয়া গাহৰি। এটা সময়ত এই নল গাহৰি উত্তৰ প্ৰদেশ, নেপাল, উত্তৰবংগ আৰু অসম জুৰি হিমালয়ৰ পাদদেশৰ দক্ষিণে থকা এক সংকীৰ্ণ অঞ্চলৰ ঘাঁহনিত পোৱা গৈছিল।
-
হাগা গেন্দেৰা
হাগা গেন্দেৰা(Large Indian Civet, বৈজ্ঞানিক নামঃ Viverra zibetha) দক্ষিণ আৰু দক্ষিণ পূৱ এছিয়াত পোৱা এবিধ জন্তু। ইয়াক আই ইউ চি এনৰ ৰঙা তালিকাত কম উদ্বেগজনক হিচাপে তালিকাভুক্ত কৰা হৈছে। মাংসৰ চাহিদাৰ বাবে ইয়াক চিকাৰ কৰাৰ ফলত আৰু ফান্দত পেলোৱাৰ বাবে বিশ্বত ইয়াৰ সংখ্যা হ্ৰাস পাইছে বুলি ভবা হৈছে।
-
চীনা বনৰৌ
চীনা বনৰৌ (Chinese pangolin; বৈজ্ঞানিক নামঃ Manis pentadactyla) উত্তৰ ভাৰতীয় উপমহাদেশ, দক্ষিণ-পূব এছিয়াৰ উত্তৰ অংশ আৰু দক্ষিণ চীনৰ স্থানীয় প্ৰাণী। ইয়াক ২০১৪ চনৰ পৰা আই.ইউ.চি.এন.ৰ ৰঙা তালিকাত গুৰুতৰভাৱে বিপন্ন প্ৰাণী হিচাপে তালিকাভুক্ত কৰা হৈছে।
-
খাগৰিকটা শহা
খাগৰিকটা শহা (Hispid hare; বৈজ্ঞানিক নামঃ Caprolagus hispidus)ক অসম শহাপহু আৰু ব্ৰিষ্টলি শহাপহু বুলিও কোৱা হয়। লেপৰিড পৰিয়ালৰ কেপ্ৰ’লাগাছ গণৰ এই প্ৰাণীবিধ দক্ষিণ এছিয়াৰ স্থানীয় প্ৰাণী আৰু ইয়াৰ ঐতিহাসিক বিস্তৃতি হিমালয়ৰ দক্ষিণ পাদদেশ।
-
হালধীয়া-গালৰ হলৌ বান্দৰ
হালধীয়া-গালৰ হলৌ বান্দৰ (Yellow-cheeked gibbon; বৈজ্ঞানিক নামঃ Nomascus gabriellae)ক সোণালী গালৰ হলৌ বান্দৰ, হালধীয়া গালৰ জঁযুক্ত হলৌ বান্দৰ, সোণালী গালৰ জঁযুক্ত হলৌ বান্দৰ, ৰঙা গালৰ হলৌ বান্দৰ বা হালধীয়া গালৰ হলৌ বান্দৰ বুলি কোৱা হয়।
-
উত্তৰৰ বগা-গালৰ হলৌ বান্দৰ
উত্তৰৰ বগা-গালৰ হলৌ বান্দৰ (Northern white-cheeked gibbon; বৈজ্ঞানিক নামঃ Nomascus leucogenys) হৈছে দক্ষিণ পূব এছিয়াৰ স্থানীয় হলৌ বান্দৰৰ এক সংকটাপন্ন প্ৰজাতি। দক্ষিণৰ বগা-গালৰ হলৌ বান্দৰ (নমাস্কাছ ছিকি)ৰ সৈতে ইয়াৰ ঘনিষ্ঠ সম্পৰ্ক আছে; পূৰ্বতে ইয়াক সমগোত্ৰীয় বুলি গণ্য কৰা হৈছিল।
-
এছিয়াৰ চিতা
এছিয়াৰ চিতা বা চিতা বাঘ ( Asiatic cheetah; বৈজ্ঞানিক নাম: Acinonyx jubatus venaticus) হৈছে বৰ্তমান কেৱল ইৰাণত জীয়াই থকা সংকটাপন্ন চিতা বাঘৰ এক উপ-প্ৰজাতি।
-
গোবি ভালুক
গোবি ভালুক (Gobi bear, বৈজ্ঞানিক নাম: Ursus arctos gobiensis) হ'ল আৰ্চিডাই (Ursidae) গোত্ৰৰ বাদামী ভালুকৰ এটা উপ-প্ৰজাতি। ইয়াক মংগোলীয় ভাষাত মাজালাই (Mazaalai) নামেৰে জনা যায়।
-
দক্ষিণৰ বগা-গালৰ হলৌ বান্দৰ
দক্ষিণৰ বগা-গালৰ হলৌ বান্দৰ (Southern white-cheeked gibbon; বৈজ্ঞানিক নামঃ Nomascus siki) হৈছে ভিয়েটনাম আৰু লাওছৰ এক স্থানীয় প্ৰজাতিৰ হলৌ বান্দৰ। উত্তৰৰ বগা-গালৰ হলৌ বান্দৰ (নমাস্কছ লিউকোজেনিছ) আৰু হালধীয়া-গালৰ হলৌ বান্দৰ (ন'মাস্কছ গেব্ৰিয়েলা)ৰ সৈতে ইয়াৰ ঘনিষ্ঠ সম্পৰ্ক আছে।
-
পাগাই দ্বীপ মেকাক
পাগাই দ্বীপ মেকাক (Pagai Island macaque; বৈজ্ঞানিক নামঃ Macaca pagensis)ক পাগাই মেকাক বা ব'ক' বুলিও জনা যায়। ই হৈছে সুমাত্ৰাৰ পশ্চিম উপকূলৰ মেণ্টাৱাই দ্বীপপুঞ্জৰ এক স্থানীয় পুৰণি বিশ্বৰ বান্দৰ প্ৰজাতি।
-
পূবৰ ক'লা জঁ-যুক্ত হলৌ বান্দৰ
পূবৰ ক'লা জঁ-যুক্ত হলৌ বান্দৰ বা ইষ্টাৰ্ণ ব্লেক ক্ৰেষ্টেড গিবন (Eastern black crested gibbon; বৈজ্ঞানিক নামঃ Nomascus nasutus)ক কাও-ভিট ব্লেক ক্ৰেষ্টেড গিবন বা কাও-ভিট ক্ৰেষ্টেড গিবন বুলিও কোৱা হয়। ই হৈছে দক্ষিণ-পূব চীন আৰু উত্তৰ ভিয়েটনামৰ এক ঘোৰ সংকটাপন্ন প্ৰজাতিৰ হলৌ বান্দৰ।
-
বনৰীয়া ছাগলী
বনৰীয়া ছাগলী (Wild goat; বৈজ্ঞানিক নামঃ Capra aegagrus) হৈছে এক বন্য ছাগলীৰ প্ৰজাতি, যি পশ্চিমে তুৰ্কী আৰু ককেছাছৰ পৰা পূবে তুৰ্কমেনিস্তান, আফগানিস্তান আৰু পাকিস্তানৰ অৰণ্য, গুল্মভূমি আৰু শিলাময় অঞ্চলত বাস কৰে। ইয়াক আই.ইউ.চি.এন. ৰেড লিষ্টত প্ৰায় বিপদাপন্ন হিচাপে তালিকাভুক্ত কৰা হৈছে।